কেবিনেট

যুৱ বিষয়ত সহযোগিতাৰ বাবে ভাৰত আৰু টিউনিছিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনমোদন

Posted On: 07 FEB 2018 8:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে যুৱ বিষয়ত সহযোগিতা প্ৰসাৰৰ বাবে ভাৰত আৰু টিউনিছিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত অনমোদন জনাইছে৷ নতুন দিল্লীত ০৩.১০.২০১৭ত এই চুক্তিখন স্বাক্ষৰিত হৈছিল৷

চুক্তিখনৰ লক্ষ্য হ’ল—ভাৰতীয় যুৱ প্ৰজন্মৰ মাজত আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণ সৃষ্টি কৰা, ধাৰণা, মূল্যবোধ আৰু সংস্কৃতিৰ আদান-প্ৰদানক উদগণি যোগোৱা আৰু যুৱ প্ৰজন্মক শান্তি আৰু সম্প্ৰীতি প্ৰসাৰত জড়িত কৰোৱা৷

বুজাবুজিৰ চুক্তিখন ৫বছৰৰ বাবে প্ৰযোজ্য হ’ব৷ চুক্তিখনৰ অন্তৰ্গত সহযোগিতাৰ দিশসমূহ তলত উল্লেখ কৰা ধৰণৰঃ

         ১.যুৱ বিনিময় অনুষ্ঠান আয়োজন,

    ২. আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু কৰ্মশালালৈ আমন্ত্ৰণৰ বিনিময়৷

 ৩. প্ৰিণ্টেড সামগ্ৰী, ফিল্ম, অভিজ্ঞতা, গৱেষণা আৰু আন তথ্যৰ বিনিময়৷

 ৪. যুৱ শিবিৰ, যুৱ মহোৎসৱ আৰু আন সহযোগিতামূলক যুৱ অনুষ্ঠান, অধ্যয়ন ভ্ৰমণ, যুৱ বিষয়ক সৰু কৰ্মশালা আৰু সন্মিলনত অংশগ্ৰহণ৷

 

***

AKT/VBA/SH/MS



(Release ID: 1528212) Visitor Counter : 67


Read this release in: English , Tamil , Telugu , Kannada