প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০৬সংখ্যক সমাৰোহত প্ৰধান মন্ত্ৰীৰ ভাষণ

Posted On: 03 JAN 2019 8:00PM by PIB Guwahati

মঞ্চত উপবিষ্ট পঞ্জাৱৰ ৰাজ্যপাল শ্ৰী ভি পি চি জী, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ ডাক্তৰ হৰ্ষবৰ্দ্ধন জী, গণ্য-মান্য অতিথিসকল, ছাত্ৰ-ছাত্ৰী তথা ইয়াত উপস্থিত থকা প্ৰতিনিধিসকল আপোনালোক আটাইকে নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিলো। ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০৬ সংখ্যক সমাৰোহৰ শুভ-উদ্ধোধন কৰিবলৈ পায় মই অতিকে আনন্দিত হৈছো, লগতে বিশিষ্ট বিজ্ঞানী, বিদ্বান তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উপস্থিত থাকিবলৈ পায়ো আক্ষৰিক অৰ্থতে ধন্য মানিছো। নিৰ্ধাৰিত সময়তে আপোনালোকৰ মাজত উপস্থিত হমহি বুলি ভাবিছিলো যদিও ঘন কুঁৱলিৰ বাবে কিছু পলম হল। 

    ভাৰতীয় বিজ্ঞান সংস্থাই সমৃদ্ধিৰ এই ভূমিত সঠিক বিষয়হিচাপেFuture India, Science & Technologyক নিৰ্বাচন কৰা দেখি মই সন্তোষ পাইছো। মই স্পষ্টকৈয়ে ভাবো ভাৰতৰ মহানতা আমাৰ জ্ঞান, বিজ্ঞানততো হয়েই, পিছে এই মহনতাৰ প্ৰকৃত উদ্দেশ্য বিজ্ঞান, প্ৰযুক্তি তথা উদ্ভাৱনসমূহক সমাজৰ সৈতে জড়িত কৰাৰ প্ৰয়াসহে নিশ্চয়।

       বন্ধুসকল, ভাৰতীয় বিজ্ঞান সংস্থাৰ এক বৰ্ণাঢ্য ইতিহাস আছে। ভাৰতৰ বহুকেইগৰাকী যশস্বী বিজ্ঞানী আচাৰ্য জি চি বোস, চি ভি ৰমণ, মেঘনাদ সাহা, এছ এন বোসৰ দৰে মনীষি এই সংস্থাৰে জড়িত হৈ আছিল। তেনেই সামান্য সমলক লৈয়ে কঠোৰ পৰিশ্ৰমক সাৰথি কৰি এই সকল বিজ্ঞানীয়ে বিচাৰ-আৱিস্কাৰৰে সমাজ জীৱনলৈ অনবদ্য সেৱা আগবঢ়াই থৈ গৈছে। আমি আজিও তেওঁলোকৰ দায়বদ্ধতা, তেওঁলোকৰ সৃষ্টিশীলতা আৰু অৱদানৰে আমাৰ জীৱনৰ চকৰি ঘূৰাই আছো। ১৯১৭ চনত আচাৰ্য জগদীশ চন্দ্ৰ বসুৱে Bose Institute of Calcutta ৰূপত ভাৰতৰ প্ৰথমটো উচ্চৰ্গিত বিজ্ঞান গৱেষণা কেন্দ্ৰ প্ৰতিস্থা কৰিছিল। সেই অনুষ্ঠানৰ উদ্বোধনী ভাষণটোতে তেওঁৰ বিজ্ঞানৰ প্ৰতি থকা কল্যাণকাৰী দৃষ্টিভংগী উদ্ভাসিত হৈ উঠিছিল। তেওঁ কৈছিল, আজি মই এই প্ৰতিষ্ঠানটো কেৱল এক পৰীক্ষাগাৰ হিচাপে নহয়, বৰং এটি মন্দিৰ হিচাপেহে ৰাষ্টৰ প্ৰতি উচ্ছৰ্গা কৰিব খুজিছো। শ শ ভাৰতীয় বিজ্ঞানী যে ৰাষ্ট্ৰ নিৰ্মাণৰ বুনিয়াদী অন্তৰ্দৃষ্টিৰে সংপৃক্ত হৈয়ে প্ৰযুক্তিৰ বিকাশৰ ধাৰা প্ৰবাহিত কৰাৰ ব্ৰতত প্ৰবৃত্ত হৈছে সেয়া তেওঁলোকৰ কৰ্ম আৰু জীৱনধাৰায়েই প্ৰতীয়মান কৰে। আধুনিক বিজ্ঞানৰ আমাৰ এই মন্দিৰৰ জৰিয়তেই ভাৰতে এক সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ লক্ষ্যৰে আজিৰ বৰ্তমানৰ ৰূপান্তৰ সাধনত মনোনিৱেশ কৰিব।

