বিত্ত মন্ত্ৰালয়
কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী অৰুণ জেটলীয়ে লিখা প্ৰৱন্ধ ‘‘বিমূদ্ৰাকৰণৰ প্ৰভাৱ’’ৰ লিখিত ৰূপ
পোষ্ট কৰা হৈছে:
08 NOV 2018 12:19PM by PIB Guwahati
তলত কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী অৰুণ জেটলীয়ে বিমূদ্ৰাকৰণৰ দুবছৰীয়া সমাপ্তি উপলক্ষে লিখা প্ৰৱন্ধ ‘‘বিমূদ্ৰাকৰণৰ প্ৰভাৱ’’ৰ লিখিত ৰূপ প্ৰদান কৰা হৈছেঃ
আজি আমি বিমুদ্ৰাকৰণৰ দুবছৰ সম্পূৰ্ণ কৰিলো৷
বিমুদ্ৰাকৰণ হ’লঅৰ্থনীতি সংশোধনৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত এটা অন্যতম সিদ্ধান্ত৷
চৰকাৰে সৰ্বপ্ৰথমে ভাৰতৰ বাহিৰত থকা ক’লা ধনক লক্ষ্য কৰিছিল৷ ক’লা ধনৰ গৰাকীসকলক তেওঁলোকৰ সম্পত্তি দেশলৈ ঘূৰাই আনি কৰ পৰিশোধৰ বাবে আহ্বান কৰা হৈছিল৷ যিসকলে এই কাৰ্য সম্পাদন কৰাত ব্যৰ্থ হৈছিল তেওঁলোকৰ ওপৰত ক’লা ধন আইনৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷ দেশৰ বাহিৰত জমা থকা সম্পত্তিসমূহৰ যিবোৰ তথ্য চৰকাৰে পাইছিল, সেই আইনভংগকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷
প্ৰত্যক্ষ আৰু পৰোক্ষ কৰৰ বাবে ৰিটাৰ্ণ আৰু ফাইলিঙৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে৷
দেশৰ দুৰ্বল অংশই যাতে আনুষ্ঠানিক অৰ্থনীতিৰ অংশীদাৰ হ’ব পাৰে সেই নিশ্চয়তা প্ৰদানৰ বাবে বিত্তীয় সমাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷ জন ধন একাউণ্টৰ জৰিয়তে বুজন সংখ্যক জনসাধাৰণক বেংকিং ব্যৱস্থাৰ আওতালৈ অনা হৈছিল৷ আধাৰ আইনৰ জৰিয়তে চৰকাৰ সমৰ্থিত আঁচনিসমূহৰ ধন যাতে প্ৰত্যক্ষভাৱে হিতাধিকাৰীয়ে লাভ কৰে সেয়া নিশ্চিত কৰা হৈছিল৷ তাৰোপৰি জিএছটিৰ জৰিয়তে পৰোক্ষ কৰৰ ব্যৱস্থা সৰলীকৰণ কৰা হৈছিল৷ এতিয়া কৰ ব্যৱস্থাৰ পৰা অপসাৰণ ক্ৰমান্বয়ে কঠিন হৈ পৰিছে৷
নগদ ধনৰ ভূমিকা
