প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ ছুৰাট বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ প্ৰসাৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 30 JAN 2019 8:55PM by PIB Guwahati

মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল,

আজি পূজ্য বাপুৰ পুণ্যতিথি আৰু ইয়াৰ পিছত দাণ্ডীত মই বাপুৰ লোণ আইন অমান্য সত্যাগ্ৰহক লৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰকৰ লোকাৰ্পণ কৰিম৷ কৰ্মযোগীসকলৰ এই চহৰ ছুৰাটৰ পৰা মই বাপুক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো, তেওঁক অৰ্পিত কৰিছো৷ ছুৰাটৰ সৈতে বাপুৰ লোণ সত্যাগ্ৰহৰ এক গভীৰ সম্বন্ধ আছে৷ ছুৰাটৰ শ শ সত্যাগ্ৰহী বাপুৰ সৈতে জড়িত আছিল লগতে দাণ্ডীৰ লোণ আইনৰ বিৰোধিতা কৰা কেন্দ্ৰসমূহৰ ভিতৰত ছুৰাটৰ নাম প্ৰথমে আহে৷

ছুৰাটে গান্ধীজীৰ মূল্যবোধৰ সদায়েই সন্মান প্ৰদৰ্শন কৰিছে৷ স্বচ্ছতাই হওক, স্বাৱলম্বনেই হওক অথবা স্বদেশীয়েই হওক, গান্ধীজীৰ দৰ্শনক ছুৰাটে প্ৰচাৰ কৰিছে৷ আৰু মই সুখী যে মই ধৱলৰ সম্পূৰ্ণ দলটো দেখিছো৷ দিল্লীত ধৱলৰ সৈতে সাক্ষাৎ হৈছিল৷ ইয়াৰে কোনোবাজন ইঞ্জিনীয়াৰ, কোনোবা চাৰ্টাৰ্ড একাউণ্টেণ্ট, কোনোবা শিক্ষক, কোনোবা ব্যৱসায়ী৷ মন স্থিৰ কৰা হৈছিল যে স্বচ্ছতাৰ বাবে কাম কৰিম আৰু তেওঁলোকে স্বচ্ছতাৰ বাবে নিজকে সমৰ্পিত কৰিলে৷ মই এই সকলো তৰুণ প্ৰজন্মক অভিনন্দন জনাইছো৷ আজি হীৰা আৰু কাপোৰৰ সৈতে অনেক অনেক সৰু সৰু উদ্যোগৰ পৰা মেক ইন ইণ্ডিয়াক এই চহৰে সৱলীকৰণ কৰিছে৷

বন্ধুসকল, ছুৰাটৰ প্ৰাণাত্মাক আৰু শক্তিশালী কৰাৰ বাবে আজি শত কোটি টকাৰ প্ৰকল্পৰ উদঘাটন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ এই সমূহৰ ভিতৰত ছুৰাট বিমানবন্দৰৰ প্ৰসাৰণৰ সৈতে চহৰখনক স্মাৰ্ট হিচাপে নিৰ্মাণ কৰিবলৈ ডজনসংখ্যক প্ৰকল্পৰ উদঘাটন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷বিকাশৰ সৈতে জড়িত এই সকলো প্ৰকল্পৰ বাবে ছুৰাটবাসীক, আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছো৷

বন্ধুসকল, আমাৰ চৰকাৰে দেশত ইজ অব্ লিভিং আৰু ইজ অব্ ডুয়িং বিজনেছৰ নতুন সংস্কৃতি বিকশিত কৰাত ব্যস্ত৷ ইয়াৰ বাবে আন্তঃগাঁথনিৰ বিকাশ, যোগাযোগৰ বিকাশত গুৰুত্ব প্ৰদান কৰাটো আমাৰ প্ৰধান প্ৰাথমিকতা৷ ছুৰাট দেশৰ সেই চহৰসমূহৰ ভিতৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে যি দ্ৰুত গতিত বিকশিত হৈছে আৰু ইয়েই আমাৰ অৰ্থব্যৱস্থাত সোণত সুৱগা চৰাইছে৷

শেহতীয়াকৈ প্ৰকাশ হোৱা এক প্ৰতিবেদন অনুসৰি প্ৰত্যেকজন ছুৰাটবাসীয়ে জানে, কিন্তু আমাৰ দেশবাসীয়ে বোধহয় গম নাপায়৷ সেই প্ৰতিবেদনত কোৱা হৈছে যে অনাগত ১০-১৫ বছৰত বিশ্বৰ সকলোতকৈ দ্ৰুত বিকশিত শীৰ্ষৰ দহখন চহৰৰ ভিতৰত, বিশ্বৰ দহখন চহৰৰ ভিতৰত, এই আটাইকেইখনেই ভাৰতৰ৷ আৰু সুখৰ কথা এয়ে যে ইয়াতো সকলোতকৈ শীৰ্ষত আছে ছুৰাট৷ ছুৰাটক অভিনন্দন৷

