• Sitemap
  • Advance Search
Others

স্বচ্ছতা, সাৰ্বভৌমত্ব আৰু গণতান্ত্ৰিক দায়িবদ্ধতাৰ সন্দৰ্ভত সততে উত্থাপিত প্ৰশ্ন( FAQs)

Posted On: 22 JUL 2026 5:49PM

প্ৰশ্ন: বৈদেশিক অনুদান (নিয়ন্ত্ৰণ) আইন (FCRA) কি?

উত্তৰ: বৈদেশিক অনুদান (নিয়ন্ত্ৰণ) আইনে আইনখনত দিয়া সংজ্ঞা অনুসৰি 'বৈদেশিক উৎস'ৰ পৰা লাভ কৰা বৈদেশিক অনুদান গ্ৰহণ আৰু ব্যৱহাৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। বৈদেশিক অনুদান কোনো সামগ্ৰী, মুদ্ৰা বা বৈদেশিক ছিকিউৰিটিৰ ৰূপত হ'ব পাৰে আৰু এনে অনুদানৰ পৰা হোৱা বিশেষ আয়ো ইয়াৰ অন্তৰ্ভুক্ত।

গৃহ মন্ত্ৰালয় দ্বাৰা পৰিচালিত এই আইনখনে তিনিটা কাম কৰে: ই কোনে আৰু কি চৰ্তত বৈদেশিক অনুদান গ্ৰহণ কৰিব পাৰিব সেয়া চিনাক্ত কৰে; সেই ধন কেনেদৰে প্ৰাপ্ত কৰিব লাগিব, হিচাপ ৰাখিব লাগিব আৰু ৰিপ'ৰ্ট কৰিব লাগিব সেয়া নিৰ্ধাৰণ কৰে; আৰু ভাৰতৰ সাৰ্বভৌমত্ব, নিৰাপত্তা বা জনশৃংখলাত প্ৰভাৱ পেলাব পৰা বৈদেশিক পুঁজিপুষ্ট কিছুমান নিৰ্দিষ্ট কাৰ্যকলাপৰ ওপৰত কঠোৰ বাধা-নিষেধ আৰোপ কৰে। এই আইনখনৰ উৎপত্তি ১৯৭৬ চনত হৈছিল আৰু ক্ৰমান্বয়ে সংশোধনৰ জৰিয়তে ইয়াক অধিক শক্তিশালী কৰা হৈছে। ২০১০ চনত ইয়াৰ সলনি এখন নতুন আইন অনা হয়, যাক পৰৱৰ্তী সময়ত ২০১৬, ২০১৮, ২০২০ আৰু এতিয়া ২০২৬ চনত সংশোধন কৰা হৈছে।

প্ৰশ্ন: FCRA-ই বেচৰকাৰী সংস্থা (NGO) আৰু নাগৰিক সমাজ সংগঠনসমূহক বৈদেশিক অনুদান গ্ৰহণ কৰাত বাধা দিয়ে নেকি?

উত্তৰ: নকৰে। FCRA-ই বৈদেশিক অনুদানৰ ওপৰত কোনো সাধাৰণ নিষেধাজ্ঞা আৰোপ নকৰে। ই যোগ্য সংগঠনসমূহক পঞ্জীয়ন বা পূৰ্বানুমতি লাভ কৰাৰ পাছত বৈদেশিক অনুদান গ্ৰহণৰ অনুমতি দিয়ে আৰু এনে অনুদান নিৰ্ধাৰিত ধৰণে প্ৰাপ্ত, ব্যৱহাৰ আৰু ৰিপ'ৰ্ট কৰাটো আৱশ্যক কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰ (FARA), অষ্ট্ৰেলিয়া (FITS), যুক্তৰাজ্য (FIRS) আৰু কানাডাৰ (FITAA) দৰে বহুতো গণতান্ত্ৰিক দেশেও বৈদেশিক পুঁজি বা বৈদেশিক প্ৰভাৱৰ ক্ষেত্ৰত স্বচ্ছতা আৰু উত্তৰদায়ীত্ব বৃদ্ধি কৰিবলৈ আইন প্ৰৱৰ্তন কৰিছে, ইয়াৰে কোনোখনকে আন্তঃৰাষ্ট্ৰীয়ভাৱে "নিষেধাজ্ঞা" বুলি কোৱা নহয়। এই আইনসমূহৰ পৰিসৰ আৰু আইনী ৰূপৰেখা দেশভেদে বেলেগ হ'ব পাৰে, কিন্তু এইবোৰে সীমাৰ বাহিৰৰ পৰা অহা পুঁজি আৰু প্ৰভাৱ যাতে স্বচ্ছ হয় আৰু উপযুক্ত নিয়ম-নীতিৰ অধীনত থাকে,সেই সাধাৰণ চিন্তাধাৰাকেই প্ৰতিফলিত কৰে।

২০২৪-২৫ বৰ্ষত, প্ৰায় ১৬,২০০ টা সংগঠন সক্ৰিয়ভাৱে পঞ্জীয়নভুক্ত হৈ আছিল আৰু প্ৰায় ২২,৯৬৩ কোটি টকাৰ বৈদেশিক অনুদান লাভ কৰিছিল, যিটো কোনো নিষেধাজ্ঞা আৰোপ কৰাৰ লক্ষণ নহয়। এই আইনখনক নাগৰিক সমাজ বা সংগঠনসমূহৰ অস্তিত্বৰ অনুমতি দিয়া-নিদিয়া আইন হিচাপে চোৱাতকৈ, বৈদেশিক দিশ-নিৰ্দেশনাত চলা কাৰ্যকলাপৰ নিয়মীয়া পঞ্জীয়ন আৰু স্বচ্ছতাৰে তথ্য প্ৰকাশ কৰাৰ এক আইনী ব্যৱস্থা বুলি বুজাটোৱেই আটাইতকৈ শুদ্ধ হ'ব

প্ৰশ্ন: FCRA-ৰ মূল উদ্দেশ্যসমূহ কি কি?

