কেবিনেট

কেবিনেটে ভাৰত আৰু ফ্ৰান্সৰ মাজত বহনক্ষম নগৰৰ বিকাশ ক্ষেত্ৰত প্ৰযুক্তিগত সহিযোগিতাৰ চুক্তিত অনুমোদন প্ৰদান কৰে

Posted On: 06 JUN 2018 3:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক মাৰ্চ, ২০১৮ত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ বহনক্ষম নগৰ বিকাশৰ ক্ষেত্ৰত হোৱা চুক্তিৰ বিষয়ে জ্ঞাত কৰা হয়৷ এই চুক্তি ৫ বছৰৰ বাবে প্ৰণয়ন হব৷

বিৱৰণঃ

এই চুক্তিৰ উদ্দেশ্য স্মাৰ্ট চিটী, নগৰ সাৰ্বজনিক পৰিবহণ প্ৰণালীৰ বিকাশ, নগৰ ব্যৱস্থা আৰু সুবিধা (জল প্ৰদান আৰু নদৰ্মা), আৱৰ্জনাৰ ব্যৱস্থাপনা, ৰাজহবিহীন পানীৰ ব্যৱস্থাপনা, পানীৰ দ্বিতীয়বাৰ প্ৰয়োগ আৰু ৰিচাইক্লিং, প্ৰযুক্তিগত পৰিৱৰ্তন, জলস্তৰত কৃত্ৰিম উপায়ে সতেজ পানীৰ পূৰ্তিকৰণ, বৃত্তীয় অৰ্থব্যৱস্থা, সামূহিক আৱাস, পৰিৱেশ অনুকূল আৱাস, নগৰ পৰিকল্পনা, উত্তৰাধিকাৰ, মানৱ সংসাধনৰ বিকাশ, ক্ষমতা নিৰ্মাণ আৰু দুয়োপক্ষৰ নিজা সহমতিৰে জড়িত অন্য ক্ষেত্ৰত প্ৰযুক্তিত সহযোগিতাক উৎসাহ প্ৰদান কৰা৷

প্ৰণয়ন কৌশলঃ

এই চুক্তিৰ অন্তৰ্গত সহযোগিতাৰ ওপৰত কাৰ্যাৱলীৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ তথা প্ৰণয়নৰ বাবে ইয়াৰ আন্তঃগাঁথনিৰ অন্তৰ্গত যৌথ কৰ্ম গোট (জেডব্লিউজি) গঠন কৰা হব৷ যৌথ কৰ্ম গোটৰ বছৰত এবাৰকৈ বৈঠক বহিব যি পৰ্যায়ক্ৰমে ভাৰত আৰু ফ্ৰান্সত আয়োজিত হব৷

মুখ্য প্ৰভাৱঃ

এই চুক্তিৰ দ্বাৰা দুয়োখন দেশৰ মাজত বহনক্ষম নগৰ বিকাশৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ উত্তৰণ হব৷

হিতাধিকাৰীঃ

এই চুক্তিৰ দ্বাৰা স্মাৰ্ট চিটী, নগৰ সাৰ্বজনিক পৰিবহণ প্ৰণালীৰ বিকাশ, নগৰ ব্যৱস্থা আৰু সুবিধা (জল প্ৰদান আৰু নদৰ্মা), আৱৰ্জনাৰ ব্যৱস্থাপনা, ৰাজহবিহীন পানীৰ ব্যৱস্থাপনা, পানীৰ দ্বিতীয়বাৰ প্ৰয়োগ আৰু ৰিচাইক্লিং, প্ৰযুক্তিগত পৰিৱৰ্তন, জলস্তৰত কৃত্ৰিম উপায়ে সতেজ পানীৰ পূৰ্তিকৰণ, বৃত্তীয় অৰ্থব্যৱস্থা, সামূহিক আৱাস, পৰিৱেশ অনুকূল আৱাস, নগৰ পৰিকল্পনা, উত্তৰাধিকাৰ আদি ক্ষেত্ৰত নিয়োজনৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷

*****

AKT/VBA/SH/MANN



(Release ID: 1535420) Visitor Counter : 78