     বন্ধুসকল, আমাৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে আমাক জয় জোৱান জয় কিষাণৰ মন্ত্ৰ দিছিল। একুৰি বছৰৰ আগতে পোখৰাণত আমাৰ মহান প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ভাৰতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ মহত্ত্ব কিমান সেই কথা সোঁৱৰাই দিছিল। তেওঁ দোহাৰিছিল জয় জোৱান, জয় বিজ্ঞান, জয় কিষাণ, জয় বিজ্ঞান। মই ভাবো, এতিয়া আমি এই যাত্ৰাক আৰু অধিক গতি দিয়াৰ সময় সমাগত হৈছে। এই প্ৰসংগত মই যোগ দিব খুজিছো-- জয় অনুসন্ধান-ক। তেতিয়া মংগল মন্ত্ৰফাঁকি হবগৈ জয় জোৱান জয়, কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধান। দৰাচলতে বিজ্ঞানৰ যাত্ৰা মূলতঃ দুটা সাফল্য সাধনৰে সম্পূৰ্ণ হয়। ইয়াৰে প্ৰথমটো হৈছে বিজ্ঞতাৰ উন্মেষ অথবা প্ৰজ্ঞাৰ বিভাজন। আৰু দ্বীতিয়টো হৈছে আৰ্থ-সামাজিক কল্যাণৰ বাবে এই জ্ঞানক মন্থন কৰা। আমাৰ আৱিস্কাৰী বিজ্ঞান পাৰিপাৰ্শ্বিকতাক উচাহিত কৰিবলৈ যাওতে আমি উদ্ভাৱন আৰু প্ৰাথমিক উদ্যমীতাক উচাহিত কৰাতো গুৰুত্ব দিব লাগিব। সেয়ে আমাৰ বিজ্ঞানীসকলক উচাহিত কৰাৰ লক্ষ্যৰে চৰকাৰে অটল উদ্ভাৱনী অভিযানৰ সূচনা কৰিছে। বিগত চল্লিশটা বছৰৰ তুলনাত যোৱা চাৰিটা বছৰত অধিক টেকনলজী বিজনেছ ইনকুবেটৰ স্থাপন কৰা হৈছে। নতুনকৈ উদ্যোগৰ শুভাৰম্ভ কৰিবলৈ ওলোৱা সকলক উচাহিত কৰাৰ ক্ষেত্ৰত দেশৰ উদ্যোগখণ্ডই সময় সাপেক্ষ নিৰ্দেশনা, দিক-দৰ্শন, পথ-প্ৰদৰ্শন তথা অংশীদাৰিত্ব প্ৰদান কৰিবই লাগিব। বিজ্ঞানীসকলে সৰ্ব-সাধাৰণৰ ব্যয় সাপেক্ষ স্বাস্থ্য সেৱা, গৃহ-নিৰ্মাণ, পৰিচ্ছন্ন বায়ু, পানী, শক্তি, কৃষিজাত উত্পাদন তথা খাদ্য-সংসাধনৰ দৰে প্ৰসংগৰ সমাধান সূত্ৰ উলিয়াব লাগিব। বিজ্ঞান সাৰ্বজনীন হলেও প্ৰযুক্তি কিন্তু স্থানীয় প্ৰেক্ষাপটত স্থানীয় প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ বিকশিত হোৱাটোহে বাঞ্ছনীয়।

