প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সমগ্ৰ দেশতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

Posted On: 05 JUN 2018 2:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশতে ভিডিঅব্ৰীজযোগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে৷ এইটোকে ধৰি তৃতীয় বাৰলৈ প্ৰধানমন্ত্ৰীয়ে চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅব্ৰীজযোগে বাৰ্তালাপ কৰিলে৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰি সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনেধৰণৰ আলোচনাৰ জৰিয়তে আঁচনিৰ বিভিন্ন দিশসমূহ তথা উত্তৰণ কৰিবলগীয়া দিশসমূহৰ বিষয়েও জানিব পাৰি৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা কেৱল ইটা আৰু মৰ্টাৰৰ সৈতে জড়িত নহয়, ই উন্নত গুণগতমানৰ জীৱন প্ৰদান কৰাৰ লগতে সপোনসমূহো পূৰণ কৰে৷

হিতাধিকাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৪টা বছৰত চৰকাৰে সকলোকে গৃহ প্ৰদানৰ বাবে মিছন মড পদক্ষেপ গ্ৰহণ কৰিছে৷ চৰকাৰে ২০২২ চনত যেতিয়া স্বাধীনতাৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হ, সেই সময়ৰ ভিতৰত প্ৰত্যেক ভাৰতীয়ৰে যাতে নিজাকৈ একোটা ঘৰ হয়, তাৰ নিশ্চয়তা প্ৰদানৰ বাবে কাম কৰি আছে৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰে গ্ৰামাঞ্চলত প্ৰায় তিনি কোটি আৰু নগৰাঞ্চলত এক কোটি গৃহ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ এতিয়ালৈ চৰকাৰে নগৰাঞ্চলত ৪৭ লাখতকৈ অধিক গৃহ নিৰ্মাণৰ অনুমোদন প্ৰদান কৰিছে যি পূৰ্বৰ চৰকাৰৰ ১০ বছৰীয়া শাসন কালৰ অনুমোদনতকৈ চাৰি গুণ অধিক৷ ঠিক সেইদৰে পূৰ্বৰ চৰকাৰৰ শেহতীয়া চাৰি বছৰৰ ২৫ লাখ অনুমোদনৰ তুলনাতা গ্ৰামাঞ্চলত এক কোটিতকৈও অধিক গৃহ নিৰ্মাণৰ অনুমোদন প্ৰদান কৰা হৈছে৷

বৰ্তমানৰ চৰকাৰৰ পিএমএৱাইত অনা পৰিৱৰ্তনক গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গৃহসমূহৰ আকাৰ ২০ বৰ্গ মিটাৰৰ পৰা ২৫ বৰ্গ মিটাৰলৈ বৃদ্ধি কৰা হৈছে৷ তাৰোপৰি পূৰ্বৰ ৭০,০০০ টকা-৭৫,০০০ টকাৰ বিত্তীয় সাহায্য আৱণ্টনৰ বিপৰীতে ১,২৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷

বাৰ্তালাপৰ সময়চোৱাত, প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা নাগৰিকসকলৰ সন্মানৰ সৈতে জড়িত আৰু যোজনাটোৰ মূল উদ্দেশ্য হল যাতে অধিক সংখ্যক মহিলা, দিব্যাংগ ভাতৃ-ভগ্নীসকল, এছচি, এছটি, বিচি আৰু সংখ্যালঘূ সম্প্ৰদায়ৰ লোকে ইয়াৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে৷

হিতাধিকাৰীসকলৰ সৈতে সংবদ্ধ হৈ প্ৰধানমন্ত্ৰীয়ে কয় যে পিএমএৱাইয়ে সকলোৰে বাবে নিয়োজনৰ সুবিধাৰ সৃষ্টি কৰিছে৷ আঁচনিটোক শক্তিশালী কৰিবলৈ চৰকাৰে ঘৰসমূহৰ ক্ষীপ্ৰ আৰু গুণগত নিৰ্মাণৰ বাবে দক্ষতা উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে৷ ইয়াৰ অংশ হিচাপে চৰকাৰে এক লাখ ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ প্ৰদানৰ কাম আৰম্ভ কৰিছে৷ তাৰোপৰি চৰকাৰে কিছুমান ৰাজ্যত মহিলা মিস্ত্ৰীকো প্ৰশিক্ষণ প্ৰদান কৰি মহিলা সৱলীকৰণ বৃদ্ধি কৰিছে৷

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি হিতাধিকাৰীসকলে ঘৰৰ মালিকীস্বত্ব প্ৰাপ্তিৰ সন্তোষ প্ৰকাশ কৰে, যি তেওঁলোকৰ বাবে সদায়েই এটা সপোন আছিল৷ ইয়াৰ জৰিয়তে তেওঁলোকৰ জীৱন পৰিৱৰ্তন হোৱা তথা জীৱনৰ গুণগততা বৃদ্ধি পোৱাৰ বিষয়েও উল্লেখ কৰে৷

*****

AKT/HS/MANN



(Release ID: 1534855) Visitor Counter : 59