প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৫ জানুৱাৰী, ২০১৯ত ঝাৰখণ্ড আৰু ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 JAN 2019 6:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰী, ২০১৯ত ঝাৰখণ্ড আৰু ওড়িশা ভ্ৰমণ কৰিব৷

ঝাৰখণ্ডত প্ৰধানমন্ত্ৰীয়ে নৰ্থ কোৱেল(মণ্ডল ডাম) প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণ আৰু কানহাৰ ষ্টন পাইপলাইন জলসিঞ্চনৰ ব্যৱস্থাৰ আধাৰশিলা স্থাপন উপলক্ষে নামফলক উন্মোচন কৰিব৷ তেওঁ ভিডিঅকনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ২৫,০০০ হিতাধিকাৰীৰ সামূহিক ই-গৃহপ্ৰৱেশৰ শুভাৰম্ভ কৰিব৷ এক ৰাজহুৱা সভাতো ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে৷

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী ওড়িশালৈ যাব৷ বৰীপাড়াত তেওঁ আইঅচিএলৰ এলপিজি পাইপলাইন প্ৰকল্পৰ বালাছৰ-হালদিয়া-দুৰ্গাপুৰ অংশ আৰু বালাছৰ মাল্টিমডেল লজিষ্টিক পাৰ্ক দেশবাসীৰ নামত উচৰ্গা কৰিব৷

প্ৰধানমন্ত্ৰীয়ে হৰিপুৰগড়ৰ প্ৰাচীন দুৰ্গত ৰছিতা ৰায় মন্দিৰৰ উন্নয়ন তথা সংৰক্ষণমূলক কাম-কাজৰ শুভাৰম্ভ উপলক্ষে নামফলক উন্মোচন কৰিব৷ তেওঁ একাধিক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ফৰলেন আধাৰশিলা আৰু ৬টা পাছপৰ্ট সেৱা কেন্দ্ৰ উদ্বোধন কৰিব৷ তেওঁ টাটানগৰৰ পৰা বাদামপাহাৰৰ মাজত চলিবলগীয়া দ্বিতীয়খন যাত্ৰীবাহী ৰেলৰো ফ্লেগ অফ কৰিব৷

বৰীপাড়াতো এখন সভাত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে৷

*****

AKT/KP/SBP/DB



(Release ID: 1559750) Visitor Counter : 47


Read this release in: English , Gujarati , Tamil , Kannada