প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰপতি জি জিনপিঙক টেলিফোনযোগে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 20 MAR 2018 5:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ শ্ৰীযুত জি জিনপিঙক টেলিফোনযোগে শুভেচ্ছা জনায়।

২১ শতিকাক এছিয়াৰ শতিকা বুলি অভিহিত কৰি ইয়াৰ বাস্তবায়নৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই দুয়োখন শক্তিশালী দেশৰ দ্ৰুত উত্থান, ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক গুৰুত্বপূৰ্ণ বুলি সহমত পোষণ কৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক লাভালাভ থকা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত সঘনাই আলোচনা কৰাৰ দিশতো একমতত উপনীত হয়।

*****

AKT/KP/DB



(Release ID: 1525908) Visitor Counter : 85


Read this release in: English , Gujarati , Tamil , Telugu