প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আয়ুষ্মান ভাৰতৰ অধীনত মুকলি হোৱা স্বাস্থ্য নিশ্চিতি কাৰ্যসূচীৰ মুকলিৰ প্ৰস্তুতি প্ৰধানমন্ত্ৰীৰ পুনৰীক্ষণ

Posted On: 04 AUG 2018 2:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আয়ুষ্মান ভাৰতৰ অধীনত স্বাস্থ্য নিশ্চিতি কাৰ্যসূচীৰ মুকলিৰ প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত খতিয়ান লয়৷

উক্ত আঁচনিটোৱে প্ৰতিঘৰ পৰিয়াললৈ ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য নিশ্চিতিৰ সুবিধা প্ৰদান কৰিব৷ ই ১০ কোটি দুখীয়া আৰু অসুৰক্ষিত পৰিয়ালক সামৰি ল’ব৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, নিটি আয়োগ আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ঊৰ্ধতম বিষয়াই প্ৰধানমন্ত্ৰীক বিভিন্ন প্ৰত্যাশা, ৰাজ্যসমূহত ইয়াৰ প্ৰস্তুতি আৰু আঁচনিটোৰ সৈতে জড়িত প্ৰযুক্তিগত আন্তঃগাঁথনিৰ বিকাশ সন্দৰ্ভত অৱগত কৰে৷

এপ্ৰিল মাহত আম্বেদকাৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰতৰ অধীনত ছট্টিশগড়ৰ প্ৰত্যাশী জিলা বিজাপুৰত প্ৰথমটো ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ মুকলি কৰে৷

***

AKT/HS/MANN



(Release ID: 1542783) Visitor Counter : 53