উত্তৰ: FCRA কেইবাটাও ধাৰাবাহিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত:

  • স্বচ্ছতা: বৈদেশিক অনুদান লাভ কৰা প্ৰত্যেকটো সংগঠনে পঞ্জীয়ন কৰিব লাগিব, প্ৰমাণযোগ্য বেংকিং মাধ্যমেৰে ধন গ্ৰহণ কৰিব লাগিব আৰু লাভ কৰা ধনৰ পৰিমাণ, দাতা আৰু উদ্দেশ্য প্ৰকাশ কৰিব লাগিব।
  • উত্তৰদায়ীত্ব: অনুদান প্ৰাপ্তকৰ্তাসকলে প্ৰতি বছৰে অনলাইনযোগে পৰীক্ষিত হিচাপ (Audited Returns) দাখিল কৰিব লাগিব।
  • সাৰ্বভৌমত্ব: ভাৰতৰ সাৰ্বভৌমত্ব, গণতান্ত্ৰিক প্ৰতিষ্ঠান, নিৰ্বাচনী প্ৰক্ৰিয়া, জনশৃংখলা বা ৰাষ্ট্ৰীয় নিৰাপত্তাত বিৰূপ প্ৰভাৱ পেলাব পৰা বৈদেশিক অনুদানসমূহ নিয়ন্ত্ৰণ কৰা হয়।
  • প্ৰকৃত কামত উদগনি: শিক্ষা, স্বাস্থ্যসেৱা, দৰিদ্ৰতা দূৰীকৰণ, দুৰ্যোগ সাহায্য, সাংস্কৃতিক আদান-প্ৰদান, বৈজ্ঞানিক গৱেষণা আৰু পৰিবেশ সুৰক্ষাৰ দৰে ক্ষেত্ৰত বৈধ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাত কোনো বাধা প্ৰদান কৰা নহয়।
  • ৰাইজৰ বিশ্বাস: যেতিয়া নাগৰিকসকলে জানে যে বৈদেশিক পুঁজি পঞ্জীয়নভুক্ত, প্ৰকাশিত আৰু পৰীক্ষিত, তেতিয়া ই স্বেচ্ছাসেৱী খণ্ড আৰু সংগঠনসমূহৰ প্ৰতি বিশ্বাস গঢ়ি তোলে।

প্ৰশ্ন: প্ৰথম কাৰ্যকৰী হোৱাৰ পৰা FCRA কেনেদৰে বিকশিত হৈছে?

উত্তৰ: ভাৰতে ১৯৭৬ চনত প্ৰথম FCRA গৃহীত কৰিছিল। ১৯৮৪ চনৰ সংশোধনীয়ে বৈদেশিক পুঁজি লাভ কৰা সকলো বেচৰকাৰী সংস্থাৰ বাবে গৃহ মন্ত্ৰালয়ৰ সৈতে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰে। ১৯৭৬ চনৰ আইনখন সলনি কৰি ২০১০ চনৰ বৰ্তমানৰ FCRA আইনখন নিয়ম-নীতি অনুসৰণৰ অনুশাসন সংহতি শক্তিশালী কৰা হয়।

২০২০ চনৰ সংশোধনীয়ে বিষয়া-ববীয়াসকলৰ বাবে বাধ্যতামূলক আধাৰ/পাছপ'ৰ্ট পৰিচয় ব্যৱস্থা আনিলে, বৈদেশিক অনুদান কেৱল নতুন দিল্লীৰ এছবিআইৰ এটা একাউণ্টত সীমাবদ্ধ কৰিলে, অন্য সংস্থাক অনুদান পুনৰ বিতৰণ কৰাটো নিষিদ্ধ কৰিলে, প্ৰশাসনিক খৰচৰ সীমা ৫০%-ৰ পৰা ২০%-লৈ কমালে আৰু সাময়িক স্থগিতকৰণৰ সময় বৃদ্ধি কৰিলে।

২০২২ চনৰ নিয়মে বিদেশত থকা আত্মীয়ৰ পৰা লাভ কৰা অনুদানৰ সীমা ১ লাখৰ পৰা ১০ লাখ টকালৈ বৃদ্ধি কৰিলে। ২০২৪-২৫ চনৰ নিয়মে অব্যৱহৃত প্ৰশাসনিক খৰচ বৰ্তাই ৰাখিবলৈ অনুমতি প্ৰদান কৰিলে আৰু নবীকৰণৰ নথিপত্ৰ সুদৃঢ় কৰিলে। প্ৰতিটো সংস্কাৰে অধিক তথ্য প্ৰকাশ, শক্তিশালী উত্তৰদায়ীত্ব আৰু উন্নত শাসন ব্যৱস্থা আদি একে দিশতেই গতি কৰিছে।

প্ৰশ্ন: ব্যৱহাৰিক ক্ষেত্ৰত FCRA পঞ্জীয়নে কেনেকৈ কাম কৰে?

