কেবিনেট

ৰসায়ন আৰু সাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনন্থকুমাৰৰ দেহাৱসানত কেবিনেটৰ শোক প্ৰকাশ

Posted On: 13 NOV 2018 11:02AM by PIB Guwahati

ৰসায়ন আৰু সাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনন্থকুমাৰৰ ১২ নৱেম্বৰ ২০১৮ তাৰিখে বেংগালুৰুত নিশা ১.৫০ত দেহাৱসান ঘটে৷ মন্ত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত কেন্দ্ৰীয় কেবিনেটে গভীৰ শোক প্ৰকাশ কৰিছে৷ তেওঁৰ মৃত্যুত দেশে এজন অভিজ্ঞ নেতা হেৰুৱালে বুলি কেবিনেটৰ সভাত প্ৰকাশ কৰা হয়৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেবিনেট মণ্ডলীয়ে চৰকাৰ তথা সমগ্ৰ দেশৰ হৈ মৃতকৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে৷

এই উপলক্ষে কেবিনেটে দুই মিনিটৰ মৌন ব্ৰত পালন কৰে আৰু শোক বাৰ্তা পাঠ কৰে৷ শোক বাৰ্তাত উল্লিখিত বাৰ্তাটো তলত দিয়া ধৰণেঃ

‘‘শ্ৰী অনন্থকুমাৰৰ বেংগালুৰুত ১৯৫৯ চনত ২২ জুলাইৰ দিনা জন্ম হৈছিল৷ তেওঁ কৰ্ণাটক বিশ্ববিদ্যালৰ পৰা ইংৰাজী সাহিত্য বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু জেএছএছ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল৷

শ্ৰী অনন্থকুমাৰে তেওঁৰ ৰাজহুৱা জীৱন এজন সক্ৰিয় ছাত্ৰকৰ্মী হিচাপে আৰম্ভ কৰিছিল৷ পৰৱৰ্তী পৰ্যায়ত তেওঁ বিজেপিত যোগদান কৰিছিল আৰু দলটোৰ কৰ্ণাটক শাখাৰ সাংগাঠনিক সম্পাদক হৈছিল৷ ইয়াৰ পিছত তেওঁ কৰ্ণাটকৰ দলীয় সভাপতি হিচাপে নিৰ্বাচিত হয়৷ তেওঁৰ নেতৃত্বত দলটোৱে কৰ্ণাটকত ক্ৰমে প্ৰসাৰিত হয় আৰু নিজৰ চৰকাৰ গঠন কৰে৷ তেওঁ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ পদত আসীন হোৱাৰ পিছত ইয়াৰ সংসদীয় বৰ্ডৰ সদস্য হিচাপে নিৰ্বাচিত হয়৷ তেওঁ দলৰ মুখ্য নীতি নিৰ্ধাৰণকাৰীসকলৰ ভিতৰত এজন অন্যতম ব্যক্তি আছিল৷

১৯৬৬ চনত তেওঁ দক্ষিণ বেংগালুৰুৰ পৰা প্ৰথমবাৰলৈ লোকসভালৈ নিৰ্বাচিত হয়৷ ১৯৯৮ চনত তেওঁৰ পৰৱৰ্তী সংসদীয় কাৰ্যকালত বাজপেয়ী কেবিনেটত সকলোতকৈ কম বয়সীয়া মন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু তেওঁক অসামৰিক বিমান পৰিবহণ বিভাগৰ দায়িত্ব ন্যস্ত কৰা হয়৷ তেওঁ একেৰাহে ষষ্ঠবাৰলৈ দক্ষিণ বেংগালুৰু লোকসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল৷

তেওঁৰ ৰাজনৈতিক জীৱনত প্ৰথমে তেওঁ পৰ্যটন; সাংস্কৃতিক, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া; নগৰ উন্নয়ন আৰু দাৰিদ্ৰ নিবাৰণ; গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ বিভিন্ন সংসদীয় সমিতিৰ অধ্যক্ষ তথা সদস্যও আছিল৷

শ্ৰী অনন্থকুমাৰ এজন সক্ৰিয় সমাজকৰ্মী আছিল আৰু নিজৰ এনজিঅৰ জৰিয়তে বিভিন্ন সামাজিক প্ৰকল্প যেনে বিদ্যালয় শিক্ষাৰ্থীক মধ্যাহ্ন ভোজন আৰু চৰকাৰী সাহায্য প্ৰদান, বেংগালুৰুৰ বস্তি অঞ্চলত অৱস্থিত বিদ্যালয়সমূহলৈ ভ্ৰাম্যমান শিক্ষা-সঁজুলি প্ৰদান, চৰকাৰী বিদ্যালয়সমূহত খোৱা পানীৰ যোগান আৰু অন্যান্য কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰণয়ন আদি কৰ্মত জড়িত আছিল৷ তাৰোপৰি তেওঁ গ্ৰীণ বেংগালুৰু ১:১ শীৰ্ষক এক আঁচনিও প্ৰৱৰ্তন কৰিছিল যত বেংগালুৰুক সেউজীয়া কৰি ৰখাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ এই পদক্ষেপত নিয়মীয়া বৃক্ষপুলি ৰোপণ আৰু ইয়াৰ পৰিচৰ্যা আদি কামসমূহো অন্তৰ্ভুক্ত আছিল৷

কেবিনেটে শ্ৰী অনন্থকুমাৰৰ ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অৱদানক প্ৰশংসা কৰিছে৷ কেবিনেটে তেওঁৰ মৃত্যুত গভীৰ শোকো প্ৰকাশ কৰিছে৷ তেওঁৰ আকস্মিক মৃত্যুত দেশে এজন অভিজ্ঞ নেতা হেৰুৱালে৷ সমগ্ৰ ৰাষ্ট্ৰৰ হৈ কেবিনেটে তেওঁৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে৷’’

*****

AKT/SH/MANN



(Release ID: 1553819) Visitor Counter : 87