অৰ্থাৎ এয়া স্পষ্ট যে অনাগত সময় ছুৰাটৰ সময় হ, ভাৰতৰ চহৰৰ বাবে হব৷ এয়া কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বৰ আৰ্থিক গতিবিধিৰ কেন্দ্ৰ হিচাপে পৰিচিত হৈ উঠিব৷ ইয়াত সমগ্ৰ বিশ্বই বিনিয়োগ কৰিব, ব্যৱসায় আৰু বাণিজ্য বহুগুণে বৃদ্ধি হব৷ লক্ষাধিক যুৱ প্ৰজন্মৰ নিয়োজনৰ সুবিধাৰ সৃষ্টি হব৷

বন্ধুসকল, যেতিয়া বিশ্বই ভাৰতৰ চহৰসমূহক লৈ ইমান আশাবাদী, এনেক্ষেত্ৰত আমাৰ দায়িত্ব হব লাগে যাতে এই চহৰসমূহক বৰ্তমানৰ সৈতে ভৱিষ্যতৰ বাবেও প্ৰস্তুত কৰা হয়৷ আৰু এয়াও সঠিক যে ছুৰাটক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাৰ অৰ্থ হল ইয়াৰ আন্তঃগাঁথনি, ইয়াৰ ব্যৱস্থা, ইয়াৰ শিক্ষা, ইয়াৰ আৰোগ্য, এয়াতো প্ৰয়োজনেই৷ তাৰোপৰি মানৱী মানসিকতাকো উচ্চ স্থানলৈ লৈ যাব লাগিব৷ আৰু এই চিন্তাৰ সৈতে সমগ্ৰ দেশতে সকলো প্ৰকাৰৰ যোগাযোগ ব্যৱস্থাৰ প্ৰকল্প এটাৰ পিছত এটাকৈ আমি কৰি গৈ আছো৷

ছুৰাটৰ এই বিমানবন্দৰ, এতিয়া গুজৰাটৰ তৃতীয় বৃহত্তম বিমানবন্দৰ অৰ্থাৎ ব্যস্ততম বিমানবন্দৰ হিচাপে পৰিচিত হৈছে৷ আজিৰ পৰা যি নতুন টাৰ্মিনেলৰ কাম আৰম্ভ হৈছে, যেতিয়া ই সম্পূৰ্ণ হৈ উঠিব তেতিয়া ইয়াত ১২০০ ঘৰুৱা তথা ৬০০ আন্তৰ্জাতিক যাত্ৰীৰ পৰিচালনা সম্ভৱ হৈ উঠিব৷ ইয়াৰ অৰ্থ হ, প্ৰতিদিনে এই বিমানবন্দৰত ১৮০০ যাত্ৰীৰ পৰিচালনা সম্ভৱ হৈ উঠিব৷ বৰ্তমানে ছুৰাট বিমানবন্দৰৰ ক্ষমতা হল প্ৰতিবৰ্ষত চাৰি লাখ যাত্ৰী৷ যিভাৱে প্ৰসাৰণৰ কাম ইয়াত হব ধৰিছে, ইয়াৰ পিছত ভৱিষ্যতে বিমানবন্দৰৰ ক্ষমতা বৃদ্ধি হৈ চাৰি লাখৰ পৰা ২৬ লাখ যাত্ৰীতকৈও অধিক হব৷

যাত্ৰীৰ উপৰিও ইয়াৰ কাৰ্গো ক্ষমতাও বৃদ্ধি হব৷ অৰ্থাৎ অনাগত সময়ত আপোনালোক সকলোৰে বাবে ব্যৱসায়-বাণিজ্যৰ বাবে দেশ-বিদেশত সুবিধা হব৷ বাহিৰৰ পৰাও ব্যৱসায়ৰ বাবে যি ব্যৱসায়ী ইয়ালৈ আহে তেওঁলোকৰো সময় ৰাহি হব৷