উত্তৰ: বৈদেশিক অনুদান লাভ কৰিব বিচৰা সংগঠনে হয় অন্তত তিনি বছৰ সক্ৰিয় হৈ থকাৰ পাছত FCRA পঞ্জীয়ন পাব লাগিব নতুবা কোনো নিৰ্দিষ্ট প্ৰকল্পৰ বাবে পূৰ্বানুমতিৰ আবেদন কৰিব লাগিব। দুয়োটা পথৰে বাবে পৰিচয় সত্যাপন, প্ৰস্তাৱিত কাৰ্যসূচীৰ বিৱৰণ আৰু বিষয়া-ববীয়াসকলৰ তথ্য প্ৰকাশ কৰাটো প্ৰয়োজন।

সকলো বৈদেশিক অনুদান প্ৰথমে 'ষ্টেট বেংক অৱ ইণ্ডিয়া'ৰ নতুন দিল্লী মুখ্য শাখাৰ এটা নিৰ্দিষ্ট FCRA একাউণ্টত জমা কৰিব লাগিব, যিয়ে হিচাপ ৰখাৰ এক প্ৰৱেশ বিন্দু সৃষ্টি কৰে। এই একাউণ্টৰ পৰা বৈধ প্ৰকল্পৰ কামৰ বাবে কাৰ্যকৰী একাউণ্টবোৰলৈ ধন স্থানান্তৰ কৰিব পাৰি।

পঞ্জীয়ন মানপত্ৰসমূহ ৫ বছৰৰ বাবে বৈধ আৰু নবীকৰণ পৰ্যায়ত নীতি-নিয়ম পৰ্যালোচনাৰে নবীকৰণ কৰিব লাগে।

প্ৰশ্ন: FCRA পঞ্জীয়নভুক্ত সংগঠনসমূহৰ বাবে বিত্তীয় অনুশাসনৰ নিয়মসমূহ কি কি?

উত্তৰ: সংগঠনসমূহে যি উদ্দেশ্যত বৈদেশিক অনুদান গ্ৰহণ কৰিছে সেয়া ঘোষণা কৰিব লাগিব আৰু সেই ধন ঘোষিত উদ্দেশ্যতেই খৰচ কৰিব লাগিব।

বাৰ্ষিক বৈদেশিক অনুদানৰ ২০%তকৈ অধিক প্ৰশাসনিক খৰচত ব্যৱহাৰ কৰিব পৰা নাযাব, বাকী ৮০% পুঁজি লাভ কৰা কাম-কাজতেই খৰচ হ'ব লাগিব।

প্ৰতিটো পঞ্জীয়নভুক্ত সংগঠনে Form FC-4 দ্বাৰা এক বাৰ্ষিক ৰিপ'ৰ্ট দাখিল কৰিব লাগিব, য'ত অনুদানৰ সম্পূৰ্ণ পৰীক্ষিত হিচাপ, দাতাসকলৰ পৰিচয়, প্ৰত্যেকৰে পৰা লাভ কৰা ধনৰ পৰিমাণ আৰু ধন কেনেকৈ খৰচ কৰা হ'ল তাৰ সবিশেষ বিৱৰণ থাকিব। এই ৰিপ'ৰ্টসমূহ চৰকাৰৰ অনলাইন FCRA প'ৰ্টেল https://fcraonline.nic.in/ -ত দাখিল কৰিব লাগে, যিয়ে এক সন্ধানযোগ্য আৰু বাৰ্ষিক আপডেটেড ডাটাবেছ তৈয়াৰ কৰে।

প্ৰশ্ন: FCRA-ৰ অধীনত কি কি কাৰ্যসূচীৰ বাবে বৈদেশিক অনুদান ব্যৱহাৰ কৰিব পাৰি?

উত্তৰ: ভাৰতীয় সমাজৰ প্ৰতিটো খণ্ডৰ বিস্তৃত কাৰ্যসূচী বৈদেশিক পুঁজিৰ বাবে যোগ্য। ইয়াৰ ভিতৰত আছে:

  • শিক্ষা - বিদ্যালয়, মহাবিদ্যালয়, বৃত্তিমুখী প্ৰশিক্ষণ, ছাত্ৰবৃত্তি, প্ৰাপ্তবয়স্কৰ সাক্ষৰতা
  • স্বাস্থ্যসেৱা - হাস্পতাল, ক্লিনিক, ভ্ৰাম্যমাণ স্বাস্থ্য সেৱা, মাতৃ আৰু শিশু স্বাস্থ্যসেৱা
  • গ্ৰামোন্নয়ন - পানী সংৰক্ষণ, জীৱিকাৰ সহায়, অনাময় ব্যৱস্থা, খোৱাপানীৰ ব্যৱস্থা
  • সমাজ কল্যাণ - দিব্যাংগজনৰ সহায়, জ্যেষ্ঠ নাগৰিকৰ যত্ন, শিশু কল্যাণ, মহিলা সৱলীকৰণ
  • পৰিৱেশ - সংৰক্ষণ, বনাঞ্চল সুৰক্ষা, স্বচ্ছ শক্তি, প্ৰদূষণ নিয়ন্ত্ৰণ
  • সংস্কৃতি আৰু ঐতিহ্য - সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, লোককলা, সংগ্ৰহালয়
  • সাহায্য আৰু পুনৰ্বাসন - দুৰ্যোগ সাহায্য, জৰুৰীকালীন সঁহাৰি, দুৰ্যোগ-পৰৱৰ্তী পুনৰ্বাসন
  • ধৰ্মীয় কল্যাণ - উপাসনা স্থানৰ ৰক্ষণাবেক্ষণ, ধৰ্মীয় শিক্ষা, ধ্যান প্ৰক্ৰিয়া
  • বৈজ্ঞানিক গৱেষণা - গৱেষণা প্ৰতিষ্ঠান, শৈক্ষিক সহযোগিতা, জ্ঞান সম্প্ৰসাৰণ।

প্ৰশ্ন: FCRA-ৰ অধীনত কোনে বৈদেশিক অনুদান গ্ৰহণ কৰিব নোৱাৰে?

