প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ প্ৰথম অধিৱেশন মুকলি

Posted On: 02 OCT 2018 8:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ প্ৰথমখন অধিৱেশন মুকলি কৰে৷ এই একেটা অনুষ্ঠানতে দ্বিতীয় আইঅ’আৰএ পুনৰ নৱীকৰণ শক্তি মন্ত্ৰীবৰ্গৰ সন্মিলন আৰু দ্বিতীয় বিশ্বজনীন আৰই-ইনভেষ্ট (পুনৰ নৱীকৰণ শক্তি বিনিয়োগকাৰী সন্মিলন আৰু প্ৰদৰ্শনী)ৰো মুকলি কৰা হয়৷ এই অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছো উপস্থিত আছিল৷

উপস্থিত ব্যক্তিসকলক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১৫০ৰ পৰা ২০০ বছৰ ধৰি মানৱ জাতিয়ে প্ৰয়োজনীয় শক্তিৰ বাবে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰ কৰি আহিছে৷ তেওঁ কয় যে প্ৰকৃতিয়ে এতিয়া শক্তিৰ অন্য বিকল্প যেনে সৌৰ, বতাহ আৰু পানীৰ দৰে বহনক্ষম শক্তি সন্ধানৰ প্ৰতি সংকেত প্ৰদান কৰিছে৷ এই সংক্ৰান্তত তেওঁ ভৱিষ্যতে যেতিয়া মানুহে একবিংশ শতিকাত মানৱ কল্যাণৰ বাবে স্থাপিত কোনো সংস্থাৰ বিষয়ে উল্লেখ কৰিব তেতিয়া এই আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ নাম তালিকাৰ শীৰ্ষত থাকিব বুলি আশা প্ৰকাশ কৰে৷ তেওঁ কয় যে জলবায়ু নায্যতা নিশ্চিতিৰ ক্ষেত্ৰত এইখন এখন উল্লেখযোগ্য মঞ্চ৷ তেওঁ কয় যে আন্তৰ্জাতিক সৌৰ সহযোগিতাই ভৱিষ্যতে অ’পেকক প্ৰতিষ্ঠাপিত কৰি শক্তিৰ প্ৰধান যোগানকৰ্তা হিচাবে বিবেচিত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত পুনৰ নৱীকৰণ শক্তিৰ ব্যৱহাৰ বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে৷ তেওঁ কয় যে ভাৰতে পেৰিচ চুক্তিৰ কাৰ্যকৰী পৰিকল্পনা ৰূপায়ণ কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ ২০৩০ চনৰ ভিতৰত ভাৰতৰ মুঠ প্ৰয়োজনীয় শক্তি অ-জীৱাশ্ম উৎসৰ পৰা ৪০ শতাংশ পৰ্যন্ত সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ তেওঁ কয় যে ভাৰতে এক নতুন আত্মবিশ্বাসৰ ‘‘দৰিদ্ৰতাৰ পৰা শক্তি’’লৈ উত্তৰণ কৰাত সমৰ্থ হৈছে৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে শক্তি সৃষ্টিৰ লগতে শক্তিৰ সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ এই প্ৰসংগত তেওঁ ৰাষ্ট্ৰীয় শক্তি ভাণ্ডাৰ অভিযানৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে এই অভিযানৰ অধীনত চৰকাৰে চাহিদা সৃষ্টি, স্থানীয় পৰ্যায়ত নিৰ্মাণ, উদ্ভাৱন আৰু শক্তি সঞ্চয়ৰ দিশত লক্ষ্য নিৰ্ধাৰণ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সৌৰ আৰু বায়ু শক্তিৰ উপৰিও ভাৰতে বায়’মাচ, বায়’ফুৱেল আৰু বায়’-এনাৰ্জীৰ ওপৰতো কাম কৰি আছে৷ ভাৰতৰ পৰিবহণ খণ্ড স্বচ্ছ ইন্ধন যুক্ত হোৱাৰ প্ৰয়াস কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ তেওঁ কয় যে জৈৱিক পেলনীয়া দ্ৰব্যৰ পৰা বায়’ফুৱেল ৰূপান্তৰণৰ জৰিয়তে ভাৰতে প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰি আছে৷   

***

AKT/SH/MANN



(Release ID: 1548910) Visitor Counter : 79