কেবিনেট

দ্রুত আৰু স্বচ্ছ পদ্ধতিৰে তুৰ্কীৰ পৰা আফুগুটি ব্যৱসায়ৰ সন্দৰ্ভত ভাৰত আৰু তুৰ্কীৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন

Posted On: 23 MAY 2018 3:53PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটে ভাৰত আৰু তুৰ্কীৰ মাজত আফুগুটি দ্রুত আৰু স্বচ্ছ পদ্ধতিৰে আফুগুটি ব্যৱসায়ৰ সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনাইছে।

 

বিৱৰণঃ
 

এই বুজাবুজি চুক্তি অনুসৰি-

 

১) তুৰ্কীৰ শস্য পৰিষদে তুৰ্কীৰ পৰা ভাৰতলৈ আফুগুটি ৰপ্তানি নিয়ন্ত্রনত এটি অনলাইন ব্যৱস্থাৰ প্রচলন কৰিবএই অনলাইন ব্যৱস্থাৰ সদস্যপদৰ বাবে ৰপ্তানিকাৰক কোম্পানীসমূহে দায়িত্বপ্রাপ্ত সংগঠনৰ জৰিয়তে আবেদন জনাব

 

২) প্রতি বছৰে কিমান পৰিমানৰ আফুগুটি ভাৰতে তুৰ্কীৰ পৰা আমদানি কৰিব, সেয়া দুয়ো দেশৰ চৰকাৰৰ মাজৰ আলোচনাৰ ভিত্তিতে থিৰাং কৰা হব।

 

৩) তুৰ্কীৰ ৰপ্তানিকাৰক আৰু ভাৰতৰ আমদানিকাৰক কোম্পানীসমূহৰ মাজত বিক্রী সম্পৰ্কীয় চুক্তি তুৰ্কীৰ শস্য পৰিষদে অনলাইন ব্যৱস্থাৰ মাধ্যমত নথিভুক্তি হোৱাৰ পাছত লেনদেনৰ কাম হব।

 

৪) প্রতি বছৰে উভয় পক্ষৰ আমদানি-ৰপ্তানিৰ পৰিমান নির্ধাৰন কৰিব

 

৫) ভাৰত চৰকাৰৰ বিত্ত মন্ত্রালয়ৰ নীতি নির্দেশনা অনুসৰি তুৰ্কীৰ শস্য পৰিষদৰ অনলাইন ব্যৱস্থাৰ পৰা প্রাপ্ত তথ্য অনুসৰি চেণ্ট্ৰেল ব্যুৰ অৱ নাৰকোটিক্সে আফুগুটি বিক্রী সম্পৰ্কীয় চুক্তিসমূহ নথিভুক্ত কৰিবাছত এই সম্পৰ্কে বিস্তৃত তথ্য অনলাইনত দিয়া হব। ভাৰতৰ চেণ্ট্ৰেল ব্যুৰ অৱ নাৰকোটিক্সৰ অনুমোদিত চুক্তিসমূহে কেৱল তুৰ্কীৰ শস্য পৰিষদক ৰূপায়ণৰ অনুমতি দিব

 

৬) বিক্রী সম্পৰ্কীয় চুক্তি আৰু অন্যান্য প্রয়োজনীয় পদক্ষেপ গ্ৰহণৰ পাচত তুৰ্কীৰ শস্য পৰিষদে ৰপ্তানিকাৰকক এই সংম্পৰ্কীয় এখন বৈধ প্ৰমানপত্ৰ প্রদান কৰিব

 

এই বুজাবুজি চুক্তিৰ জৰিয়তে তুৰ্কীৰ পৰা নির্দিষ্ট নিয়ম মানি দ্রুত আৰু স্বচ্ছ পদ্ধতিৰে ভাৰতলৈ আফুগুটি আমাদানি কৰা সম্ভৱ হব। আইনী জটিলতাত আমদানিত বিলম্ব ব্যৱস্থা এৰি চলাতো সম্ভৱ হব। এই বুজাবুজি চুক্তি ৰূপায়ণৰ ফলত ভাৰতৰ আভ্যন্তৰীণ বজাৰত আফুগুটিৰ যোগান নিশ্চিত হব আৰু ভাৰতীয় গ্রাহকসকল ইয়াৰ দ্বাৰা উপকৃত হব।

*****

AKT/VBA/SH/DB



(Release ID: 1535710) Visitor Counter : 88