প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছিংগাপুৰত ব্যৱসায় তথা সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান ভাষণৰ অসমীয়া অনুবাদ (৩১ মে’ ২০১৮)

Posted On: 31 MAY 2018 9:00PM by PIB Guwahati

নমস্কাৰ ছিংগাপুৰ!

শুভ সন্ধিয়া

নীহাঅ!

সলামৎ দতাং

ৱণক্কম

মন্ত্ৰীঈশ্বৰণ

ব্যৱসায়ৰ নেতাসকল

ছিংগাপুৰৰ মোৰ বন্ধুসকল,

ছিংগাপুৰৰ ভাৰতীয় প্ৰবাসী সম্প্ৰদায়ৰ সদস্যগণ,

আপোনালোক সকলোকে নমস্কাৰ!

 

আজি ইয়াত এই অতুলনীয় ব্যৱস্থাত আমি ভাৰত আৰু ছিংগাপুৰৰ মাজত সম্বন্ধৰ শক্তি দেখিবলৈ সক্ষম হৈছোঁ৷ এয়া আমাৰ উত্তৰাধিকাৰ; আমাৰ মানুহ; আৰু আমাৰ সময়ৰ এক মহান সহযোগিতা৷ এয়া দুখন দেশৰ শৌৰ্যৰ গৌৰৱ আৰু মহিমা তথা সেইসমূহৰ গৰ্জনস্বৰূপ৷ ছিংগাপুৰলৈ আহি যথেষ্ট ভাল লাগিছে৷ এয়া এনে এক চহৰ যি আমাক প্ৰেৰিত কৰে৷ ছিংগাপুৰ এখন সৰু দ্বীপ হব পাৰে, কিন্তু ইয়াৰ ক্ষীতিশৰ বিস্তাৰ বিশ্বজনীন৷ এই মহান ৰাষ্ট্ৰই আমাক দেখুৱাইছে যে অভিজ্ঞতাৰ আকাৰ অথবা বিশ্বত কোনো দেশৰ অৱস্থিতিৰ বাবে তাৰ আকাৰ বাধা হব নোৱাৰে৷

     কিন্তু, ছিংগাপুৰৰ সফলতা ইয়াৰ বহু-সাংস্কৃতিক সমাজৰ সদ্ভাৱনাত আছে, ইয়াৰ বৈচিত্ৰতাৰ উৎসৱ আছে, যিয়ে ছিংগাপুৰৰ এক বিশিষ্ট আৰু অদ্বিতীয় চিনাকি দাঙি ধৰে আৰু এই অতুলনীয় সংস্কৃতিৰ এক প্ৰাচীন , সুন্দৰ আৰু ৰঙীন সূতাই ভাৰত আৰু ছিংগাপুৰক একেটা শাৰীতে বান্ধি ৰাখিছে৷

     বন্ধুসকল, দক্ষিণ পূব এছিয়াৰ বাবে ভাৰতৰ শতাব্দীসমূহৰ পুৰণি পথ ছিংগাপুৰ হৈ অতিক্ৰম কৰিছিল৷ আমাৰ মাজৰ মানবীয় সম্পৰ্ক দৃঢ় আৰু স্থায়ী৷ এয়া ছিংগাপুৰত থকা ভাৰতীয়সমূহৰ মাজত আছে আৰু আজি সন্ধিয়া আপোনাৰ উপস্থিতি, আপোনাৰ শক্তি, আপোনাৰ প্ৰতিভা আৰু আপোনাৰ উপলব্ধতাৰ দ্বাৰা এয়া প্ৰকাশিত হৈছে৷ আপুনি ইয়াত ইতিহাসৰ সংযোগৰ দ্বাৰাই হওক, অথবা বিশ্বায়নৰ মাধ্যমৰ দ্বাৰাই হওক, অথবা আপোনাৰ পূৰ্বপুৰুষে ইয়াত আহি বাস কৰাৰ দ্বাৰাই হওক, অথবা আপুনি এই শতাব্দীত ইয়ালৈ অহাৰ দ্বাৰাই হওক, আপোনালোক প্ৰত্যেকেই ছিংগাপুৰৰ অদ্বিতীয় নিৰ্মাণ আৰু ইয়াৰ প্ৰগতিৰ অংশীদাৰ হৈ পৰিছে৷ ইয়াৰ পৰিৱৰ্তে ছিংগাপুৰে আপোনাক, আপোনাৰ কঠোৰ পৰিশ্ৰমক আঁকোৱালি লৈছে৷ ইয়াত ছিংগাপুৰত আপুনি ভাৰতৰ বৈচিত্ৰতাক প্ৰতিনিধিত্ব কৰিছে৷ যদি আপুনি কোনো চহৰত ভাৰতৰ সকলো উৎসৱ পৰিদৰ্শন কৰিব বিচাৰিছে অথবা সেয়া সপ্তাহজুৰি পালন কৰিব বিচাৰিছে, তেন্তে সেয়া হল ছিংগাপুৰ৷ এই একেটা কথা ভাৰতীয় ভোজনৰ বাবেও হব পাৰে! মোৰ এতিয়াও মনত আছে যে প্ৰধানমন্ত্ৰী লী য়ে ক্ষুদ্ৰ ভাৰতত মোৰ বাবে নৈশ আহাৰৰ ব্যৱস্থা কৰিছিল৷