উত্তৰ: একাংশ নিৰ্দিষ্ট ব্যক্তি আৰু সংস্থাই কোনো পৰিস্থিতিতে বৈদেশিক অনুদান গ্ৰহণ কৰিব নোৱাৰে। ১৯৭৬ চনৰ পৰাই এই তালিকা অপৰিৱৰ্তিত হৈ আছে আৰু ইয়াৰ ভিতৰত আছে নিৰ্বাচনী প্ৰাৰ্থী, বিধায়ক/সাংসদ, বিচাৰক, চৰকাৰী বিষয়া-কৰ্মচাৰী, ৰাজনৈতিক দল আৰু তেওঁলোকৰ বিষয়া-ববীয়াসকল, ৰাজনৈতিক প্ৰকৃতিৰ সংগঠন, আৰু বাতৰিকাকত, সংবাদ মাধ্যম আৰু সাম্প্ৰতিক পৰিঘটনাৰ সৈতে জড়িত নিৰ্দিষ্ট ব্যক্তিসকল। সমগ্ৰ বৈধানিক তালিকাখন আইনখনৰ ৩নং ধাৰাত আছে।

ইয়াৰ কাৰণ স্পষ্ট: এই শ্ৰেণীবোৰে ভাৰতৰ সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি এনে নিৰ্দিষ্ট দায়বদ্ধতা বহন কৰে যাৰ বাবে বৈদেশিক ধন লাভ কৰাটো এক বিশেষ সংবেদনশীল বিষয়। ২০২০ চনৰ সংশোধনীয়ে এই বাধা "ৰাজহুৱা বিষয়া-কৰ্মচাৰী"সকললৈয়ো সম্প্ৰসাৰিত কৰে।

প্ৰশ্ন: FCRA সংশোধনী বিধেয়ক, ২০২৬ আৰু সংশোধন কৰা নীতিৰ দ্বাৰা অনা মুখ্য পৰিৱৰ্তনসমূহ কি কি?

উত্তৰ: FCRA সংশোধনী বিধেয়ক, ২০২৬ (২৫ মাৰ্চ ২০২৬-ত লোকসভাত উত্থাপন) আৰু সংশোধিত FCRA নীতিয়ে (২২ জুন ২০২৬-ত অধিসূচিত) শাসন-কেন্দ্ৰিকভাৱে কাৰ্যবাহী ব্যৱধানসমূহ পূৰণ কৰে।

২০২৬ বিধেয়কত প্ৰস্তাৱিত মুখ্য পৰিৱৰ্তনসমূহ:

  • ২০১০ চনৰ FCRA-ৰ ১৫ নং ধাৰাৰ দৰেই সম্পত্তিৰ সাময়িক অধিগ্ৰহণ (পঞ্জীয়ন নবীকৰণ হ'লে সম্পূৰ্ণ পুনৰুদ্ধাৰসহ)।
  • বেচৰকাৰী সংস্থাৱে নিৰ্ধাৰিত সময়ত পঞ্জীয়ন পুনৰুদ্ধাৰ নকৰিলে সম্পত্তিৰ স্থায়ী অধিগ্ৰহণ। (নতুন ব্যৱস্থা)
  • নিৰ্ধাৰিত কৰ্তৃপক্ষৰ যিকোনো আদেশৰ বিৰুদ্ধে জিলা জজ আদালতত পুনৰীক্ষণ আৰু আইনী আপীলৰ অধিকাৰ। (নতুন ব্যৱস্থা)
  • জৰিমনা সৰলীকৰণ (সৰ্বাধিক কাৰাদণ্ড ৫ বছৰৰ পৰা হ্ৰাস কৰি ১ বছৰ কৰা)।
  • সমন্বিত তদন্ত (ৰাজ্যিক সংস্থাসমূহে FCRA তদন্ত আৰম্ভ কৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন ল'ব লাগিব)।

২০২৬ সংশোধন নীতি অনুসৰি অধিসূচিত মুখ্য পৰিৱৰ্তনসমূহ:

  • পঞ্জীয়ন মানপত্ৰত এতিয়া ব্যাপক শ্ৰেণীৰ সলনি নিৰ্ধাৰিত সূচীৰ পৰা বাছি লৈ কামৰ সঠিক উদ্দেশ্য আৰু কাৰ্যনিৰ্বাহৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল উল্লেখ কৰিব লাগিব।
  • গ্ৰহণযোগ্য ধৰ্মীয় উদ্দেশ্যসমূহ স্পষ্টভাৱে তালিকাভুক্ত কৰা হৈছে, যিয়ে সকলো সম্প্রদায়ৰ ধৰ্মীয় সংগঠনসমূহক স্পষ্টতা প্ৰদান কৰে।
  • পঞ্জীয়ন নবীকৰণ কৰা বেচৰকাৰী সংস্থাসমূহে বিগত দুবছৰত ন্যূনতম ১০ লাখ টকাৰ বৈদেশিক অনুদান ব্যৱহাৰ কৰাৰ প্ৰমাণ দিয়াৰ প্ৰয়োজন।
  • প্ৰকল্পভিত্তিক, কাৰ্যসূচীভিত্তিক, মূল দাতাৰ তথ্য, ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া প্ৰকাশৰ মাধ্যমেৰে নিয়মীয়া ৰিপ'ৰ্টিং ব্যৱস্থা উন্নত কৰা।

প্ৰশ্ন: বৈদেশিক অনুদানৰ পৰা গঢ়ি উঠা সম্পত্তি অধিগ্ৰহণ ধাৰণাটো প্ৰথম কেতিয়া অনা হৈছিল?

