প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহীশূৰত প্ৰধানমন্ত্ৰীৰদ্বাৰা ৰে’ল প্ৰকল্পৰ মুকলি, শ্ৰৱণবেলাগলাত উন্নয়নমূলক কামৰ উদ্বোধন

পোষ্ট কৰা হৈছে: 19 FEB 2018 4:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহীশূৰ আৰু কে এচ আৰ বাঙ্গালুৰুৰ মাজত চলিবলগীয়া বৈদ্যুতিকৃত ৰে’ল লাইন দেশবাসীৰ বাবে মুকলি কৰে। মহীশূৰ ৰে’ল ষ্টেশ্যনত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ মহীশূৰ আৰু উদয়পুৰৰ মাজত চলিবলগীয়া পেলেচ কুইন হামচফৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰো যাত্ৰাৰম্ভ কৰায়। 

ইয়াৰ আগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাহুবলী মহামস্তকাভিষেক মহোৎসৱ, ২০১৮ উপলক্ষে শ্ৰৱণবেলাগলা ভ্ৰমণ কৰে। তেওঁ এ এচ আই যোগে বিন্ধ্যাগিৰি পাহাৰৰ নতুন খটখটী উদ্বোধন কৰে। তেওঁ বাহুবলী সাধাৰণ চিকিৎসালয়ো উদ্বোধন কৰে।

শ্ৰৱণবেলাগলাত এক জনসভাক উদ্দেশ্যি তেওঁ কয় যে সাধু-সন্তসকলে সদায়ে আমাৰ সমাজলৈ যোগাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যুগৰ লগত খাপ খুৱাই পৰিৱৰ্তনক আঁকোৱালি ল’ব পৰাতেই আমাৰ সমাজৰ শক্তি নিহিত হৈ আছে। দৰিদ্ৰসকলৰ বাবে মান-সম্পন্ন আৰু সুলভ স্বাস্থ্যসেৱা আগবঢ়োৱা আমাৰ দায়িত্ব।

 

***

AKT/VJ/PRK


(ৰিলিজ আই ডি : 1521056) অতিথি কক্ষ : 91
ত এই ৰিলিজটো পঢ়ক: Telugu , English , Gujarati , Tamil , Kannada