প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আজমগড়ত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 14 JUL 2018 4:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশৰ আজমগড়ত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন কৰে৷.

এখন বৃহৎ ৰাজহুৱা সভা সম্বোধন কৰি তেওঁ কয় যে এই আধাৰশিলাৰে ৰাজ্যখনৰ উন্নয়নৰ এক নতুন অধ্যায় আৰম্ভ হ’ল৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ চৰকাৰক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰখনে উত্তৰ-প্ৰদেশৰ সৰ্বাংগীন উন্নয়নৰ বাবে এক সুস্থ পৰিৱেশ ৰচনা কৰিছে৷ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ উন্নতিৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৩৪০ কিলোমিটাৰ দৈৰ্ঘৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ই চহৰ আৰু নগৰসমূহক সলনি কৰি দিব৷ ইয়ে দিল্লী আৰু গাজিপুৰৰ মাজত যোগাযোগ অধিক দ্ৰুত কৰি তুলিব৷ তেওঁ পুনৰ কয় যে নতুন উদ্যোগ, প্ৰতিষ্ঠানো এক্সপ্ৰেছৱে’ৰ সমান্তৰালকৈ গঢ়ি উঠিব৷ ইয়ে অঞ্চলটোৰ ঐতিহাসিক স্থানসমূহৰ পৰ্যটন ক্ষেত্ৰখনকো উদগণি যোগাব৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোগাযোগ ব্যৱস্থা উন্নয়নৰ বাবে এতিয়া অত্যন্ত আৱশ্যক৷ বিগত চাৰি বছৰত উত্তৰ-প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় দুগুণ হৈছে৷ এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বিমান পৰিবহণ আৰু জল পৰিবহণৰ কথাও উল্লেখ কৰে৷ তেওঁ কয় যে দেশৰ পূব প্ৰান্তক উন্নয়নৰ নতুন ক’ৰিডৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে৷

প্ৰধানমন্ত্ৰীয়ে সবকাসাথ, সবকা বিকাশ নীতিৰ কথা পুনৰাবৃত্তি কৰে আৰু সম-বিকাশৰ ওপৰত বিশেষ জোৰ দিয়ে৷ ডিজিটেল সংযোগ সন্দৰ্ভত তেওঁ কয় যে এই পৰ্যন্ত এক লাখ পঞ্চায়তত অপ্টিকেল ফাইবাৰ সংযোগ দিয়া হৈছে আৰু তিনি লাখ কমন ছাৰ্ভিচ চেণ্টাৰে জনসাধাৰণৰ জীৱন সৰল কৰি তুলিছে৷

প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰু কেন্দ্ৰই ৰূপায়ন কৰা আন কল্যাণমূলক আঁচনিসমূহৰ কথাও শ্ৰী মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে৷ শেহতীয়াকৈ খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্তই কৃষকসকলক উপকৃত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে৷

মুছলিম মহিলাক ‘তিনি তালাক’ৰ পৰা নিৰাপত্তা দিয়া আইনখন ৰোধ কৰিবলৈ চেষ্টা চলাই থকাসকলক তেওঁ কঠোৰ সমালোচনা কৰে৷ এই আইনখন সফলতাৰে ৰূপায়নত সকলোৱে সহযোগ কৰা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ তাতশিল্পীৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ এই প্ৰসংগত তেওঁ আধুনিক মেচিন, নিম্ন সূতত ঋণ আৰু বাৰাণসীত স্থাপন কৰা বাণিজ্য কেন্দ্ৰৰ কথা উল্লেখ কৰে৷ এই দিশত ৰাজ্য চৰকাৰৰ পদক্ষেপকো তেওঁ শলাগ লয়৷

***

AKT/AP/MS



(Release ID: 1538856) Visitor Counter : 48