ভাৰত এখন নগদ ধনৰ প্ৰভূত্বৰ দ্বাৰা চালিত অৰ্থনীতিৰ দেশ৷ লেনদেনসমূহত নগদ ধনৰ ব্যৱহাৰ সৰ্বাধিক হয়৷ ই বেংকিং ব্যৱস্থাক অতিক্ৰমি কৰ ফাঁকি দিয়া পৰিবেশৰ সৃষ্টি কৰে৷ বিমুদ্ৰাকৰণৰ ফলত সেই নগদসমূহ বেংকত জমা হ’ল৷ জমা কৰা নগদ ধনৰ ব্যাপকতা আৰু গৰাকীৰ সৈতে চিনাক্ত কৰাৰ পৰিণামস্বৰূপে সন্দেহযুক্ত ১৭.৪২ লাখটা একাউণ্ট চিনাক্ত হ’ল যি নন-ইনভেচিভ ব্যৱস্থাৰে অনলাইনযোগে প্ৰাপ্ত কৰা হ’ল৷ আইনভংগকাৰীসকলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ’ল৷ বৃহৎসংখ্যক ধন জমা হোৱাৰ ফলত বেংকৰ ঋণ ক্ষমতাও বৃদ্ধি হ’ল৷ বহু ধন মিউচুৱেল ফাণ্ড আৰু অন্য বিনিয়োগসমূহলৈ আৱণ্টন কৰা হ’ল৷ ই আনুষ্ঠানিক ব্যৱস্থাৰ অংশ হৈ পৰিল৷
ভ্ৰান্ত তৰ্ক
বিমুদ্ৰাকৰণ সম্পৰ্কে এক ভ্ৰান্ত তৰ্কৰ অৱতাৰণা হ’ল যে সমগ্ৰ নগদ ধন বেংকত জমা হ’ল৷ মুদ্ৰাৰ বাজেয়াপ্তকৰণ এই বিমুদ্ৰাকৰণৰ উদ্দেশ্য নাছিল৷ ইয়াক আনুষ্ঠানিক অৰ্থনীতিৰ আওতালৈ আনি ধনৰ গৰাকীসকলক কৰ প্ৰদান কৰিবলৈ আহ্বান কৰাই আছিল ইয়াৰ প্ৰধান উদ্দেশ্য৷ ভাৰতক নগদ ধনৰ লেনদেনৰ পৰা ডিজিটেল লেনদেনলৈ পৰিৱৰ্তন কৰাৰ বাবে প্ৰণালীটোক এটা জোঁকাৰণিৰ আৱশ্যক হৈছিল৷ ইয়াৰ দ্বাৰা অৱশ্যেই উচ্চ কৰ ৰাজহ আৰু উচ্চ কৰ ব্যৱস্থাত প্ৰভাৱ পৰিছিল৷
ডিজিটাইজেছনৰ প্ৰভাৱ
২০১৬ চনত দুটা ম’বাইল হেণ্ডছেটৰ মাজত বাস্তৱিকতে ধন লেনদেনৰ বাবে ইউনিফাইড পে’মেণ্ট ইণ্টাৰফে’চ (ইউপিআই)ৰ মুকলি কৰা হৈছিল৷ এই লেনদেন ২০১৬ চনৰ অক্টোবৰ মাহৰ ০.৫ বিলিয়নৰ পৰা বৃদ্ধি হৈ ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ৫৯৮ বিলিয়ন হৈছেগৈ৷ এনপিচিআইৰ দ্বাৰা নিৰ্মিত ভাৰত ইণ্টাৰফে’চ ফ’ৰ মানী (ভীম) এপ ইউপিআইৰ জৰিয়তে তাত্ক্ষণিক লেনদেনৰ বাবে ব্যৱহৃত হৈছে৷ বৰ্তমানে ইয়াক ১.২৫ কোটি লোকে ব্যৱহাৰ কৰি আছে৷ ভীম লেনদেনৰ পৰিমাণ ২০১৬ চনৰ ছেপ্টেম্বৰ মাহৰ ০.০২ বিলিয়ন টকাৰ পৰা ২০১৮ চনৰ ছেপ্টেম্বৰ মাহলৈ ৭০.৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে৷ ২০১৭ চনৰ জুন মাহত ইউপিআই লেনদেনত ভীমৰ অংশীদাৰীত্ব হৈছে প্ৰায় ৪৮%৷
ৰুপে’ কাৰ্ড পইণ্ট অব্ ছে’ল (পিঅ’এছ) আৰু ই-কমাৰ্চ দুয়োটাৰ বাবে ব্যৱহৃত হৈছে৷ ইয়াৰ লেনদেন বিমুদ্ৰাকৰণৰ পূৰ্বে ৮ বিলিয়ন টকা আছিল যি ২০১৮ বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৫৭.৩ বিলিয়ন টকালৈ বৃদ্ধি হৈছে আৰু ই-কমাৰ্চ খণ্ডত ৩ বিলিয়নৰ পৰা ২৭ বিলিয়ন টকালৈ বৃদ্ধি হৈছে৷
