প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১ ছেপ্তেম্বৰ শনিবাৰে ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 31 AUG 2018 11:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ ছেপ্তেম্বৰ শনিবাৰে নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক(আইপিপিবি)মুকলি কৰিব৷

আইপিপিবিক দেশৰ সাধাৰণ লোকৰ বাবে সহজলভ্য, সুলভ আৰু বিশ্বাসযোগ্য বেংক হিচাপে গঢ়ি তোলা হ’ব, যাতে ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অন্তৰ্ভুক্তিৰ লক্ষ্যসমূহ দ্ৰুতগতিত পূৰণ কৰিব পৰা যায়৷ দেশৰ প্ৰতিটো প্ৰান্তত বিয়পি থকা ৩ লাখৰো অধিক প’ষ্টমেন আৰু গ্ৰামীণ ডাকসেৱাৰে সমৃদ্ধ ভাৰতীয় ডাক বিভাগৰ বৃহৎ নেটৱৰ্কে এই বেংকক শক্তিশালী কৰিব৷ এইবাবে আইপিপিবিয়ে ভাৰতীয় লোকৰ মাজত বেংকিং সেৱা আগবঢ়োৱাত উল্লেখনীয় ভূমিকা পালন কৰিব৷

দেশৰ সকলো ভিতৰুৱা অঞ্চলৰ জনাসাধাৰণে চৰকাৰী সা-সুবিধাসমূহ দ্ৰুতগতিৰে লাভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাক আইপিপিবিৰ আৰম্ভণিয়ে উদগণি যোগাব৷

মুকলিৰ দিনা সমগ্ৰ দেশত আইপিপিবিৰ ৬৫০টা শাখা আৰু ৩২৫০টা এক্সেছ পইণ্ট থাকিব৷ এই শাখা আৰু এক্সেছ পইণ্টতো অনুৰূপ মুকলি অনুষ্ঠান আয়োজন কৰা হৈছে৷

আইপিপিবি ব্যৱস্থাৰ সৈতে দেশৰ সকলো ১.৫৫লাখ ডাকঘৰ অহা ৩১ ডিচেম্বৰ,২০১৮ত সংযুক্ত কৰা হৈছে৷

আইপিপিবিয়ে ছেভিংছ আৰু কাৰেণ্ট একাউণ্টছ, ধন ট্ৰেন্সফাৰ, প্ৰত্যক্ষ লাভ হস্তান্তৰ, বিল আৰু ইউটিলিটী পেমেণ্টছ, উদ্যোগ আৰু বাণিজ্যিক পেমেণ্টছ আদিৰ দৰে সেৱা আগবঢ়াব৷ বেংকৰ অত্যাধুনিক প্ৰযুক্তি প্লেটফ’ৰ্ম ব্যৱহাৰ কৰি কেইবাটাও মাধ্যম(কাউণ্টাৰ সেৱা, মাইক্ৰ’-এটিএম, মোবাইল বেংকিং এপছ, এছএমএছ আৰু আইভিআৰ)ৰ জৰিয়তে সেৱাসমূহ আগবঢ়োৱা হ’ব৷

*****

AKT/KP/SK/MS



(Release ID: 1544761) Visitor Counter : 52