বিত্ত মন্ত্ৰালয়

২০১৯-২০ বৰ্ষৰ অন্তৰ্ৱৰ্তীকালীন বাজেটৰ প্ৰধান আলোকপাতৰ সৈতে বাজেট সাৰাংশ

সংসদত উত্থাপন কৰা ২০১৯-২০ বৰ্ষৰ অন্তৰ্ৱৰ্তীকালীন বাজেটত কৃষকসকলৰ বাবে গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ঘোষণা কৰাৰ লগতে আয়কৰতো ৰেহাই প্ৰদান কৰা হৈছে

এই অন্তৰ্ৱৰ্তীকালীন বাজেটখন দেশৰ উন্নতিৰ মাধ্যমৰ হিচাপে পৰিলক্ষিত হ’ব, বিত্তমন্ত্ৰীয়ে এইদৰে কয়

শ্ৰী পীয়ুস গোৱেলে কয় যে চৰকাৰে মুদ্ৰাস্ফীতি ৪.৬%লৈ হ্ৰাস কৰিছে যি পূৰ্বৰ যিকোনো চৰকাৰৰ তুলনাত ন্যূনতম

Posted On: 01 FEB 2019 1:50PM by PIB Guwahati

২০১৯-২০ বৰ্ষৰ অন্তিমখন বাজেট আজি সংসদত বিত্ত, ঔদ্যোগিক পৰিক্ৰমা, ৰেলৱে আৰু কয়লাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুস গোৱেলে উত্থাপন কৰে৷ এই বাজেটত কৃষকসকলৰ বাবে গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ ঘোষণা কৰাৰ উপৰিও আয়কৰতো ৰেহাই প্ৰদান কৰা হৈছে তথা অনাগত বৰ্ষসমূহৰ বাবে বিকাশৰ নতুন এজেণ্ডা প্ৰস্তুত কৰা হৈছে৷

     ১২ কোটি ক্ষুদ্ৰ আৰু প্ৰান্তস্থ কৃষকসকলৰ বাবে প্ৰত্যক্ষ উপাৰ্জনৰ সমৰ্থন, ১০ কোটি অসংগঠিত কৰ্মীৰ বাবে পেঞ্চনৰ ব্যৱস্থা, ৫ লাখ পৰ্যন্ত উপাৰ্জনলৈ আয়কৰ ৰেহাই, ষ্টাম্প ডিউটীৰ সংশোধন, প্ৰতিৰক্ষাৰ বাবে সৰ্বাধিক ৩ লাখ কোটি টকাৰ আৱণ্টন, উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৫৮,১৬৬ কোটি টকাৰ পুঁজি আৱণ্টন, হাৰিয়ানাৰ বাবে এখন নতুন এইমছ, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে একক উইণ্ডক্লীয়াৰেন্স আৰু শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি তথা অনুসূচীত জাতি, জনজাতিকে ধৰি সমাজৰ দুৰ্বলৰ অংশৰ বাবে কল্যাণমূলক আঁচনিত উচ্চ পৰিমাণৰ বাজেট আৱণ্টন, ফিচাৰীৰ বাবে পৃথক বিভাগ আদিকে ধৰি ২০১৯-২০ বৰ্ষৰ অন্তৰ্ৱৰ্তীকালীন বাজেটত বহু গুৰুত্বপূৰ্ণ বিষয় আলোকপাত কৰা হৈছে৷

 

