প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চত্তীশগড়ত প্ৰধানমন্ত্ৰীঃ জঞ্জগিৰ-চম্পাত কৃষক সন্মিলনত ভাষণ প্ৰদান; একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন

Posted On: 22 SEP 2018 6:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চত্তীশগড় ভ্ৰমণ কৰে। এই উপলক্ষে তেওঁ জঞ্জগিৰ-চম্পাত পৰম্পৰাগত হস্ততাঁত আৰু কৃষিজাত সামগ্ৰীৰ এক প্রদর্শনী পৰিদৰ্শন কৰেপ্ৰধানমন্ত্ৰীয়ে একাধিক ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প আৰু পেন্দ্রা-অনুপ্পুৰ সংযোগী তৃতীয় ৰেল লাইনৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ একাংশ নিৰ্বাচিত হিতাধিকাৰীক প্ৰশংসাপত্রও প্ৰদান কৰে।

কৃষকৰ এক বিশাল সভাত ভাষণ প্ৰদান কৰি প্রধানমন্ত্রীয়ে প্রাক্তন প্রধানমন্ত্রী শ্রী অটলবিহাৰী বাজপেয়ীক স্মৰণ কৰি বাজপেয়ী ডাঙৰীয়াই তিনিখন ৰাজ্য ক্ৰমেউত্তৰাখণ্ড, ঝাড়খণ্ড আৰু চত্তীশগড় গঠন কৰাৰ কথা উল্লেখ কৰেএই ৰাজ্যসমূহৰ উন্নয়নৰ যি সপোন প্রাক্তন প্রধানমন্ত্রী গৰাকীয়ে দেখিছিল, তাক আধাৰ হিচাপে লৈয়েই ইয়াৰ দ্রুত প্রগতি হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

প্রধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰ উন্নয়নৰ নামত সমর্পিত আৰু এই চৰকাৰে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব বিচাৰে

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই চৰকাৰে ভোট বেংক অথবা নিৰ্বাচনত জয়ৰ লক্ষ্যৰে আঁচনি গ্ৰহণ নকৰে। ইয়াৰ প্ৰধান লক্ষ্য হল নতুন আৰু আধুনিক চত্তীশগড় গঢ়ি তোলা।

সবকা সাথ সবকা বিকাশৰ লক্ষ্যৰে দেশ আগুৱাই যোৱা বুলি সভাত সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মূল্য সংযোজনৰ জৰিয়তে কৃষকসকল যাতে উপকৃত হয় তাৰ বাবে চৰকাৰে প্রচেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত প্রধানমন্ত্রী কিষাণ সম্পদ যোজনাই কৃষকসকলক সহায় কৰা বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে প্রযুক্তিৰ মধ্যস্থতাত কৃষকসকলৰ কল্যাণ সুনিশ্চিত হৈছে। ইয়াৰ সমান্তৰালভাৱে ভূমি স্বাস্থ্য কার্ড আৰু ফচল বীমা যোজনাৰ দৰে আঁচনিৰ দ্বাৰা কৃষকসকল বিশেষভাবে লাভবান হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে সদৰি কৰে।

প্রধানমন্ত্রীয়ে কয় যে এটা সময় আছিল, যেতিয়া একাংশ নিৰ্বাচিত লোকেহে কল্যাণমূলক আঁচনিৰ সুযোগ লাভ কৰিছিল। দুর্নীতিয়ে প্রশাসন ব্যৱস্থাক একেবাৰে ধ্বংস কৰিছিলতেওঁ কয় যে কেন্দ্রীয় চৰকাৰ সকলোৰে উন্নয়নত প্রতিশ্রুতিবদ্ধ আৰু ২০২২ চনৰ ভিতৰত প্রত্যেকৰে এটা ঘৰ সুনিশ্চিত কৰিব বিচাৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে শৌচালয়ৰ নির্মাণৰ বিষয়টো চৰকাৰ এক বিশেষ অভিযান হিচাপে গ্ৰহণ কৰিছিল। উজ্জ্বলা যোজনাৰ অধীনত দুখীয়া লোকসকলক ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে আৰু বৰ্তমান সৌভাগ্য যোজনাৰ জৰিয়তে প্রতিটো পৰিয়ালত বিদ্যুৎ সংযোগ সুনিশ্চিত কৰা হৈছে।

***

AKT/VJ/DB



(Release ID: 1548286) Visitor Counter : 79