বন্ধুসকল, মোক কোৱা হৈছে যে কিছুদিনৰ পিছতেই ইয়াৰ পৰা শ্বাৰজাহলৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পোনপটীয়া বিমানসেৱা আৰম্ভ হব৷ আৰম্ভণিতে এই সুবিধা সপ্তাহত দুদিনৰ বাবে হলেও মাৰ্চৰ পৰা সপ্তাহত চাৰিদিনকৈ প্ৰদান কৰা হব৷ এই বিমানসেৱাৰ জৰিয়তে ব্যৱসায়িক দৃষ্টিতো যথেষ্ট সহায়ক হব৷ ইয়াৰ বাবেও মই আপোনালোকক অভিনন্দন আৰু শুভকামনা প্ৰদান কৰিছো৷

বন্ধুসকল, চৰকাৰে বিমান সংযোগৰ দ্বাৰা সমগ্ৰ দেশকে সংযোজিত কৰাৰ উদ্দেশ্যে অগ্ৰসৰ হৈছে আৰু ইয়াৰ বাবে যোৱা তিনি-চাৰিটা বৰ্ষত দ্ৰুত গতিত কাম কৰা হৈছে৷ আৰু ইয়াৰ পৰিণামস্বৰূপেই ১৭টা বিমানবন্দৰৰ উন্নীতকৰণ অথবা প্ৰসাৰণ কৰা হৈছে আৰু এনেকুৱা অনেক বিমানবন্দৰৰ কাম দ্ৰুত গতিত সম্পন্ন হবলৈ ধৰিছে৷ চৰকাৰৰ এয়াই লক্ষ্য যে অনাগত চাৰিটা বৰ্ষৰ ভিতৰত সমগ্ৰ দেশৰ ৫০টা এনে বিমানবন্দৰৰ বিকশিত কৰা হওক যি বৰ্তমানে সেৱাৰহিত হৈ আছে অথবা কম পৰিমাণে ব্যৱহৃত হৈ আছে৷

বন্ধুসকল, এয়া মোৰ সপোন আৰু এই সপোন এয়েই যে চেণ্ডেল পিন্ধা ব্যক্তিও যাতে বিমানত যাত্ৰা কৰিব পাৰে৷ ইয়াৰ বাবে উৰে দেশ কা আম নাগৰিকঅৰ্থাৎ উড়ান যোজনা আৰম্ভ কৰা হল৷ আজি মই এয়া প্ৰকাশ কৰি অতিশয় সুখী অনুভৱ কৰিছো যে উড়ানে দেশক বিশ্বৰ সবাতোকৈ দ্ৰুগ গতিত বৃদ্ধি হোৱা এভিয়েচন বজাৰত অন্তৰ্ভুক্ত হোৱাত সহায় কৰিছে৷ উড়ান যোজনাৰ দ্বাৰা দেশৰ এভিয়েচন খণ্ডত ১২ লাখ আসন কম মূল্যত উপলব্ধ হৈছে৷

এই যোজনাৰ অধীনত দেশত প্ৰায় ৪০টা বিমানবন্দৰ দেশৰ এভিয়েচন মানচিত্ৰৰ সৈতে সংযোজিত হৈছে৷ গুজৰাটতো চাৰিটা পথ পোৰবন্দৰ, মুম্বাই, কাণ্ডলা-আহমেদাবাদ, কেশোড়-আহমেদাবাদ আৰু পোৰবন্দৰ-আহমেদাবাদক উড়ান-১ আৰু উড়ান-২ৰ অধীনত সংযোজিত কৰা হৈছে৷

এতিয়া উড়ান-৩ৰ জৰিয়তে ভৱিষ্যতে ছুৰাটসহিতে গুজৰাটৰ প্ৰায় এক ডজন সৰু আৰু ডাঙৰ বিমানবন্দৰ দেশৰ বিভিন্ন চহৰৰ সৈতে সংযোজিত কৰা হব৷ ইয়াত সবৰমতী ৰিভাৰ ফ্ৰণ্ট, শত্ৰুঞ্জয় বান্ধ আৰু ষ্টেচু অব্ ইউনিটীৰ দৰে জল বিমানবন্দৰৰ সম্ভাৱনীয়তা থকা ক্ষেত্ৰ অন্তৰ্ভুক্ত হৈছে৷ যিসকল লোকে ভাবনগৰলৈ যাব বিচাৰে, তীৰ্থ যাত্ৰা কৰিবলৈ বিচাৰে, তেওঁলোকে ছী-প্লেনেৰে শত্ৰুঞ্জয় বান্ধ হৈ সহজে পাব পাৰিব৷ অৰ্থাৎ ভৱিষ্যতে সবৰমতী ৰিভাৰ ফ্ৰণ্টৰ পৰা উৰি বিমান চৰ্দাৰ সৰোবৰৰ পানীত নামিব পাৰিব, এই ধৰণৰ প্ৰকল্পৰ বিষয়ে চিন্তা কৰা হৈছে৷

