প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লণ্ডনত অনুষ্ঠিত ভাৰত কী বাত সবকে সাথ অনুষ্ঠানত সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ কিয়দংশ

Posted On: 19 APR 2018 12:22AM by PIB Guwahati

ব্ৰিটেইনৰ লণ্ডনত অনুষ্ঠিত হোৱা ভাৰত কী বাত সবকে সাথ কাৰ্যসূচীত সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মত বিনিময় কৰে৷ অনুষ্ঠানত তেওঁ অংশগ্ৰহণকাৰীসকলৰ প্ৰশ্নৰ উত্তৰো দিয়ে৷ অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা মত বিনিময়ৰ প্ৰধান অংশ তলত প্ৰদান কৰা হ’লঃ

ৰে’লৱে ষ্টেচন হ’ল মোৰ জীৱনৰ এক স্বৰ্ণিল পৃষ্ঠা যিয়ে মোক জীয়াবলৈ তথা যুঁজিবলৈ শিকালে৷

ৰে’লৱে ষ্টেচনৰ ব্যক্তিজন আছিল নৰেন্দ্ৰ মোদী৷ লণ্ডনৰ ৰ’য়েল পেলেচৰ ব্যক্তিজন হ’ল ১২৫ কোটি ভাৰতীয়ৰ সেৱক৷

ৰে’লৱে ষ্টেচনৰ জীৱনে মোক বহু কথা শিকাইছিল৷ এয়া মোৰ ব্যক্তিগত সংঘৰ্ষ আছিল৷ যেতিয়া আপোনালোকে ৰ’য়েল পেলেচ বুলি কৈছিল, এয়া মোৰ বিষয়ে নহয়, এয়া ভাৰতৰ ১২৫ কোটি ভাৰতীয়ৰ বাবে৷

‘অধীৰাগ্ৰহ’ বেয়া কথা নহয়৷ যদি এজন ব্যক্তিৰ চাইকেল আছে, ব্যক্তিজনে স্কুটাৰ বিচাৰিব৷ যদি এজন ব্যক্তিৰ স্কুটাৰ আছে, তেন্তে তেওঁ গাড়ী বিচাৰিব৷ এয়া প্ৰত্যাশাৰ প্ৰকৃতি৷ ভাৰতো বৰ্তমানে প্ৰত্যাশী হৈ উঠিছে৷

যেতিয়া সন্তোষৰ ভাব উৎপন্ন হ’ব, জীৱনৰ উন্নতি নহয়৷ প্ৰতিটো বয়স, প্ৰতিটো যুগতে কিবা নহয় কিবা এটা পোৱাৰ প্ৰত্যাশা হয়৷ আবেগ থকাটো প্ৰয়োজনীয়…মই সুখী যে আজি ১২৫ কোটি লোকৰ মনত এক উৎসাহ, আশা আৰু সংকল্পৰ ভাব উৎপন্ন হৈছে আৰু জনসাধাৰণে মোৰ পৰা প্ৰত্যাশা বিচাৰিছে৷

মই ইতিহাসৰ গ্ৰন্থত স্থান লাভ কৰাৰ উদ্দেশ্যে জন্ম গ্ৰহণ কৰা নাছিলোঁ৷ মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ-আমাৰ দেশক স্মৰণ কৰক, মোদীক নহয়৷ মই আপোনালোকৰ দৰেই ভাৰতৰ এজন সাধাৰণ নাগৰিক৷

হয়, জনসাধাৰণে আমাৰ পৰা বহু প্ৰত্যাশা কৰে কাৰণ তেওঁলোকে জানে যে আমি প্ৰদান কৰিব পাৰোঁ৷ জনসাধাৰণে জানে যে যেতিয়া তেওঁলোকে কিবা কয়, চৰকাৰে সেয়া শুনিব আৰু সেইমতে কাম কৰিব৷

জনসাধাৰণে মোৰ পৰা এই কাৰণেই প্ৰত্যাশা কৰে কিয়নো তেওঁলোকৰ বিশ্বাস যে মই সেয়া নিশ্চয় কৰি দেখুৱাম৷

অধীৰাগ্ৰহ মোৰ বাবে শক্তি আৰু যেতিয়া আপুনি ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’ৰ সংকল্প লৈ আগবাঢ়ে, তেতিয়া নিৰাশাৰ প্ৰশ্ন নাহে৷

তেতিয়া আৰু এতিয়াৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য আছে কাৰণ যেতিয়া নীতি স্পষ্ট হ’ব, উদ্দেশ্য পৰিষ্কাৰ হ’ব আৰু মনোবাঞ্চা পবিত্ৰ হ’ব তেতিয়া সেই ব্যৱস্থাৰ সৈতে আপুনি ঈপ্সিত পৰিণাম প্ৰাপ্ত কৰিব পাৰে৷