     তামিল ইয়াৰ স্থানীয় ভাষা৷ কিন্তু এয়া ছিংগাপুৰৰ ভাৱনাৰ সাক্ষী যে বিদ্যালয়ৰ শিক্ষাৰ্থীসমূহে অন্য পাঁচটা ভাৰতীয়া ভাষাও শিকি আছে৷ চহৰৰ হৃদপিণ্ডত ভাৰতীয় সংস্কৃতিৰ অতুলনীয় তত্ব সমাহিত হৈ আছে৷ ইয়াৰ যিমান শ্ৰেয় ছিংগাপুৰ চৰকাৰলৈ যায় সিমানেই প্ৰতিভাৱান ভাৰতীয় সম্প্ৰদায়লৈও যায়৷ ইয়াত ছিংগাপুৰত আপোনালোকে ভাৰতীয় খেলৰ প্ৰতিযোগিতাও আৰম্ভ কৰিছে৷ ইয়ে আপোনাক আপোনাৰ শৈশৱলৈ মনত পেলাই দিয়ে আৰু শিশুসকলে খো-খো তথা কাবাডীৰ সৈতে জড়িত হোৱাৰ বাবে সুবিধা প্ৰাপ্ত কৰে৷

     ২০১৭ চনত এই চহৰৰ ৭০টা কেন্দ্ৰত যোগৰ আন্তঃৰাষ্ট্ৰীয় দিৱস আয়োজিত কৰা হৈছিল৷ প্ৰতি ১০ কিলোমিটাৰত এটাকৈ কেন্দ্ৰ স্থাপিত হৈছিল৷ পৃথিৱীৰ অন্য কোনো চহৰত এই যৌগিক তীব্ৰতা ইমান হব নোৱাৰে৷ শ্ৰী ৰামকৃষ্ণ মিছন আৰু শ্ৰী নাৰায়ণ মিছনৰ দৰে সংস্থা ইয়াত দশকজুৰি চলি আছে৷ সমাজৰ বাবে তেওঁলোকৰ সেঁৱাত, বিনা ভেদভাৱেৰে ভাৰত আৰু ছিংগাপুৰক একত্ৰিত কৰাৰ মূল্য প্ৰতিফলিত হৈছে৷

     ভাৰতৰ মহানতম চিন্তাবিদ স্বামী বিবেকানন্দ আৰু কবি গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছিংগাপুৰ আৰু এই ক্ষেত্ৰৰ নিজৰ যাত্ৰাত এক একত্ৰিত ডোল প্ৰাপ্ত হৈছিল যি ভাৰতক পূৰ্বতে সংযোজিত কৰিছিল৷ নেতাজী সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰৰ ভূমিৰ পৰাই ভাৰতৰ স্বতন্ত্ৰতাৰ বাবে মাৰ্চ কৰাৰ আহ্বান জনাইছিল- দিল্লী চলো- যি প্ৰত্যেক ভাৰতীয়ৰ হৃদয়ত এক স্থায়ী চিহ্ন হিচাপে ৰৈ গৈছে৷

     আৰু ১৯৪৮ চনত মহাত্মা গান্ধীৰ অস্থিৰ এটা অংশ ইয়াৰ ক্লিফৰ্ড পীয়েৰত বিসৰ্জিত কৰা হৈছিল৷ সমাজৰ সকলো শ্ৰেণীৰ লোকে এই সমাৰোহ প্ৰত্যক্ষ কৰিছিল৷ অস্থি বিসৰ্জনৰ সময়ত এখন বিমানে গোলাপৰ পাহি ছটিয়াইছিল৷ জনসাধাৰণে সমুদ্ৰ পৰা পানী সংগ্ৰহ কৰিছিল৷ পৰহি মই ক্লিফৰ্ড পীয়েৰত এখন ফলক অনাৱৰণ কৰাৰ সন্মান অৰ্জন কৰিলো যাতে আমাৰ ইতিহাসৰ সেই গুৰুত্বপূৰ্ণ ক্ষণ চিহ্নিত কৰা হয়৷ সেই ক্ষণে আজিও মহাত্মা গান্ধীৰ কালাতীত আৰু সাৰ্বভৌমিক মূল্যক ৰেখাংকিত কৰে৷

    বন্ধুসকল, যেতিয়া ভাৰত পৃথিৱীৰ বাবে মুক্ত হল আৰু পূবলৈ ঘূৰিলে, তেতিয়া ছিংগাপুৰ, ভাৰত আৰু আছিয়ানৰ মাজত এক সহযোগিতা আৰু সেতু নিৰ্মাণ হল৷ ভাৰত আৰু ছিংগাপুৰৰ মাজত সকলোতকৈ অধিক ঘনিষ্ঠ ৰাজনৈতিক সম্বন্ধ আছে৷ ইয়াত কোনো প্ৰতিযোগিতাৰ সন্দেহৰ অৱকাশ নাই৷

