কেবিনেট
ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ মাজত মুখ্য কাৰ্যালয় (আয়োজক দেশ) চুক্তিৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
11 APR 2018 2:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ মুখ্য কাৰ্যালয়(আয়োজক দেশ)চুক্তি স্বাক্ষৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক কৰ্তৃত্ব প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনায়। ২০১৮ৰ ২৬ মাৰ্চত এই চুক্তিখন স্বাক্ষৰ কৰা হয়।
মুখ্য কাৰ্যালয় চুক্তিখনে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ মাজৰ কাৰ্যকৰী ব্যৱস্থাক আনুষ্ঠানিকতা প্ৰদান কৰিব। আন্তঃৰাষ্ট্ৰীয় আন্তঃ চৰকাৰী সংস্থা হিচাপে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীয়ে সুক্ষ্ম পৰিৱৰ্তন অনাত সহায় কৰিব। আইএছএৰ গঠনে ভাৰতকে ধৰি সংস্থাটোৰ সদস্য ৰাষ্ট্ৰসমূহত সৌৰ প্ৰযুক্তিৰ উন্নয়ন আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা ল’ব।
*****
AKT/VBA/SH/DB
(ৰিলিজ আই ডি : 1528780)
অতিথি কক্ষ : 116