বন্ধুসকল, বিমান সংযোগৰ সৈতে জনতাই যাতে পাছপৰ্টৰ বাবে হাবাথুৰি খাবলগীয়া নহয় তাৰবাবেও গুৰুত্ব প্ৰদান কৰা হৈছে৷ ২০১৪ চনত দেশত প্ৰায় ৮০টা পাছপৰ্ট কেন্দ্ৰ আছিল৷ ছুৰাটৰ জনতাই মনত ৰাখিব- আমাৰ ইমান ডাঙৰ দেশত, ইমান বৃহৎ জনসংখ্যা, স্বাধীনতাৰ ৬০-৬৫ বছৰৰ পিছতো আমাৰ দেশত পাছপৰ্ট প্ৰদান কৰা কাৰ্যালয়ৰ সংখ্যা আছিল ৮০টা৷ কিমান? আপোনালোকে গুজৰাটীত কওক-কিমান? আশীটা৷

আপোনালোকে জানি সুখী হব যে যোৱা চাৰি বছৰত আমি যি অভিযান আৰম্ভ কৰিলো, এতিয়া সেই সংখ্যাই ৪০০ অতিক্ৰম কৰিছে৷ কত ৮০ আৰু কত ৪০০? ডাঙৰ চিন্তা কৰা, ডাঙৰ কিবা এটা কৰা, ভালকৈ কৰা, সময়মতে কৰা আৰু গুজৰাটবাসীয়েতো মোক ভালকৈ জানে৷ ইয়াৰোপৰি এম পাছপৰ্ট সেৱা মবাইল এপৰ দৰে মাধ্যমৰ জৰিয়তে পাছপৰ্টৰ বাবে আবেদন কৰা সহজ হৈ উঠিছে৷ অধিক সংখ্যাত পাছপৰ্ট সেৱা কেন্দ্ৰ মুকলি আৰু পাছপৰ্ট নিয়মসমূহ সৰলীকৰণ কৰাৰ পিছত দূৰত্ব আৰু দীৰ্ঘসময়, দুয়োটা হ্ৰাস হৈছে৷

বন্ধুসকল, কেন্দ্ৰ চৰকাৰে দেশৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিজন ব্যক্তিৰ জীৱন সৰল আৰু সুগম কৰি তোলাৰ বাবে সম্পূৰ্ণ প্ৰয়াস কৰিছে৷ আমাৰ প্ৰয়াস এয়াই যে চহৰসমূহ পৰিষ্কাৰ হৈ থাকক, ট্ৰেফিক সমস্যা নাথাকক, পানী আৰু নৰ্দমাৰ সৈতে জড়িত সুবিধাসমূহ উন্নত হওক, চিচিটিভি কেমেৰাৰ জৰিয়তে সুৰক্ষাৰ সুবিধা সৃষ্টি হওক, আইন ব্যৱস্থা উন্নত হওক, এই সকলো ব্যৱস্থা স্মাৰ্ট চিটী অভিযানআৰু অমৃত যোজনাৰ সৈতে বাস্তৱায়ন কৰা হৈছে৷এক নিৰ্ধাৰিত উদ্দেশ্যৰ সৈতে অভিযানভিত্তিত কাম কৰা হৈছে৷

বন্ধুসকল, আজি যিবোৰ প্ৰকল্পৰ উদঘাটন আৰু আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰৰ দ্বাৰা এই অভিযানে গতিশীলতা লাভ কৰিব৷ ইয়াত নৰ্দমা, পানী, উৰণীয়া সেতু, পথ, শিক্ষাৰ সৈতে জড়িত অনেক প্ৰকল্প আছে৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সহস্ৰাধিক ঘৰৰো আজি উদঘাটন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ এই সকলো ঘৰে ছুৰাটৰ দুখীয়া ভাতৃ-ভগ্নীসকলৰ জীৱন সমৃদ্ধ কৰিব৷

ভাতৃ আৰু ভগ্নীসকল, বিগত চাৰে চাৰি বছৰত চহৰবাসী দুখীয়া ভাই-ভনীসকলৰ বাবে ১৩ লাখত কৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে, ৩৭ লাখ ঘৰ নিৰ্মাণৰ কাম চলি আছে আৰু চহৰত নতুনকৈ ৭০ লাখ ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে অনুমোদন প্ৰদান কৰিছে৷ এইদৰে দেশৰ গ্ৰামীণ এলেকাতো ২০১৪ চনৰ পিছত এক কোটি ত্ৰিশ লাখতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে, তেওঁলোকে সেই ঘৰত এতিয়া বাস কৰি আছে আৰু যোৱাবাৰৰ দিপাৱলীও পালন কৰিছে৷