উত্তৰ: বাতিলৰ পাছত বৈদেশিক অনুদানৰ পৰা সৃষ্টি হোৱা সম্পত্তি অধিগ্ৰহণৰ ধাৰণাটো ২০১০ চনৰ মূল FCRA আইনত প্ৰথম অনা হৈছিল। বৰ্তমানৰ আইনৰ ১৫নং ধাৰা  অনুসৰি, FCRA পঞ্জীয়ন বাতিল হ'লে বৈদেশিক অনুদানৰ পৰা সৃষ্টি হোৱা সম্পত্তি নিৰ্ধাৰিত কৰ্তৃপক্ষৰ অধীনলৈ যাব। অৱশ্যে, সংগঠনে পাছত নতুন পঞ্জীয়ন পালে সেই সম্পত্তি আইন অনুসৰি ঘূৰাই দিয়া হয়। নিৰ্ধাৰিত কৰ্তৃপক্ষ হ'ল সংশ্লিষ্ট ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন।

বিগত দশকত প্ৰায় ২২,০০০ পঞ্জীয়ন বাতিল হৈছিল আৰু ১৫,০০০ পঞ্জীয়ন সমাপ্ত বুলি ধৰা হৈছিল, য'ত হাজাৰ কোটি টকাৰ সম্পত্তি জৰিত হৈ আছিল। ব্যৱহাৰিকভাৱে কিন্তু বৰ্তমানৰ ১৫ নং ধাৰাৰ সীমিত নিয়মৰ অধীনত এনে সম্পত্তি দখলত লোৱা, ৰক্ষণাবেক্ষণ আৰু পৰিচালনা কৰাত ৰাজ্যিক কৰ্তৃপক্ষই অসুবিধাৰ সন্মুখীন হৈছিল।

১৫ নং ধাৰাৰ নিয়মে সকলো বিষয় সামৰি লোৱা নাছিল। বহু প্ৰশ্ন উত্তৰহীন হৈ ৰৈছিল। তদুপৰি, এই ব্যৱস্থাত এনে সম্পত্তি অনাদিকাললৈ জিম্মাত ৰৈ যাব পাৰে। কোনো সংগঠনে ভৱিষ্যতে পঞ্জীয়ন বিচাৰিব পাৰে বুলি চৰকাৰে এনে সম্পত্তি অনাদিকাললৈ সংৰক্ষণ আৰু পৰিচালনা কৰাটো সম্ভৱো নহয় আৰু এয়া অবাঞ্ছনীয়।

সেয়েহে, প্ৰস্তাৱিত সংশোধনীসমূহে সাময়িক অধিগ্ৰহণ, পুনৰুদ্ধাৰ আৰু নবীকৰণ নহ'লে স্থায়ী অধিগ্ৰহণ আৰু আইনী নিষ্পত্তিৰ বাবে এক সময়সীমা-ভিত্তিক স্পষ্ট ৰূপৰেখা প্ৰদান কৰিব বিচাৰে।

প্ৰশ্ন: ২০২৬ সংশোধনীৰ দ্বাৰা অনা 'নিৰ্ধাৰিত কৰ্তৃপক্ষ'ৰ ভূমিকা কি?

উত্তৰ: পঞ্জীয়ন বাতিল, সমৰ্পণ বা নবীকৰণ নোহোৱাৰ বাবে অন্ত পৰিলে, সম্পত্তিসমূহ সাময়িকভাৱে নিৰ্ধাৰিত কৰ্তৃপক্ষৰ অধীনলৈ যায়। যদি সংগঠনে নিৰ্ধাৰিত সময়ৰ ভিতৰত পঞ্জীয়ন পুনৰুদ্ধাৰ কৰে, সকলো সম্পত্তি আৰু অব্যৱহৃত ধন সম্পূৰ্ণ ঘূৰাই দিয়া হয়। পঞ্জীয়ন পুনৰুদ্ধাৰ নহ'লেহে সম্পত্তিসমূহ স্থায়ীভাৱে চৰকাৰলৈ যায় আৰু তেতিয়াও সেয়া ৰাজহুৱা কামত (যেনে— বিদ্যালয়সমূহ শিক্ষা বিভাগক বা হাস্পতালসমূহ স্বাস্থ্য বিভাগক হস্তান্তৰ কৰি) ব্যৱহাৰ কৰা হয়। কেৱল ৰাজহুৱা কামত পোনপটীয়া ব্যৱহাৰ কৰিব নোৱাৰিলেহে সম্পত্তি বিক্ৰী কৰি ধন 'ভাৰতৰ সংহত পুঁজিলৈ' প্ৰেৰণ কৰা হ'ব। কোনো বিষয়াই ব্যক্তিগতভাৱে ইয়াৰ পৰা লাভান্বিত হ'ব নোৱাৰিব।

নিৰ্ধাৰিত কৰ্তৃপক্ষই যিকোনো উপাসনা স্থানৰ ধৰ্মীয় স্বাতন্ত্ৰ্য সংৰক্ষণ কৰাটো আইনীভাৱে বাধ্যতামূলক, ই কোনো ধৰ্মীয় প্ৰতিষ্ঠানক ধৰ্মনিৰপেক্ষ বা অন্য কামলৈ ৰূপান্তৰ কৰিব নোৱাৰে।

প্ৰশ্ন: প্ৰস্তাবিত বিধেয়কৰ অধীনত, যদি কোনো সংগঠনৰ FCRA পঞ্জীয়ন বাতিল হয়, তেন্তে ইয়াৰ সম্পত্তিসমূহৰ কি হ'?