স্বাধীনতাৰ যুদ্ধৰ সময়ত মহাত্মা গান্ধীয়ে কিছুমান ভিন্ন কাম কৰিছিল৷ তেওঁ স্বাধীনতা সংগ্ৰামক জন আন্দোলনলৈ পৰিৱৰ্তন কৰিছিল৷ তেওঁ প্ৰত্যেক মানুহকে কৈছিল যে আপোনালোকে যি কাম কৰিব সেয়াই ভাৰতৰ স্বাধীনতাত অৰিহণা প্ৰদান কৰিব৷

আজি বিকাশক জন আন্দোলনলৈ পৰিৱৰ্তন কৰাৰ সময় আহি পৰিছে৷ অংশীদাৰীত্বৰ গণতন্ত্ৰই ভাল শাসন সম্ভৱপৰ কৰি তোলে৷

গণতন্ত্ৰ কোনো ঠিকাভিত্তিক চুক্তি নহয়, এয়া অংশীদাৰীত্বৰ কাম; জনতা-জনাৰ্দনৰ ওচৰত অপৰিসীম শক্তি আছে আৰু তাৰ ওপৰত যিমানেই বিশ্বাস হ’ব সিমানেই তাৰ পৰিণাম দেখিবলৈ পোৱা যাব৷

ভাৰতৰ ইতিহাসলৈ চাওক৷ ভাৰতে কেতিয়াও কাৰো স্থানৰ লিপ্সা কৰা নাই৷ প্ৰথম আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমাৰ কোনো অংশীদাৰীত্ব নাছিল কিন্তু আমাৰ সৈন্যসকলে যুদ্ধত অংশগ্ৰহণ কৰিছিল৷ এয়া এক মহান ত্যাগ আছিল৷ ৰাষ্ট্ৰসংঘৰ শান্তিকামী শক্তিত আমাৰ ভূমিকা চাওক৷

আমি শান্তিত বিশ্বাস কৰোঁ৷ কিন্তু সন্ত্ৰাসবাদ ৰপ্তানিকাৰীসকলক আমি সহ্য নকৰোঁ৷ আমি তেওঁলোকে বুজি পোৱা ভাষাত ঘূৰাই শক্তিশালী প্ৰত্যুত্তৰ দিম৷ সন্ত্ৰাসবাদ কেতিয়াও গ্ৰহণ কৰা নহ’ব৷ যিসকলে সন্ত্ৰাসবাদ ৰপ্তানি কৰি ভাল পায়, মই তেওঁলোকক ক’ব বিচাৰোঁ যে ভাৰত পৰিৱৰ্তিত হৈছে আৰু তেওঁলোকৰ সন্ত্ৰাস কেতিয়াও সহ্য কৰা নহ’ব৷

দাৰিদ্ৰতা বুজিবলৈ মই কিতাপ পঢ়াৰ প্ৰয়োজন নাই৷ মই দাৰিদ্ৰ জীৱন নিৰ্বাহ কৰি আহিছোঁ৷ দাৰিদ্ৰতা আৰু সমাজৰ পিছ পৰা অংশৰ অন্তৰ্ভুক্ত হোৱাটো কি মই জানো৷ মই দাৰিদ্ৰ, প্ৰান্তৱৰ্তী আৰু পিছপৰা মানুহৰ বাবে কাম কৰিব বিচাৰোঁ৷

১৮,০০০খন গাঁৱত বিজুলী নাছিল৷ বহু মহিলাই শৌচাগাৰলৈ যাব পৰা নাছিল৷ আমাৰ ৰাষ্ট্ৰৰ এই বাস্তৱিকতাই মোৰ নিদ্ৰা হৰিছিল৷ মই ভাৰতীয় দাৰিদ্ৰৰ জীৱনত ধনাত্মক পৰিৱৰ্তন আনিবলৈ সিদ্ধান্ত লৈছিলোঁ৷

মই এজন সাধাৰণ নাগৰিকৰ দৰে একেই৷ আৰু সাধাৰণ লোকৰ থকাৰ দৰেই মোৰো কিছুমান অপূৰ্ণতা আছে৷ মোৰ সঞ্চয় হ’ল-কঠোৰ পৰিশ্ৰম, প্ৰামাণিকতা আৰু ১২৫ কোটি লোকৰ প্ৰেম৷

মই দেশবাসীক প্ৰত্যয় দিয়াইছিলোঁ যে মই ভুল কৰিব পাৰোঁ কিন্তু বেয়া উদ্দেশ্যৰে কেতিয়াও কাম নকৰোঁ৷