    এয়া এক সহযোগিতা দৃষ্টিকোণৰ ওপৰত নিৰ্মিত এক স্বাভাৱিক সহযোগিতা হয়৷ আমাৰ ৰক্ষা সম্বন্ধ দুয়োৰে বাবে শক্তিশালী৷ মোৰ সশস্ত্ৰ সেনাই ছিংগাপুৰৰ সশস্ত্ৰ সেনাৰ বিষয়ে বহু সন্মান তথা প্ৰশংসাৰে কয়৷ ভাৰতৰ দীৰ্ঘতম নিৰৱচ্ছিন্ন নৌসেনা অভ্যাস ছিংগাপুৰৰ সৈতে আছে৷ তেওঁলোকে এতিয়া নিজৰ ৰজত জয়ন্তী উদযাপন কৰিবলৈ গৈ আছে৷ আমি ভাৰতত প্ৰশিক্ষণৰ বাবে ছিংগাপুৰৰ সেনা আৰু বায়ু সেনাৰ সংবদ্ধকৰণত গৌৰৱবোধ কৰোঁ৷ আমাৰ জাহাজ নিয়মিত ৰূপত দুয়োখন দেশৰ মাজত চলাচল কৰে৷ আপোনালোকৰ বহুতে আমাৰ নৌসেনাৰ জাহাজলৈ গৈছে৷ মইও পৰহি চাংগী নৌসেনা বেছ দিৱসত ছিংগাপুৰ নৌসেনাৰ এখন জাহাজ আৰু এখন ভাৰতীয় নৌসেনা জাহাজত ভ্ৰমণ কৰাৰ আশা পুহি ৰাখিছোঁ৷

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমি এক নিয়ম-আধাৰিত আদেশ, সকলো ৰাষ্ট্ৰৰ সমতা আৰু বাণিজ্য তথা সংযোগীকৰণৰ মুক্ত আৰু খোলা পথৰ বাবে এক হৈ কওঁ৷ অৰ্থশাস্ত্ৰ এই সম্বন্ধৰ হৃদস্পন্দন হয়৷ এয়া ভাৰতক বিশ্বজনীন সহযোগিতাৰ অনাগত পৰ্যায়ৰ সহযোগিতা হয়৷ ছিংগাপুৰ ভাৰতৰ বাবে এক মুখ্য নিবেশ স্ৰোত আৰু গন্তব্য এই দুয়োটাই হয়৷ ছিংগাপুৰ তেনেকুৱা প্ৰথমখন দেশ যাৰ সৈতে আমি ব্যাপক আৰ্থিক বুজাবুজিত হস্তাক্ষৰ কৰিছোঁ৷ প্ৰত্যেক সপ্তাহত, প্ৰত্যেক দিশত প্ৰায় ২৫০টা উৰণেৰে ছিংগাপুৰক আৰু ১৬ খন ভাৰতীয় চহৰক সংযোজিত কৰে৷ আৰু ইয়াৰ বিকশিত হোৱাটো নিৰ্ধাৰিত৷ ভাৰত ছিংগাপুৰত পৰ্যটকসকলৰ তৃতীয় সৰ্ববৃহৎ স্ৰোত হয় আৰু ইয়াৰ সংখ্যা দিনক দিনে বৃদ্ধি হবলৈ ধৰিছে৷ আমাৰ তথ্য প্ৰযুক্তিৰ উদ্যোগে স্মাৰ্ট আৰু প্ৰতিযোগিতামূলকভাৱত ছিংগাপুৰক সহায় কৰি আছে৷

