প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভূটানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতিৰ অসমীয়া অনুবাদ

Posted On: 28 DEC 2018 1:39PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী ডাঃ লোটে শ্বেৰিং

ভূটানৰ পৰা ইয়ালৈ বিশিষ্ট অতিথিগণ,

বন্ধুসকল,

এই বৰ্ষটো ভাৰত আৰু ভূটানৰ ৰাজনৈতিক সম্বন্ধৰ স্বৰ্ণ জয়ন্তীৰ বৰ্ষ৷ এই ঐতিহাসিক শুভ মুহূৰ্তত প্ৰধানমন্ত্ৰী ডাঃ লোটেক ভাৰতত স্বাগতম জনাবলৈ পাই মই অতিশয় সুখী অনুভৱ কৰিছোঁ৷ ভূটানত এই বৰ্ষত তৃতীয় সাধাৰণ নিৰ্বাচনৰ সফল সঞ্চালনৰ বাবে ভূটান চৰকাৰ আৰু ভূটানৰ জনতাক মই হৃদয়েৰে অভিনন্দন জনাইছোঁ৷ এই নিৰ্বাচনৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী ডাঃ লোটেক মোৰ তৰফৰ পৰা অশেষ অভিনন্দন জনালো৷ মোৰ বিশ্বাস যে তেওঁৰ নেতৃত্বত ভূটান সাফল্য আৰু প্ৰগতিৰ পথত অগ্ৰসৰ হব পাৰিব৷

বন্ধুসকল,

প্ৰধানমন্ত্ৰী ডাঃ লোটেয়ে ভূটানৰ বাবে তেওঁৰ “narrowing the gap”  দৃষ্টিভংগীৰ বিষয়ে মোক জানিবলৈ দিছে৷ মই তেওঁৰ দূৰদৃষ্টিক প্ৰশংসা জনাইছোঁ কিয়নো তেওঁৰ এই চিন্তাধাৰা মোৰ সকলোৰে সৈতে, সকলোৰে বিকাশৰ সৈতে সামঞ্জস্য আছে৷ মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আশ্বস্ত প্ৰদান কৰিছোঁ যে ভূটানৰ বিকাশত ভাৰত সদায়েই বিশ্বাসযোগ্য বন্ধু তথা সহযোগীৰ ৰূপত অৱতীৰ্ণ হব৷ ভূটানৰ ১২তম পঞ্চবৰ্ষীয় যোজনাত ভাৰতে চাৰি হাজাৰ পাঁচশ কোটি টকাৰ সাহায্য প্ৰদান কৰিব৷ এই সাহায্যই ভূটানৰ প্ৰাথমিকতা পূৰণ কৰাত সহায় কৰিব৷

বন্ধুসকল,

ভাৰত আৰু ভূটানক সহযোগিতাৰ দীৰ্ঘদিনীয়া ইতিহাসত হাইড্ৰপ্ৰকল্পৰ সহযোগিতা এক গুৰুত্বপূৰ্ণ বিষয়৷ আজি আমি এই গুৰুত্বপূৰ্ণ বিষয়ত সৰ্বেক্ষণ কৰিছোঁ৷ মাগ্ন-দেছু প্ৰকল্পৰ কাম অতি শীঘ্ৰেই সমাপ্ত হোৱাৰ পথত৷ এই প্ৰকল্পৰ টাৰিফ সন্দৰ্ভতো সহমতি প্ৰকাশ কৰা হৈছে৷ অন্য প্ৰকল্পৰো সন্তোষজনক অগ্ৰগতি হৈছে৷ আৰু আমি দুয়ো সকলো প্ৰকল্প আগুৱাই নিব বিচাৰিছোঁ৷ আমাৰ সহযোগিতাত মহাকাশ বিজ্ঞানো অন্তৰ্ভুক্ত আছে৷ মই সন্তোষিত হৈছোঁ যে দক্ষিণ এছিয়ান উপগ্ৰহৰ সুবিধা গ্ৰহণ কৰাৰ বাবে ইছৰৰ দ্বাৰা ভূটানত নিৰ্মিত গ্ৰাউণ্ড ষ্টেচন শীঘ্ৰেই নিৰ্মাণৰ পথত৷ এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ দ্বাৰা ভূটানৰ দুৰ্গম ক্ষেত্ৰসমূহতো জলবায়ুৰ বাতৰি, টেলিমেডিচিন আৰু দুৰ্যোগ প্ৰশমন আদি কামত সহায় লাভ হব৷

বন্ধুসকল,

আজি প্ৰধানমন্ত্ৰী ডাঃ লোটেয়ে মোক এটা সুখবৰ প্ৰদান কৰিছে৷ ভূটান চৰকাৰে শীঘ্ৰেই ৰুপেকাৰ্ড মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সিদ্ধান্তৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ মোৰ বিশ্বাস যে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্বন্ধ শক্তিশালী হব৷

বন্ধুসকল,

আপুনি আপোনাৰ প্ৰথমটো বিদেশ ভ্ৰমণ হিচাপে ভাৰতক নিৰ্বাচিত কৰিছে৷ আৰু চাৰি বছৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ ৰূপ মোৰ বিদেশ যাত্ৰাও ভূটানেই আছিল৷ পৰস্পৰে পৰস্পৰৰ মাজত সম্বন্ধ শক্তিশালী কৰাৰ বাবে, বিকাশৰ প্ৰতিটো পথত থোজত খোজ মিলাই আগবঢ়াৰ বাবে আমাৰ এই সহযোগিতাৰ ই এক প্ৰতীক স্বৰূপ৷ মোৰ বিশ্বাস যে আপোনাৰ এই ভাৰত যাত্ৰাই আমাৰ সম্বন্ধক এক নতুন গতি প্ৰদান কৰিব৷ ইয়াৰ সৈতে মই পুনৰ বাবে ভাৰতত আপোনাক তথা আপোনাৰ প্ৰতিনিধিবৰ্গক স্বাগতম জনাইছোঁ৷

ধন্যবাদ৷

তাশী দেলেগ

 

*****

एकेटी/एसएच/एसबीपी/MANN



(Release ID: 1558345) Visitor Counter : 59