    বন্ধুসকল, আজি আমাৰ সন্মুখত যিবোৰ আৰ্থিক, সামাজিক প্ৰত্যাহ্বান আছে সেইবোৰৰ সমাধানৰ বাবে National Research Laboratories and Scientific Organizations-য়ে সৰল, সুলভ আৰু নিম্ন ব্যয় সাপেক্ষ সমাধান সূত্ৰ আৱিস্কাৰ কৰিব লাগিব। এই সন্দৰ্ভত মই কেইটামান উদাহৰণ দাঙি ধৰিব খুজিছো। আমাৰ দেশত বৃহত্ সংখ্যক খেতিয়কৰে নিজা ভূমিৰ পৰিমাণ ২হেক্টৰতকৈ কম। তেওঁলোকৰ বাবে কম পৰিশ্ৰমত অধিক উত্পাদন হব পৰা কোনো প্ৰযুক্তি ব্যৱস্থাৰ খুবেই প্ৰয়োজন। আমি কৃষি প্ৰযুক্তি-বিজ্ঞান ক্ষেত্ৰত বিশেষ প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছো। আমাৰ দেশত উত্পাদনতো বাঢ়িছেই তাৰ লগে লগে ফচলৰ গুণ-মানো বৃদ্ধি পাই আহিছে। পিছে নতুন ভাৰতৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ বাবে এতিয়াও বহুখিনি কৰাৰ প্ৰয়োজন আছে। নতুনকৈ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আছে। Big data analysis, artificial intelligence, block chain আৰু communication-ৰে জড়িত প্ৰযুক্তিসমূহৰ কম মূল্যত কিমান সফল ভাবে ব্যৱহাৰ সম্ভৱ হয় সেই কথা নিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে। সাম্প্ৰতিক সময়ৰ আহ্বানক সাৰোগত কৰি এই আৱিস্কাৰসমূহৰ সৈতে চেন্সৰ-প্ৰযুক্তি, ড্ৰোন,satellite imaging আৰু artificial intelligence-ৰ সমন্বয়ত আমাৰ কৃষকসমাজক সহায় কৰিব পৰা এক নতুন কৌশল যুগুতাই উলিয়াব লাগিব। এই ব্যৱস্থাৰ জৰিয়তে আমাৰ কৃষকে ফচল, খাদ্য-দ্ৰব্য, জলসিঞ্চন, সাৰ, পৰিবহণ আৰু কীট-নাশক আদিৰে জড়িত বিভিন্ন কথাৰ সিদ্ধান্ত বিজ্ঞানৰ সহায়ত নিজাববীয়াকৈ লব পৰা হব।