প্ৰধান আঁচনিসমূহ

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ)’’ আঁচনিৰ জৰিয়তে ২ হেক্টৰ পৰ্যন্ত কৃষিভূমি থকা কৃষকসকললৈ প্ৰতিবছৰে ৬,০০০ টকাৰ প্ৰত্যক্ষ উপাৰ্জন সমৰ্থন প্ৰসাৰণ কৰা হৈছে৷ ২০১৯-২০ বৰ্ষৰ অন্তিমখন বাজেট উত্থাপন কৰি কেন্দ্ৰীয় বিত্ত, ঔদ্যোগিক পৰিক্ৰমা, ৰেলৱে আৰু কয়লা মন্ত্ৰী শ্ৰী পীয়ুস গোৱেলে কয়, ‘‘আমাৰ চৰকাৰে ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে ৭৫,০০০ কোটি টকা আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ২০,০০০ কোটি টকাৰ সংশোধিত অনুমানেৰে ঐতিহাসিক পিএম-কিষাণ মুকলি কৰিছে৷’’

     এই চৰকাৰৰ অধীনত ১২ কোটি ক্ষুদ্ৰ আৰু প্ৰান্তস্থ কৃষক পৰিয়াললৈ তিনিটা সমান কিস্তিত ২,০০০ টকাকৈ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে৷ এই কাৰ্যসূচী ২০১৮ বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে আৰু ৩১ মাৰ্চ ২০১৯ তাৰিখলৈ প্ৰথম কিস্তি এই বৰ্ষতে পৰিশোধ কৰা হ, শ্ৰী পীয়ুস গোৱেলে এইদৰে কয়৷      

 

 

 

Agriculture.jpg

cont..2/-

 

-2-

ফিচাৰীৰ বিকাশৰ প্ৰতি বহনক্ষম আৰু নিৰ্ধাৰিত লক্ষ্য প্ৰদানৰ বাবে চৰকাৰে এটা পৃথক বিভাগ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বিত্তমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে চৰকাৰে এই খণ্ডৰ সৈতে জড়িত ১.৪৫ কোটি পৰিয়ালক জীৱিকা নিৰ্বাহৰ বাবে ৭% উত্তৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে৷

বিত্তমন্ত্ৰীয়ে পশুধন আৰু ফিচাৰীৰ সৈতে জড়িত কৃষকসকলৰ বাবে ২% সুতৰ সাহায্যৰ কথা ঘোষণা কৰিছে যিসকলে কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণৰ সুবিধা লাভ কৰিছে৷ তাৰোপৰি সময়মতে ঋণ পৰিশোধ কৰিলে অতিৰিক্তভাৱে ৩% পৰ্যন্ত সুতৰ সাহায্যৰ বিষয়েও ঘোষণা কৰিছে৷

 

 

Quote_7.jpg

 

চলিত বৰ্ষতেই ৰাষ্ট্ৰীয় গোকুল অভিযানৰ বাবে ৭৫০ কোটি টকাৰ আৱণ্টনৰ বাবে ঘোষণা কৰা হৈছে৷ গোধনৰ উৎপাদন আৰু বহনক্ষম বংশগতীয় উত্তৰণৰ বাবে ‘‘ৰাষ্ট্ৰীয় কামধেনু আয়োগ’’ৰ স্থাপন কৰা হৈছে৷ এই আয়োগে গোধনৰ বাবে আইন আৰু কল্যাণমূলক আঁচনিৰ কাৰ্যকৰী প্ৰণয়নৰ দিশসমূহ চোৱাচিতা কৰিব৷

 

Quote_5.jpg

 

অসংগঠিত খণ্ডৰ ১০ কোটি শ্ৰমিক আৰু কৰ্মীক পেঞ্চনৰ সুবিধা প্ৰদান কৰাৰ বাবে ‘‘প্ৰধানমন্ত্ৰী শ্ৰম-যোগী মানধন’’ শীৰ্ষক এক নতুন আঁচনিৰ কথা ঘোষণা কৰা হৈছে৷ বিত্তমন্ত্ৰীয়ে কয় যে অহা পাঁচ বছৰৰ ভিতৰত ই বিশ্বৰ সবাতোকৈ বৃহৎ পেঞ্চন আঁচনি হিচাপে পৰিগণিত হব৷ এই আঁচনিৰ বাবে ৫০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ এই আঁচনিখনো চলিত বৰ্ষতেই প্ৰণয়ন কৰা হ, তেওঁ এইদৰে কয়৷