    ভাৰতৰ বিকাশ প্ৰাথমিকতাৰ বহু ক্ষেত্ৰত অৰ্থাৎ স্মাৰ্ট চিটী, চহৰৰ সমাধআন, বিত্তীয় ক্ষেত্ৰ, কৌশল বিকাশ, বন্দৰ, লজিষ্টিক, বিমান আৰু ঔদ্যোগিক পাৰ্কত ছিংগাপুৰ এক মুখ্য সহযোগী৷ এইদৰে ভাৰত আৰু ছিংগাপুৰ পৰস্পৰে পৰস্পৰৰ সমৃদ্ধিত যোগদান দিছে আৰু এতিয়া আমি ডিজিটেল পৃথিৱীৰ বাবে নতুন সহযোগিতা স্থাপন কৰিছোঁ৷ প্ৰধানমন্ত্ৰী লী আৰু মই অলপ আগেয়ে প্ৰদ্যোগিকী, উদ্ভাৱন আৰু উদ্যমৰ এক উৎকৃষ্ট প্ৰদৰ্শন কৰিছোঁ৷ এয়া ভাৰত আৰু ছিংগাপুৰৰ উজ্জল যুৱ প্ৰজন্ম৷ তাৰে মাজৰ বহুকেইজন ভাৰতৰ পৰা অহা প্ৰতিভাৱান যুৱ প্ৰজন্ম আছে যি ছিংগাপুৰত নিজৰ ঘৰ নিৰ্মাণ কৰিছে৷ তেওঁলোকে ভাৰত, ছিংগাপুৰ আৰু আছিয়ানৰ মাজৰ উদ্ভাৱন আৰু উদ্যমিতাৰ সাঁকো সৃষ্টি কৰিব৷ কিছু সময় পূৰ্বে আমি ৰূপে’, ভীম আৰু ইউপিআইৰ আন্তঃৰাষ্ট্ৰীয় শুভাৰম্ভ কৰিছোঁ৷ ছিংগাপুৰত ইয়াৰ শুভাৰম্ভ কৰাটো স্বাভাৱিক৷ আমি প্ৰশাসন আৰু সমাৱেশৰ বাবে মবাইল আৰু ডিজিটেল প্ৰদ্যোগিকীৰ শক্তিৰ ব্যৱহাৰ কৰাৰ বাবে সহযোগিতাৰে কাম কৰিম৷ সহযোগিতাৰে আমি নতুন সময়ৰ এক বৃহৎ আৰ্থিক সহযোগিতা নিৰ্মাণ কৰিম৷

    যিহেতু ছিংগাপুৰে নিজৰ বাবে এক নতুন ভৱিষ্যত সৃষ্টি কৰিবলৈ ওলাইছে, সেয়ে ভাৰত ইয়াৰ বাবে অৱকাশৰ নতুন বিশ্বজনীন সীমাৰ ৰূপত উদ্ভাসিত হৈ উঠিছে৷ পণ্য আৰু সেৱা কৰৰ আৰম্ভণিৰ দৰে গভীৰ সংৰচনাত্মক সংশোধনীৰ বৰ্ষতো আমি বিশ্বৰ সকলোতকৈ ক্ষীপ্ৰতাৰে ধাৱমান হোৱা মুখ্য অৰ্থব্যৱস্থা হিচাপে পৰিগণিত হৈছোঁ৷ আৰু এনেদৰেই বিদ্যমান হৈ থকাৰ বাবে আশা ৰাখিছোঁ৷ আমাৰ অৰ্থব্যৱস্থা অধিক স্থিৰ হৈ পৰিছে৷ বিত্তীয় ঘাটি হ্ৰাস হৈছে৷ মুদ্ৰাস্ফীতিৰ দৰ হ্ৰাস হৈছে৷ চলন্ত খাতাৰ লোকচানো সুবিধাজনক হৈছে৷ মুদ্ৰা স্থিৰ হৈছে আৰু বিদেশী মুদ্ৰা ভাণ্ডাৰ এক উচ্চ ৰেকৰ্ডত আছে৷

    ভাৰতত এই সময় ক্ষীপ্ৰতাৰে পৰিৱৰ্তন হৈছে৷ এক নতুন ভাৰতগঢ় লৈ উঠিছে আৰু ইয়াৰ বহু কাৰণ আছে৷ এক, আৰ্থিক সংশোধনী এটা গতিত ধাৱমান হৈছে আৰু এতিয়ালৈ কোনো  পৰিসৰ জ্ঞাত হোৱা নাই৷ বিগত দুটা বৰ্ষত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা কৰা ১০,০০০ত কৈ অধিক উপায়ৰ দ্বাৰা আমি ব্যৱসায়ৰ ৰেংকিং সহজেই ৪২তম স্থানৰ ওপৰলৈ স্থানান্তৰিত কৰিবলৈ সহায় কৰিছোঁ৷

    পুৰণি আইনত ১৪০০ত কৈ অধিক আইন নিৰস্ত্ৰ কৰা হৈছে৷ ভাৰত বিশ্বৰ সকলোতকৈ মুক্ত অৰ্থব্যৱস্থাসমূহৰ ভিতৰত অন্যতম৷ বিদেশ বিনিয়োগকাৰীয়ে প্ৰায়েই ১০০% ইকুইটিৰ সৈতে প্ৰায় সকলো ক্ষেত্ৰতে অন্তৰ্ভুক্ত হব পাৰে৷ বাস্তৱতে ভাৰতত ৯০%ত কৈ অধিক বিনিয়োগ এইদৰেই হয়৷ দ্বিতীয়তে, কৰ ব্যৱস্থা পৰিৱৰ্তন কৰা হৈছে৷ কৰৰ কম দৰ, স্থিৰতাত বৃদ্ধি, কৰ বিবাদ আৰু বৈদ্যুতিক ফাইলিং ব্যৱস্থা ক্ষীপ্ৰতাৰে সম্পন্ন হৈছে৷ পণ্য আৰু সেৱা কৰক স্বাধীনতাৰ পিছত সকলোতকৈ বৃহৎ কৰ সংশোধন কৰা হৈছে, আমি দেশত এখন বজাৰলৈ একত্ৰীকৰণ কৰিছোঁ আৰু কৰ আধাৰ বৃদ্ধি কৰিছোঁ৷

