প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


কাইলৈ ভাৰতৰ মধ্যমগতিৰ ৰে’ল “বন্দে ভাৰত এক্সপ্ৰেছ”ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

আঠ ঘণ্টাতে নতুন দিল্লী-বাৰাণসীৰ মাজত যাত্ৰা সম্পন্ন কৰিবলগীয়া এইখন ৰে’ল সোমবাৰ আৰু বৃহস্পতিবাৰক বাদ দি সপ্তাহৰ বাকী কেইটা দিনত চলিব, মেক-ইন-ইণ্ডিয়াক সফল কৰি তোলা বন্দে ভাৰত এক্সপ্ৰেছৰ হলমাৰ্ক হৈছে-গতি, মাত্ৰা আৰু উন্নত সুবিধা

Posted On: 14 FEB 2019 4:28PM by PIB Guwahati

মধ্যম গতিৰবন্দে ভাৰত এক্সপ্ৰেছৰেলৰ জৰিয়তে ভাৰতীয় ৰেলৰ মেক-ইন-ইণ্ডিয়া প্ৰচেষ্টাই বাস্তৱ ৰূপ পালে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা নতুন দিল্লী-কানপুৰ, এলাহাবাদ-বাৰাণসী সংযোগী নতুন ৰেলখন নতুন দিল্লী ষ্টেচনত পতাকা জোকাৰি শুভাৰম্ভ কৰিব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰেলখনৰ যাত্ৰীৰ সা-সুবিধা পৰিদৰ্শন কৰাৰ লগতে উপস্থিত লোকসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব৷

বন্দে ভাৰত এক্সপ্ৰেছত প্ৰথম ভ্ৰমণ কৰিবলগীয়া বিষয়া আৰু সংবাদকৰ্মীসকলৰ নেতৃত্ব দিব কেন্দ্ৰীয় ৰে আৰু কয়লা মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে৷ ৰেলখন কানপুৰ আৰু এলাহাবাদ আৰু তাতে একাংশ বিশিষ্ট ব্যক্তি আৰু জনতাই আদৰণি জনাব৷

বন্দে ভাৰত এক্সপ্ৰেছখনৰ সৰ্বাধিক গতি প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ আৰু ইয়াত শতাব্দী ৰেলৰ দৰে বিভিন্ন শ্ৰেণীৰ ব্যৱস্থা কৰা হৈছে, কিন্তু ৰেলখনৰ সা-সুবিধা তাতকৈ উন্নত৷ ইয়াৰ লক্ষ্য হৈছে যাত্ৰীসকলক এক নতুন ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰা৷

সোমবাৰ আৰু বৃহস্পতিবাৰ বাদ দি সপ্তাহৰ বাকী দিনকেইটাত চলিবলগীয়া ৰেলখনে নতুন দিল্লী আৰু বাৰাণসীৰ মাজৰ দুৰত্ব কেৱল ৮ ঘণ্টাতে অতিক্ৰম কৰিব৷

ইয়াৰ সকলো ডবাত স্বয়ংচালিত দৰ্জা, জিপিএ আধাৰিত দৃশ্য-শ্ৰাব্য যাত্ৰী জাননী প্ৰণালী, মনোৰঞ্জনৰ বাবে ৱাই-ফাই সেৱাৰ লগতে আৰামদায়ক আসন সংলগ্ন কৰা হৈছে৷ ৰেলখনৰ সকলো শৌচালয় বায়’-ভেকুৱাম প্ৰণালীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে৷ প্ৰতিটো ডবাত দুইপ্ৰকাৰৰ পোহৰৰ ব্যৱস্থা কৰা হৈছে, যিটো ডবাত সকলোৰে বাবে সামান্য পোহৰৰ সুবিধা থকাৰ লগতে প্ৰতিটো আসনত পৃথকে পোহৰৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰতিটো ডবাত গৰম-গৰম খাদ্য আৰু শীতল পানী প্ৰদানৰ বাবে ৰন্ধনশালৰ সুবিধা সন্নিৱিষ্ট কৰা হৈছে৷ যাত্ৰীসকলৰ অতিৰিক্ত আৰামৰ বাবে ডবাসমূহত গৰম আৰু শব্দৰ পৰা হাত সাৰিবলৈ বিশেষ ব্যৱস্থা কৰা হৈছে৷

বন্দে ভাৰত এক্সপ্ৰেছত ১৬টা শীত-তাপ নিয়ন্ত্ৰিত ডবা আছে, ত ২টাকৈ এক্সজিকিউটিভ শ্ৰেণী আছে৷ ৰেলখনত মুঠ ১১২৮গৰাকী যাত্ৰীয়ে এবাৰত ভ্ৰমণৰ ক্ষমতা আছে৷ ৰেলখনৰ সকলো বৈদ্যুতিক সা-সঁজুলি ডবাৰ তলত সংলগ্ন কৰা হৈছে৷

কাৰ্বন ফুটপ্ৰিণ্ট ৰখোৱাৰ বাবে ৰেলগাড়ীত ৰি-জেনেৰিটিভ ব্ৰেক প্ৰণালী স্থাপন কৰা হৈছে, যাৰদ্বাৰা ৩০শতাংশ বিদ্যুৎ ৰাহি হব৷

গতি, সুৰক্ষা আৰু সুবিধা হৈছে এই ৰেলৰ হলমাৰ্ক৷ ৰেলখনৰ ডবাসমূহৰ ডিজাইনিং আৰু নিৰ্মাণ প্ৰায় ১৮মাহৰ ভিতৰত চেন্নাই সংহত ৰেলৰ ডবা নিৰ্মাণ কাৰখানাত কৰা হৈছে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মেক-ইন-ইণ্ডিয়া পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি গাড়ীখনৰ অধিকাংশৰ ডিজাইন তথা নিৰ্মাণ দেশতে কৰা হৈছে৷

অতি কম খৰচতে আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন যাত্ৰী সুবিধা তথা সুৰক্ষা প্ৰদান কৰা ক্ষেত্ৰত এই ৰেলখনে বিশ্বৰ ৰেল ব্যৱসায়ত এক বৃহৎ পৰিৱৰ্তন আনিব পৰা ক্ষমতা আছে৷

*****

AKT/PA/SH/DB



(Release ID: 1564921) Visitor Counter : 106