প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আগ্ৰাত উন্নত আৰু নিশ্চিত খোৱা পানী যোগানৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি গংগাজল প্ৰকল্প আগ্ৰাক পৰ্যটন অনুকূল স্মাৰ্ট চিটীলৈ পৰ্যবসিত-আগ্ৰা স্মাৰ্ট চিটীৰ বাবে ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ নিৰ্মাণ আগ্ৰাৰ এছএন চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ আধাৰশিলা স্থাপন পঞ্চধাৰা- ৰাষ্ট্ৰ উন্নতিৰ বাবে বিকাশৰ পাঁচটা মূলমন্ত্ৰঃ প্ৰধানমন্ত্ৰী আগ্ৰাৰ বাবে ২৯০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প মুকলি

Posted On: 09 JAN 2019 4:00PM by PIB Guwahati

আগ্ৰাৰ বিকাশ আৰু পৰ্যটন আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগ্ৰা চহৰ তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহক সামৰি ২৯০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্প মুকলি কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ বুলি গংগাজল প্ৰকল্প উচৰ্গা কৰে যিয়ে আগ্ৰাত উন্নত তথা নিশ্চিত খোৱা পানীৰ যোগান ধৰিব৷ এই প্ৰকল্পৰ আনুমানিক ব্যয় ২৮৮০ কোটি টকা ধাৰ্য কৰা হৈছে৷ গংগাজল প্ৰকল্পই আগ্ৰালৈ গংগাৰ ১৪০ কিউছেক হিচাপত পানী যোগান ধৰিব৷ ইয়াৰ দ্বাৰা চহৰখনৰ পানীৰ চাহিদা পূৰণ হব৷

প্ৰধানমন্ত্ৰীয়ে আগ্ৰা স্মাৰ্ট চিটীৰ বাবে ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পত চহৰখনৰ সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থাৰ উন্নীতকৰণ কৰাৰ বাবে চিচিটিভি স্থাপন কৰা হব৷ ২৮৫ কোটি টকাৰ এই প্ৰকল্পটোৰ জৰিয়তে আগ্ৰা এক আধুনিক স্মাৰ্ট চিটীলৈ পৰ্যবসিত হোৱাৰ লগতে পৰ্যটকৰ বাবে আকৰ্ষণৰস্থলীও হৈ পৰিব৷

আজি আগ্ৰাৰ কোঠী মীনা বাজাৰত এক ৰেলীত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘গংগাজল প্ৰকল্প, চিচিটিভি কেমেৰা আদিৰ সুবিধাৰ জৰিয়তে আমি আগ্ৰাক স্মাৰ্ট চিটীলৈ ৰূপান্তৰিত কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ৷’’ এই সুবিধাসমূহৰ দ্বাৰা পৰ্যটকো আকৰ্ষিত হব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

আয়ুস্মান ভাৰত যোজনাৰ অধীনত প্ৰধানমন্ত্ৰীয়ে আগ্ৰাত এছএন চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ দ্বাৰা মহিলাৰ চিকিৎসালয়খনত প্ৰসূতিৰ বাবে ১০০খন বিচনাৰ সুবিধা উপলব্ধ হব৷ ২০০ কোটি টকীয়া এই প্ৰকল্পটোৰ জৰিয়তে সমাজৰ আৰ্থিকভাৱে দুৰ্বল অংশ উপকৃত হব৷ প্ৰধানমন্ত্ৰীয়ে আয়ুস্মান ভাৰত যোজনাক প্ৰশংসা কৰি কয় যে এই আঁচনিৰ অধীনত ১০০ দিনৰ ভিতৰত ৭ লাখতকৈও অধিক লোক উপকৃত হৈছে৷

সাধাৰণ শ্ৰেণীৰ দুখীয়া লোকৰ বাবে ১০%ৰ আৰক্ষণক প্ৰধানমন্ত্ৰীয়ে উপযুক্ত দিশত খোজ পেলোৱা বুলি অভিহিত কৰে৷ তেওঁ স্পষ্ট কৰি দিয়ে যে চৰকাৰে শিক্ষা প্ৰতিষ্ঠানসমূহত অধিক সংখ্যক আসনৰ ব্যৱস্থা কৰিব যাতে অন্য শ্ৰেণীৰ শিক্ষাৰ্থীসকল প্ৰভাৱিত নহয়৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমি উচ্চ শিক্ষা, প্ৰযুক্তিগত আৰু প্ৰফেচনেল প্ৰতিষ্ঠানসমূহত শিক্ষাৰ সুবিধা প্ৰদান কৰাৰ লগতে সাধাৰণ শ্ৰেণীৰ দুখীয়া লোকসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ তাৰোপৰি আমি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত ১০%কৈ আসনো বৃদ্ধি কৰিছোঁ৷ আনৰ অধিকাৰ খৰ্ব কৰা আমাৰ তেনে কোনো ব্যৱস্থা নাই৷’’

তেওঁ কয়, ‘‘আপোনালোকে দুৰ্নীতিৰ বিৰুদ্ধে চাৰে চাৰি বছৰ আগেয়ে মোক প্ৰদান কৰা বাক্যত মই এতিয়াও অটল হৈ আছোঁ৷ এই কাৰণেই কিছুমান লোকে এই চকীদাৰৰ বিৰুদ্ধে উঠি-পৰি লাগিছে৷’’ তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰৰ উন্নতিৰ বাবে বিকাশৰ পাঁচটা মূলমন্ত্ৰ- পঞ্চধাৰাৰ বিষয়ে উল্লেখ কৰে৷ এই পঞ্চধাৰাত আছে শিশুৰ শিক্ষা, কৃষকৰ বাবে জলসিঞ্চন, যুৱ প্ৰজন্মৰ বাবে জীৱিকা, বৃদ্ধৰ বাবে ঔষধ আৰু সকলোৰে বাবে অভিযোগ খণ্ডন৷

প্ৰধানমন্ত্ৰীয়ে আগ্ৰাৰ পশ্চিম অঞ্চলত অমৃত অভিযানৰ অধীনত নৰ্দমা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পই প্ৰায় ৫০০০০ গৃহৰ অনাময় সুবিধা উন্নত কৰিব৷  

 

*****

AKT/AK/VJ/MANN



(Release ID: 1559762) Visitor Counter : 48