    এই কাম সহজ নাছিল৷ কিন্তু আমি সফলতাপূৰ্বক কৰিলোঁ৷ আৰু ই নতুন আৰ্থিক অৱকাশ সৃষ্টি কৰিলে৷ ব্যক্তিগত আয়কৰ আধাৰো প্ৰায় ২০০ লাখলৈ বৃদ্ধি হল৷ তৃতীয়তে, আমাৰ বুনিয়াদী আন্তঃগাঁথনি ক্ষেত্ৰ ৰেকৰ্ড গতিৰে বিস্তাৰিত হৈ আছে৷ বিগত বৰ্ষত আমি প্ৰায় ১০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিলোঁ যি প্ৰতিদিনে ২৭ কিলোমিটাৰকৈ নিৰ্মাণ হৈ আছে৷ এয়া কিছু বৰ্ষৰ পৰিমাণতকৈ প্ৰায় দুগুণ গতিত সম্পন্ন হৈছে৷ ৰেলপথ সংযোগীকৰণৰ কাম দুগুণ গতিত হৈছে৷ বহু চহৰত মেট্ৰৰে, সাতটা উচ্চ গতিৰ ৰেল যোজনা, সমৰ্পিত পণ্য ধোৱন আৰু ৪০০ ৰেলৱে ষ্টেচনৰ আধুনিকীকৰণে ৰেল ক্ষেত্ৰক পৰিৱৰ্তিত কৰিব৷ অন্য যোজনাত ১০ সেউজ ক্ষেত্ৰৰ বিমানবন্দৰ, পাঁচটা নতুন মুখ্য বিমানবন্দৰ, ৰাষ্ট্ৰীয় নদীৰ ৰূপত নামাংকিত ১১১খন নদী আৰু ৩০ত কৈ অধিক ৰচদ পাৰ্ক অন্তৰ্ভুক্ত আছে৷ আমি কেৱল তিনিটা বৰ্ষতে ৮০ হাজাৰ মেগাৱাট বিজুলী উৎপাদন কৰিছোঁ৷ আৰু নৱীকৰণ শক্তিত আমি বিশ্বৰ সকলোতকৈ ষষ্ঠ বৃহৎ উৎপাদক হৈছোঁ৷ এয়া এক হৰিৎ আৰু বহনক্ষম ভৱিষ্যতৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি৷ ভাৰতত বিশ্বৰ ভিতৰত সবাতোকৈ বৃহৎ বুনিয়াদী আন্তঃগাঁথনিৰ কাহিনী বহু সৰলতাৰে লিখা হৈছে৷ চতুৰ্থতে, আমাৰ বিনিৰ্মাণ ক্ষেত্ৰত সাকাৰত্মক প্ৰতিক্ৰিয়া আছে৷ বিগত তিনিটা বৰ্ষত এফডিআইত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা এই ২০১৩-১৪ৰ ৩৬ নিযুত আমেৰিকা ডলাৰৰ পৰা  ২০১৬-১৭ত ৬০ মিলিয়ন আমেৰিকান ডলাৰলৈ ঊৰ্ধগামী হৈছে৷ সুক্ষ্ম, লঘূ আৰু মধ্যম উদ্যমিতা ক্ষেত্ৰতো বিশেষ ধ্যান দিয়া হৈছে৷

    আমি ক্ষেত্ৰ-বিশিষ্ট আধুনিকীকৰণ আৰু উৎপাদনশীলতা কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ, কৰ্পৰেট কৰ হ্ৰাস কৰা হৈছে আৰু লাভ অধিক আকৰ্ষণীয় ৰূপত প্ৰতিষ্ঠাপিত হৈছে৷ ভাৰতীয় ষ্টাৰ্ট-আপ ক্ষেত্ৰ বৃদ্ধি হবলৈ ধৰিছে আৰু ই বিশ্বৰ ভিতৰতে এই ক্ষেত্ৰত তৃতীয় বৃহত্তম দেশ হিচাপে পৰিগণিত হৈছে৷

   নিশ্চিত ৰূপত, মুদ্ৰা যোজনা মোৰ সবাতোকৈ পচন্দৰ যোজনা যি দুখীয়াই লঘূ ঋণ প্ৰদান কৰে৷ বিগত তিনিটা বৰ্ষত ৯০ নিযুত আমেৰিকান ডলাৰতকৈ অধিক ১২৮০ লাখ ঋণ দিয়া হৈছে, ইয়াৰে ভিতৰত ৭৪% মহিলাসকলে প্ৰাপ্ত কৰিছে, হয় মহিলাৰ বাবে ৭৪%!