 

 

 

কৰ ৰেহাই

 

 বাৰ্ষিক ৫ লাখ টকালৈ উপাৰ্জন কৰা ব্যক্তিয়ে এতিয়া কৰ পৰিশোধ কৰাৰ প্ৰয়োজন নাই৷ বিত্তমন্ত্ৰীয়ে এইদৰে কয় যে .৫০ লাখ টকালৈ মুঠ উপাৰ্জন কৰা ব্যক্তিয়েও কোনো ধৰণৰ কৰ পৰিশোধ কৰাৰ প্ৰয়োজন নাই যদিহে তেওঁলোকে ভৱিষ্য নিধি, বিশেষ কিছুমান সঞ্চয় আৰু বীমা আদিত বিনিয়োগ কৰিছে৷ অতিৰিক্ত কৰ্তন যেনে লাখ টকা পৰ্যন্ত গৃহ ঋণত সুত, শিক্ষা ঋণৰ সুত, ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বিনিয়োগ, স্বাস্থ্য বীমা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে চিকিৎসা ব্যয়ো এই ২০১৯-২০ বৰ্ষৰ অন্তিম বাজেটত সন্নিৱিষ্ট কৰা হৈছে৷ সেয়ে ১৮,৫০০ কোটি টকাৰ কৰ ৰেহাই প্ৰায় কোটি মধ্যবিত্ত পৰিয়াল, স্ব-নিয়োজিত, ক্ষুদ্ৰ ব্যৱসায়, ক্ষুদ্ৰ বাণিজ্য, দৰমহা লাভ কৰোঁতা, পেঞ্চনাৰ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ দৰে ক্ষুদ্ৰ কৰদাতালৈ প্ৰদান কৰা হৈছে৷

 

দৰমহা লাভ কৰা ব্যক্তিসকলৰ বাবে মানসম্পন্ন কৰ্তন বৰ্তমানৰ ৪০,০০০ টকাৰ পৰা ৫০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ দ্বাৰা ৩ কোটিতকৈও অধিক দৰমহা লাভ কৰা ব্যক্তি আৰু পেঞ্চনাৰসকলে প্ৰায় ৪,৭০০ কোটি টকাৰ কৰ ৰেহাইৰ সুবিধা লাভ কৰিব৷

 

দ্বিতীয় স্ব-অধিকৃত বাসভৱনৰ সাংবিধানিক ভাড়াতো কৰ ৰেহাইৰ সুবিধা প্ৰদান কৰা হৈছে৷ বৰ্তমানে যদি কোনোবা এজন ব্যক্তিৰ এটাতকৈ অধিক স্ব-অধিকৃত বাসভৱন থাকে তেন্তে তেওঁ সাংবিধানিক ভাড়াৰ কৰ প্ৰদান কৰিব লাগে৷

 

বেংক/ডাকঘৰৰ পৰা উপাৰ্জন কৰা সুতত টিডিএছ কৰ্তনৰ সীমা ১০,০০০ টকাৰ পৰা ৪০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷

 

 

ভাড়াত কৰ কৰ্তনৰ টিডিএছ সীমা ১,৮০,০০০ টকাৰ পৰা ২,৪০,০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱনা প্ৰদান হৈছে৷ ইয়াৰ দ্বাৰা ক্ষুদ্ৰ কৰদাতাসকল উপকৃত হব৷

 

Taxation.jpg

 

 

 

বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰে গৃহ ক্ৰেতাসকলৰ পৰা জিএছটিৰ বোজা লাঘৱ কৰিব বিচাৰিছে আৰু সেইবাবে জিএছটি আয়োগে মন্ত্ৰীসকলৰ এটা দল গঠন কৰি এই সন্দৰ্ভত যিমান পাৰি সোনকালে পৰীক্ষণ কৰাৰ দিশত আগবাঢ়িছে৷