আজি ভাৰতত ইউপিআই আৰু ৰুপে’ কাৰ্ডৰ জনপ্ৰিয়তাৰ ফলত ভিজা আৰু মাষ্টাৰকাৰ্ডৰ বজাৰ অংশীদাৰীত্ব হ্ৰাস হৈছে৷ আৰু ডেবিট তথা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ইয়াৰ অংশীদাৰীত্ব ৬৫%লৈ বৃদ্ধি পাইছে৷
প্ৰত্যক্ষ কৰত প্ৰভাৱ
বিমুদ্ৰাকৰণে ব্যক্তিগত আয়কৰ সংগ্ৰহত যথেষ্ট প্ৰভাৱ পেলাইছে৷ ২০১৮-১৯ বিত্তীয় বৰ্ষত ইয়াৰ সংগ্ৰহ (৩১-১০-২০১৮ তাৰিখলৈ) পূৰ্বৰ বৰ্ষৰ তুলনাত ২০.২% অধিক হৈছে৷ আনকি ঔদ্যোগিক কৰৰ সংগ্ৰহো ১৯.৫% অধিক আছিল৷ বিমুদ্ৰাকৰণৰ দুবছৰ পূৰ্বে প্ৰত্যক্ষ কৰৰ সংগ্ৰহ যথাক্ৰমে ৬.৬% আৰু ৯% আছিল৷ তাৰ পৰৱৰ্তী দুবছৰত অৰ্থাৎবিমুদ্ৰাকৰণৰ পিছত (২০১৬-১৭ বৰ্ষৰ বিমুদ্ৰাকৰণৰ প্ৰভাৱৰ পূৰ্বে)১৪.৬% আৰু ২০১৭-১৮ বৰ্ষত ১৮%লৈ বৃদ্ধি হৈছে৷
ঠিক সেইদৰে ২০১৭-১৮ বৰ্ষত পূৰ্বৰ বৰ্ষতকৈ ২৫% বৃদ্ধিৰে কৰৰ ফাইল দাখিলৰ সংখ্যা ৬.৮৬ কোটিলৈ বৃদ্ধি পাইছে৷ এই বৰ্ষত, ৩১-১০-২০১৮ তাৰিখ পৰ্যন্ত ইতিমধ্যেই ৫.৯৯ কোটি ফাইল দাখিল হৈছে যি পূৰ্বৰ বৰ্ষতকৈ ৫৪.৩৩% অধিক৷ এই বৰ্ষত নতুন ফাইল দাখিলকাৰীৰ সংখ্যা হৈছে ৮৬.৩৫ লাখ৷
২০১৪ চনৰ মে’ মাহত যেতিয়া এই বৰ্তমানৰ চৰকাৰখন নিৰ্বাচিত হৈছিল সেইসময়ত আয়কৰ দাখিলৰ মুঠ সংখ্যা আছিল ৩.৮ কোটি৷ এই চৰকাৰৰ চাৰিটা বছৰত ইয়াৰ ৬.৮৬ কোটিলৈ বৃদ্ধি হৈছে৷ এই চৰকাৰৰ প্ৰথম পাঁচটা বৰ্ষ সমাপ্ত হোৱাৰ পিছত আমি মূল্যায়িত মানৰ দুগুণত সমাপ্ত কৰিবলৈ সক্ষম হ’ম৷
পৰোক্ষ কৰত প্ৰভাৱ
বিমুদ্ৰাকৰণ আৰু জিএছটিৰ প্ৰণয়নে নগদ লেনদেনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে৷ ডিজিটেল লেনদেনৰ বৃদ্ধি পৰিলক্ষিত হৈছে৷ অৰ্থনীতিৰ আনুষ্ঠানিকতাৰ ফলত প্ৰাক্ জিএছটিৰ ৬.