প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩ অক্টোবৰত প্ৰধানমন্ত্ৰীৰ ইউএনইপি চেম্পিয়নছ অব্ দা আৰ্থ বঁটা লাভ

Posted On: 02 OCT 2018 4:16PM by PIB Guwahati

৩ অক্টোবৰত নতুন দিল্লীৰ প্ৰবাসী ভাৰতীয় কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ পৰিবেশ বিষয়ক সৰ্বোচ্চ সন্মান ‘ইউএনইপি চেম্পিয়নছ অব্ দা আৰ্থ’ বঁটাৰে সন্মানিত হ’ব৷ এই বঁটা সম্পৰ্কে নিউয়ৰ্কত ২৬ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা ৭৩তম ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ঘোষণা কৰা হৈছিল৷ প্ৰধানমন্ত্ৰীক এই বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে৷ উপস্থিত ব্যক্তিক সম্বোধি প্ৰধানমন্ত্ৰীয়ে ভাষণো প্ৰদান কৰিব৷

আন্তৰ্জাতিক সৌৰ সহযোগিতা তথা ২০২২ চনৰ ভিতৰত ভাৰতক প্লাষ্টিক মুক্ত কৰাৰ পদক্ষেপৰ ফলতেই প্ৰধানমন্ত্ৰী মোদীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷

বছৰেকীয়া পৰ্যায়ত চৰকাৰ, অসামৰিক সমাজ আৰু ব্যক্তিগত খণ্ডৰ পৰা পৰিবেশ সন্দৰ্ভত ধনাত্মক প্ৰভাৱ প্ৰদান কৰা ব্যক্তিক ‘চেম্পিয়ন অব্ দা আৰ্থ’ বঁটাৰে সন্মানিত কৰা হয়৷

*****

AKT/SH/MANN



(Release ID: 1549113) Visitor Counter : 67