 

শ্ৰী গোৱেলে কয় যে জিএছটি প্ৰদান কৰা ৯০%ত কৈও অধিক ব্যৱসায়ক অতি শীঘ্ৰেই ত্ৰিমাসিকভাৱে ৰিটাৰ্ণ দাখিল কৰাৰ বাবে অনুমতি প্ৰদান কৰা হব৷

 

মুদ্ৰাস্ফীতি

            বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰে যোৱা পাঁচ বছৰত গড় মুদ্ৰাস্ফীতি ৪.%লৈ আনিবলৈ সক্ষম হৈছে যি পূৰ্বৰ যিকোনো চৰকাৰৰ শাসনকালৰ তুলনাত ন্যূনতম৷ ২০১৮ চনৰ ডিচেম্বৰ মাহত মুদ্ৰাস্ফীতি ২.১৯%লৈ নামি গৈছিল৷ শ্ৰী গোৱেলে কয় যে যদি আমাৰ মুদ্ৰাস্ফীতিৰ ওপৰত নিয়ন্ত্ৰণ নাথাকিলহেঁতেন তেন্তে মৌলিক প্ৰয়োজনীয়তাসমূহ যেনে খাদ্য, গ্ৰাহকৰ ব্যৱহাৰ্য সামগ্ৰী, গৃহ ইত্যাদিত গ্ৰাহকে আজি ৩৫-৪০% অধিক ব্যয় কৰাৰ পৰিস্থিতি উদ্ভৱ হলহেঁতেন৷ পূৰ্বৰ পাঁচ বছৰত অৰ্থাৎ ২০০৯-১৪ বৰ্ষৰ সময়চোৱাত গড় মুদ্ৰাস্ফীতিৰ হাৰ আছিল ১০.%, তেওঁ এইবুলি উল্লেখ কৰে৷

Quote_2.jpg

 

বিত্তীয় ঘাটি

            ২০১৮-১৯ বৰ্ষৰ সংশোধনী আনুমানিকত বিত্তীয় ঘাটি সাত বছৰৰ পূৰ্বৰ ৬%ৰ পৰা ৩.%লৈ হ্ৰাস কৰা হৈছে, বিত্তমন্ত্ৰীয়ে এইবুলি উল্লেখ কৰে৷ তেওঁ কয়, ছয় বছৰৰ পূৰ্বে কাৰেণ্ট একাউণ্ট ডেফিচিট (চিএডি) সৰ্বাধিক ৫.% হোৱাৰ বিপৰীতে এই বৰ্ষত জিডিপিৰ কেৱল ২.% হে হৈছে৷ আমাৰ বিত্তীয় ঘাটিৰ পিছতো, বিত্ত আয়োগৰ পৰামৰ্শৰ পিছতো কেন্দ্ৰীয় কৰত ৰাজ্যসমূহৰ অংশীদাৰীত্ব ৩২%ৰ পৰা ৪২%লৈ বৃদ্ধি কৰিছো৷ ইয়াৰ দ্বাৰা আমি সংঘবাদৰ প্ৰকৃত ভাৱনাক স্বীকাৰ কৰিছো আৰু ৰাজ্যসমূহলৈ অধিক মাত্ৰাত ধন স্থানান্তৰিত কৰিছো’’, শ্ৰী গোৱেলে এইদৰে কয়৷

 

উত্তৰণ আৰু এফডিআই

বিত্তমন্ত্ৰী পীয়ুস গোৱেলে কয় যে অনাগত দশকসমূহৰ উন্নত বিকাশৰ বাবে মঞ্চ এতিয়াই সাজু কৰা হৈছে আৰু সেয়া হল যোৱা পাঁচ বছৰৰ আন্তঃগাঁথনিৰ পৰিৱৰ্তন, জিএছটিৰ প্ৰৱৰ্তন আৰু অন্যান্য কৰৰ সংশোধনী৷