এই সংখ্যা কিমান বৃহৎ, ইয়াৰ ধাৰণা আপোনালোকে কৰিব পাৰে যে পূৰ্বৰ চৰকাৰেআৰু এই সংখ্যা ছুৰাটবাসীয়ে মনত ৰাখক৷ তেওঁলোকৰ কাৰ্যকালত ২৫ লাখ ঘৰ নিৰ্মাণ কৰিছিল৷ কিমান? কিমান? ২৫ লাখ৷ অলপ কওকচোন কিমান? ২৫ লাখ ঘৰ নিৰ্মাণ কৰিছিল৷ দুখীয়াই, আমাৰ গৃহহীন ভাই-ভনীয়ে পকী ঘৰ পাওক, ইয়াৰ বাবে আজি ভাৰতীয় জনতা দলৰ চৰকাৰে এক কোটি ত্ৰিশ লাখ ঘৰ নিৰ্মাণ কৰিছে৷ এক কোটি ত্ৰিশ লাখ৷ তেওঁলোকৰ সময়চোৱাত কত ২৫ লাখ আৰু আমাৰ চাৰি বছৰত কত এক কোটি ত্ৰিশ লাখ৷

মই যিমান কাম কৰো, তেওঁলোকে এয়া কৰিবলৈ ২৫ বছৰৰ প্ৰয়োজন হলহেঁতেন৷ এয়াই নহয়, এই চৰকাৰে প্ৰথমবাৰলৈ মধ্যবিত্তৰ বাবেও, আৰু ছুৰাট তথা চহৰৰ বাসিন্দাসকলক আহ্বান জনাম যে এই কথাষাৰ ভালকৈ বুজি লওক, আপোনালোকৰ কিমান সহায় হব পাৰে৷

প্ৰথমবাৰলৈ আমাৰ দেশত এই যোজনা যি আমাৰ চৰকাৰৰ পূৰ্বে নাছিল, যদি মধ্যবিত্ত পৰিয়ালৰ ব্যক্তিয়ে নিজৰ ঘৰ নিৰ্মাণ কৰিব বিচাৰে, ৰা-ছোৱালী ডাঙৰ হৈছে, নতুন ঘৰ লব বিচাৰিছে, কোনো ব্যৱস্থা নাই৷ মধ্যবিত্ত লোকসকলক ভাগ্যৰ হাতত এৰি দিয়া হৈছিল৷

আমি প্ৰথমবাৰলৈ মধ্যবিত্তসকলৰ বাবে ঘৰৰ এক নতুন শ্ৰেণী প্ৰস্তুত কৰি তাৰে সুতত ৰেহাইৰ অভিযান আৰম্ভ কৰিলো৷ আৰু ইয়াৰ লাভ কি, এটা অনুমানৰ ভিত্তিত মধ্যবিত্ত শ্ৰেণীৰ ব্যক্তিয়ে ২০ লাখ টকাৰ ঋণ লয় আৰু সেই ২০ লাখ টকাৰ ঋণত যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ নিৰ্মাণ কৰা হয় তেন্তে তাৰ সুতত ৰেহাই প্ৰদান কৰা হব৷ আৰু ইয়াৰ পৰিণামস্বৰূপে যেতিয়া ঘৰৰ টকা বেংকক পৰিশোধ কৰিব লাগিব তেতিয়া প্ৰায় ৬ লাখ টকাৰ ৰেহাই পোৱা যাব৷ অৰ্থাৎ মধ্যবিত্ত পৰিয়াল এটাই ঘৰ নিৰ্মাণ কৰোতে ৬ লাখ টকাৰ ৰেহাই লাভ কৰিব৷

ভাৰতবৰ্ষলৈ ইমান কেইখন চৰকাৰ আহিল আৰু গ, না কোনো চৰকাৰে চিন্তা কৰা নাছিল, না কোনো চৰকাৰে কৰিছিল৷ এয়া আমাৰেই প্ৰয়াস যে ভাৰতৰ বৰ্ধিত মধ্যবিত্ত পৰিয়ালৰ বিষয়ে আমি চিন্তা কৰিছো আৰু ইয়াৰ লাভ মধ্যবিত্ত পৰিয়ালৰ সেই তৰুণ প্ৰজন্মই লাভ কৰিছে যি কেৰিয়াৰৰ আৰম্ভণি বৰ্ষতেই নিজৰ ঘৰ ক্ৰয় কৰাৰ ইচ্ছা কৰে৷