   পঞ্চমতে, আমি বিত্তীয় সমাৱেশত দৃঢ়তাৰে ধ্যান কেন্দ্ৰিত কৰিছোঁ৷ বিগত তিনিটা বৰ্ষত আমি তেওঁলোকৰ বাবে ৩১৬০ লাখ বেংক একাউণ্ট মুকলি কৰিছোঁ যাৰ কোনো একাউণ্টেই নাছিল৷ অতিয়া ৯৯% ভাৰতীয়ৰে বেংক একাউণ্ট আছে৷ এয়া প্ৰত্যেক নাগৰিকৰে গৌৰৱ আৰু পৰিচয়ৰ এটা নতুন স্ৰোত, এই একাউণ্টসমূহৰ ১২ নিযুততকৈ অধিক আমেৰিকান ডলাৰ জমা কৰা, সমাৱেশ আৰু সশক্তিকৰণৰ এক উল্লেখযোগ্য কাহিনী আছে৷ ৫০ নিযুত আমেৰিকন ডলাৰতকৈ অধিক চৰকাৰী লাভ প্ৰত্যক্ষভাৱে হিতাধিকাৰীক প্ৰদান কৰা হৈছে৷ এতিয়া সহজলভ্য পেন্সন আৰু বীমা পৰ্যন্ত তেওঁলোকে স্পৰ্শ কৰিছে- বহুত কিবা হৈছে যি পূৰ্বতে কেৱল এক সপোন আছিল৷ এতি বিশ্বত এই পৰিসৰত আৰু এনেকুৱা গতিত বেংকিঙৰ বিস্তাৰ হৈছে৷

    ষষ্ঠতে, ভাৰতত এক ডিজিটেল আন্দোলন আৰম্ভ হৈছে৷ প্ৰত্যেকৰে বায়মেট্ৰিক চিনাক্তকৰণৰ দ্বাৰা প্ৰায় প্ৰত্যকৰে মবাইলত সকলোৰে প্ৰাপ্ত হোৱাকৈ এটা বেংক একাউণ্ট হোৱাৰ জৰিয়তে প্ৰত্যেক ভাৰতীয়ৰে জীৱন পৰিৱৰ্তিত হৈছে৷ আৰু এই ভাৰতত অন্য সকলো বস্তুও পৰিৱৰ্তিত হৈছে৷ যেনে শাসন, সাৰ্বজনিক সেৱা, দুখীয়াৰ লাভৰ বিতৰণ, বেংকিং আৰু পেন্সন সকলোতকৈ অধিকতম দুখীয়াক প্ৰাপ্তি কৰোৱা আদি৷ উদাহৰণস্বৰূপে, ডিজিটেল লেনদেন ক্ষীপ্ৰ গতিত বৃদ্ধি হৈছে৷ ২০১৭ত ইউপিআই ভিত্তিক লেনদেনত সাত হাজাত শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে৷ জানুৱাৰীত সকলো ডিজিটেল লেনদেনৰ মূল্য ২ ট্ৰিলিয়ন আমেৰিকান ডলাৰ আছিল৷ আমি দুশ পঞ্চাশ হাজাৰ গ্ৰাম পৰিষদক ব্ৰডবেণ্ড সংযোগেৰে সংযোজিত কৰিছোঁ আৰু আমি সেই গ্ৰাম পৰিষদত প্ৰত্যকতে সাধাৰণ সেৱা কেন্দ্ৰ স্থাপন কৰি আছোঁ৷ ই বহুতো ডিজিটেল সেৱা প্ৰদান কৰিব আৰু সহস্ৰাধিক নিয়োজনৰ সৃষ্টি কৰিব৷ অটল উদ্ভাৱন অভিযানৰ অন্তৰ্গত আমি প্ৰায় ১০০ উষ্মায়ন কেন্দ্ৰ খুলিছোঁ আৰু আমি ইয়াত আমাৰ শিশুসকলৰ বাবে নৱপ্ৰৱৰ্তক আৰু নিয়োজনৰ নিৰ্মাতাৰ বাবে সমগ্ৰ ভাৰতত ২৪০০ টিংকাৰিং প্ৰয়োগশালা মুকলি কৰিছোঁ৷ আজিৰ প্ৰদৰ্শনীত এনেকুৱা এক প্ৰয়োগশালাৰ পৰা আহিছে৷

    সপ্তমত, ভাৰত অনাগত দুটা দশকত বিশ্বত নগৰীকৰণৰ সকলোতকৈ ডাঙৰ ঢৌ অনুভূত কৰিব৷ এয়া এক প্ৰত্যাহ্বান লগতে এটা বৃহৎ দায়িত্ব তথা অৱকাশো৷ আমি ১০০খন নগৰত স্মাৰ্ট চিটীলৈ পৰিৱৰ্তন কৰিবলৈ আৰু ১১৫ প্ৰত্যাশী জিলাক প্ৰগতিৰ নতুন কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰাৰ বাবে কাম কৰি আছোঁ৷ ঘন ট্ৰেনজিট, অপশিষ্ট প্ৰৱন্ধন, প্ৰদূষণ নিয়ন্ত্ৰণ, বহনক্ষম আৱাস আৰু লাভজনক আৱাস আমাৰ বাবে মৌলিক কাৰ্যক্ৰম৷