দেশে যোৱা পাঁচ বছৰত মেক্ৰ’-অৰ্থনীতি সুস্থিৰ হোৱা পৰিলক্ষিত কৰিছে৷ ‘‘আমি বিশ্বৰ ভিতৰতে দ্ৰুত গতিত উত্থান হোৱা প্ৰধান অৰ্থনীতিৰ দেশসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছো আৰু যোৱা পাঁচ বছৰত বাৰ্ষিক জিডিপি ১৯৯১ চনৰ পৰা শাসনাধিষ্ঠ যিকোনো চৰকাৰৰ তুলনাত সৰ্বাধিক হৈছে৷ ২০১৩-১৪ বৰ্ষত একাদশ বৃহত্তম অৰ্থনীতিৰ দেশৰ পৰা আজি আমি ষষ্ঠ বৃহত্তম অৰ্থনীতিৰ দেশলৈ পৰিগণিত হৈছো’’, বিত্তমন্ত্ৰীয়ে তেওঁৰ মুকলি ভাষণত এইদৰে প্ৰকাশ কৰে৷

শ্ৰী গোৱেলে এইদৰে কয় যে এনে ধৰণৰ স্থিৰ আৰু প্ৰাক্-কল্পনীয় নিয়ামক শাসন, বৰ্ধিত অৰ্থনীতি আৰু শক্তিশালী প্ৰাথমিকতাৰ দ্বাৰা ভাৰতে যোৱা পাঁচ বছৰত ২৩৯ বিলিয়ন ডলাৰতকৈও অধিক পৰিমাণৰ বৈদেশিক প্ৰত্যক্ষ বিনিয়োগ (এফডিআই)ক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷  

 

 

বৃহৎ আঁচনিসমূহৰ বাবে বৰ্ধিত আৱণ্টন

            এমজিএনৰেগাৰ বাবে ২০১৯-২০ বৰ্ষত ৬০,০০০ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে৷ বিত্তমন্ত্ৰীয়ে কয় যে প্ৰয়োজন অনুসৰি অতিৰিক্ত আৱণ্টনৰ ব্যৱস্থাও কৰা হব৷

           

            প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত ২০১৮-১৯ বৰ্ষৰ ১৫,৫০০ কোটি টকাৰ বিপৰীতে ২০১৯-২০ বৰ্ষত ১৯,০০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ ২০১৪-১৮ বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মুঠ .৫৩ কোটিটা ঘৰ নিৰ্মাণ কৰা হৈছে৷

     ২০১৯ চনৰ মাৰ্চ মাহৰ ভিতৰত সকলো ঘৰলৈ বিদ্যুতৰ যোগান ধৰা ব৷ এই পৰ্যন্ত অভিযানভিত্তিত ১৪৩ কোটি এলইডি বাল্ব যোগান ধৰা হৈছে৷ ফলস্বৰূপে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ ৫০,০০০ কোটি টকা পৰ্যন্ত ৰাহি হৈছে৷

     তেওঁ কয় যে দেশৰ প্ৰায় ৫০ কোটি লোকক চিকিৎসা সেৱা প্ৰদানৰ বাবে বিশ্বৰ বৃহত্তম স্বাস্থ্যসেৱা কাৰ্যসূচী আয়ুষ্মান ভাৰতৰ জৰিয়তে এই পৰ্যন্ত ১০ লাখ লোকে ইতিমধ্যেই বিনামূলীয়া চিকিৎসাৰ দ্বাৰা উপকৃত হৈছে৷ অন্যথা ইয়াত তেওঁলোকৰ ,০০০ কোটি টকা ব্যয় হোৱাৰ সম্ভাৱনা আছিল৷ লক্ষাধিক দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে প্ৰয়োজনীয় ঔষধ, কাৰ্ডিয়াক ষ্টেণ্ট আৰু আঁঠুৰ প্ৰতিষ্ঠাপনৰ ব্যয় হ্ৰাস হোৱাৰ দ্বাৰা লাভান্বিত হৈছে৷ তাৰোপৰি প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰত উপলব্ধ ব্যয়সাধ্য ঔষধসমূহৰ দ্বাৰাও জনসাধাৰণ উপকৃত হৈছে, বিত্তমন্ত্ৰীয়ে এইদৰে কয়৷

