কেবিনেট

ভাৰতীয় সংবিধানৰ পঞ্চম অনুসূচীৰ অধীনত ৰাজস্থানৰ একাংশ এলেকা অনুসূচিত শ্ৰেণীৰ লোকৰ অধ্যূষিত স্থান হিচাপে ঘোষণা কৰিবলৈ কেবিনেটৰ অনুমোদন

Posted On: 25 APR 2018 1:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতীয় সংবিধানৰ পঞ্চম অনুসূচীৰ অধীনত ১৯৮১চনৰ ১২ ফেব্ৰুৱাৰীত ঘোষিত ১১৪নং সাংবিধানিক আদেশৰ সংশোধনৰ সমান্তৰালভাৱে নতুন সাংবিধানিক আদেশৰ ভিত্তিত ৰাজস্থানৰ একাংশ এলেকা অনুসূচিত শ্ৰেণীৰ লোকৰ অধ্যূষিত স্থান হিচাপে ঘোষণা কৰিবলৈ অনুমোদন জনায়।

নতুন সাংবিধানিক আদেশে ৰাজস্থানৰ অনুসূচিত জনজাতি লোকসকলক ভাৰতীয় সংবিধানৰ পঞ্চম অনুসূচীৰ অধীনৰ সকলো সুবিধা ভোগ কৰাটো নিশ্চিত কৰিব।

ৰাজস্থান চৰকাৰে ভাৰতীয় সংবিধানৰ পঞ্চম অনুসুচীৰ অধীনত ৰাজ্যখনৰ সূচীভূক্ত এলেকা সম্প্ৰসাৰণ সম্পৰ্কীয় ঘোষণাৰ বাবে অনুৰোধ জনাইছিল।

সুফলভোগ কৰিবলগীয়া অঞ্চলসমূহঃ

ভাৰতীয় সংবিধানৰ পঞ্চম অনুসূচীৰ অধীনত সুৰক্ষাজনিত সুবিধা উপভোগ কৰিবলগীয়া অনুসূচিত জনজাতি লোকৰ বসতিপ্ৰধান অঞ্চলবোৰৰ ভিতৰত বাংশৱাৰা, দুৰ্গাপূৰ, প্ৰতাপগড় আৰু উদয়পুৰৰ একাংশ, ৰাজস্থান, চিট্টোৰগড়, পালি, আৰু ৰাজস্থানৰ চিৰোহী জিলাৰ এলেকা অন্যতম।

এই এলেকাত তিনিখন সম্পূৰ্ণ জিলা ক্ৰমে-বাংশৱাৰা, দুৰ্গাপূৰ, প্ৰতাপগড়ঃ ৯টা সম্পূৰ্ণ তহচিল, ১টা সম্পূৰ্ণ খণ্ড আৰু উদয়পুৰ, ৰাজছামণ্ড, চিত্তোৰগড়, পালি আৰু ৰাজস্থানৰ চিৰোহী জিলাৰ ৪৬খন সম্পূৰ্ণ গাঁও পঞ্চায়ত এলেকা অন্তৰ্ভূক্ত আছে।

এই অনুসূচিত এলেকাসমূহ সম্প্ৰসাৰণৰ সন্দৰ্ভত কৰিবলগীয়া ঘোষণাৰ বাবদ কোনো ধৰণৰ অতিৰিক্ত পুঁজি ব্যয় নহয়।

উল্লেখ্য যে ১৯৫০ চনত প্ৰথম সূচীভূক্ত এলেকাৰ সন্দৰ্ভত জাননী জাৰি কৰা হৈছিল। ১৯৮১ চনত ৰাজস্থানৰ বাবে সূচীভূক্ত এলেকাৰ সাংবিধানিক আদেশ জাৰি কৰা হয়। নতুন জিলা গঠন আৰু ২০১১ চনৰ লোকপ্ৰিয়লৰ ভিত্তিত অনুসূচিত জনজাতি লোকৰ জনসাংখ্যিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ৰাজস্থান চৰকাৰে ৰাজ্যখনৰ অনুসূচিত জনজাতি অধ্যূষিত এলেকা সম্প্ৰসাৰণৰ বাবে অনুৰোধ জনাইছিল।

*****

AKT/VBA/SH/DB



(Release ID: 1530775) Visitor Counter : 243