Social Welfare
পি এম স্বনিধি: পদপথৰ ব্যৱসায়ীসকলৰ বাবে আৰ্থিক অন্তৰ্ভুক্তিৰ অগ্ৰগতিকৰণ
সঘনাই সোধা প্ৰশ্নসমূহ(এফ.এ.কিউ.)
Posted On:
30 MAY 2026 8:39PM
১/ পি এম স্বনিধি কি?
পি এম স্বনিধি হৈছে কেন্দ্ৰীয় খণ্ডৰ আঁচনি যি সুলভ মূল্যৰ কাৰ্যকৰী মূলধন, আৰ্থিক অন্তৰ্ভুক্তি আৰু সামাজিক সুৰক্ষা ব্যৱস্থাৰ জৰিয়তে পদপথৰ বিক্ৰেতাসকলক সহায় কৰে।
২/ এই আঁচনি কিয় প্ৰৱৰ্তন কৰা হৈছিল?
কোভিড-১৯ মহামাৰীৰ সময়ত যেতিয়া পদপথৰ ব্যৱসায়ীসকল ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেতিয়া তেঁওলোকক সুলভ মূল্যৰ ৱৰ্কিং কেপিটেল ঋণ প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিখন হৈছে সেইসকল পদপথৰ ব্যৱসায়ীসকলৰ বাবে প্ৰথমখন নিবেদিত ক্ষুদ্ৰ ঋণ আঁচনি, যিসকল ব্যৱসায়ীয়ে অনানুষ্ঠানিক কৰ্মশক্তিৰ এক উল্লেখযোগ্য অংশ গঠন কৰিছিল আৰু যাৰ বাবে প্ৰায়ে আনুষ্ঠানিক ঋণৰ সুবিধা সীমিত আছিল। বিত্তীয় অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰাৰ লগতে তেওঁলোকৰ ব্যৱসায়ৰ বৃদ্ধিত সহায় কৰাই আছিল এই আঁচনিৰ লক্ষ্য।
৩/ পি এম স্বনিধি কেতিয়া আৰম্ভ হৈছিল আৰু কোনবোৰ মন্ত্ৰালয়ে ইয়াক কাৰ্যকৰী কৰে?
এই আঁচনি ২০২০ চনত আৰম্ভ কৰা হৈছিল। ঘৰুৱা আৰু নগৰ ব্যৱস্থা মন্ত্ৰালয় আৰু বিত্তীয় সেৱা বিভাগৰ যৌথ দায়িত্বত এই আঁচনি কাৰ্যকৰী কৰা হয়।
৪/ পি এম স্বনিধিৰ অধীনত বৰ্ধিত ঋণৰ সময়সীমা কিমান?
শক্তিশালী কৃতিত্ব আৰু জুখিব পৰা প্ৰভাৱৰ ওপৰত নিৰ্মাণ কৰি চৰকাৰে প্ৰধানমন্ত্ৰী স্বনিধিৰ পুনৰ্গঠন আৰু সম্প্ৰসাৰণত অনুমোদন জনাইছে। ঋণৰ সময়সীমা ২০৩০ চনৰ মাৰ্চ মাহলৈকে বৃদ্ধি কৰা হৈছে।
৫/ পদপথৰ ব্যৱসায়ীসকল কোন?
যিকোনো ব্যক্তি যিজনে সাময়িক নিৰ্মিত কাঠামোৰ পৰা অথবা ঠাই-ঠাই ঘূৰি ঘূৰি দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী, বস্তু, খাদ্য সামগ্ৰী বিক্ৰী বা সেৱা ৰাজহুৱা ঠাইত আগবঢ়ায় যেনে ৰাজপথ, পদপথ ইত্যাদি। তেওঁলোকে যোগান ধৰা সামগীসমূহত শাক-পাচলি, ফল-মূল, ৰেডি-টু-ইট পথৰ খাদ্য ইত্যাদি অন্তৰ্ভুক্ত আৰু তেওঁলোকৰ সেৱাসমূহত নাপিতৰ দোকান, জোতা মেৰামতি, ধোবা ইত্যাদি থাকিব পাৰে।
৬) পি এম স্বনিধিৰ অধীনত কি কি আৰ্থিক সাহাৰ্য আৰু সুবিধা প্ৰদান কৰা হয়?