     বন্ধুসকল, যি দৰে আমি ease of doing business-ৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিছো সেইদৰেই আমি এশ পচিশ কোটি ভাৰতীয়ৰ ease of living-ও সম্ভৱ কৰাৰ বাবে কাম কৰিব লাগিব। ইয়াৰ ধৰণ কি হব সেয়া স্পষ্ট কৰিবলৈ কেতবোৰ প্ৰশ্নৰ মন্থন কৰাৰ প্ৰয়োজন হব। আমি বাৰু আমাৰ দেশৰ কম বৰষুণ হোৱা অঞ্চলসমূহৰ কল্যাণৰ বাবে বৈজ্ঞানিক চিন্তা-চৰ্চাৰে draught management কৰিব নোৱাৰোনে! বান অথবা ঘূৰ্ণীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিয়া ব্যৱস্থাটোক আৰু অধিক উন্নত কৰি তুলিব নোৱাৰোনে! ইয়াৰ ফলত কৃষিক্ষেত্ৰৰতো কল্যাণ হবই, তাৰ লগতে অনেক জীৱনকো ৰক্ষা কৰিব পৰা যাব। আমি বাৰু আমাৰ দেশত যুগ ধৰি চলি  অহা অপুষ্টিৰ সমস্যা আঁতৰাব পৰাকৈ উন্নত প্ৰযুক্তিগত সমাধান সূত্ৰ উলিয়াব নোৱাৰোনে! আমি বাৰু চিকনগুনিয়া অথবা এনচেফেলাইটিছৰ দৰে বেমাৰৰ পৰা আমাৰ ভাৰতক মুক্ত  কৰিব নোৱাৰোনে! আমি বাৰু আৱৰ্জনাৰ পৰা আয় কৰিব পৰা, কিম্বা স্বচ্ছতাৰ বাবে কম ব্যয় সাপেক্ষ আৰু আয় কৰিব পৰা প্ৰভাৱশালী কৌশল উদ্ভাৱন কৰিব নোৱৰোনে! খোৱা-পানীৰ সমস্যাৰ পৰা নিষ্কৃতি পাব পৰাকৈ recycling আৰু conservation-ৰে জড়িত কোনো নতুন পদ্ধতি আৱিস্কাৰ কৰিব নোৱাৰোনে! এনে এক ব্যৱস্থা গঢ়ি তুলিব নোৱাৰোনে যাৰ জৰিয়তে আমাৰ গুৰুত্বপূৰ্ণ সংস্থাসমূহৰ চাইবাৰ সুৰক্ষা ভেদ কৰাটো আক্ষৰিক অৰ্থতে অসম্ভৱ হৈ উঠিব! সৌৰ-শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত এনে এক সমাধান সূত্ৰ উলিয়াব নোৱাৰোনে বাৰু যাৰ জৰিয়তে আমাৰ দেশৰ দৰিদ্ৰৰো দৰিদ্ৰসকলেও সৌৰ-শক্তি ব্যৱহাৰৰ সুযোগ লাভ কৰিব পৰা হব। আমি নিশ্চয় এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব। আমি বিজ্ঞানক সাধাৰণ মানুহৰ কল্যাণৰ হকে ব্যৱহাৰ কৰিব লাগিব। দ্ৰুত গতিত সলনি হবলৈ লোৱা পৃথিৱীখনত এতিয়া আমি, বিশেষকৈ ভাৰতে কোনোবাই আমাৰ বাবে কিবা কৰি দিব আৰু আমি হাত সাবটি বহি থাকিম বুলি ভাবি থকাৰ সময় উকলিল। আমি নেতৃত্ব লব লাগিব, পৃথিৱীখনক আমি দৰাচলতেই কিবা বিশেষ কৰি দেখুৱাব লাগিব। আমি সময়ৰ অনুকূলে সমাধান সূত্ৰ উলিয়াব পাৰিব লাগিব। তাকো নিৰ্দিষ্ট সময় সীমাৰ ভিতৰতে। 

     বন্ধুসকল, ২০১৮ বৰ্ষটো ভাৰতৰ বাবে এটা সুন্দৰ বছৰ আছিল। বছৰটোৰ বহুকেইটা সাফল্যৰ ভিতৰত বিমান চালনাৰ বাবে উপযোগী জৈৱ ইন্ধন, দৃষ্টি-শক্তি ৰহিতসকলৰ বাবে দিব্য নয়ন শীৰ্ষক যন্ত্ৰৰ উদ্ভাৱন, ৰাজহাড়ৰ কৰ্কট ৰোগৰ পৰীক্ষণৰ বাবে নিতান্তই কম খৰচী পৰীক্ষণ সঁজুলি নিৰ্মাণ,  যক্ষ্মা আৰু ডেংগু ৰোগৰ যতনৰ উদ্ভাৱন নিতান্তই উল্লখনীয় আছিল। সেইদৰে চিকিম আৰু দাৰ্জিলিঙত সংস্থাপন কৰা ভূমি-স্খলনৰ আগজাননী দিব পৰা যন্ত্ৰ দুটাৰ কথাও প্ৰসংগতে উল্লেখ কৰিব লাগিব। অৱশ্যে এতিয়াও বহুখিনি দূৰ আগুৱাই যোৱাৰ প্ৰয়োজনীয়তা আছে। আমাৰ গৱেষণা আৰু বিকাশমূলক সাফল্যসমূহৰ ঔদ্যোগিক উতপাদন তথা ইয়াৰ বাণিজ্যিকূকৰণৰ পথ-নিৰ্দেশনা যুগুতাই উলিয়াব লাগিব। প্ৰযুক্তিৰ উচিত ব্যৱহাৰ আৰু সংযোগীকৰণৰ ওপৰতে ভৱিষ্যতৰ সাফল্য নিৰ্ভৰ কৰিছে। দেশৰ প্ৰগতিৰ গতি দ্ৰুত হাৰত ত্বৰান্বিত কৰাৰ বাবে আমি প্ৰযুক্তিৰ অনুঘটকৰ ৰূপত অৱতীৰ্ণ হোৱাৰ লগতে ইয়াৰ প্ৰতিপালন আৰু প্ৰবন্ধনতো ইতিবাচক ভূমিকাত অৱতীৰ্ণ হব লাগিব। আজিৰ তাৰিখত বিজ্ঞান বিষয়ক প্ৰকাশনৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ শীৰ্ষৰ পাঁচখন দেশৰ মাজত আছে। এয়া কম কথা নহয়, ইয়াক নিশ্চয়কৈ আন্তৰিকতাৰে প্ৰশংসা কৰা উচিতউন্নত ভাৰত, আধুনিক ভাৰত আৰু বৈজ্ঞানিক ভাৰত নিৰ্মাণৰ বাবে ই নিশ্চয়কৈ এক মজবুট ভেটি হব বুলি কব পাৰি।