     শ্ৰী গোৱেলে এয়াও উল্লেখ কৰে যে ২০১৪ চনত ঘোষণা কৰা ২১খন এইমছৰ ১৪ খনেই বৰ্তমানে কাৰ্যকৰী অৱস্থা লাভ কৰিছে৷ তাৰোপৰি হাৰিয়ানাত ২২ সংখ্যক এইমছ স্থাপন কৰাৰ বাবে ঘোষণা কৰা হৈছে৷

 

 

Health.jpg

 

সংহত শিশু বিকাশ আঁচনি (আইচিডিএছ) বাবে আৱণ্টন ২০১৮-১৯ বৰ্ষৰ ২৩,৩৫৭ কোটি টকাৰ পৰা বৃদ্ধি হৈ ২০১৯-২০ বৰ্ষত ২৭,৫৮৪ কোটি টকা হৈছে৷

 

অনুসূচীত জাতি আৰু জনজাতিসকলৰ কল্যাণৰ বাবে ধন আৱণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে৷ ২০১৮-১৯ বৰ্ষত অনুসূচীত জাতিৰ বাবে নিৰ্ধাৰণ কৰা ৫৬,৬১৯ কোটি টকা ৬২,৪৭৪ কোটি টকালৈ বৃদ্ধি কৰাৰ পিছত ২০১৯-২০ বৰ্ষৰ বাবে ৭৬,৮০১ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ আনহাতে অনুসূচীত জনজাতিৰ বাবে ২০১৮-১৯ বৰ্ষৰ ৩৯,১৩৫ কোটি টকাৰ পৰা ২৮% বৃদ্ধি হৈ ২০১৯-২০ বৰ্ষত ৫০,০৮৬ কোটি টকা হৈছে৷

 

বিত্তমন্ত্ৰীয়ে কয় যে অধিসূচীত নোহোৱা অঘৰী আৰু অৰ্ধ-অঘৰী লোকসকলৰ কল্যাণৰ বাবে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ কয় যে অধিসূচীত নোহোৱা এই অঘৰী আৰু অৰ্ধ-অঘৰী শ্ৰেণীক চিনাক্ত কৰাৰ বাবে নিটি আয়োগৰ অধীনত এক বিশেষ কমিটিৰ সৃষ্টি কৰা হৈছে৷

 

Reaching out to the most deprived.jpg

 

 

শ্ৰী গোৱেলে কয় যে উজ্বলা যোজনাৰ অধীনত ৮ কোটি বিনামূলীয়া এলপিজি সংযোগ বিতৰণ কৰা হৈছে, ৬ কোটিতকৈও অধিক সংযোগ ইতিমধ্যেই বিতৰণ কৰা হৈছে আৰু বাকী ৰৈ যোৱাসমূহ অহা বৰ্ষৰ ভিতৰত বিতৰণ কৰা হব৷

 

Women.jpg

 

 

বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যেকৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী বিকশিত কৰাৰ বাবে অতি শীঘ্ৰেই ৰাষ্ট্ৰীয় কৃত্ৰিম বুদ্ধিমত্তা পৰ্টেল মুকলি কৰা হব৷

 

Quote_8.jpg

 

ঔদ্যোগিক নিয়মাৱলী আৰু উত্তৰণ বিভাগক ডিপাৰ্টমেণ্ট ফৰ প্ৰমচন অব্ ইণ্ডাষ্ট্ৰীজ এণ্ড ইণ্টাৰনেল ট্ৰেড হিচাপে পুনৰ নামাকৰণ কৰা হৈছে৷

