কেবিনেট

ভাৰত আৰু জৰ্দানৰ মাজত স্বাস্থ্যক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 28 FEB 2018 6:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু জৰ্দানৰ মাজত স্বাস্থ্য আৰু চিকিৎসা-বিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত  অনুমোদন জনোৱা হয়।

এই চুক্তিয়ে তলত উল্লিখিত ক্ষেত্ৰত সহযোগিতা আগবঢ়াবঃ

১. সাৰ্বজনীন চিকিৎসা সেৱা

২. স্বাস্থ্যব্যৱস্থাৰ পৰিচালনা

৩. স্বাস্থ্য বিষয়ত তথ্য প্ৰযুক্তি তথা সেৱা

৪. স্বাস্থ্য বিষয়ক গৱেষণা

৫. ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিসংখ্যা

৬. স্বাস্থ্য বিষয়ৰ লগত জড়িত বিত্ত আৰু অৰ্থনীতি

৭. নিয়মীয়া অসুখৰ নিয়ন্ত্ৰণ

৮. ধপাত নিয়ন্ত্ৰণ

৯. যক্ষ্মাৰোগ চিনাক্তকৰণ আৰু চিকিৎসা তথা উপশম

১০. ফাৰ্মাচিটিকেল তথা চিকিৎসা ডিভাইচসমূহৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ

১১. পাৰস্পৰিকভাৱে সিদ্ধান্ত লৈ অন্য কোনো ক্ষেত্ৰৰ বিকাশ

বিতং সহযোগিতা তথা এই বুজাবুজিৰ চুক্তিৰ ৰূপায়ণৰ পৰ্যবেক্ষণৰ বাবে এটা কৰ্মীগোট গঠন কৰা হব।

****

AKT/VBA/PRK


(ৰিলিজ আই ডি : 1523424) অতিথি কক্ষ : 125
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Urdu , Gujarati , Tamil