     বন্ধুসকল, এখন ভাৰত নিৰ্মাণ কৰিবলৈ হলে আজি ভাৰতৰ বিজ্ঞানক মহতাকাংক্ষী ৰূপত গঢ়ি তুলিব লাগিব। আমি কেৱল প্ৰতিযোগিতাত অৱতীৰ্ণ  হলেই নহব, বৰং শ্ৰেষ্ঠতা প্ৰতিপন্নও কৰিব লাগিব। আমি কেৱল গৱেষণাৰ বাবেই গৱেষণা কৰিলেই নহব, বৰং এই গৱেষণাক সেই স্তৰলৈ লৈ যাব লাগিব যৰ পৰা সমগ্ৰ পৃথিৱীয়েই আমাক অনুসৰণ কৰাৰ প্ৰেৰণা লাভ কৰিব পাৰে। এনে এক সাফল্য অৰ্জন কৰিবলৈ আমি এক বিস্তৃত ইক-ছিষ্টেম গঢ়ি তুলিব লাগিব। সেয়া লাগিলে climate change য়েই হওক অথবা artificial intelligence, কিম্বা population dynamics বা bio technology বা digital market place য়েই নহওক কিয়! এনে এক বাতাবৰণ গঢ়িব পাৰিলে আমি আমাৰ দেশৰ talent pool potential-ৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰিব পাৰিম। আমি যদি আগন্তুক সময়ত knowledge society-ৰ world leader-ৰ শাৰীত নিজকে অৱতীৰ্ণ কৰিব খোজো তেন্তে দেশৰ গৱেষণা সামৰ্থ্য বদ্ধনৰ বাবে যথা সম্ভৱ কৰ্মত ব্ৰতী হব লাগিব। আমি লক্ষ্য নিশ্চিত কৰি interdisciplinary research-ত প্ৰবৃত্ত হব লাগিব। বন্ধুসকল, যিকোনো এখন দেশৰ intellectual creativity আৰু identityসেই দেশৰ কলা, ভাষা তথা সংস্কৃতিৰে উন্মোচিত হয়। এই পৰিচিতিক বিধাতাৰ বন্ধনৰ পৰা মুক্ত কৰি আমি শোধন কৰাত দক্ষতা দেখুৱাব লাগিব। এতিয়া আমাক এনে গৱেষণাৰ প্ৰয়োজন যি গৱেষণাত কলা আৰু humanities, social science, science আৰু technology তথা innovation-ৰ fusion হয় ইয়েই আমাৰ দেশৰ পৰিচিতিক সবল আৰু গৌৰৱময় কৰি তুলিব।

