প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ নগৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন; কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ দ্বাৰা অভিজ্ঞতা বিনিময়; জয়পুৰত ৰাজহুৱা সভাত বক্তৃতা প্ৰদান

Posted On: 07 JUL 2018 5:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত এখন ৰাজহুৱা সভাত বক্তৃতা প্ৰদান কৰে৷ তেওঁ ৰাজস্থানৰ বাবে ১৩টা নগৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলাৰ ফলক উন্মোচন কৰে৷

ইয়াৰ পিছত তেওঁ ভাৰত চৰকাৰ তথা ৰাজস্থানৰ কল্যাণমূলক যোজনাৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ অভিজ্ঞতাৰ এক শ্ৰব্য-দৃশ্য উপস্থাপন অৱলোকন কৰে৷ এই উপস্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেৰ দ্বাৰা পৰিচালিত হয়৷ এই যোজনাসমূহত বহু অন্য যোজনাৰ বাহিৰেও প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিও অন্তৰ্ভুক্ত আছিল৷

এক বিশাল তথা উৎসাহী জনসমুদ্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ৰাজস্থানে আগন্তুকক কিদৰে স্বাগতম কৰে তাৰে তেওঁ স্বয়ং এই অভিজ্ঞতা প্ৰাপ্ত কৰিছে৷ তেওঁ কয় যে আগন্তুকে এই প্ৰগতিৰ বাস্তৱিক দৃশ্য চাব পাৰে যি ৰাজ্যখনে পূৰ্বতেই প্ৰাপ্ত কৰিছিল৷ তেওঁ ৰাজস্থানক সাহসৰ ভূমি হিচাপে অভিহিত কৰি কয় যে প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰখাতেই হওক অথবা নিজৰ ৰাষ্ট্ৰৰ ৰক্ষাৰ বাবেই হওক, ৰাজস্থানে সদায়েই পথ প্ৰদৰ্শিত কৰিছে৷

ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ৰাজ্যৰ কাৰ্য সংস্কৃতিলৈ পৰিৱৰ্তন আনিছে৷ তেওঁ কয় যে কেন্দ্ৰ চৰকাৰ আৰু ৰাজস্থান চৰকাৰে ৰাজ্যৰ প্ৰগতিৰ বাবে একত্ৰিত হৈ কাম কৰি আছে৷ তেওঁ কয় যে আজিৰ উপস্থানত উপস্থিত থকা হিতাধিকাৰীসকলৰ প্ৰসন্নতা উপস্থিত জনসমূহৰ সন্মুখত প্ৰকট হৈ পৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে বিশদভাৱে কয় যে কিদৰে কেন্দ্ৰ চৰকাৰে কৃষকৰ কল্যাণৰ বাবে কাম কৰি আছে৷ তেওঁ বৰ্তমান খাৰিফ বতৰৰ বিভিন্ন শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ ওপৰত আলোচনা কৰে৷

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান, জন ধন যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আৰু সৌভাগ্য যোজনাৰ সৈতে ৰাজস্থানত কেন্দ্ৰ চৰকাৰৰ বিভিন্ন যোজনাৰ প্ৰগতিৰ কথা সদৰী কৰে৷

অনাগত বৰ্ষত ৰাজস্থানে ৭০ বৰ্ষ সম্পূৰ্ণ কৰাৰ সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এক বিকশিত ৰাজস্থানৰ সৃজনৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিবলৈ আবেদন জনায় যিয়ে নতুন ভাৰতৰ নিৰ্মাণত এক মহত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

***

AKT/KP/MANN



(Release ID: 1538215) Visitor Counter : 87


Read this release in: English , Marathi , Gujarati , Tamil