উত্তৰ: FCRA পঞ্জীয়ন বাতিল হোৱা মানেই সংগঠনটোৰ সমগ্ৰ সম্পত্তি চৰকাৰে বাজেয়াপ্ত কৰা নুবুজায়। নিৰ্ধাৰিত কৰ্তৃপক্ষই (প্ৰস্তাৱিত ২০২৬ সংশোধনীৰ অধীনত) কেৱল বৈদেশিক অনুদানৰ পৰা গঢ়ি উঠা সম্পত্তিহে পৰিচালনা কৰে আৰু সেয়াও পঞ্জীয়ন আইনীভাৱে অন্ত পৰাৰ পাছতহে।

প্ৰক্ৰিয়াটো হ'ল: বাতিলৰ পাছত সম্পত্তি সাময়িকভাৱে নিৰ্ধাৰিত কৰ্তৃপক্ষৰ অধীনলৈ যাব; নিৰ্ধাৰিত সময়ত পঞ্জীয়ন পুনৰুদ্ধাৰ হ'লে সকলো সম্পত্তি আৰু অব্যৱহৃত ধন ঘূৰাই দিয়া হ'ব; পঞ্জীয়ন পুনৰুদ্ধাৰ নহ'লেহে সম্পত্তি স্থায়ীভাৱে অধিগ্ৰহণ হ'ব; আৰু তেতিয়াও সেয়া ৰাজহুৱা উদ্দেশ্যত ব্যৱহাৰ হ'ব, কোনো বিষয়াই ব্যক্তিগত লাভ নাপায়।

উপাসনা স্থানসমূহে সকলো পৰিস্থিতিতে ধৰ্মীয় পৰিচয় বহন কৰিব লাগিব। নিৰ্ধাৰিত কৰ্তৃপক্ষৰ প্ৰত্যেকটো আদেশ ৯০ দিনৰ ভিতৰত পুনৰীক্ষণ আৰু জিলা ন্যায়িক আদালতত আইনী আপীলৰ অধীন।

প্ৰশ্ন: FCRA পঞ্জীয়নৰ সমাপ্তি/ম্যাদ উকলি যোৱা মানেই সদায় কিবা ভুল কৰাটো বুজায়নে?

উত্তৰ: নুবুজায়। FCRA পঞ্জীয়নৰ সমাপ্তি বেলেগ বেলেগ ধৰণে হ'ব পাৰে। নবীকৰণ নকৰিলে মানপত্ৰৰ ম্যাদ শেষ হ'ব পাৰে; সংগঠনে ই সমৰ্পণ কৰিব পাৰে; নবীকৰণ নাকচ হ'ব পাৰে; বা আইনী কাৰণত পঞ্জীয়ন বাতিল হ'ব পাৰে। সেয়েহে, এনে সমাপ্তিক স্বয়ংক্ৰিয়ভাৱে জালিযাতী বা অপৰাধ বুলি ভবা উচিত নহয়। বৈধানিক প্ৰতিকাৰ আৰু সাংবিধানিক ন্যায়িক পৰ্যালোচনা আইনীভাৱে উপলব্ধ হৈ থাকে।

ম্যাদ উকলি যোৱাৰ পূৰ্বে নবীকৰণ নকৰা পঞ্জীয়নসমূহৰ স্বয়ংক্ৰিয় সমাপ্তিৰ (১৪খ ধাৰা ) নিয়মটোৱে স্পষ্টতা আনিছে আৰু প্রশাসনিক অস্পষ্টতা দূৰ কৰিছে। মূল অৱস্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই [নিয়ম ১০(১), ১২(৫) আৰু ১২(৬) চাওক]। পঞ্জীয়ন নবীকৰণ নকৰাৰ চৰকাৰী সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাব পাৰি আৰু ই সম্পূৰ্ণ ন্যায়িক পৰ্যালোচনাৰ অধীন।

প্ৰশ্ন: ২০২৬ সংশোধনীয়ে ৰাজ্যিক পৰ্যায়ৰ FCRA তদন্তৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন কিয় বাধ্যতামূলক কৰিছে?

উত্তৰ: FCRA হৈছে বৈদেশিক সম্পৰ্ক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত এক কেন্দ্ৰীয় আইন, যি দুয়োটা বিষয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি সংসদৰ একচেটিয়া আইনী ক্ষমতাৰ অধীন।

ৰাজ্যিক সংস্থাসমূহে FCRA তদন্ত আৰম্ভ কৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন বাধ্যতামূলক কৰিলে একেখন কেন্দ্ৰীয় আইনৰ অধীনত সমান্তৰাল বা পৰস্পৰ বিৰোধী পদক্ষেপ ৰোধ হয় আৰু সমগ্ৰ দেশত সুসংগত প্ৰয়োগ নিশ্চিত হয়।

ই অন্যান্য কেন্দ্ৰীয় আইনৰ ব্যৱস্থাৰ সৈতে সংগতিপূৰ্ণ। ই ৰাজ্যিক আইনৰ অধীনত ৰাজ্যৰ তদন্ত ক্ষমতা সীমিত নকৰে; ই কেৱল এই নিৰ্দিষ্ট কেন্দ্ৰীয় আইনখনৰ অধীনৰ তদন্তসমূহক সমন্বয় কৰে।

প্ৰশ্ন: উদ্দেশ্য আৰু কাৰ্যনিৰ্বাহৰ ভৌগোলিক এলেকাৰ ক্ষেত্ৰত কি কি পৰিৱৰ্তন কৰা হৈছে?

