কেবিনেট

বৰ্হি মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত আৰু মৰক্কোৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 06 DEC 2018 9:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত বৰ্হি মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত আৰু মৰক্কোৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি সম্পৰ্কে অৱগত কৰা হয়৷ ২০১৮ৰ ২৫ ছেপ্টেম্বৰত নতুন দিল্লীত এই চুক্তি স্বাক্ষৰ কৰা হয়৷

মুল বৈশিষ্ট্যসমূহঃ

  • এই চুক্তিয়ে উভয় দেশে পাৰস্পৰিক স্বাৰ্থজড়িত মহাকাশ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু এপ্লিকেশ্যনছকে ধৰি পৃথিৱীৰ ৰিম ছেনছিং; উপগ্ৰহ যোগাযোগ আৰু উপগ্ৰহভিত্তিক নেভিগেছন; মহাকাশ বিজ্ঞান আৰু গ্ৰহ-নক্ষত্ৰৰ অনুসন্ধান মহাকাশযান আৰু মহাকাশ পদ্ধতি তথা গ্ৰাউণ্ড ব্যৱস্থা আৰু মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ ইত্যাদি দিশত সহযোগিতা আগবঢ়াব; আৰু
  • এই বুজাবুজি চুক্তিৰ অধীনত ডিঅএছ/ইছৰো আৰু ৰয়েল চেণ্টাৰ ফৰ ৰিম ছেনছিং(চিআিটিএছ) আৰু ৰয়েল চেণ্টাৰ ফৰ স্পেছ ৰিছাৰ্চ এণ্ড ষ্টাডিছ(চিআৰইটিএছ) সদস্যবৃন্দক লৈ যৌথ কৰ্মীগোট গঠন কৰা , যিসকলে নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত কাৰ্যপৰিকল্পনাকে ধৰি বুজাবুজি চুক্তিৰ আওতাৰ অধীনৰ বিষয়বোৰ কাৰ্যকৰী কৰিব৷

উল্লেখ্য যে মৰক্কোৱে ১৯৯০ চনৰ প্ৰথমভাগৰ পৰাই ভাৰতৰ সৈতে মহাকাশৰ কাম-কাজ সহযোগিতাৰে কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰি আহিছে৷ সেই হিচাপে এনে চুক্তিৰ খচৰা সেই সময়তে প্ৰস্তুত কৰা হৈছিল, যদিও দেশখনৰ ভিভিআইপিয়ে ভাৰত ভ্ৰমণ বাতিল কৰাত চুক্তি স্বাক্ষৰ কৰা নহল৷

শেহতীয়াভাৱে ২০১৮ৰ ২৫ ছেপ্টেম্বৰত মৰক্কোৰ প্ৰতিৰক্ষা প্ৰশাসন বিভাগৰ মন্ত্ৰীৰ ভাৰত ভ্ৰমণ কালত এই চুক্তিখন স্বাক্ষৰ কৰা হয়৷

******

AKT/SH/DB



(Release ID: 1557332) Visitor Counter : 87