পদপথৰ ব্যৱসায়ীসকলে প্ৰগতিশীল ঋণৰ ট্ৰেঞ্চৰ জৰিয়তে ১৫,০০০, ২৫,০০০ আৰু ৫০,০০০ টকাৰ জামিনবিহীন ৱৰ্কিং কেপিটেল ঋণ লাভ কৰে। এই আঁচনিখনে যোগ্য বিক্ৰেতাসকলৰ বাবে সুতৰ ৰাজসাহাৰ্য, ক্ৰেডিট নিশ্চয়তা সমৰ্থন আৰু ইউ.পি.আই.-লিংকড Rupay ক্ৰেডিট কাৰ্ড ৩০,০০০ টকা পৰ্যন্ত প্ৰদান কৰে।
৭/ ঋণ সময়মতে/ আগতীয়াকৈ পৰিশোধ কৰাৰ বাবে কিবা সুবিধা আছেনে?
হয়। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিয়ে বছৰি ৭ শতাংশ সুতৰ ৰাজসাহাৰ্য প্ৰদান কৰি সময়মতে আৰু আগতীয়াকৈ ধন পৰিশোধ কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ উপৰিও সময়মতে ঋণ পৰিশোধ কৰা বিক্ৰেতাসকল পৰৱৰ্তী চক্ৰত অধিক ঋণৰ ট্ৰেঞ্চৰ বাবে যোগ্য হৈ পৰে।
৮/ ঋণ অনুমোদন পাবলৈ কিমান সময় লাগিব?
পিএম স্বনিধিয়ে ঋণৰ আবেদন আৰু অনুমোদন প্ৰক্ৰিয়াক সুশৃংখলিত কৰিবলৈ এণ্ড-টু-এণ্ড ডিজিটেল প্লেটফৰ্মৰ সহায় লৈছে। গড়ে ঋণৰ প্ৰক্ৰিয়াকৰণ আৰু অনুমোদন হ’বলৈ প্ৰায় ২৩ দিন সময় লাগে, য’ত পৰীক্ষণ আৰু প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হয়।
৯) লেটাৰ অৱ ৰেকমেণ্ডেচন (এল.অ.আৰ.) বা চাৰ্টিফিকেট অৱ ভেণ্ডিং (চি.অ.ভি.) থকা পদপথৰ ব্যৱসায়ীসকলে কেনেকৈ ঋণৰ বাবে আবেদন কৰিব পাৰে?
বৈধ পৰামৰ্শ পত্ৰ বা ভেণ্ডিঙৰ প্ৰমাণপত্ৰ থকা পদপথৰ ব্যৱসায়ীয়ে আঁচনি পৰ্টেল বা মোবাইল এপৰ জৰিয়তে বা নগৰীয়া স্থানীয় সংস্থা (ইউ.এল.বি.)ৰ সহায়ত পি এম স্বনিধি ঋণৰ বাবে আবেদন কৰিব পাৰে।
১০) পি এম স্বনিধিৰ অধীনত কিমানজন পদপথৰ ব্যৱসায়ী লাভৱান হৈছে?
পি এম স্বনিধিৰ অধীনত এতিয়ালৈকে ৭৫.৫ লাখতকৈ অধিক ষ্ট্ৰীট ভেণ্ডৰে ১১২ লাখৰো অধিক ঋণৰ সুবিধা লাভ কৰিছে।
১১) আঁচনিৰ অধীনত প্ৰদান কৰা মুঠ আৰ্থিক সাহাৰ্য কিমান?
সমগ্ৰ দেশৰ পদপথৰ ব্যৱসায়ীসকলক ১৭,৮০০ কোটি টকাতকৈ অধিক ধনৰ ঋণ প্ৰদান কৰা হৈছে। সুতৰ ৰাজসাহাৰ্য আৰু ডিজিটেল কেছবেক সুবিধাৰ জৰিয়তেও হিতাধিকাৰীসকলে প্ৰায় ৮০০ কোটি টকা লাভ কৰিছে।
১২) পি এম স্বনিধিয়ে ৰাজপথৰ বিক্ৰেতাসকলৰ মাজত ডিজিটেল আৰু বিত্তীয় অন্তৰ্ভুক্তিক কেনেকৈ প্ৰসাৰিত কৰে?