     বন্ধুসকল, আমাৰ প্ৰাচীন জ্ঞান যে শোধনৰ ওপৰতে আধাৰিত আছিল সেই কথা কিন্তু আমি মনত ৰাখিব লাগিব। ভাৰতীয় বিদ্বানমণ্ডলীয়ে বিজ্ঞানৰ পৰা গণিতলৈ, কলাৰ পৰা সাহিত্যলৈ, ভাষা বিজ্ঞানৰ পৰা তৰ্ক-শাস্ত্ৰলৈ, চিকিতসাৰ পৰা দৰ্শনলৈ সকলো ক্ষেত্ৰতে পৃথিৱীক প্ৰকাশিত কৰিছে, প্ৰজ্বলিত কৰিছে। ভাৰতে সেই স্থানত নিজকে উপৱিষ্ট কৰাৰ সময় এতিয়া সমাগত হৈছে। আৰু এয়া সম্ভৱ হব তেতিয়াহে যেতিয়া আমি ভাৰতক পৃথিৱীৰ শীৰ্ষৰ তিনিখন বৃহত্তম অৰ্থ-ব্যৱস্থাৰ দেশ হিচাপে গঢ়ি তুলি আমি আমাৰ research and innovation-ৰ জৰিয়তে বিশ্বক দিক-দৰ্শন কৰাব পাৰিম।

বন্ধুসকল, ৰাষ্ট্ৰীয় পৰীক্ষাগাৰ, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আই আই টি, আই আই এছ, টি আই এফ আই আৰু আই এছ ই আৰসমূহ হল আমাৰ গৱেষণা আৰু বিকাশৰ আধাৰ স্বৰূপ। অৱশ্যে আমাৰ দেশৰ ৯৫শতাংশ ছাত্ৰ-ছাত্ৰীয়েই ৰাজ্যিক মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহতহে পঢ়া-শুনা কৰে, যত গৱেষণাৰ সুযোগ এতিয়াও তেনেই সীমিত। এনে মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহতো গৱেষণাৰ এক আদৰ্শ পৰিকাঠামো গঢ়ি তোলাৰ খুবেই প্ৰয়োজন আছে। মই Prime Minister’s Science Technology and Innovation council-ক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে ইতিমধ্যেই আহ্বান জনাইছো আৰু পৰিষদে এই ক্ষেত্ৰত পদক্ষেপো গ্ৰহণ কৰিছে।

    বন্ধুসকল, ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ তিৰুপতি অধিৱেশনত মই গ্লোবেল ৰাইজ অৰ্থাত ফাইবাৰ ফিজিকেল ছিষ্টেমৰ কথা কৈছিলো। ই নিশ্চয় আমাৰ মানৱ-সম্পদৰ সম্ভাৰৰ প্ৰতি অভূতপূৰ্ব প্ৰত্যাহ্বান সৃষ্টি কৰাৰ সামৰ্থ্য বহণ কৰিছে। পিছে আমি ইয়াক আমাৰ গৱেষণা, প্ৰশিক্ষণ, ৰবটিক্স সন্দৰ্ভত থকা আমাৰ দক্ষতা, আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু বিগ ডাটা এনালাইটিক্সৰ আধাৰত বিশাল সুযোগলৈ ৰূপান্তৰিত কৰি লব পাৰো। তিনি হাজাৰ ছশ কোটি টকাৰ পুঁজি আবণ্টনৰে চৰকাৰে বহু-বিভাগীয় চাইবাৰ ফিজিকেল পদ্ধতি সম্পৰ্কীয় এক ৰাষ্ট্ৰীয় অভিযান ৰৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিযানে ছিমলেছ ৱে আৰএনডি, প্ৰযুক্তিৰ বিকাশ, মানৱ সম্পদ আৰু দক্ষতা বিকাশ, উদ্ভাৱন, ষ্টাৰ্ট আপ-ৰ ইক-ছিষ্টেম সংস্থাপন কৰা, শক্তিশালী ঔদ্যোগিক তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সম্পৰ্কীয় বিষয়সমূহ সামৰি লব। তথ্য হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ চালিকা শক্তি। মংগলদায়ক ভাবে তথ্যৰ সংগ্ৰহৰ পৰা সংবহণলৈ, তথ্যৰ সংৰক্ষণৰ পৰা তথ্যৰ ব্যৱহাৰ তথা অংশীদাৰিত্বলৈ সকলো সামৰি এক প্ৰভাৱশালী তথ্য নীতি যুগুতাই উলিওৱাৰ বাবে আমাৰ বিজ্ঞানীসকলে সংশ্লিষ্ট মন্ত্ৰালয়ৰে মিলি ইতিমধ্যেই কাম কৰি আছে।