উত্তৰ: অধিসূচিত তালিকাৰ ভিত্তিত পঞ্জীয়ন মানপত্ৰত উদ্দেশ্য আৰু কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে পঞ্জীয়ন দিয়া হৈছে সেয়া উল্লেখ থাকিব। বৰ্তমানৰ পঞ্জীয়নভুক্ত সংগঠনসমূহক ফৰ্ম FC-6Fৰ জৰিয়তে এই তথ্য দিবলৈ এবছৰৰ সময় দিয়া হৈছে আৰু কেৱল এই কামৰ বাবে নতুনকৈ পঞ্জীয়ন বিচাৰিব নালাগে।

যি সংগঠনে পাছত কোনো অনুমোদিত উদ্দেশ্য বা ভৌগোলিক এলেকা যোগ বা সলনি কৰিব বিচাৰে, তেওঁলোকে অনলাইনযোগে আবেদন কৰিব পাৰিব। ইয়াৰ উদ্দেশ্য হ'ল সংগঠনসমূহক তেওঁলোকৰ কামৰ পৰিসৰ স্পষ্ট কৰা আৰু কাৰ্যসূচী তথা স্থানভিত্তিক নিৰীক্ষণ সুচল কৰা।

বৰ্তমানৰ পঞ্জীয়নভুক্ত সংগঠনসমূহে কেৱল মানপত্ৰত উদ্দেশ্য আৰু ৰাজ্য উল্লেখ থাকিব বাবেই নতুনকৈ আবেদন কৰিব নালাগে। তেওঁলোকক ফৰ্ম FC-6F ৰ জৰিয়তে সবিশেষ তথ্য দাখিল কৰিবলৈ এবছৰৰ পৰিৱৰ্তনৰ সময় (Transition period) দিয়া হৈছে।

প্ৰশ্ন: FCRA-ই কোনো বিশেষ ধৰ্ম বা সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে নেকি?

উত্তৰ: নহয়। এই আইনখন ধৰ্ম, সম্প্ৰদায় বা চিন্তাধাৰা নিৰ্বিশেষে সকলো সংগঠনৰ বাবে সমভাৱে প্ৰযোজ্য। ধৰ্মীয় শিক্ষা, উপাসনা স্থানৰ ৰক্ষণাবেক্ষণ আৰু কল্যাণমূলক কামৰ বাবে সকলো ধৰ্মৰে সংগঠনে বৈদেশিক অনুদান লাভ কৰিব পাৰে।

২০২৬ চনৰ নীতিয়ে গ্ৰহণযোগ্য ধৰ্মীয় উদ্দেশ্যসমূহ স্পষ্টভাৱে তালিকাভুক্ত কৰি সকলো সম্প্ৰদায়ৰ ধৰ্মীয় সংগঠনসমূহক স্পষ্টতা প্ৰদান কৰিছে।

২০২৬ চনৰ সংশোধনীয়ে ধৰ্মান্তৰকৰণৰ (Proselytisation) ওপৰত আৰোপ কৰা বাধা সকলো ধৰ্মৰ বাবেই সমভাৱে প্ৰযোজ্য আৰু ই FCRAৰ পূৰ্বৰ নীতিৰ সৈতে সংগতিপূৰ্ণ যে বৈদেশিক অনুদান ধৰ্মান্তৰকৰণৰ কামত ব্যৱহাৰ কৰি ভাৰতৰ সামাজিক গাঁথনি সলনি কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি [ধাৰা. ১২(৪)(ক)(ii) চাওক]।

প্ৰশ্ন: ২০২৬ চনত FCRA নবীকৰণৰ বাবে ধনৰ ন্যূনতম ব্যৱহাৰৰ চৰ্তটো কি?

উত্তৰ: ২০২৬ চনৰ FCRA সংশোধন নীতি অনুসৰি, FCRA পঞ্জীয়ন নবীকৰণ কৰা বেচৰকাৰী সংস্থাসমূহে বিগত দুবছৰত ন্যূনতম ১০ লাখ টকাৰ বৈদেশিক অনুদান ব্যৱহাৰ কৰাৰ প্ৰমাণ দিব লাগিব। এই নিয়মে পঞ্জীয়ন থকা সংগঠনসমূহ সঁচাকৈয়ে সক্ৰিয় বুলি নিশ্চিত কৰে। ই নিষ্ক্ৰিয় সংস্থাসমূহক কোনো কাম নকৰাকৈ পঞ্জীয়ন ধৰি ৰখা আৰু বৈদেশিক ধন লাভৰ ক্ষমতা ৰখাত বাধা দিয়ে [ধাৰা. ১২(৪)(খ) আৰু ১৪(১)(ঙ) চাওক]।

মন্ত্ৰালয়ৰ হিচাপ মতে FCRA পঞ্জীয়নভুক্ত সংগঠনৰ সংখ্যা ভাৰতত চলা সমগ্ৰ বেচৰকাৰী সংস্থাৰ ১%তকৈও কম, এই আইনে এক নিৰ্দিষ্ট বৈদেশিক পুঁজিপুষ্ট ব্যৱস্থাকহে লক্ষ্য কৰি লৈছে, সমগ্ৰ নাগৰিক সমাজক নহয়।

প্ৰশ্ন: বৈদেশিক অনুদান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত ব্যতিক্ৰম নেকি? আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত FCRA-ৰ তুলনা কেনেকুৱা?

