কেবিনেট

কেন্দ্ৰীয় তালিকাত অন্যান্য পিছপৰা জাতিসমূহৰ উপ-শ্ৰেণীবদ্ধকৰণৰ বিষয়টো পৰীক্ষাৰ বাবে গঠন কৰি দিয়া আয়োগৰ কাৰ্যকাল বৃদ্ধিত কেবিনেটৰ অনুমোদন

Posted On: 09 AUG 2018 5:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় তালিকাত অন্যান্য পিছপৰা জাতিসমূহৰ উপ-শ্ৰেণীবদ্ধকৰণৰ বিষয়টো পৰীক্ষা কৰাৰ বাবে গঠন কৰি দিয়া আয়োগৰ কাৰ্যকাল ২০১৮ চনৰ নৱেম্বৰ মাহলৈ বৃদ্ধি কৰা বিষয়টোত অনুমোদন জনাইছে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰ, ৰাজ্যিক পিছপৰা শ্ৰেণী আয়োগ, বিভিন্ন সমুদায় সংগঠন আৰু বিভিন্ন পিছপৰা শ্ৰেণীৰ সাধাৰণ ৰাইজ তথা আয়োগৰ সৈতে ইতিমধ্যেই সংশ্লিষ্ট আয়োগে এলানি গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিছে৷ ই লগতে, উচ্চ শিক্ষা প্ৰতিষ্ঠানত পঞ্জীভুক্ত হৈ থকা জাতিভিত্তিক তথ্য পৰীক্ষা কৰাৰ উপৰিও ভাৰত চৰকাৰৰ বিভিন্ন দপ্তৰৰ উপৰিও কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ তথ্য আহৰণ কৰাৰ লগতে ভালদৰে পৰীক্ষা কৰা হৈছে৷

প্ৰক্ৰিয়াকৃত আৰু বিশ্লেষণ কৰা তথ্যসমূহৰ পৰা লাভ কৰা ফলাফলৰ ওপৰত ভিত্তি কৰি আয়োগে প্ৰকাশ কৰে যে উপ-শ্ৰেণীবদ্ধকৃত তালিকা আৰু প্ৰতিবেদন চূড়ান্ত কৰাৰ পূৰ্বে ৰাজ্যসমূহ তথা ৰাজ্যৰ পিছপৰা জাতি আয়োগসমূহৰ সৈতে এলানি আলোচনাৰ প্ৰয়োজনীয়তা আছিল৷

 

*****

AKT/SH/RD



(Release ID: 1543644) Visitor Counter : 89