কেবিনেট

ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান আৰু তাঞ্জানিয়াৰ নেচনেল বোৰ্ড অফ একাউণ্টছ এণ্ড অডিটৰছৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন

Posted On: 18 JUL 2018 5:28PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান (আইচিএআই) আৰু তাঞ্জানিয়াৰ নেচনেল বোৰ্ড অফ একাউণ্টছ এণ্ড অডিটৰছ (এনবিএএ)ৰ মাজত বৃত্তিমুলক নিয়ম-কানুন, প্রযুক্তিগত গৱেষণা, বৃত্তিমুলক উন্নয়ন প্রচেষ্টা, একাউনচেন্সিৰ প্রশিক্ষণ, অডিট ব্যৱস্থাৰ কাম-কাজ আৰু মানদণ্ডৰ ওপৰত নজৰ দিয়া, একাউন্টিঙৰ ক্ষেত্রত জ্ঞানৰ প্রসাৰ, বৃত্তিমুলক দক্ষতা তথা মেধাৰ বিকাশকে ধৰি বিভিন্ন ক্ষেত্রত পাৰস্পৰিক সহযোগিতা প্রসাৰৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়।


এই বুজাবুজি চুক্তি স্বাক্ষৰ হলে আইচিএআইৰ সদস্য, ছাত্র-ছাত্রী আৰু তেওঁলোকৰ সংস্থা আৰু প্রতিষ্ঠানসমূহৰ মাজত পাৰস্পৰিক স্বার্থ ৰক্ষাৰ ক্ষেত্রত এক বিশেষ সম্পর্ক গঢ লৈ উঠিব। তদুপৰি, আইচিএআই সদস্যসকলে বৃত্তিমুলক অভিজ্ঞতাৰ পৰিসৰক আৰু অধিক বিকশিত কৰাৰো সুযোগ পাব। এই বুজাবুজি চুক্তিৰ গইনা লৈ আইচিএআই আৰু এনবিএএৰ মাজত এক সুদৃঢ় সম্পর্ক গঢ়ি উঠিব।

 

উল্লেখ্য যে এই চুক্তিয়ে তাঞ্জানিয়াত ভাৰতৰ একাউণ্টেন্সিৰ শিক্ষাৰ্থীসকলৰ বাবে এক সংস্থাপনৰ বাটো মুকলি হব। ইফালে, ভাৰতীয় সংসদত গৃহীত দ্য চাৰ্টাৰ্ড একাউণ্টেণ্ট এক্ট, ১৯৪৯ অনুসৰি গঠন কৰা ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান(আইচিএআই) হৈছে এক সাংবিধানিক নিকায়, যাৰ দ্বাৰা ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেচী নিয়ন্ত্ৰিত হয়।

*****

AKT/SNC/SH/DB



(Release ID: 1539591) Visitor Counter : 71