     বন্ধুসকল, বিজ্ঞান আৰু প্ৰযুক্তিক্ষেত্ৰত আমাৰ সামৰ্থ্য, আমাৰ কৌশলৰ উতকৃষ্টতাৰ সম্ভেদ আমি অলপতে সম্পন্ন হোৱা আমাৰ মহাকাশ আভিযানৰ পৰা হৃদয়ংগম কৰিব পাৰিছো। শেহতীয়াভাবে আমি CARTOSAT 2 শৃংখলৰ কৃত্ৰিম উপগ্ৰহসহ navigation, communication আৰু hyper spectral imaging-ৰে জড়িত অন্য ৩০টা satellitelaunch কৰিছো। অহা ২১-২২ চনত আমাৰ তিনিগৰাকী মহাকাশচাৰীক লৈ আমাৰ গগণযানে মহাকাশলৈ যোৱাৰ বাবে ব্যাপকভাবে প্ৰস্ত্ততি অব্যাহত আছে। এই সন্দৰ্ভত ইছৰোৱে অলপতে crew escape system-ৰ এক বিশেষ প্ৰযুক্তিৰ demonstrationসম্পন্নও কৰিছে। আমাৰ গগণযানৰ সপোন নিৰ্দ্ধাৰিত সময়তে সম্পন্ন কৰিব পাৰিব বুলি মোৰ আমাৰ বিজ্ঞানীসকলৰ ওপৰত সম্পূৰ্ণ ভৰষা আছে। বন্ধুসকল, এনেকুৱা আৰু বহুত ক্ষেত্ৰ আছে যত scientific আৰু technological intervention-ৰ জৰিয়তে সৰ্ব-সাধাৰণ মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পৰা যায়। আমি বাৰু প্ৰযুক্তিৰ জোৰতcontinuously operating reference stations network  এটা গঢ়ি তুলিব নোৱাৰোনে! যাৰ পৰা আমি high resolution Geo Special digital data দ্ৰুত গতিৰে সংগ্ৰহ কৰিব পাৰিম।ইয়াৰ দ্বাৰা আমি আমাৰ নাবিক, বৈজ্ঞানিক, তথা পৰিকল্পনা যুগুতোৱা কাম-কাজৰে জড়িত লোকসকলক উন্নত হাৰত তথ্য উপলব্ধ কৰাব পাৰিম। ইয়ে বিকাশ সম্পৰ্কীয় পৰিকল্পনাৰ আধাৰ ৰচনা, পৰ্যৱেক্ষণ,তথা ইয়াৰ ৰূপায়ণ ব্যৱস্থাক আৰু অধিক প্ৰভাৱশালী কৰি তুলিব।

    বন্ধুসকল, আগৰবাৰ যেতিয়া বিজ্ঞান কংগ্ৰেছৰ কাৰ্যক্ৰম ইম্ফলত অনুষ্ঠিত হৈছিল তেতিয়া মই আপোনালোক সকলো বিজ্ঞানীক এটা অনুৰোধ কৰিছিলো। সেয়া আছিল sickle cell anaemia-ৰ সমস্যা সমাধানৰ সুলভ, সস্তীয়া আৰু প্ৰভাৱশালী ব্যৱস্থা উদ্ভাৱন সম্পৰ্কীয় আছিল।এইবিধ বেমাৰৰে আমাৰ আদিবাসী সমাজ বাৰুকৈয়ে প্ৰভাৱিত হৈ আহিছে। CSIR আৰু D BTয়ে ইয়াৰ বাবে অভিযান আৰম্ভ কৰিছে বুলি জানিব পাৰি মোৰ ভাল লাগিছে। দুয়োটা সংস্থাৰ বৈজ্ঞানিকসকলে এই বেমাৰ নিয়ন্ত্ৰণৰ বাবে ঔষধৰ লগতে এনেকুৱা gene therapy বিকশিত কৰক যাৰ দ্বাৰা হিমগ্লবিনৰ বিসংগতি দূৰ কৰিব পৰা যাব

