প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নানয়াং প্ৰযুক্তি বিশ্ববিদ্যালয় পৰিভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

Posted On: 01 JUN 2018 3:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিংগাপুৰস্থিত নানয়াং প্ৰযুক্তি বিশ্ববিদ্যালয় পৰিভ্ৰমণ কৰে৷

তেওঁ এক মত বিনিময় অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে৷

২১ শতিকাত এছিয়াই সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২১ শতিকাক সাধাৰণতে এছিয়াৰ শতিকা বুলি কোৱা হয়৷ নিজৰ ওপৰত বিশ্বাস ৰখাতো অত্যন্ত আৱশ্যক আৰু এয়া উপলব্ধি কৰিব লাগিব যে এয়া আমাৰ সময়৷ আমি এই সুযোগতে আগুৱাব লাগিব আৰু নেতৃ্ত্ব গ্ৰহণ কৰিব লাগিব বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে উনুকিয়ায় যে শেহতীয়াকৈ তেওঁ চীনৰ ৰাষ্ট্ৰপতি জি ঝিনপিঙক সাক্ষাৎ কৰোতে এখন দস্তাবেজ দিছিল, য’ত উল্লেখ আছিল যে বিগত ২০০০ বছৰৰ ভিতৰত ১৬০০ বছৰৰ গোলকীয় জিডিপিত ভাৰত আৰু চীনে যৌথভাৱে ৫০ শতাংশতকৈ অধিক অৰিহণা আগবঢ়াইছে৷ তদুপৰি, এয়া কোনো সংঘাত নোহোৱাকৈ সম্ভৱ হৈছিল৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সংঘাত  অবিহনে আমি যোগাযোগ ব্যৱস্থাৰ উন্নীকৰণত মনোনিৱেশ কৰা উচিত৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সু্প্ৰশাসনত মহাকাশ প্ৰযুক্তিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ইয়ে সাধাৰণ নাগৰিকৰ জীৱনলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে৷

পৰম্পৰা আৰু গোলকীকৰণৰ মাজত ভাৰসাম্য সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন উদ্ভাৱন, নৈতিকতা আৰু মানৱীয় প্ৰমূল্যবোধৰ ভিত্তিত প্ৰাচীন কালৰে পৰা মানুহে প্ৰগতিৰ পথেৰে আগুৱাইছে৷ তেওঁ কয় যে প্ৰযুক্তিয়ে মানুহৰ সৃষ্টিশীলতাক সহযোগ কৰিছে৷

চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ সময়ছোৱাত সৰ্বব্যাপী বিকাশ নিশ্চিত কৰা সন্দৰ্ভত মত ব্যক্তি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যৱধানৰ অৰ্থ বিনাশ নহয়৷ প্ৰযুক্তিয়ে মানুহক সৱল কৰে আৰু প্ৰযুক্তি-চালিত সমাজে সামাজিক ব্যাধি নাশ কৰে৷ প্ৰযুক্তি সুলভ আৰু ব্যৱহাৰ উপযোগী হ’ব লাগে৷ তেওঁ উল্লেখ  কৰে যে এসময়ত মানুহে কম্পিউটাৰক লৈ আশংকা প্ৰকাশ কৰিছিল কিন্তু এতিয়া কম্পিউটাৰে আমাৰ জীৱন সলনি কৰাত সহায় কৰিছে৷

***

AKT/HS/MS



(Release ID: 1535743) Visitor Counter : 58