    অষ্টমতে, আমি নিজৰ ৮০০ মিলিয়ন যুৱ প্ৰজন্মক গৰিমা আৰু সুবিধাৰ জীৱনৰ প্ৰদান কৰাৰ বাবে কৌশলত বিনিয়োগ কৰিছে আৰু উচ্চ শিক্ষাৰ গুণগতমান বৃদ্ধই কৰি আছোঁ৷ ছিংগাপুৰৰ পৰা শিকাৰ সৈতে আমি কৌশল বিকাশৰ উন্নত সংস্থান স্থাপিত কৰি আছোঁ আৰু এই বিত্তীয় বৰ্ষত আমি নিজৰ উচ্চ শিক্ষাৰ প্ৰণালী আৰু অধিক শক্তিশালী কৰাৰ বাবে ১৫ নিযুত আমেৰিকান ডলাৰৰ কাম আৰম্ভ কৰিছোঁ৷

    নৱমতে, কৃষি ক্ষেত্ৰই প্ৰাথমিক স্তৰ প্ৰাপ্ত কৰিছে, যি বহু দশক পূৰ্বে স্বতন্ত্ৰতাৰ পৰা হোৱাই নাছিল৷ আমাৰ উদ্দেশ্য হল ২০২২ চন পৰ্যন্ত কৃষকৰ উপাৰ্জন দুগুণ কৰা, যেতিয়া স্বতন্ত্ৰ ভাৰতে ৭৫ বৰ্ষ পূৰ্ণ কৰিব তেতিয়া নতুন ভাৰতৰ জন্ম হব৷ ইয়াৰ বাবে আমি প্ৰদ্যোগিকী, ৰিমোট ছেচিং, ইণ্টাৰনেট, ডিজিটেল বিত্তীয় প্ৰণালী, ফ্ট ক্ৰেডিট, বীমা, মুদ্ৰা স্বাস্থ্য সংশোধন, সিঞ্চন, মূল্য নিৰ্ধাৰণ আৰু সংযোগীকৰণৰ ব্যৱহাৰ কৰি আছোঁ৷

    দশমতে, আমি বিচাৰিছোঁ যে প্ৰত্যেক নাগৰিকে ২০২২ চন পৰ্যন্ত আৰামত থাকিবলৈৰ আনন্দ প্ৰাপ্ত কৰক৷ উদাহৰণস্বৰূপে, ইয়াৰ অৰ্থ হল ৫০০ লাখ নতুন ঘৰ নিৰ্মাণ কৰা যাতে ২০২২ চনত মূৰৰ ওপৰত একোখন চাঁদ উপলব্ধ হয়৷ যোৱা মাহত আমি এক নতুন উপলব্ধি প্ৰাপ্ত কৰিলো৷ আমাৰ ৬০০ হাজাৰ গাঁৱৰ প্ৰত্যেকে এতিয়া বিদ্যুৎ গ্ৰীদৰ সৈতে জড়িত আছে৷ আমি প্ৰত্যেক ঘৰৰ সৈতে বিদ্যুৎৰ সংযোগ প্ৰদানৰ বাবে কাম কৰি আছোঁ৷ আমি এইটো বৰ্ষতে আয়ুষ্মান ভাৰত নামৰ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা আৰম্ভ কৰিছোঁ৷ ইয়াত ৮০ লাখ আমেৰিকান ডলাৰৰ বাৰ্ষিক ব্যাপ্ততাৰ সৈতে ১০০ মিলিয়ন পৰিয়াল অথবা ৫০০ মিলিয়ন ভাৰতীয় অন্তৰ্ভুক্ত হব৷ এয়া বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ স্বাস্থ্য শুশ্ৰূষাৰ যোজনা৷ জীৱনৰ গুণগততা স্বচ্ছ আৰু বহনক্ষম বিকাশৰ সৈতে সংযোজিত হৈ আছে৷ এয়া আমাৰ মুখ্য লক্ষ্যসমূহৰ ভিতৰত অন্যতম এটা৷ এয়া আমাৰ পৰম্পৰা আৰু নিজৰ গ্ৰহৰ ভৱিষ্যতৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিত নিহিত আছে আৰু এয়া ভাৰতত সাৰ্বজনিক নীতি আৰু আৰ্থিক বিকল্পৰ প্ৰত্যেক পদক্ষেপক সূচীত কৰে৷ ইয়াত স্বচ্ছ ভাৰত, স্বচ্ছ নদী, স্বচ্ছ বতাহ আৰু স্বচ্ছ নগৰৰ আমাৰ অভিযান অন্তৰ্ভুক্ত হৈ আছে আৰু এয়া সকলো পৰিৱৰ্তন এক আৰু কেৱল এটা কাৰণতেই হৈ আছে; সেয়া হল আমাৰ জনসাধাৰণ৷ ৩৫ বৰ্ষতকৈ কম বয়সৰ ৬৫% জনসংখ্যাৰ সৈতে ১.২৫ নিযুত লোকৰ দেশ, পৰিৱৰ্তনৰ বাবে উৎসুক হৈ আছে আৰু এখন নতুন ভাৰত প্ৰাপ্ত কৰাৰ বাবে আশ্বস্ত হৈ আছে৷ এয়া শাসন আৰু ৰাজনীতিলৈও পৰিৱৰ্তন আনিছে৷