কিছুমান লোকে প্ৰশ্ন কৰে যে বিমুদ্ৰাকৰণৰ ফলত কি লাভ হ? তেওঁলোকে এই প্ৰশ্ন সেই যুৱসমাজক সুধিব লাগে যিয়ে বিমুদ্ৰাকৰণৰ পিছত ঘৰৰ মূল্য হ্ৰাস হোৱাৰ লাভ আদায় কৰিছে৷ সেই দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীক প্ৰশ্ন সুধিব লাগে যাৰ ঘৰৰ সপোন এতিয়া বাস্তৱায়িত হৈছে৷ অন্যথা, বিমুদ্ৰাকৰণৰ পূৰ্বে ৰিয়েল ইষ্টেট খণ্ডত যিদৰে কলা ধনে ৰাজত্ব কৰি আছিল আৰু ছুৰাটবাসীয়ে এয়াতো ভালকৈয়ে জানে৷ ডাঙৰ ডাঙৰ ব্যক্তিৰ নাম আপোনালোকে জানে৷

ভাতৃ আৰু ভগ্নীসকল, আমাৰ চৰকাৰে ৰেৰা আইনপ্ৰণয়ন কৰি এয়া সুনিশ্চিত কৰিছে যে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ উপাৰ্জন যাতে গৃহ নিৰ্মাণ প্ৰকল্পত ফঁচি নাথাকে৷ ৰেৰা আইনৰ অধীনত ৩০-৩৫ হাজাৰ বিল্ডাৰে নিজৰ পঞ্জীয়ন কৰিছে আৰু নিৰ্ধাৰিত নিয়ম অনুসৰি লক্ষাধিক ঘৰৰ নিৰ্মাণ কৰি আছে৷

বন্ধুসকল, এতিয়া চৰকাৰত, যেতিয়া চৰকাৰৰ ইচ্ছাশক্তি থাকে তেন্তে পৰিৱৰ্তন কিদৰে হয়, ইয়াৰ উদাহৰণ এলইডি বাল্বৰ জৰিয়তেও দিব পাৰি৷ প্ৰথমে যি এলইডি বাল্ব ৩৫০ টকাত পোৱা গৈছিল এতিয়া সেয়া ৪০-৫০ টকাত পোৱা গৈছে৷ এতিয়া আপোনালোকে মোক এয়া নুসুধিব যে ৪০-৫০ টকাৰ বাল্ব যি ৩৫০ টকাত বিক্ৰী হৈছিল, মাজৰ টকাখিনি কলৈ গৈছিল? তাৰ উত্তৰ ৰাজীৱ গান্ধীয়ে দি গৈছে৷ তেওঁ কৈছিল যে এক টকাৰ পোন্ধৰ পইচাৰ হে কাম হয়, পঁচাশী পইচা কোনে খায় সেয়া সমগ্ৰ বিশ্বই জানে৷

যোৱা চাৰে চাৰি বছৰত চৰকাৰে ৩২ কোটি এলইডি বাল্ব বিতৰণ কৰিছে৷ ইয়াৰ জৰিয়তে বিদ্যুতৰ বিলত প্ৰতি বৰ্ষত প্ৰায় ১৬ হাজাৰ, ১৬ হাজাৰ ৫০০ কোটি ৰাহি হৈছে৷ এই টকা অধিকাংশ মধ্যবিত্ত পৰিয়ালসমূহৰ ৰাহি হৈছে৷

এইদৰেই আমাৰ চৰকাৰৰ মুদ্ৰা যোজনাই দুখীয়া আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ যুৱ প্ৰজন্মৰ সপোনক নতুন গতি প্ৰদান কৰিছে৷ পূৰ্বতে যুৱসমাজে নিজৰ নিয়োজনৰ কথা ভবাৰ সময়ত বেংকৰ পৰা ঋণ লওঁতে গেৰাণ্টীৰ সমস্যা উদ্ভৱ হৈছিল৷

