প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৱাৰাণসীত নিৰ্মীয়মান উৰণীয়া সেতু খহি মৃত্যুবৰণ কৰা লোকসকলৰ পৰিয়াললৈ আৰ্থিক অনুদান ঘোষণা প্ৰধানমন্ত্ৰীৰ

Posted On: 16 MAY 2018 9:11PM by PIB Guwahati

ৱাৰাণসীত যোৱা ১৫ মে’,২০১৮ত এখন নিৰ্মীয়মান উৰণীয়া সেতু খহি মৃত্যুবৰণ কৰা লোকসকলৰ পৰিয়ালবৰ্গলৈ প্ৰধানমন্ত্ৰীয়ে ২লাখকৈ টকাৰ অনুদান আগবঢ়াইছে৷ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এই অনুদান আগবঢ়োৱা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে লগতে দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত প্ৰতিগৰাকী ব্যক্তিলৈ ৫০,০০০ টকাৰ অনুদানো ঘোষণা কৰে৷

***

AKT/SH/MS



(Release ID: 1532503) Visitor Counter : 91