কেবিনেট

ঝাৰখণ্ডৰ দেওগড়ত নতুন এইমছ স্থাপনৰ বাবে কেবিনেটৰ অনুমোদন

Posted On: 16 MAY 2018 3:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ঝাৰখণ্ডৰ দেওগড়ত এখন নতুন সৰ্বভাৰতী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) স্থাপনৰ বাবে অনুমতি প্ৰদান কৰিছে৷ এই প্ৰকল্পটোৰ বাবে ১১০৩ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা কৰা হৈছে আৰু এই এইমছখন প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা (পিএমএছএছৱাই) অধীনত স্থাপন কৰা বুলি প্ৰকাশ কৰা হৈছে৷

বিৱৰণঃ

দেওগড়ৰ এইমছত থাকিবঃ

  • ৭৫০খন বিচনাযুক্ত ট্ৰমা চেণ্টাৰৰ সুবিধাৰ সৈতে এখন চিকিৎসালয়
  • প্ৰতিবৰ্ষতে ১০০ জন এমবিবিএছ শিক্ষাৰ্থী সামৰ্থৰ এখন চিকিৎসা মহাবিদ্যালয়
  • প্ৰতিবৰ্ষতে ৬০ গৰাকী বি.এছচি (নাৰ্ছিং) শিক্ষাৰ্থী সামৰ্থৰ এখন নাৰ্ছিং মহাবিদ্যালয়, নতুন দিল্লীৰ এইমছৰ আৰ্হিত আৱাসিক ভৱন আৰু আনুষংগিক সুবিধা/সেৱা৷
  • ১৫ টা অস্ত্ৰোপচাৰ কক্ষৰ সৈতে ২০ টা স্পেচিয়েলিটী/ছুপাৰ স্পেচিয়েলিটী বিভাগ৷
  • পাৰম্পৰিক চিকিৎসা পদ্ধতি প্ৰদান কৰা ৩০ খন বিচনাযুক্ত আয়ুস বিভাগ

প্ৰভাৱঃ

দেওগড়ত নতুন এইমছ স্থাপনৰ জৰিয়তে জনাসাধাৰণক ছুপাৰ স্পেচিয়েলিটী স্বাস্থ্য সেৱা প্ৰদানৰ উপৰিও অঞ্চলটোত বৃহৎ পৰিমাণৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম) অধীনৰ প্ৰাথমিক আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ বাবে উপলব্ধ ব৷

পৃষ্ঠভূমিঃ

পিএমএছএছৱাইৰ অধীনত ভূৱনেশ্বৰ, ভূপাল, ৰাইপুৰ, জোধপুৰ, হৃষীকেশ আৰু পাটনাত এইমছ স্থাপন হৈছে৷ ৰাইবাৰেলি (উত্তৰ প্ৰদেশ), নাগপুৰ (মহাৰাষ্ট্ৰ), কল্যাণী (পশ্চিম বংগ) আৰু গুণ্টুৰ (অন্ধ্ৰ প্ৰদেশ) মংগলাগিৰিত এইমছ স্থাপনৰ কাম চলি আছে৷ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এইমছ নিৰ্মাণৰ কৰ্মই পুৰস্কাৰ লভিবলৈ সক্ষম হৈছে৷

পৰৱৰ্তী পৰ্যায়ত নিম্নোক্ত স্থানৰ এইমছৰ বাবেও অনুমোদন প্ৰাপ্ত হৈছেঃ

  • ভাটিণ্ডা, পঞ্জাৱ, ২০১৬ চনৰ জুলাইত
  • গুৱাহাটী, অসম, ২০১৭ চনৰ মে
  • হিমাচল প্ৰদেশৰ বিলাসপুৰত, ২০১৮ চনৰ জানুৱাৰীত

 

AKT/VBA/SH/MANN



(Release ID: 1536907) Visitor Counter : 68