প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাছিয়া-ভাৰত-চীন ত্ৰিপাক্ষিক বৈঠক

Posted On: 30 NOV 2018 11:50PM by PIB Guwahati

বুয়েনছ এয়াৰছত আজি প্ৰধানমন্ত্ৰী মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়৷

তিনিওগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত মত প্ৰকাশ কৰাৰ লগতে তিনিওখন দেশৰ মাজত ব্যাপক বাৰ্তালাপৰ প্ৰতি উৎসাহ যোগায়৷ তেওঁলোকে ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংস্থা আৰু সু-প্ৰতিষ্ঠিত সকলো নতুন বিশ্বস্তৰীয় বিত্তীয় প্ৰতিষ্ঠান, যিবোৰৰ দ্বাৰা সমগ্ৰ বিশ্বই উপকৃত হয়, তেনে বহুপাক্ষিক প্ৰতিষ্ঠানৰ সংস্কাৰ আৰু শক্তিশালীকৰণত গুৰুত্ব আৰোপ কৰে৷ তেওঁলোকে বিশ্বস্তৰীয় বিকাশ আৰু সমৃদ্ধিৰ বাবে এক বহুপাক্ষিক বাণিজ্য পদ্ধতি তথা এক মুক্ত বিশ্ব অৰ্থনীতিৰ উপকাৰিতাৰ সন্দৰ্ভতো আলোকপাত কৰে৷

তিনিওগৰাকী নেতাই নিয়মীয়াকৈ আলোচনাৰ মাধ্যমেৰে সকলো পৰ্যায়ত যুটীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক শান্তি আৰু সুস্থিৰতা ৰক্ষা তথা ব্ৰিকছ, এছচিঅ আৰু ইএএছ ব্যৱস্থা জৰিয়তে সহযোগিতা শক্তিশালী কৰাত সহমত প্ৰকাশ কৰে, যাতে বিশ্বক প্ৰত্যাহ্বান জনোৱা বিষয়, যেনে-সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰা আৰু সকলো দিশত শান্তিপূৰ্ণ সমাধানৰ প্ৰতিও উৎসাহ যোগায়৷

তিনিওগৰাকী নেতাই ৰিক শৈলীত সহযোগিতাৰ গুৰুত্বক স্বীকাৰ কৰাৰ লগতে বিভিন্ন দিশত এনে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাত সহমত প্ৰকাশ কৰে৷

 

***

AKT/SH/DB



(Release ID: 1554513) Visitor Counter : 124