প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গাজিপুৰত প্ৰধানমন্ত্ৰী মহাৰাজা সুহেলদেৱৰ স্মৃতিত ডাক-টিকট মুকলি গাজিপুৰত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

Posted On: 29 DEC 2018 2:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গাজিপুৰ ভ্ৰমণ কৰে৷ তেওঁ মহাৰাজা সুহেলদেৱৰ স্মৃতিত ডাক-টিকট মুকলি কৰে৷ তাৰোপৰি তেওঁ গাজিপুৰত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি মুকলি হোৱা প্ৰকল্পৰ জৰিয়তে সমগ্ৰ পূৰ্বাঞ্চল চিকিৎসাৰ কেন্দ্ৰ হৈ পৰিব তথা কৃষি গৱেষণাৰ বাবে উত্তম স্থান হিচাপে বিবেচিত হব৷

প্ৰধানমন্ত্ৰীয়ে মহাৰাজা সুহেলদেৱক এজন সাহসী যোদ্ধা হিচাপে অভিহিত কৰি তেওঁ জনতাক উদ্বুদ্ধ কৰিব পাৰিছিল বুলি মন্তব্য কৰে৷ তেওঁ মহাৰাজা সুহেলদেৱৰ সমৰকলা আৰু কৌশলভিত্তিক শক্তি তথা প্ৰশাসনিক দক্ষতাৰ বিষয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকল ব্যক্তিয়ে ভাৰতৰ শক্তি আৰু সুৰক্ষাৰ প্ৰতি অৰিহণা আগবঢ়াইছে তেওঁলোকৰ স্মৃতি সংৰক্ষণ কৰি ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ চৰকাৰ জনতাৰ চৰকাৰ৷ তেওঁ কয় যে এই আঁচনিসমূহে প্ৰত্যেকজন লোকৰ জীৱনৰ সন্মানৰ নিশ্চিতি প্ৰদান কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আধাৰশিলা স্থাপন কৰা চিকিৎসা মহাবিদ্যালয়খনৰ দ্বাৰা অঞ্চলটোৰ লোকে আধুনিক চিকিৎসাৰ সুবিধা পাবলৈ সক্ষম হব৷ তেওঁ কয় যে অঞ্চলটোৰ দীৰ্ঘদিনীয়া চাহিদা অতি শীঘ্ৰেই বাস্তৱায়িত হব৷ এই সন্দৰ্ভত তেওঁ গোৰখপুৰ আৰু বাৰাণসীত নিৰ্মিত হবলগীয়া চিকিৎসালয়কেইখনৰ বিষয়েও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ স্বাস্থ্য খণ্ডই কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব লাভ কৰিছে৷ তেওঁ আয়ুষ্মান ভাৰত যোজনা তথা ৰোগীক আগবঢ়োৱা চিকিৎসাৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে কেৱল ১০০ দিনতে ৬ লাখ লোক প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দ্বাৰা উপকৃত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ অন্য বীমা যোজনাসমূহ যেনে জীৱন জ্যোতি অথবা সুৰক্ষা বীমা যোজনাৰ বিষয়ে উল্লেখ কৰি কয় যে দেশৰ প্ৰায় ২০ কোটি লোকে এই আঁচনিসমূহত যোগদান কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত কৃষিৰ সৈতে জড়িত বিভিন্ন আঁচনিৰ বিষয়েও উল্লেখ কৰে৷ এই আঁচনিসমূহত বাৰাণাসীত চাউল গৱেষণা কেন্দ্ৰ, বাৰাণসী আৰু গাজিপুৰৰ কাৰ্গকেন্দ্ৰ, গোৰখপুৰৰ সাৰ কাৰখানা আৰু বানসাগৰ জলসিঞ্চন প্ৰকল্প অন্তৰ্ভুক্ত আছে৷ তেওঁ কয় যে উক্ত পদক্ষেপসমূহৰ দ্বাৰা কৃষকসকল উপকৃত হোৱাৰ লগতে তেওঁলোকৰ উপাৰ্জনো বৃদ্ধি হব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজনৈতিক লাভালাভৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে দেশৰ সমস্যা লাঘৱ নকৰে৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ২২ বিধ শস্যৰ বাবে ব্যয়ৰ ১.৫ গুণ এমএছপি ধাৰ্য কৰিছে৷ কৃষি ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে তেওঁ উল্লেখ কৰে৷

যোগাযোগ উত্তৰণ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ কাম পূৰ্ণ গতিত চলিব ধৰিছে৷ তেওঁ তাৰিঘাট-গাজিপুৰ-মৌ দলঙৰ কথাও উল্লেখ কৰে৷ তেওঁ কয় যে শেহতীয়াকৈ বাৰাণসী আৰু কলকাতাৰ মাজত আৰম্ভ হোৱা জল পৰিবহণে গাজিপুৰকো উপকৃত কৰিব৷ তেওঁ কয় যে এই প্ৰকল্পসমূহে অঞ্চলটোক বাণিজ্যিকভাৱেও লাভান্বিত কৰিব৷

 

*****

AKT/SH/MANN



(Release ID: 1558348) Visitor Counter : 148