    বন্ধুসকল, ভাৰতত আৰ্থিক উত্তৰণৰ গতি আৰু দিশ সন্দৰ্ভত পূৰ্ণ স্পষ্টতা আৰু বিশ্বাস আছে৷ আমি ভাৰতত ব্যৱসায় কৰাটো সহজ আৰু সুবিধাজনক কৰি তুলিম৷ আমি এক মুক্ত, স্থিৰ আৰু নিৰপেক্ষ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় ব্যৱস্থাৰ বাবে কাম কৰিম আৰু আমাৰ পূব দিশৰ পৰা সহযোগিতা অধিক শক্তিশালী হব তথা অৰ্থশাস্ত্ৰ আমাৰ এক ইষ্ট নীতিৰ এক অভিন্ন অংগস্বৰূপ হৈ পৰিব৷ আমি এক ব্যাপক নিৰপেক্ষ, সন্তুলিত চুক্তি প্ৰত্যক্ষ কৰিবলৈ বিচাৰোঁ যি ব্যৱসায় আৰু বিনিময়ৰ গুৰুত্বৰ ওপৰত সকলো ৰাষ্ট্ৰকে ঊৰ্ধমুখী কৰে৷ আমি অলপতে ভাৰত-ছিংগাপুৰ ব্যাপক আৰ্থিক সহযোগিতা চুক্তিৰ সমীক্ষা সম্পূৰ্ণ কৰিলোঁ আৰু আমি এতিয়া ইয়াক উন্নত কৰাৰ বাবে কাম কৰিম৷ ক্ষেত্ৰীয় প্ৰতিযোগিতামূলক আৰ্থিক সহযোগিতাৰ ক্ষীপ্ৰ ফলাফল প্ৰাপ্তিৰ বাবে আমি আছিয়ানৰ সৈতে সকলোতকৈ অধিক কাম কৰিম৷ কিয়নো এই ক্ষেত্ৰৰ সৈতে ভাৰতৰ সহযোগিতা বৃদ্ধি হৈ গৈ আছে, ছিংগাপুৰ আছিয়ান আৰু বিস্তৃত পূব আমাৰ বাবে প্ৰৱেশ দ্বাৰ হব৷ এই বৰ্ষত ছিংগাপুৰৰ অধ্যক্ষতাত আছিয়ানৰ সৈতে ভাৰতৰ সম্বন্ধ আৰু আগুৱাই লৈ যাব৷

    বন্ধুসকল, শেষত ছিংগাপুৰৰ বাবে ভাৰতৰ তুলনাত অন্য কোনো উন্নত অৱকাশ নাই৷ বহুত কম দেশত ভাৰত আৰু ছিংগাপুৰৰ দৰে সামগ্ৰীৰ সাদৃশ্যতা আছে আৰু দুয়োখন দেশৰ বাবে সিমানেই সম্ভাৱনাও আছে৷ আমি নিজৰ সমাজত পৰস্পৰে পৰস্পৰৰ প্ৰতিচ্ছবি দেখোঁ আৰু আমি নিজৰ ক্ষেত্ৰৰ বাবে একেই ভৱিষ্যতৰ কামনা কৰোঁ৷ আমি আইনৰ শাসনৰ ভিত্তিত বিশ্বক অনুসৰণ কৰোঁ, আৰু মুক্ত সমুদ্ৰ আৰু এক স্থিৰ ব্যৱসায় ব্যৱস্থাৰ সৈতে জড়িত৷ ততোধিক, আমাৰ ওচৰত নিকটৱৰ্তী বিশ্বৰ সকলোতকৈ প্ৰতিভাশালী, গতিশীল, পেছাদাৰী আৰু প্ৰতিবদ্ধ ভাৰতীয় প্ৰৱাসী সমুদায় আছে, যাৰ ছিংগাপুৰত থকাৰ বাবে গৰ্ব হয়, যি ভাৰত আৰু ছিংগাপুৰৰ মাজত সাঁকো হোৱাৰ বাবে প্ৰস্তুত৷ ভৱিষ্যৎ অসীমিত অৱকাশৰ এক বিশ্ব৷ এয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি এই অৱকাশৰ পৰা সুবিধা প্ৰাপ্ত কৰাৰ বাবে মহত্বকাংক্ষী আৰু সাহসী হওঁ৷ এই সন্ধিয়াই আমি শুদ্ধ পথত আছোঁ বুলি নিৰ্দেশিত কৰিছে৷ দুয়োটা সিংহই ভৱিষ্যতৰ সৈতে সহযোগিতাৰে খোজ দিব৷

    ধন্যবাদ৷ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ৷

***

AKT/SH/VK/MANN



(Release ID: 1537414) Visitor Counter : 119