কেবিনেট

পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ অৰ্থে ভাৰত আৰু ইৰাণৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন

Posted On: 14 MAR 2018 7:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ অৰ্থে ভাৰত আৰু ইৰাণৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনায়।

লাভালাভঃ

এই বুজাবুজি চুক্তিয়ে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাক অধিক আগুৱাই নিব। এয়া দুয়ো দেশৰ মিলিত সাংস্কৃতিক ঐতিহ্যৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হব।

পটভূমিঃ

ঔষধি গছকে ধৰি বৈশ্বিক স্বাস্থ্যখণ্ডত অপৰিসীম সম্ভাৱনাৰে পৰিপূৰ্ণ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত ভাৰত অধিক আগবঢ়া।

ভাৰত আৰু ইৰাণৰ মাজত ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰ যথেষ্ট মিল আছে। দুয়োখন দেশৰ বিশাল পৰিসৰৰ জৈৱ-বৈচিত্ৰ আৰু বিৰল প্ৰজাতিৰ ঔষধি গছ আছে, যিবোৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। তদুপৰি, ইৰাণে ভাৰত পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত ভাৰতক এখন প্ৰকৃত আগশাৰীৰ দেশ হিচাপে অভিহিত কৰাৰ লগতে ব্যাপক আৰু শক্তিশালী আন্তঃগাঁথনিৰ লগতে ঔষধ উৎপাদনত অত্যাধূনিক ইউনিট স্থাপনত সহায় কৰিছে।

ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে আয়ুৰ্বেদ, যোগ আৰু নেচাৰথেৰাপী, উনানী, সিদ্ধ, ছোৱা-ৰিগপা আৰু হোমিঅথেৰাপীকে ধৰি পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰচাৰ আৰু বৈশ্বিক মান প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে চীন, মালয়েছিয়া, ত্ৰিনিদাদ আৰু টবেগ, হাংগেৰী, বাংলাদেশ, নেপাল, মৰিচাচ আৰু মংগোলিয়াৰ সৈতে সহযোগিতামুলক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। শ্ৰীলংকাৰ সৈতেও এনে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।

****

AKT/VBA/SH/DB



(Release ID: 1524941) Visitor Counter : 72