 

বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰৰ ই-মাৰ্কেটে (জিইএম) গড়ে ২৫-২৮%কৈ ৰাহি কৰিছে আৰু এই প্লেটফৰ্ম এতিয়া সকলো চিপিএছইলৈ সম্প্ৰসাৰণ কৰা হব৷ এই পৰ্যন্ত ১৭,৫০০ কোটি টকাৰ লেনদেন সম্পন্ন হৈছে৷

 

বিত্তমন্ত্ৰীয়ে কয় যে প্ৰথমবাৰলৈ দেশৰ প্ৰতিৰক্ষা শিতানৰ বাজেট ৩ লাখ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে৷   

 

বিত্তমন্ত্ৰী শ্ৰী পীয়ুস গোৱেলে যোৱা পাঁচ বছৰত ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা দুগুণলৈ বৃদ্ধি হোৱা তথা বৃহৎ সংখ্যাত চাকৰি সৃষ্টি হোৱাৰ বিষয়ে উল্লেখ কৰে৷ ছিক্কিমৰ পাকয়ং বিমানবন্দৰ স্থাপনৰ জৰিয়তে দেশত কাৰ্যকৰী বিমানবন্দৰৰ সংখ্যা ১০০লৈ বৃদ্ধি পালে৷ শেহতীয়াকৈ অৰুণাচল প্ৰদেশ বায়ু মেপত অন্তৰ্ভুক্ত হোৱাৰ লগতে মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামে ভাৰতীয় ৰেল মানচিত্ৰত স্থান লাভ কৰিলে৷

 

Infrastructure.jpg

 

২০১৯-২০ বৰ্ষত ভাৰতীয় ৰেলৱেৰ বাজেটৰ বাবে মূলধনী সমৰ্থন ৬৪,৫৮৭ কোটি টকালৈ বৃদ্ধি পালে৷ ৰেলৱেৰ মুঠ মূলধনী ব্যয় হল ১,৫৮,৬৫৮ কোটি টকা৷

Railway.jpg

Railway-Budget-at-a-Glance-English.jpg

 

যোৱা পাঁচ বছৰত ভাৰতৰ ইনষ্টলড সৌৰ উৎপাদন সামৰ্থ্য দহগুণ বৃদ্ধি হৈছে৷ এই কথা উল্লেখ কৰি শ্ৰী গোৱেলে কয় যে ‘‘আমাৰ চৰকাৰ আন্তৰ্জাতিক সৌৰ সহযোগিতাত ঘোষণা কৰা অনুসৰি পুনৰ নৱীকৰণ শক্তি উৎপাদনৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ৷ এই খণ্ডত বৰ্তমানে লক্ষাধিক নিয়োজনৰ সৃষ্টি হৈছে৷’’

 

বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে বৃহৎ সংখ্যক নিয়োজনৰ সৃষ্টি কৰা মনোৰঞ্জন উদ্যোগত এতিয়া স্ব-ঘোষণাৰ ওপৰত নিয়ামক ব্যৱস্থাই অধিক ধৰণে নিৰ্ভৰ কৰিব৷ মনোৰঞ্জন উদ্যোগৰ উত্তৰণৰ বাবে চলচ্চিত্ৰ শ্বুটিঙ সহজলভ্য কৰাৰ ক্ষেত্ৰত বৰ্তমানে কেৱল বিদেশীৰ বাবে থকা একক উইণ্ডক্লীয়াৰেন্সৰ ব্যৱস্থা ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবেও উপলব্ধ হব৷ তাৰোপৰি পাইৰেচী ৰোধ কৰাৰ বাবে চিনেমাটগ্ৰাফ আইনৰ অধীনত আমি এণ্টি-কেমকৰ্ডিং ব্যৱস্থা প্ৰণয়ন কৰিম’’, তেওঁ এইদৰে কয়৷

