কেবিনেট

সামগ্ৰী আৰু সেৱা কৰ নেটৱৰ্কৰ চৰকাৰী মালিকীস্বত্ত্ব বৃদ্ধি আৰু পূৰ্বৰ পৰিৱৰ্তনশীল আঁচনিৰ কাঠামোৰ সাল-সলনিত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 26 SEP 2018 4:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত সামগ্ৰী আৰু সেৱা কৰ নেটৱৰ্কৰ চৰকাৰী মালিকীস্বত্ত্ব বৃদ্ধি আৰু পূৰ্বৰ পৰিৱৰ্তনশীল আঁচনিৰ কাঠামোৰ সাল-সলনিত অনুমোদন জনোৱা হৈছে। ইয়াৰ অধীনত নিম্নোলিখিত সাল-সলনি ঘটোৱা হব-

  • জিএছটিএনৰ যি ৫১ শতাংশ ইকুইটি বে-চৰকাৰী প্রতিষ্ঠানৰ হাতত আছে, সেয়া কেন্দ্র আৰু ৰাজ্য চৰকাৰে সমানভাবে আহৰণ কৰিবজিএছটিএন বোর্ডক বিভিন্ন বে-চৰকাৰী কোম্পানীৰ মালিকানাধীন ইকুইটিসমূহ আহৰণৰ প্রক্রিয়া আৰম্ভ কৰাৰো অনুমোদন জনোৱা হৈছে।
  • পুনৰ গঠিত জিএছটিএনত ১০০ শতাংশ ইকুইটিৰ কেন্দ্রীয় চৰকাৰৰ ৫০ শতাংশ আৰু ৰাজ্য চৰকাৰসমূহৰ ৫০ শতাংশ ইকুইটি মালিকীস্বত্ত্ব থাকিব
  • জিএছটিএন বোর্ডৰ পুনৰ গঠনৰ বাবে কেন্দ্রীয় চৰকাৰৰ তিনিজন সঞ্চালক আৰু ৰাজ্যসমূহৰ তিনিজন সঞ্চালক নিয়োগ কৰা হব। বাকী তিনিজন নিৰপেক্ষ সঞ্চালকক জিএছটিএন বোর্ডৰ ফালৰ পৰা নিয়োগ কৰা হব। এই বোর্ডত এজন অধ্যক্ষ আৰু এজন মুখ্য কার্যবাহী সঞ্চালক থাকিবএই বোর্ডৰ মুঠ সঞ্চালকৰ সংখ্যা ১১।

*********

NW/AKT/SH/DB


(रिलीज़ आईडी: 1547908) आगंतुक पटल : 110
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam