প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৫ মে’ত পশ্চিমবংগ আৰু ঝাৰখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 24 MAY 2018 5:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ মেত পশ্চিমবংগ আৰু ঝাৰখণ্ড ভ্ৰমণ কৰিব।

তেওঁ শান্তি নিকেতনত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিবতেওঁ ভাৰত-বাংলাদেশৰ সাংস্কৃতিক সম্পৰ্কৰ প্ৰতীক হিচাপে শান্তি নিকেতনত বাংলাদেশ ভৱনো উদ্বোধন কৰিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনা দুয়োটা অনুষ্ঠানতে উপস্থিত থাকিব।

ঝাৰখণ্ডত প্ৰধানমন্ত্ৰীয়ে ছিন্দৰীৰ এক অনুষ্ঠানত ভাৰত চৰকাৰ আৰু ঝাৰখণ্ড চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। সেইবোৰ ভিতৰতঃ

· হিন্দুস্থান উৰ্বৰক আৰু ৰসায়ন লিমিটেডৰ অধীনস্থ ছিন্দৰী সাৰ প্ৰকল্পৰ পুনৰুত্থান।

· গেইলৰ ৰাঁচী চহৰ গেছ বিতৰণ প্ৰকল্প

· সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান(এইমছ), দেওঘৰ

· দেওঘৰ বিমানবন্দৰৰ উন্নয়ন

· পট্ৰাটু ছুপাৰ থাৰ্মেল শক্তি প্ৰকল্প (x৮০০ মেগাৱাট)

তেওঁ জন ঔষধি কেন্দ্ৰৰ বাবে বুজাবুজি চুক্তি বিনিময় অনুষ্ঠানতো উপস্থিত থাকিব।

প্ৰধানমন্ত্ৰীয়ে এখন ৰাজহুৱা সভাতো ভাষণ আগবঢ়াব।

পাছত প্ৰধানমন্ত্ৰীয়ে ৰাঁচীত ঝাৰখণ্ডৰ ৰূপান্তৰশীল জিলাৰ উপায়ুক্তসকলৰ সৈতে মত বিনিময় কৰিব।

*****

AKT/VJ/BM/DB



(Release ID: 1533943) Visitor Counter : 41