 

তেওঁ কয়, ‘‘অনাগত পাঁচটা বৰ্ষৰ ভিতৰত পাঁচ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱাৰ দিশত আমি অগ্ৰসৰ হৈছো আৰু তাৰ পৰৱৰ্তী আঠটা বৰ্ষত দহ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশ হোৱা প্ৰত্যাশা কৰিছো৷’’ শ্ৰী পীয়ুস গোৱেলে এইদৰে কয় যে ২০১৭-১৮ বৰ্ষত প্ৰত্যক্ষ কৰ সংগ্ৰহত ১৮% বৃদ্ধি হৈছে কিয়নো বিমুদ্ৰাকৰণৰ পিছত ২০১৭-১৮ বিত্তীয় বৰ্ষত প্ৰথমবাৰলৈ ১.০৬ কোটি লোকে আয়কৰ ফাইল দাখিল কৰিছে৷

 

শ্ৰী গোৱেলে কয় যে তেওঁ বিত্ত বিধেয়কৰ জৰিয়তে একক লেনদেন সম্বন্ধীয় একক ব্যৱস্থাত ষ্টাম্প শুল্ক প্ৰৱৰ্তন কৰাৰ বাবে আৱশ্যকীয় সংশোধন কৰিছে আৰু ষ্টক একচেঞ্জৰ মাধ্যমেৰে একেটা স্থানতে একত্ৰিত কৰাৰ বাবে প্ৰস্তাৱনা দাখিল কৰিছে৷ তেওঁ কয় যে যি শুল্ক একত্ৰিত কৰা হৈছে সেয়া গ্ৰাহক ক্ৰয়ৰ ভিত্তিত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা প্ৰকাশ কৰা হব৷

 

 

২০১৮-১৯ বৰ্ষৰ মুঠ ব্যয় ২৪,৫৭,২৩৫ কোটি টকাৰ পৰা ২০১৯-২০ বৰ্ষত ২৭,৮৪,২০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ প্ৰায় ১৩.৩০% বৃদ্ধিৰে ৩,২৬,৯৬৫ কোটি টকাৰ বৃদ্ধি হৈছে৷ ইয়াৰ দ্বাৰা নিম্ন মুদ্ৰাস্ফীতি প্ৰতিফলিত হৈছে৷ ২০১৯-২০ বৰ্ষত বিত্তীয় ঘাটি জিডিপিৰ ৩.% ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

 

Budget-at-a-Glance-English.jpg

 

বিত্তমন্ত্ৰীয়ে কয় যে বিত্তীয় ঘাটি একত্ৰীকৰণ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত চৰকাৰে এতিয়া ঋণ একত্ৰীকৰণৰ ওপৰত মনোনিৱেশ কৰিব৷ তেওঁ কয়, ‘‘আমি ২০২০-২১ বৰ্ষৰ ভিতৰত বিত্তীয় ঘাটি ৩%লৈ অনাৰ দিশত অগ্ৰসৰ হৈছো৷ ২০১৭-১৮ বৰ্ষত ভাৰতৰ ঋণ আৰু জিডিপি অনুপাত আছিল ৪৬.%৷ এফআৰবিএম আইনে ভাৰত চৰকাৰৰ ঋণ আৰু জিডিপিৰ অনুপাত ২০২৪-২৫ চনৰ ভিতৰত ৪০% লৈ অনাৰ বাবে পৰামৰ্শ দিছে৷ বিত্তীয় ঘাটি একত্ৰীকৰণ কাৰ্যসূচীৰ পিছত এতিয়া আমি ঋণ একত্ৰীকৰণৰ দিশত গুৰুত্ব প্ৰদান কৰিম৷’’

***

 

GG/DSM/RM/KSP/SNC/NB/MANN



(Release ID: 1562389) Visitor Counter : 121