কেবিনেট

কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰীৰ সকলৰ বাবে স্ব-বিত্তায়ন গৃহ আঁচনিৰ অধীনত ৩৯৩০টা আবণ্টিত গৃহৰ বাবে এপাৰ্টমেণ্ট নিৰ্মাণ কৰিবলৈ চণ্ডীগড় গৃহ নিৰ্মাণ পৰিষদক ভূমি আবণ্টনত কেবিনেটৰ অনুমোদন

Posted On: 02 JAN 2019 5:56PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰীৰ সকলৰ বাবে স্ব-বিত্তায়ন গৃহ আঁচনিৰ অধীনত ৩৯৩০টা আবণ্টিত গৃহৰ বাবে এপাৰ্টমেণ্ট নিৰ্মাণ কৰিবলৈ চণ্ডীগড় গৃহ নিৰ্মাণ পৰিষদক ভূমি আবণ্টনত অনুমোদন জনোৱা হয়৷

 

চণ্ডীগড় প্ৰশাসনৰ কর্মচাৰীসকলৰ বাবে স্ব-বিত্তায়ন গৃহ নির্মাণ প্ৰকল্পশীৰ্ষত এক আঁচনি স্থানীয় প্ৰশাসনে অনুমোদন জনায়৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয়শাসিত অঞ্চলৰ কৰ্মচাৰীসকলৰ বাবে ৩৯৩০টা এপাৰ্টমেণ্ট নির্মাণ কৰিব পৰাকৈ ৭৩. একৰ ভূমি নির্দিষ্ট কৰা হয়। এই ৭৩. একৰ ভূমিৰ ভিতৰত ১১. একৰ ভূমি ইতিমধ্যে চণ্ডীগড় গৃহ নিৰ্মাণ পৰিষদৰ অধীনলৈ আহিছে৷ কেবিনেটত উত্থাপিত প্ৰস্তাৱ মৰ্মে বাকী ৬১. একৰ চৰকাৰী ভূমি চণ্ডীগড় গৃহ নিৰ্মাণ পৰিষদক দিয়া ব৷

 

এই গৃহ নিৰ্মাণ আঁচনি ৰূপায়ণৰ বাবে চণ্ডীগড় গৃহ নিৰ্মাণ পৰিষদক সমন্বয়ৰক্ষী এজেন্সিৰ দায়িত্ব অৰ্পন কৰা হৈছে। চণ্ডীগড় প্ৰশাসনৰ কৰ্মচাৰীসকলৰ গৃহ নির্মাণৰ বাবে ৯৯ বছৰৰ লিজৰ ভিত্তিত সেই ভূমি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে। এই আঁচনি ৰূপায়ণ হলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ব্যাপক কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাব৷ এই আঁচনিৰ অধীনত কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৮১১গৰাকী কৰ্মচাৰীয়ে আবেদন কৰিছিল যদিও পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত ইয়াৰে ৩৯৩০গৰাকীকহে উপযুক্ত বুলি বিবেচিত কৰা হয়৷

****

AKT/SH/DB



(Release ID: 1558378) Visitor Counter : 90