প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ (১৫ জানুৱাৰী, ২০১৯) কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে ৬৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোল্লাম বাইপাছ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে তিৰুৱন্তপুৰমত পদ্মনাভস্বামী মন্দিৰ পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 14 JAN 2019 4:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৫ জানুৱাৰী, ২০১৯ত কেৰালাৰ কোল্লাম আৰু তিৰুৱন্তপুৰম ভ্ৰমণ কৰিব৷

 

কোল্লামত প্ৰধানমন্ত্ৰীয়ে ৬৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোল্লাম বাইপাছ মুকলি কৰিব৷ ৩৫২ কোটি টকা প্ৰকল্প ব্যয়েৰে নিৰ্মাণ কৰা দ্বৈতপথযুক্ত পথটোৰ দৈৰ্ঘ্য ১৩ কিলোমিটাৰ৷ ইয়াৰে ভিতৰত অষ্টমুদী হ্ৰদৰ ওপৰত সৰ্বমুঠ ,৫৪০ মিটাৰ দৈৰ্ঘ্যৰ তিনিখন প্ৰধান দলঙো অন্তৰ্ভূক্ত আছে৷ এই প্ৰকল্পই আলাপ্পুঝা আৰু তিৰুৱন্তপুৰমৰ মাজৰ ভ্ৰমণৰ সময়ৰ লগতে কোল্লাম চহৰৰ ব্যাপক যানজঁটৰ সমস্যাও হ্ৰাস কৰিব৷

তিৰুৱন্তপুৰমত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মনাভস্বামী মন্দিৰ পৰিদৰ্শন কৰিব৷ এই উপলক্ষে তেওঁ পৰ্যটকৰ হকে কেতবোৰ সা-সুবিধাৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি এখনি নামফলকো মুকলি কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে এয়া প্ৰধানমন্ত্ৰীৰ তৃতীয়টো চৰকাৰী কোল্লাম ভ্ৰমণ ব৷ ২০১৫ৰ ডিচেম্বৰত প্ৰথমবাৰলৈ তেওঁ চহৰখন ভ্ৰমণ কৰাৰ সময়ত আৰ. শংকৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল৷ সমান্তৰালভাৱে, ২০১৬ৰ এপ্ৰিলত বিধ্বংসী অগ্নিকাণ্ডৰ কেইঘণ্টামানৰ পাছতে প্ৰধানমন্ত্ৰীয়ে কোল্লাম ভ্ৰমণ কৰিছিল৷

*****

AKT/KP/SKS/DB



(Release ID: 1560258) Visitor Counter : 66