Social Welfare

অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনি

সীমান্তৰ সিপাৰে আকাংক্ষাৰ সবলীকৰণ

Posted On: 27 NOV 2026 3:39PM

 

ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনিয়ে বছৰি ২০ টা বৃত্তিৰ জৰিয়তে অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় উচ্চ শিক্ষাৰ সুবিধা সম্প্ৰসাৰিত কৰে। মহিলা প্ৰাৰ্থীৰ বাবে ৩০% বৃত্তি সংৰক্ষিত ৰাখি এই আঁচনিখনে গোলকীয় শিক্ষা লাভৰ সুযোগসমূহত অন্তৰ্ভুক্তিমূলক প্ৰৱেশাধিকাৰৰ প্ৰসাৰ ঘটায়। ২০২৬-২৭ বৰ্ষৰ পৰা ই কিউ এছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙৰ শীৰ্ষ ১,০০০ খন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ আৰু পি এইচ ডি অধ্যয়নৰ বাবে সহায় আগবঢ়ায়। হিতাধিকাৰীসকলৰ মাজত মহিলাৰ অংশ ২০১৫-১৬ বৰ্ষত ২০% আছিল— যেতিয়া নিৰ্বাচিত ১৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩ গৰাকী মহিলা আছিল— আৰু ই ২০২৪-২৫ বৰ্ষত ৪৭.৮% লৈ বৃদ্ধি পাইছে, যেতিয়া নিৰ্বাচিত ২৩ গৰাকীৰ ভিতৰত ১১ গৰাকীয়েই মহিলা আছিল। চৰকাৰৰ নিৰন্তৰ সমৰ্থন প্ৰতিফলিত কৰি বিত্তীয় পুঁজি বিতৰণ ২০১৫-১৬ বৰ্ষৰ ০.৩৯ কোটি টকাৰ পৰা ২০২৫-২৬ বৰ্ষত ৮.০০ কোটি টকালৈ বৃদ্ধি পাইছে।

 

গোলকীয় শিক্ষাৰ দুৱাৰ মুকলি

উচ্চ শিক্ষাই জ্ঞান, সুযোগ আৰু বৃত্তিগত উন্নতিৰ পথ মুকলি কৰে। 'সৰ্বভাৰতীয় উচ্চ শিক্ষা জৰীপ' ২০২৩-২৪ অনুসৰি, উচ্চ শিক্ষাত নামভৰ্তি কৰা অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীৰ সংখ্যা ২০১৯-২০ বৰ্ষৰ ২১,৫৬,১০৯ গৰাকীৰ পৰা বৃদ্ধি পাই ২৮,৮৩,২১৮ গৰাকী হৈছে। অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় শিক্ষাই বিশেষীকৃত জ্ঞান, উন্নত গৱেষণাৰ সুযোগ আৰু গোলকীয় শৈক্ষিক অভিজ্ঞতা লাভৰ সুবিধা আগবঢ়ায়। বিদেশৰ প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত অধ্যয়ন কৰা কাৰ্যই শৈক্ষিক দিগন্ত প্ৰসাৰিত কৰে, পেছাদাৰী সামৰ্থ্য সুদৃঢ় কৰে আৰু বিভিন্ন কেৰিয়াৰৰ সুযোগৰ পথ মুকলি কৰে। এনে সুযোগসমূহে অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলক নিজৰ আকাংক্ষা পূৰণ কৰাৰ লগতে নিজা সম্প্ৰদায় আৰু দেশৰ উন্নয়নত অৰিহণা যোগোৱাত সহায় কৰে।