     বন্ধুসকল, ভাৰতক আজি বিজ্ঞান, প্ৰযুক্তি তথা উদ্ভাৱন সম্পৰ্কীয় ভৱিষ্যতমুখী পৰিকল্পনাৰ প্ৰয়োজন। এই উদ্দেশ্যে আমাৰ চৰকাৰে অলপতে প্ৰধানমন্ত্ৰী বিজ্ঞান, প্ৰযুক্তি তথা উদ্ভাৱন সম্পৰ্কীয় পৰামৰ্শদাতা পৰিষদ এখন গঠন কৰিছে। এই পৰিষদে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে মিলিত হৈ বিজ্ঞান-প্ৰযুক্তি তথা উদ্ভাৱন সম্পৰ্কীয় প্ৰসংগৰ নীতি-নিৰ্দেশনা যুগুতাই উলিয়াব। শিক্ষাৰ, বিশেষকৈ উচ্চতৰ শিক্ষাৰ মান উন্নত কৰাৰ কথাত চৰকাৰে গুৰুত্ব আৰোপ কৰি আহিছে। আমি ইতিমধ্যে উচ্চতৰ শিক্ষাখণ্ডক  হস্তক্ষেপ মুক্ত কৰাৰ ব্যৱস্থা কৰিছো। সেইদৰে পৰদৰ্শিতা প্ৰদৰ্শন কৰা মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহক কাৰ্যকাৰিতা আৰু বিত্তীয় কামকাজ সম্পন্ন কৰিব পৰাকৈ ইউজিচি-য়ে স্তৰীয় স্বতন্ত্ৰতা প্ৰদানৰো ব্যৱস্থা কৰিছে।

     বন্ধুসকল, এই মুহূৰ্তত মই প্ৰয়াত ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালাম আজাদৰ এষাৰ বাক্য উল্লেখ কৰিব খুজিছো। তেওঁ কৈছিল, বৰ্ণিল কল্পনা আৰু নেৰানেপেৰা প্ৰয়াসৰে অনুপ্ৰাণিত মনৰ বাবে কাম কৰিবলৈ ব্ৰহ্মাণ্ডৰ শক্তি সৃষ্টি কৰিব পাৰি। ন-দিগন্তৰ সূচনাকাৰী গৱেষণা অথবা ভাৰতীয় বিজ্ঞানৰ নৱজাগৰণ সূচনা কৰাৰ ক্ষেত্ৰত বুনিয়াদ স্বৰূপ ভাৰতৰ যুৱ-প্ৰজন্মক মই বাৰু কেনেকৈ উজ্জীৱিত কৰিব পাৰিম! এক সৃষ্টিশীল, অত্যুতসাহী আৰু দৃঢ়মনা নৱ-প্ৰজন্মৰ উপস্থিতিৰে আজিৰ ভাৰত মহীয়ান হৈ আছে।

      বিজ্ঞানৰ জয় যাত্ৰাৰে সমৃদ্ধ হৈ আগুৱাই যাব পৰাকৈ এইদল যুৱক-যুৱতীক যাৱতীয় সা-সুবিধা আগবঢ়োৱাৰ বাবে এইখন চৰকাৰে সকলোখিনি কৰাৰ বাবে মন স্থিৰ কৰিছে। এইসকল সৃষ্টিশীল, সামৰ্থ্যবান, দক্ষতাসম্পন্ন, মেধাবী যুৱক-যুৱতীয়ে এখন সমৃদ্ধ ভাৰত গঢ়াৰ বাবে আমি দেখা সপোন নিশ্চয় সাৰ্থক কৰিব।

     ২০১৯ বৰ্ষটো আপোনালোক সকলোৰে বাবে সৃষ্টিশীলতা আৰু সাফল্যৰে পূৰ্ণ হওক।

     বহুত বহুত ধন্যবাদ।

 

*****

AKT/ VJ/SBP



(Release ID: 1562533) Visitor Counter : 133


Read this release in: Marathi , Tamil , Bengali , English