কেবিনেট

ঘৰুৱা শ্ৰমিক নিয়োগৰ ক্ষেত্ৰত ভাৰত আৰু কুৱেইটৰ মাজত সহযোগিতাৰ বাবে প্ৰস্তাৱিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 23 JAN 2019 3:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ঘৰুৱা শ্ৰমিক নিয়োগৰ ক্ষেত্ৰত ভাৰত আৰু কুৱেইটৰ মাজত সহযোগিতাৰ বাবে প্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷

সবিশেষঃ

এই বুজাবুজি চুক্তিয়ে ঘৰুৱা শ্ৰমিকৰ সৈতে জড়িত বিষয়ত সহযোগিতাৰ বাবে গঠনমূলক পৰিকাঠামো তৈয়াৰ কৰাৰ লগতে কুৱেইটত নিয়োজিত মহিলা শ্ৰমিককে ধৰি ভাৰতীয় ঘৰুৱা শ্ৰমিকসকলৰ শক্তিশালী নিৰাপত্তা প্ৰদান কৰিব৷ এই বুজাবুজি চুক্তি প্ৰাৰম্ভিক পৰ্যায়ত পাঁচ বছৰৰ বাবে বৈধ হোৱাৰ লগতে ইয়াত স্বয়ংক্ৰিয়ভাৱে নবীকৰণৰ ব্যৱস্থা থাকিব৷

ৰূপায়ণ প্ৰণালীঃ

এই বুজাবুজি চুক্তি ৰূপায়ণৰ বাবে ইয়াৰ অধীনত এখন যুটীয়া সমিতি গঠন কৰা হব৷

মুখ্য প্ৰভাৱঃ

এই বুজাবুজি চুক্তিয়ে দুয়ো খন দেশৰ মাজত ঘৰুৱা শ্ৰমিকৰ সৈতে জড়িত বিষয়ত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিব৷

AKT/SH/DB



(Release ID: 1561349) Visitor Counter : 96