গোলকীয় শিক্ষাৰ সুবিধা সম্প্ৰসাৰণৰ গুৰুত্ব উপলব্ধি কৰি 'অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনি'য়ে মেধাৱী জনজাতীয় শিক্ষাৰ্থীসকলক বিদেশত উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ লক্ষ্য লৈছে। ই জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি, যি ১৯৫৪-৫৫ বৰ্ষৰ পৰা কাৰ্যকৰী হৈ আছে। এই আঁচনিখনে প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানসমূহত স্নাতকোত্তৰ আৰু পি এইচ ডি অধ্যয়নৰ বাবে বছৰি ২০ টা নতুন বৃত্তি প্ৰদান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনস্থ বিদেশত থকা ভাৰতীয় দূতাবাস বা মিছনসমূহৰ জৰিয়তে ইয়াক ৰূপায়ণ কৰা হয়।

বিগত বছৰসমূহত এই আঁচনিখনৰ উল্লেখযোগ্য সম্প্ৰসাৰণ ঘটিছে, যিয়ে আন্তঃৰাষ্ট্ৰীয় উচ্চ শিক্ষাৰ সুবিধা বহল কৰাৰ ওপৰত বৃদ্ধি পোৱা গুৰুত্বকে প্ৰতিফলিত কৰে। ২০১০-১১ বৰ্ষত অভিযান্ত্ৰিক, প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞান বিষয়ক সামৰি বছৰি ১৫ টা বৃত্তি প্ৰদান কৰা এই আঁচনিখনে বৰ্তমান অধ্যয়নৰ চাৰিটা ক্ষেত্ৰত বছৰি ২০ টা বৃত্তি আগবঢ়ায়। এই বৰ্ধিত পৰিসৰে অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলক বিদেশত উচ্চ শিক্ষা লাভৰ অধিক পথ প্ৰদান কৰিছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image001_20261127154201_fedecf.jpg

দিগন্তৰ সম্প্ৰসাৰণ: এক নজৰত ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনি

ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনিয়ে অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে বিশ্বৰ প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানসমূহত উচ্চ শিক্ষা গ্ৰহণৰ পথ মুকলি কৰে। ই কিউ এছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙৰ শীৰ্ষ ১,০০০ স্থানত থকা বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত স্নাতকোত্তৰ আৰু পি এইচ ডি অধ্যয়নৰ বাবে সহায় আগবঢ়ায়। ই অধ্যয়নৰ চাৰিটা বহল ক্ষেত্ৰ সামৰি লয়, যাৰ প্ৰতিটোতে নিৰ্দিষ্ট সংখ্যক আসন আছে।

আঁচনিখনৰ অধীনত সামৰি লোৱা বিষয় আৰু আসনসমূহ

অধ্যয়নক্ষেত্ৰ

আসন সংখ্যা

বিশুদ্ধ/প্ৰয়োগ বিজ্ঞান/ অভিযান্ত্ৰিক/প্ৰযুক্তি/ গণিত (STEM)

১০

পৰিচালনা, অৰ্থনীতি, বিত্ত, আইন

০৪

কৃষি/চিকিৎসা

০৪

মানৱীয়/সমাজ বিজ্ঞান/সূক্ষ্ম কলা

০২

 

প্ৰতি বছৰে প্ৰদান কৰা ২০ টা বৃত্তিৰ ভিতৰত ১৭ টা অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে আবণ্টন কৰা হয়, আনহাতে তিনিটা বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ বাবে সংৰক্ষিত। এই আবণ্টনে বিশেষভাৱে পিছপৰা জনজাতীয় সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ সুযোগ নিশ্চিত কৰাৰ লক্ষ্য লৈছে।

এই আঁচনিখনে মহিলা প্ৰাৰ্থীৰ বাবে ৩০% বৃত্তি সংৰক্ষিত ৰাখি আন্তঃৰাষ্ট্ৰীয় উচ্চ শিক্ষাত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ২০১৫-১৬ বৰ্ষত আঁচনিখনৰ মুঠ হিতাধিকাৰীৰ ২০% (নিৰ্বাচিত ১৫ গৰাকীৰ ভিতৰত ৩ গৰাকী) আৰু ২০২৪-২৫ বৰ্ষত ৪৭.৮% (নিৰ্বাচিত ২৩ গৰাকীৰ ভিতৰত ১১ গৰাকী) মহিলা আছিল। সংৰক্ষিত আসনসমূহ খালী হৈ থাকিলে সেইবোৰ যোগ্য পুৰুষ প্ৰাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image002_20261127154209_9531a3.jpg

