কেবিনেট


পাটনাৰ ৰাজহুৱা পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাত উদ্গনি

দুটা কৰিড’ৰযুক্ত পাটনা মেট্ৰ’ ৰে’ল প্ৰকল্পত কেবিনেটৰ অনুমোদন, পাঁচ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া ১৩,৩৬৫.৭৭ কোটি টকা ব্যয়সাপেক্ষ মেট্ৰ’ কৰিড’ৰৰ দৈৰ্ঘ্য(i ) দানাপুৰৰ পৰা মিথাপুৰ (ii)পাটনা ৰে’ল ষ্টেচনৰ নতুন আইএছবিটি ২৬.৯৪ কিলোমিটাৰ আৰু পাটনা জংচনৰ পৰা নতুন আইএছবিটিলৈ ১৪.৪৫ কিলোমিটাৰ

Posted On: 13 FEB 2019 9:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত আনুমানিক ১৩,৩৬৫.৭৭ কোটি টকা ব্যয় সাপেক্ষ পাটনা মেট্ৰৰে প্ৰকল্পৰ দুই কৰিড ক্ৰমে (i) দানাপুৰৰ পৰা মিঠাপুৰ (ii)পাটনা ৰে ষ্টেচনৰ নতুন আইএছবিটিৰ নিৰ্মাণত অনুমোদন জনাইছে৷

প্ৰকল্পৰ সবিশেষঃ

  • এই প্ৰকল্প পাঁচ বছৰৰ ভিতৰত সম্পূৰ্ণ হব৷
  • দানাপুৰ কেণ্টনমেণ্টৰ পৰা মিঠাপুৰ কৰিডৰটো নগৰ হৈ ঘন বসতিপূৰ্ণ ৰাজা বজাৰ, সচিবালয়, উচ্চ ন্যায়ালয়, আইন বিশ্ববিদ্যালয় ৰেল ষ্টেচনক সংযোগ কৰিব৷
  • পাটনা জংচনৰ পৰা আইএছবিটি কৰিডৰে গান্ধী ময়দান, পিএমচিএচ, পাটনা বিশ্ববিদ্যালয়, ৰাজেন্দ্ৰ নগৰ, মহাত্মা গান্ধী সেঁতু, টেন্সপৰ্ট নগৰ আৰু আইএছবিটিক সংযোগ কৰিব৷
  • এই মেট্ৰই ৰাজহুৱা পৰিবহণৰ যাত্ৰী, ঔদ্যোগিক খণ্ডৰ কৰ্মী, পৰ্যটক আৰু ভ্ৰমণকাৰী লোকসকলক অনুকূল পৰিৱেশ তথা বহনযোগ্য সুবিধা প্ৰদান কৰিব৷

থোৰতে পাটনা মেট্ৰপ্ৰকল্প:

  1. দানাপুৰৰ পৰা মিঠাপুৰ সংযোগী ১৬.৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ অধিকাংশ সুৰংগ পথ(১১.২০) তথা ১১টা ষ্টেচন(৩টা ওপৰত আৰু ৮টা ভূমিৰ তলত) আছে৷
  2. পাটনা ৰে ষ্টেচনৰ নতুন আইএছবিটি সংযোগী ১৪.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অধিকাংশ ওপৰত (. কিলোমিটাৰ) আৰু আংশিকভাৱে সুৰংগ পথ থকা লাইনত মুঠ ১২টা ষ্টেচন আছে৷

পাটনা মেট্ৰৰেল প্ৰকল্পৰ জৰিয়তে পাটনাৰ অতি কমেও ২৬.২৩ লাখ লোক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে উপকৃত হব৷

এই কৰিডৰ দুটা বিভিন্ন পৰিবহণ যেনে-বাছ, আইপিটি আৰু এনএমটিৰে সংযোগ কৰা হব৷ এই প্ৰকল্পত ৰেণ্টেল আৰু বিজ্ঞাপনৰ জৰিয়তে ভাড়াবিহীন ৰাজহ আহৰণ কৰাৰ সমান্তৰালভাৱে ট্ৰেনজিত অৰিয়েণ্টেড ডেভেলপমেণ্ট আৰু টেন্সফাৰ অৱ ডেভেলপমেণ্ট ৰাইটৰ জৰিয়কে ভেল্যু কেপচাৰিং ফাইনেন্সিং(ভিচিএফ) সম্ভৱ কৰি তুলিব৷ ইয়াৰ জৰিয়তে আবাসিক এলেকাৰ লোকসকল বিশেষকভাৱে উপকৃত হব৷

***

AKT/DB



(Release ID: 1564573) Visitor Counter : 74