আমাৰ মিলিয়ন সংখ্যক সমস্যা আছে কিন্তু সেইসমূহ সমাধান কৰিবলৈ আমাৰ বিলিয়ন সংখ্যক লোক আছে৷

দেশত কল্যাণ কেন্দ্ৰ অথবা প্ৰতিৰোধী স্বাস্থ্য সেৱা স্থাপন হওক, আমি প্ৰত্যেক ভাৰতীয় স্বাস্থ্যৰ বাবে কাম কৰি আছোঁ৷

লণ্ডনত মোৰ আন এটা কাম আছিল ভগৱান বাছেশ্বৰক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা৷ ভগবান বাছেশ্বৰে গণতন্ত্ৰৰ বাবে নিজৰ সমগ্ৰ জীৱন সমৰ্পিত কৰিছিল আৰু সমাজৰ বান্ধোনৰ বাবে অভূতপূৰ্ব কাম কৰিছিল৷ লোকতন্ত্ৰ, সামাজিক চেতনা আৰু নাৰী সশক্তিকৰণৰ বাবে ভগবান বাছেশ্বৰে কৰা প্ৰয়াস আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস৷

আমি এনেকুৱা এটা পৰিৱেশ তন্ত্ৰ নিৰ্মাণ কৰি আছোঁ য’ত সকলোৱে সুবিধা পাব৷

আজি আমি কৃষকৰ কল্যাণৰ বাবে কাম কৰি আছোঁ, লাগিলে সেয়া ২০২২ পৰ্যন্ত কৃষিৰ পৰা হোৱা উপাৰ্জন দুগুণ কৰাই হওক, ইউৰিয়াৰ উপলব্ধতা সহজ হওক অথবা ইউৰিয়াৰ নীম-কাটিঙেই হওক, আমি এক নিশ্চিত লক্ষ্যৰ সৈতে আগবাঢ়ি আছোঁ৷

যিয়েই মাপকাঠি নহওক কিয়, দেশৰ কল্যাণৰ বাবে আমি একোতে কম কৰা নাই৷ এই ১২৫ কোটি ভাৰতীয় মোৰ পৰিয়াল হয়৷

আজি আমি কৃত্ৰিম বুদ্ধিমতাৰ যুগত জীৱন নিৰ্বাহ কৰি আছোঁ আৰু আমি প্ৰযুক্তিৰ পৰা নিলগত থাকিব নোৱাৰোঁ৷

ইজৰাইললৈ যোৱাত ভাৰতীয় প্ৰধানমন্ত্ৰীসকলক কিহে বাধা দিছিল? হয়, মই ইজৰাইললৈ যাম আৰু আনকি পেলেষ্টাইনলৈও যাম৷ মই চৌদি আৰবীয়াৰ সৈতে সহযোগিতা স্থাপন কৰিম আৰু ভাৰতৰ প্ৰয়োজনীয় শক্তিৰ বাবে ইৰাণৰ সৈতে সংবদ্ধতা স্থাপন কৰিম৷

ভাৰতে চকু নমাই অথবা চকু উঠাই কেতিয়াও কথা পতা নাই, ইয়াৰ পৰিৱৰ্তে চকু মিলাই কথা পতাতহে বিশ্বাসী৷

গঠনাত্মক সমালোচনা অবিহনে গণতন্ত্ৰ কেতিয়াও সফল হ’ব নোৱাৰে৷

মই এই চৰকাৰ সমালোচিত হোৱা বিচাৰোঁ৷ সমালোচনাই গণতন্ত্ৰক শক্তিশালী কৰে৷ মোৰ সমস্যা সমালোচনাৰ বিৰুদ্ধে নহয়৷ সমালোচনা কৰিবলৈ গৱেষণা তথা উপযুক্ত সত্য প্ৰাপ্তিৰ প্ৰয়োজন৷ দুখজনক ভাৱে এয়া এতিয়া হোৱা নাই৷ অভিযোগৰ পৰিৱৰ্তে কি হৈছে?

ইতিহাসত মোৰ নাম অংকিত কৰা মোৰ লক্ষ্য নহয়৷ যিদৰে ১২৫ কোটি ভাৰতীয়, মইও ঠিক একেই৷ ইতিহাসৰ বুকুত নাম খোদিত কৰাৰ লক্ষ্যৰে মই জন্ম লোৱা নাছিলো৷ মই সকলোকে অনুৰোধ জনাইছোঁ- আপোনালোকে দেশক মনত ৰাখক, মোদীক নহয়৷ মই আপোনালোক সকলোৰে দৰেই এজন সাধাৰণ ভাৰতীয়৷

***

AKT/HS/MANN



(Release ID: 1529822) Visitor Counter : 85