আমাৰ চৰকাৰে মুদ্ৰা যোজনাৰ অধীনক এতিয়ালৈ ১৫ কোটিত কৈও অধিক ঋণ বিনা গেৰান্টীৰে প্ৰদন কৰিছে৷ আপোনালোকে চিন্তা কৰক, ইয়াৰ অধীনত জনতাক নিজৰ নিয়োজন আৰম্ভ কৰাৰ বাবে চৰকাৰে বিনা বেংক  গেৰাণ্টীৰে সাত লাখ কোটি টকা প্ৰদান কৰিছে৷ ইয়াৰে ৪ কোটি ২৫ লাখতকৈ অধিক এনে লোক আছে যিয়ে প্ৰথমবাৰলৈ ঋণ লৈছে৷ অৰ্থাৎ যোৱা চাৰে চাৰি বছৰত দেশে ৪ কোটি ২৫ লাখ নতুন উদ্যমী লাভ কৰিছে৷

ভাতৃ আৰু ভগ্নীসকল, এই ব্যাপক যোজনা আৰু বৃহৎ সিদ্ধান্তৰ অন্তৰালত আছে আপোনালোকৰ এটা এটা ভোটেৰে সৃষ্টি হোৱা পূৰ্ণাংগ বহুমত চৰকাৰ৷ আপোনালোকে ভাবিছে, এই যে ঘৰসমূহৰ চাবি মোদীয়ে দিছে, আপোনালোকে ভাবিছে এই ঘৰ মোদীয়ে দিয়ে; কিছুমানে ভাবিছে যে এই ঘৰ ভাৰত চৰকাৰে দিছে৷

নহয়, এই ঘৰ না মোদীয়ে দিছে, না ভাৰত চৰকাৰে দিছে; এই ঘৰ আপোনালোকে দিছে৷ আপোনালোকৰ এটা ভোটৰ শক্তি এনেকুৱা যে দুখীয়াই ঘৰ পাইছে৷ এয়া আপোনালোকৰ ভোটৰ মহত্ব যে দুখীয়াক ঘৰ প্ৰদান কৰাৰ ব্যৱস্থাৰ সৃষ্টি হৈছে৷ আৰু সেইবাবে এই যি পৰিৱৰ্তন আপোনালোকে দেখা পাইছে, এই পৰিৱৰ্তন আপোনালোকৰ ভোটৰ বাবেই হৈছে, মোদীৰ শক্তিৰ বাবে হোৱা নাই৷

ভাতৃ আৰু ভগ্নীসকল, আপোনালোকে জানে যে ৩০ বছৰ পৰ্যন্ত দেশত অস্থিৰতাই দেখা দিছিল৷ ত্ৰিশংকু পাৰ্লিয়ামেণ্টৰ গঠন হৈছিল, কোনেও বহুমত পোৱা নাছিল৷ সংযুক্ত চৰকাৰ হৈছিল৷ যাৰেই যিফালে ইচ্ছা সিফালে টানি নিছিল৷ দেশ একেটা স্থানতেই ৰৈ গৈছিল আৰু কিছুমান বিষয়ত পিছুৱাইও গৈছিল৷ যোৱা চাৰে চাৰি বছৰত যি আমি আগবাঢ়িছো, তাৰ কাৰণ হল দেশৰ জনতাই সম্পূৰ্ণ বোধশক্তিৰে ভোট দিছে আৰু ত্ৰিশংকুৰ ৩০ বছৰীয়া পুৰণি ইতিহাসৰ পৰা দেশক মুক্ত কৰিছে, পূৰ্ণ বহুমত চৰকাৰ প্ৰদান কৰিছে৷ আৰু নতুন প্ৰজন্মই প্ৰত্যক্ষ কৰিব পাৰে যে পূৰ্ণ বহুমতৰ চৰকাৰে কঠিন সিদ্ধান্তও লব পাৰে, ডাঙৰ সিদ্ধান্তও লব পাৰে৷ সাহসেৰে দেশক আগুৱাই লৈ যাব পাৰে আৰু এই কাম আমি কৰিছো৷

পূৰ্ণ বহুমতৰ চৰকাৰৰ এয়া মাহাত্ম, পূৰ্ণ বহুমতৰ চৰকাৰ জবাবদেহীও হব লাগে৷ আজি কোনোবাই মোক সুধিব পাৰে, কওক মোদীজী, চাৰে চাৰি বছৰত আপুনি কি কৰিলে৷ যদি পূৰ্ণ বহুমতৰ চৰকাৰ নাথাকিলহেঁতেন তেন্তে মোদীয়ে আৰামেৰে কলেহেঁতেন, আৰে কি কৰিম ভাই, এয়াতো মিলিজুলিৰ চৰকাৰ, কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা কঠিন হৈ পৰে৷ গাড়ী চলি গলহেঁতেন; কিন্তু দেশৰ জনতাই পূৰ্ণ বহুমতৰ সিদ্ধান্ত গ্ৰহণ কৰি বিশ্বত দেশৰ নাম উজলাইছে৷ আৰু সেইবাবে এজন এজন ভোটদাতাই নিজৰ ভোটৰ শক্তি বুজি পায়, দেশক আগুৱাই লৈ যোৱাত নিজৰ অংশীদাৰীত্ব প্ৰত্যক্ষ কৰে৷ দেশ কিদৰে আগবাঢ়িছে সেয়া আমি চাৰে চাৰি বছৰত দেখা পাইছো৷