৪ মিলিয়ন কৰদাতাৰ তুলনাত পচ্ছাদ জিএছটিত এই সংখ্যা ১২ মিলিয়নলৈ বৃদ্ধি পাইছে৷ সামগ্ৰী আৰু সেৱাৰ উপযুক্ত পৰিমাণ বৰ্তমানে নথিভুক্ত হোৱাৰ ফলত কৰৰ পৰিমাণ বৃদ্ধি হৈছে৷ ই দেশৰ পৰোক্ষ কৰ বৃদ্ধিত অৰিহণা যোগাইছে৷ ই কেন্দ্ৰ আৰু ৰাজ্য উভয়কে লাভান্বিত কৰিছে৷ প্ৰতিখন ৰাজ্যত পচ্ছাদ জিএছটি বাধ্যতামূলক কৰাত প্ৰতিবৰ্ষতে ইয়াৰ পৰিমাণ ১৪% বৃদ্ধি পাইছে৷ সত্য কথাটো হ’ল কৰদাতাই ঘোষণা কৰা তেওঁলোকৰ ব্যৱসায়ৰ টাৰ্ণ অভাৰে কেৱল পৰোক্ষ কৰ গণনাক প্ৰভাৱান্বিত কৰাই নহয়, ই পৰোক্ষ কৰ বৃদ্ধিতো সহায় কৰিছে৷ ২০১৪-১৫ বৰ্ষত পৰোক্ষ কৰৰ জিডিপি অনুপাত আছিল ৪.৪%৷ জিএছটি প্ৰণয়নৰ পিছত ই ১% বাঢ়ি ৫.৪% হ’লগৈ৷
ক্ষুদ্ৰ কৰদাতাক বছৰি ৯৭,০০০ কোটি টকা আৰু জিএছটিৰ পঞ্জীকৃতসকললৈ ৮০,০০০ কোটি টকাৰ কৰ ৰেহাই দিয়া স্বত্বেও কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হৈছে৷ প্ৰত্যক্ষ, পৰোক্ষ দুয়োটাতে কৰৰ হাৰ হ্ৰাস হৈছে কিন্তু কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হৈছে৷ কৰৰ পৰিসৰ বৃদ্ধি কৰা হৈছে৷ ৩৩৪টা সামগ্ৰীৰ প্ৰাক জিএছটি মূল্য পূৰ্বৰ ৩১%ৰ পৰা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে৷
চৰকাৰে এই সম্পদসমূহ উন্নত আন্তঃগাঁথনি সৃষ্টি, সামাজিক ক্ষেত্ৰ আৰু গ্ৰামীণ ভাৰতৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিছে৷ আমি সকলোৱে গাঁও সমূহ পথেৰে সংযোগ হোৱা, ঘৰে ঘৰে বিদ্যুৎ, ৯২%ৰ গ্ৰামীণ অনাময়, সফল আৱাস যোজনা, ৮ কোটি দুখীয়া পৰিয়াললৈ ৰন্ধন গেছৰ সংযোগ আদি পৰিৱৰ্তনসমূহ দেখিবলৈ পাইছোঁ৷ দহ কোটি পৰিয়ালক আয়ুষ্মান ভাৰতৰ অধীনলৈ অনা হৈছে, সাহায্যপ্ৰদান খাদ্যত ১,৬২,০০০ কোটি টকা ব্যয় কৰা হৈছে, খেতিয়কসকলৰ বাবে ৫০% এমএছপি বৃদ্ধি কৰা হৈছে আৰু সফল কৃষি শস্য বীমা আঁচনি প্ৰণয়ন কৰা হৈছে৷ অৰ্থনীতিৰ এই আনুষ্ঠানিকতাৰ বাবে ১৩ কোটি উদ্যমীয়ে মুদ্ৰা ঋণ লাভ কৰিবলৈ সক্ষম হৈছে৷ সপ্তম দৰমহা আয়োগ কেই সপ্তাহ মানৰ ভিতৰতে প্ৰণয়ন কৰাৰ লগতে অ’আৰঅ’পিৰ প্ৰণয়নো কাৰ্যকৰী কৰা হৈছে৷
অধিক বিধিবদ্ধতা, অধিক ৰাজহ, দুখীয়াৰ বাবে অধিক উত্স, উন্নত আন্তঃগাঁথনি আৰু আমাৰ নাগৰিকসকলৰ বাবে উন্নত গুণগতমানৰ জীৱন প্ৰদানেই হ’ল আমাৰ লক্ষ্য৷
(ৰিলিজ আই ডি : 1552226)
অতিথি কক্ষ : 245