এই আঁচনিখনে ১৬০০ টকা পৰ্যন্ত কেছবেক সুবিধা আৰু বিত্তীয় সাক্ষৰতা সহায়ৰ জৰিয়তে ডিজিটেল লেনদেনক উৎসাহিত কৰে। ৫৫ লাখতকৈ অধিক বিক্ৰেতাই প্ৰায় ৮.৯৬ লাখ কোটি টকাৰ ৮৪১ কোটিৰো অধিক ডিজিটেল লেনদেন সম্পূৰ্ণ কৰে।
১৩) ‘স্বনিধি সে সমৃদ্ধি’ কি আৰু ই হিতাধিকাৰীক কেনেকৈ সহায় কৰে?
‘স্বনিধি সে সমৃদ্ধি’য়ে হিতাধিকাৰী পৰিয়ালসমূহৰ প্ৰফাইল কৰে আৰু তেওঁলোকক আঠখন নিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰৰ কল্যাণমূলক আঁচনিৰ সৈতে সংযোগ কৰে। এই পদক্ষেপৰ অধীনত ৫০ লাখতকৈ অধিক পৰিয়ালৰ প্ৰফাইল কৰা হৈছে আৰু ১.৫২ কোটিৰো অধিক কল্যাণমূলক সুবিধা অনুমোদন কৰা হৈছে।
১৪) পি এম স্বনিধিৰ অধীনত কি প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ সহায় আগবঢ়োৱা হয়?
এই আঁচনিখনে এফ.এছ.এছ.এ.আই.ৰ সহযোগত বিত্তীয় সাক্ষৰতা, ডিজিটেল সাক্ষৰতা আৰু খাদ্য সুৰক্ষা পদ্ধতিৰ প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰায় ৬ লাখ পদপথৰ খাদ্য বিক্ৰেতাক খাদ্য সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মানদণ্ডৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে।
১৫) জীৱিকা আৰু আৰ্থিক সবলীকৰণৰ ওপৰত পি এম স্বনিধিয়ে কি প্ৰভাৱ পেলাইছে?
২০২৩ আৰু ২০২৫ চনত কৰা স্বতন্ত্ৰ অধ্যয়নত ব্যৱসায়িক বহনক্ষমতা উন্নত, উচ্চ আয় আৰু হিতাধিকাৰীসকলৰ মাজত শক্তিশালী আৰ্থিক অন্তৰ্ভুক্তি পোৱা গৈছে। প্ৰায় ৯৫ শতাংশ হিতাধিকাৰীয়ে এই আঁচনিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক প্ৰতিষ্ঠানিক ঋণ লাভ কৰে। প্ৰায় ৩০ শতাংশ হিতাধিকাৰীয়ে পিএম স্বনিধি ঋণৰ বাহিৰেও অতিৰিক্ত ঋণ লাভ কৰিছিল। হিতাধিকাৰীৰ আয়ৰ বাৰ্ষিক গড় বৃদ্ধি প্ৰায় ২০ শতাংশ।
১৬) পি এম স্বনিধিয়ে কেনেকৈ সামাজিক অন্তৰ্ভুক্তি আৰু নগৰীয়া জীৱিকা শক্তিশালী কৰিছে?
প্ৰায় ৪৬ শতাংশ হিতাধিকাৰী মহিলা আৰু প্ৰায় ৭০ শতাংশ প্ৰান্তীয় সম্প্ৰদায়ৰ। এই আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগ, স্থানীয় যোগান শৃংখল আৰু বিক্ৰেতাসকলক নগৰীয়া স্থানীয় সংস্থাসমূহৰ সৈতে একত্ৰীকৰণ শক্তিশালী কৰা হয়।
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
pdf চাবলৈ ইয়াত ক্লিক কৰক
***
পিআইবি গৱেষণা
(Explainer ID: 158754)
आगंतुक पटल : 53
Provide suggestions / comments