প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চাৰিখন ৰাজ্যক ‘মুকলিত শৌচ মুক্ত’ স্থান হিচাপে গঢ়ি তোলাৰ কাম পুনৰীক্ষণ প্ৰধানমন্ত্ৰীৰ

Posted On: 13 MAR 2018 7:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাৰিখন ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা আৰু জম্মু-কাশ্মীৰৰ জিলা প্ৰধান বিষয়া (Collector)সকলৰ সৈতে এক বিশেষ বাৰ্তালাপত মিলিত হয়৷ এই ৰাজ্যকেইখনক মুকলিত শৌচমুক্ত স্থান হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাৰ বাবে চলি থকা কামৰ খতিয়ান লয় প্ৰধানমন্ত্ৰীয়ে৷

স্বচ্ছ ভাৰত অভিযান আৰু অনাময়ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ৰাজ্যকেইখনে এইপৰ্যন্ত কৰা প্ৰচেষ্টা তথা পদক্ষেপ সন্দৰ্ভত তেওঁলোকৰ মতামত আৰু অভিজ্ঞতাৰ বিষয়েও বুজ লয়৷ তেওঁ কয় যে এই কাম সম্পূৰ্ণ কৰি তোলাৰ বাবে মহাত্মা গান্ধীৰ ১৫০ তম জন্মজয়ন্তীতকৈ ডাঙৰ অনুপ্ৰেৰণা আৰু একো থাকিব নোৱাৰে৷ তেওঁ লগতে কয় যে এই কামসমূহৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰিবলৈ জিলা পৰ্যায়ত কিছু দল গঠন কৰিব লাগে৷

তেওঁ কয় যে এই অভিযানক এক গণ-জাগৰণ বা জন আন্দোলনৰ ৰূপ দিয়াৰ বাবে আমি উঠি পৰি লাগিব লাগে৷ তেওঁ কয়, শিক্ষাৰ্থী তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এইক্ষেত্ৰত অধিক সজাগতা সৃষ্টিৰ বাবে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব পাৰে৷

***

AKT/SH/SK/Rang



(Release ID: 1524302) Visitor Counter : 97