প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দাদৰ আৰু নগৰ হাভেলীৰ ছিলভাছা ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

১৪০০ কোটি মূল্যৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন
দাদৰ আৰু নগৰ হাভেলীৰ তথ্য-প্ৰযুক্তি নীতি মুকলি

Posted On: 19 JAN 2019 6:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দাদৰ আৰু নগৰ হাভেলীৰ ছিলভাছাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে আন কেইবাটা প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰে৷

ছাইলীত তেওঁ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে দাদৰ আৰু নগৰ হাভেলীৰ তথ্য-প্ৰযুক্তি নীতি মুকলি কৰে৷ পদূলিমুখৰ পৰা আৱৰ্জনা সংগ্ৰহ বিষয়ক এম-আৰোগ্য মোবাইল এপছো তেওঁ উন্মোচন কৰে৷ প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰতৰ উপভোক্তাৰ মাজত গ’ল্ড কাৰ্ড আৰু ভান অধিকাৰ পত্ৰও বিতৰণ কৰে৷

ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি উদ্বোধন কৰা অথবা আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ মূল্য হ’ল ১৪০০ কোটিৰো অধিক৷ এই প্ৰকল্পসমূহে ৰাজ্যখনৰ যোগাযোগ, আন্তঃগাথনি, স্বাস্থ্য, শিক্ষা আদি খণ্ডক সংযুক্ত কৰিব৷

তেওঁ কয় যে নতুন ঔদ্যোগিক নীতি আৰু নতুন তথ্য-প্ৰযুক্ত নীতিয়ে ৰাজ্যখনৰ উদ্যোগ খণ্ডক বিশেষভাৱে উৎসাহিত কৰিব৷

দেশৰ নাগৰিকৰ কল্যাণৰ বাবে তেওঁৰ চৰকাৰ সংকল্পবদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে পুনৰ উনুকিয়ায়৷ তেওঁ কয়—আমি সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰে কাম কৰি আছো৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দমন আৰু দিউ আৰু দাদৰ আৰু নগৰ হাভেলী ইতিমধ্যে মুকলিত শৌচমুক্ত স্থান হিচাপে ঘোষিত হৈছে৷ দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলক কেৰাচিনমুক্ত হিচাপেও ঘোষণা কৰা হৈছে৷ আজি দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিটো পৰিয়ালে ৰন্ধন গেছৰ সংযোগ, বিদ্যুৎ সংযোগ আৰু খোৱা পানীৰ সুবিধা লাভ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দৰিদ্ৰ লোকক আৱাসগৃহ আগবঢ়োৱা হৈছে৷ আয়ুষ্মান ভাৰতৰ অধীনত কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ’ল্ড কাৰ্ডৰ সুবিধা লাভ কৰিছে৷

তেওঁ কয় যে যোৱা ৩ বছৰত দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰায় ৯০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে আৰু ইয়াৰ ফলত অঞ্চল দুটাত ধাৰাবাহিকভাৱে উন্নয়নমূলক প্ৰকল্প গঢ় লৈ উঠিছে৷ মেডিকেল কলেজৰ আধাৰশিলা স্থাপনে দাদৰ আৰু নগৰ হাভেলী তথা দমন আৰু দিউক প্ৰথমখন মেডিকেল কলেজৰ সুবিধা আগবঢ়াব৷ চলিত বৰ্ষৰ ভিতৰতে মেডিকেল কলেজখন কাৰ্যক্ষম কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ মেডিকেল কলেজখন হৈ উঠিলে কেন্দ্ৰীয় শাসিত অঞ্চল দুটাত মেডিকেল আসনৰ সংখ্যা ১৫০লৈ বৃদ্ধি পাব৷ এতিয়া এই পৰিমাণ হ’ল মাত্ৰ ১৫খন৷

আয়ুষ্মান ভাৰত সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া হ’ল বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা প্ৰকল্প আৰু প্ৰতিদিনে প্ৰায় ১০ লাখ দৰিদ্ৰ লোকে আঁচনিখনৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰি আছে৷ মুকলি হোৱাৰ মাত্ৰ ১০০ দিনৰ ভিতৰতে ৭লাখৰো অধিক দৰিদ্ৰ ৰোগী ইয়াৰ দ্বাৰা উপকৃত হ’ব৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পূৰ্বৰ চৰকাৰে ৫ বছৰত মাত্ৰ ২৫লাখ আৱাসগৃহ নিৰ্মাণ কৰিছিল৷ ইয়াৰ বিপৰীতে আমি ৫ বছৰত ১কোটি ২৫ লাখ ঘৰ নিৰ্মাণ কৰিছো বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷ 

তেওঁ পুনৰ উল্লেখ কৰে যে দাদৰ আৰু নগৰ হাভেলীত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে৷ ইয়াক পৰ্যটনৰ মানচিত্ৰত আনিবলৈ বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে নীলা বিপ্লৱৰ অধীনত মীনপালকৰ উপাৰ্জন বৃদ্ধিৰ বাবে কাম কৰি থকা হৈছে৷ মীন খণ্ডৰ উন্নয়নৰ বাবে এক বিশেষ পুঁজি গঠন কৰা হৈছে৷ মীন খণ্ডক উদগণি যোগাবলৈ এই পুঁজিৰ অধীনত৭৫০০ কোটি ধাৰ্য কৰা হৈছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ১২৫কোটি ভাৰতীয় তেওঁৰ পৰিয়াল আৰু তেওঁলোকৰ কল্যাণৰ বাবে কাম কৰিবলৈ তেওঁ সংকল্পবদ্ধ৷

*****

AKT/KP/MS



(Release ID: 1563075) Visitor Counter : 125