প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ওড়িশা আৰু পূব ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী বালাংগীৰ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে; ঝাৰছুগুড়াত ওড়িশাৰ বাবে ১,৫০০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ অধীনত মাল্টি মডেল লজিষ্টিক পাৰ্ক(এমএমএলপি)ৰ শুভাৰম্ভ, ১৫ কিলোমিটাৰ সংযোগ বৃদ্ধিৰ অৰ্থে ৬টা ৰে’লৱে প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা৷ বালাংগীৰ আৰু বিচ্চুপলীৰ মাজত নতুন ৰে’ল পথ উদ্বোধন

Posted On: 15 JAN 2019 3:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ বালাংগীৰ ভ্ৰমণ কৰে৷ এই উপলক্ষে তেওঁ ,৫০০ কোটি চকা ব্যয়সাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰাৰ লগতে কেতবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

 

পুৱা ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে তেওঁ বালাংগীৰ অভিমুখে ৰাওনা হয়৷ বালাংগীৰত তেওঁ ঝাৰছুগুড়া মাল্টি মডেল লজিষ্টিক পাৰ্ক(এমএমএলপি) দেশবাসীৰ নামত উচৰ্গা কৰে৷ এই এমএমএলপিয়ে ঝাৰছুগুড়াক অঞ্চলটোৰ লজিষ্টিকৰ প্ৰাণকেন্দ্ৰত পৰিণত কৰিব৷ ৰে প্ৰকল্পৰ প্ৰতি উদ্গনি জনাই শ্ৰীযুত মোদীয়ে প্ৰায় ১১৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বালাংগীৰ-বিচ্চুপলী ৰে পথৰ উদ্বোধন কৰে৷

 

ওড়িশাবাসীক তেওঁ দিয়া প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনি সপ্তাহত এয়া তেওঁ তৃতীয় ওড়িশা ভ্ৰমণ৷ বালাংগীৰ ৰেলৱে য়াৰ্ডত সমবেত লোকক উদ্দেশ্যি তেওঁ কয়, চৰকাৰে ওড়িশা আৰু পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰতি ধাৰাবাহিকভাৱে প্ৰচেষ্টা হাতত লৈ আহিছে৷ বালাংগীৰত এলানি উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণিও এই পদক্ষেপসমূহৰে অংশবিশেষ৷

 

প্ৰধানমন্ত্ৰী মোদীয়ে নাগাভালি নদীৰ ওপৰত নির্মিত এখন দলং, বৰপালি-দুংগাৰীপালি আৰু বালাংগীৰ-দেওগাঁৰ মাজত ৰেলপথৰ দ্বৈত লাইন, ঝাৰছুগুড়া-ভিজিলাগ্রাম আৰু সম্বলপুৰ-আংগুল ৰেলপথৰ ৮১৩ কিলোমিটাৰ অংশত বিদ্যুতিকীকৰণ প্ৰকল্প দেশবাসীৰ উদ্দেশ্যে উৎচর্গা কৰে৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে ওড়িশাৰ সোনপুৰত আনুমানিক ১৫.৮১ কোটি টকা ব্যয়সাপেক্ষ এখন কেন্দ্রীয় বিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে৷ যোগাযোগ আৰু শিক্ষাৰ গুৰুত্ব সন্দৰ্ভত প্ৰধানমন্ত্রীয়ে কয়, শিক্ষাই মানৱসম্পদৰ বিকাশত সহায় কৰে৷ কিন্তু যোগাযোগে এই ধৰণৰ সম্পদক সুযোগলৈ ৰূপান্তৰিত কৰে৷ ৬টা ৰে প্ৰকল্পৰ উদ্বোধন যোগাযোগ ব্যৱস্থাৰ গঢ়ি তোলাৰ ক্ষেত্রত এক ডাঙৰ প্ৰয়াস৷ মানুহৰ চাল-চলন, উদ্যোগসমূহে খনিজ সম্পদ আহৰণৰ লগতে কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়াত সহায় কৰি ওড়িশাৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিব৷

 

আমাৰ সংস্কৃতি আৰু ঐতিহ্য ধৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই যোগাযোগে সাংস্কৃতিক যোগাযোগক শক্তিশালী কৰিব আৰু ৰাজ্যখনত পর্যটনৰ সা-সুবিধা আৰি বৃদ্ধি কৰিব৷ এই প্ৰসংগত তেওঁ গান্ধহাৰাদিত নীলমাধৱ আৰু সিদ্ধেশ্বৰ মন্দিৰ দুটাৰ সংস্কাৰ আৰু নবীকৰণৰ কাম আৰম্ভ হোৱাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে বালাংগীৰ আৰু কালাহান্দিত ক্ৰমে ৰাণীপুৰ ঝৰিয়াল গোষ্ঠীৰ প্ৰত্নতান্ত্ৰিক স্মৃতিসৌধ আৰু অসুৰগড় দূৰ্গৰ সংস্কাৰৰ কামৰো শুভাৰম্ভ কৰে৷

*****

AKT/VJ/SKS/DB



(Release ID: 1560257) Visitor Counter : 49