প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


সাংস্কৃতিক সদ্ভাৱনাৰ বাবে ২০১৪,২০১৫ আৰু ২০১৬ বৰ্ষৰ টেগৰ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

বিবেকানন্দ, টেগৰ আদিৰ দৰে ব্যক্তিৰ সেৱাভাৱৰ বাবে ভাৰতীয় সংস্কৃতি অক্ষুন্ন হৈ আছেঃ প্ৰধানমন্ত্ৰীয়ে কয়

বঁটা গ্ৰহণকাৰীৰ ভিতৰত আছে মণিপুৰৰ নৃত্যশিল্পী, বাংলাদেশৰ ভাস্কৰ্য শিল্পী

পোষ্ট কৰা হৈছে: 18 FEB 2019 5:46PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে আজি সাংস্কৃতিক সদ্ভাৱনাৰ বাবে ২০১৪,২০১৫ আৰু ২০১৬ বৰ্ষৰ টেগৰ বঁটা প্ৰদান কৰে৷ এক অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ পৰা শ্ৰী ৰাজকুমাৰ সিংহজিৎ সিং, বাংলাদেশৰ এক সাংস্কৃতিক সংগঠন চায়ানট আৰু শ্ৰী ৰাম ভাঞ্জী সূতাৰে এই বঁটা গ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত গঠিত এখন বাচনি কমিটিয়ে বঁটাসমূহ নিৰ্বাচিত কৰে৷ মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী এন গোপালাস্বামী আৰু ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক আয়োগৰ সভাপতি শ্ৰী বিনয় সহস্ৰবুদ্ধে এই জুৰিৰ সদস্য আছিল৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংস্কৃতি যিকোনো দেশৰ জীৱনৰেখা আৰু ইয়ে দেশৰ পৰিচয় বহণ কৰে৷ ‘ভাৰতৰ চহকী সংস্কৃতি উপনিৱেশবাদ আৰু বিদেশী আক্ৰমণৰ পাছতো সুৰক্ষিত হৈ আছে৷ গুৰুদেৱ টেগৰ আৰু স্বামী বিবেকানন্দৰ দৰে ব্যক্তিৰ বাবেই এয়া সম্ভৱ হৈছিল৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001VACQ.jpg

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ বহু বৈচিত্ৰপূৰ্ণ ঐতিহ্য গুৰুদেৱৰ কামৰ মাজত প্ৰতিফলিত হৈছিল৷ ৰবীন্দ্ৰ সংগীতত আমাৰ দেশৰ সকলো বৈচিত্ৰ-সংস্কৃতিৰ সমাবেশ ঘটে আৰু ই মাথো এটা ভাষাৰ মাজত সীমাবদ্ধ নহয়৷ তেওঁ কয় যে টেগৰৰ শিক্ষাৰ কোনো সময় সীমা নাই আৰু তেওঁ কৰ্মৰাজিৰ পৰা বিশ্বই বহুতো কথা শিকিব পাৰে৷ তেওঁ লোক কলা আৰু পৰম্পৰাগত নৃত্যক ভাৰতীয় সংস্কৃতিৰ বাহক হিচাপে গণ্য কৰিছিল৷ 

মণিপুৰী নৃত্যৰ সাধক শ্ৰী ৰাজকুমাৰ সিংহজিৎ সিঙক ২০১৪ বৰ্ষৰ বাবে এই বঁটা আগবঢ়োৱা হয়৷ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰ্মৰাজি আৰু বাংলা কলাৰ প্ৰসাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা উল্লেখনীয় অৱদানৰ বাবে বাংলাদেশৰ সাংস্কৃতিক সংগঠন চায়ানাটক ২০১৫ৰ বাবে বঁটা প্ৰদান কৰা হয়৷

প্ৰখ্যাত ভাস্কৰ্য শিল্পী আৰু পণ্ডিত শ্ৰী ৰাম ভাঞ্জী সূতাৰক ২০১৬ৰ বাবে বঁটা প্ৰদান কৰা হয়৷

ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৫০সংখক জন্মবাৰ্ষিকী উপলক্ষে ভাৰত চৰকাৰে ২০১২ৰ পৰা সাংস্কৃতিক সদ্ভাৱানাৰ বাবে টেগৰ বঁটা আগবঢ়াই আহিছে৷ বছৰি প্ৰদান কৰা এই বঁটাৰ সৈতে এক কোটি টকা, এখন মানপত্ৰ আৰু পৰম্পৰাগত হস্তশিল্পৰ সামগ্ৰী আগবঢ়োৱা হয়৷

Please click here for the Prime Minister’s speech

***

AKT/AK/MS


(ৰিলিজ আই ডি : 1565162) অতিথি কক্ষ : 115
ত এই ৰিলিজটো পঢ়ক: Tamil , English , Urdu , हिन्दी , Marathi , Bengali , Gujarati