আপোনালোকে মনত পেলাওক চৰকাৰ কিদৰে চলিছিল৷ মোক কওক, আজি ছুৰাট বিমানবন্দৰত ৭০-৭২খন বিমান চলে৷ অলপ সময় পূৰ্বে চি আৰ পাটিলজীয়ে কলে যে ৭০-৭২খন বিমান অহা-যোৱা কৰে৷ কিন্তু এয়া আমি পাহৰিব পাৰোঁ নে কিদৰে ইয়াত বিমানবন্দৰৰ বাবে আন্দোলন কৰিবলগীয়া হৈছিল, স্মাৰক দিবলগীয়া হৈছিল, দিল্লী চৰকাৰ পৰ্যন্ত দুৱাৰ টুকুৰিয়াবলগীয়া হৈছিল৷ মইও সেইসময়ৰ দিল্লী চৰকাৰক মুখ্যমন্ত্ৰী হিচাপে পত্ৰ লিখি ভাগৰি পৰিছিলো৷ কিন্তু তেওঁলোকৰ মগজুত এনেকুৱা ৰাজনৈতিকবদ্ধ ভাৱনা আছিল যে ছুৰাটত কোনোপধ্যেই এই সুবিধা দিব নোৱাৰি৷

মই তেওঁলোকক বুজাইছিলো, ছুৰাটৰ শক্তি আছে, বিমানখণ্ডৰ লাভ হ, দেশৰ লাভ হ; শুনিবই বিচৰা নাছিল৷ আপোনালোকে মোক কওক, চাৰি লাখ যাত্ৰীৰ পৰা ২৬ লাখ যাত্ৰীলৈ ক্ষমতা বৃদ্ধি কৰিবলগীয়া হ, মই যি দেখিছিলো, তেওঁলোকে সেয়া দেখা পোৱা নাছিল৷ ছুৰাটবাসীয়ে দেখিছিল, তেওঁলোকে দেখা পোৱা নাছিল; কাৰণ আমি হলো সকলোৰে সৈতে সকলোৰে বিকাশএই মন্ত্ৰ সৰোগত কৰি আগবঢ়া লোক৷

বন্ধুসকল, এফালে আমি পূৰ্ণ শক্তিৰে পুৰণি ব্যৱস্থাৰ অভাৱসমূহ পৰিৱৰ্তন কৰাৰ দিশত অগ্ৰসৰ হৈছো, নতুন ভাৰত নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছো; আনহাতে কিছুমান লোকে আমাৰ এই প্ৰয়াসক ঠাট্টা কৰাত ব্যস্ত হৈছে৷ এওঁলোকে বিগত ছয়-সাত দশক ধৰি দেশৰ অৱস্থা নুসুধিলে, কেৱল নিজৰ চিন্তা কৰিলে, তেওঁলোকে পৰিৱৰ্তিত ভাৰতক প্ৰত্যক্ষ কৰিব পৰা নাই৷ এনে ঋণাত্মক চিন্তা কৰা লোকক আমি অগ্ৰাহ্য কৰি আগবাঢ়িছো৷ নতুন ভাৰতৰ নতুন শক্তিক আমি বিকাশলৈ পৰিৱৰ্তিত কৰিছো৷

মই পুনৰবাৰ আপোনালোক সকলোৰে জীৱন আৰু ব্যৱসায়ক সৰলীকৰণ কৰা এই প্ৰকল্পসমূহৰ বাবে অশেষ অভিনন্দন জনাইছো৷

আপোনালোক ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিয়াৰ বাবে ইয়াত উপস্থিত হৈছে, ইয়াৰ বাবেও মই আপোনালোকৰ ওচৰত কৃতজ্ঞ৷ মোৰ সৈতে পূৰ্ণ শক্তিৰে কওক-

ভাৰত মাতাৰ- জয়

ভাৰত মাতাৰ- জয়       

ভাৰত মাতাৰ- জয়       

অশেষ ধন্যবাদ৷        

 

अतुल तिवारी/ कंचल पतियाल/ निर्मल शर्मा/MANN


(Release ID: 1562775) Visitor Counter : 119