উত্তৰ: ভাৰত ব্যতিক্ৰম নহয়। বৈদেশিক অনুদান আৰু বৈদেশিক প্ৰভাৱ নিয়ন্ত্ৰণ কৰাটো বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশসমূহৰ এক প্ৰতিষ্ঠিত বিশ্বজনীন নিয়ম।

আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৩৮ চনৰ পৰাই Foreign Agents Registration Act (FARA) চলাই আছে। অষ্ট্ৰেলিয়াই ২০১৮ চনত Foreign Influence Transparency Scheme গৃহীত কৰে। ব্ৰিটেইনৰ Foreign Influence Registration Scheme ২০২৫ চনৰ জুলাইৰ পৰা কাৰ্যকৰী হৈছে। কানাডাই ২০২৪ চনত Foreign Influence Transparency and Accountability Act গৃহীত কৰে। ইউৰোপীয় ইউনিয়নে এতিয়া ২৭ খন সদস্য দেশৰ বাবে সদৃশ নিৰ্দেশনা প্ৰস্তুত কৰি আছে।

এই সকলোবোৰে এটা সাধাৰণ গণতান্ত্ৰিক নীতি প্ৰদৰ্শন কৰে: ঘৰুৱা প্ৰতিষ্ঠান আৰু ৰাজহুৱা প্ৰক্ৰিয়াক প্ৰভাৱিত কৰা বৈদেশিক পুঁজি, দিশ-নিৰ্দেশনা বা প্ৰভাৱক আইনীভাৱে তথ্য প্ৰকাশ, উত্তৰদায়ীত্ব আৰু সুৰক্ষামূলক ব্যৱস্থাৰ অধীন কৰিব পৰা যায়।

প্ৰশ্ন: বিশ্বজোৰা ধাৰাটো বৈদেশিক প্ৰভাৱ নিয়ন্ত্ৰণ বৃদ্ধি নে হ্ৰাসৰ ফালে গতি কৰিছে?

উত্তৰ: বিশ্বজোৰা ধাৰাটো স্পষ্টভাৱে অধিক বৈদেশিক-প্ৰভাৱ নিয়ন্ত্ৰণৰ ফালেহে অগ্ৰসৰ হৈছে আৰু যিবোৰ বছৰত FCRA-ক সমালোচনা কৰা হৈছিল, সেই বছৰবোৰতে ইয়াৰ গতি খৰতকীয়া হৈছে। ব্ৰিটেইনৰ ব্যৱস্থা ২০২৫ চনৰ জুলাইৰ পৰাহে কাৰ্যকৰী হৈছে। কানাডাৰ পঞ্জীয়ন ২০২৪ চনত গৃহীত হৈ এতিয়াও কাৰ্যকৰী হৈ আছে।

ইউৰোপীয় ইউনিয়নৰ প্ৰস্তাৱটো ইউৰোবেৰোমিটাৰ সমীক্ষাৰ পাছত আহিছিল, য'ত ৮১% ইউৰোপীয়ই গোপন বৈদেশিক হস্তক্ষেপক এক গুৰুত্বৰ সমস্যা বুলি কৈছিল। কানাডাৰ আইনে ইয়াৰ পাতনিতেই উল্লেখ কৰিছে যে "কানাডা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ মাজত এই কথাৰ একমত যে সাৰ্বভৌম দেশৰ বিষয়ত বৈদেশিক হস্তক্ষেপ কমাবলৈ বৈদেশিক প্ৰভাৱৰ পঞ্জীয়ন এক প্ৰয়োজনীয় সঁজুলি।" এই আৰ্হিৰ মূল স্ৰষ্টা আমেৰিকা যুক্তৰাষ্ট্ৰই ২০২৫ চনত ৮৭ বছৰীয়া FARA আইনখন অধিক সক্ৰিয়ভাৱে প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতেও ১৯৭৬ চনৰ পৰাই এক অনুৰূপ ব্যৱস্থা ধৰি ৰাখিছে।

প্ৰশ্ন: ২০২৬ চনৰ সংশোধনীয়ে ৰিপ'ৰ্টিং আৰু দাতাৰ স্বচ্ছতা কেনেদৰে বৃদ্ধি কৰিছে?

উত্তৰ: ২০২৬ চনৰ সংশোধনীয়ে বাৰ্ষিক ৰিপ'ৰ্টৰ মান আৰু গভীৰতা যথেষ্ট বৃদ্ধি কৰিছে। বাৰ্ষিক ৰিপ'ৰ্টত এতিয়া কেৱল মুঠ পৰিমাণ নহয়, প্ৰকল্পভিত্তিক আৰু কাৰ্যসূচীভিত্তিক খৰচৰ বিৱৰণ, সংগঠনৰ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া একাউণ্ট প্ৰকাশ আৰু মধ্যভোগীৰ মাধ্যমেৰে ধন আহিলেও মূল বৈদেশিক দাতাৰ সম্পূৰ্ণ পৰিচয় প্ৰকাশ কৰিব লাগিব। এই অন্তিমটো নিয়মে এক নিৰ্দিষ্ট ব্যৱধান পূৰণ কৰে, য'ত ধন প্ৰেৰণ কৰা প্ৰত্যক্ষ সংস্থাটো জনাজাত আছিল যদিও মূল বৈদেশিক উৎসটো বহুস্তৰীয় প্ৰক্ৰিয়াৰে লুকুৱাই ৰখা হৈছিল। এই বৰ্ধিত ৰিপ'ৰ্টিং নিয়মে বৈদেশিক অনুদানৰ উৎসৰ পৰা মাটিত হোৱা ব্যৱহাৰলৈকে তাৰ অনুসৰণযোগ্যতা (Traceability) বৃদ্ধি কৰে।

বৈদেশিক পুঁজিত স্বচ্ছতা বজাই ৰখা বুলি ক'লে ভাল কাম কৰাত বাধা দিয়াটো নুবুজায়। ই হৈছে কামৰ প্ৰতি বিশ্বাস গঢ়ি তোলাৰ প্ৰধান মূল ভেটি।

প্ৰসংগসমূহ:

Please See PDF

PIB Research/DB

(Explainer ID: 159324) आगंतुक पटल : 7
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Kannada