পাঠ্যক্ৰম বা গৱেষণা সম্পূৰ্ণ নোহোৱালৈকে অথবা পাঠ্যক্ৰমৰ নিৰ্ধাৰিত সময়সীমা শেষ নোহোৱালৈকে— যিটোৱেই আগতে হয়— বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব:

ক্ৰমিক নং

পাঠ্যক্ৰম

সৰ্বোচ্চ সময়

1

পিএইচডি

৪ বছৰ (চাৰি বছৰ)

2

স্নাতকোত্তৰ ডিগ্ৰী

পাঠ্যক্ৰমৰ প্ৰকাৰ আৰু সময়সীমাৰ ওপৰত নিৰ্ভৰ কৰি ১ বা ২ বছৰ (এক/দুবছৰ)।

 

সুযোগৰ পথ: যোগ্যতা আৰু নিৰ্বাচনৰ চৰ্তাৱলী

ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনিয়ে যোগ্য অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলক আন্তঃৰাষ্ট্ৰীয় উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰাৰ বাবে এক সুসংগঠিত যোগ্যতাৰ কাঠামো আগবঢ়ায়। এই চৰ্তাৱলীয়ে শৈক্ষিক সুযোগসমূহত সম-প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ লক্ষ্য লৈছে।

অৰ্হতা

 

ক্ৰমিক নং

পাঠ্যক্ৰম

নম্বৰ আৰু শিক্ষাগত অৰ্হতা

বাচনিকৃত বৰ্ষৰ ১ জুলাই তাৰিখে সৰ্বোচ্চ বয়স

১

পিএইচডি

প্ৰাসংগিক স্নাতকোত্তৰ ডিগ্ৰীত ৫৫% নম্বৰ বা সমতুল্য গ্ৰেড লাভ কৰিব লাগিব

৩৫ বছৰ

২

স্নাতকোত্তৰ ডিগ্ৰী

প্ৰাসংগিক স্নাতক ডিগ্ৰীত ৫৫% নম্বৰ বা সমতুল্য গ্ৰেড লাভ কৰিব লাগিব

৩২ বছৰ

 

শিক্ষাৰ্থীসকলে পোনপটীয়াকৈ বিদেশী বিশ্ববিদ্যালয়সমূহত আবেদন কৰে আৰু তাত অধ্যয়নৰ ব্যয় বহন কৰিবলৈ এই বৃত্তি বিচাৰে। শেহতীয়া কিউ এছ বিশ্ব ৰেংকিং অনুসৰি শীৰ্ষ ১,০০০ স্থানপ্ৰাপ্ত বিদেশী প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয়ৰ পৰা নামভৰ্তিৰ প্ৰস্তাৱ লাভ কৰা আৰু আবেদনৰ তাৰিখলৈকে উক্ত প্ৰতিষ্ঠানত যোগদান নকৰা প্ৰাৰ্থীসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰতিষ্ঠানটোৰ ৰেংকিঙৰ ওপৰত ভিত্তি কৰি মেধা তালিকা প্ৰস্তুত কৰা হ'ব। দুগৰাকী বা ততোধিক প্ৰাৰ্থীৰ কিউ এছ ৰেংকিং সমান হ'লে, আবেদন কৰা উচ্চ শিক্ষাৰ পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় অৰ্হতা নিৰ্ণায়ক পৰীক্ষাত প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা নম্বৰ বা গ্ৰেডৰ ভিত্তিত মেধা নিৰ্ধাৰণ কৰা হ'ব।

এটা পৰিয়ালৰ এজন সন্তান আৰু এবাৰৰ বাবে সাহায্য

আবেদনকাৰীৰ স্ব-প্ৰমাণপত্ৰ সাপেক্ষে একেটা পৰিয়ালৰ কেৱল এজন সন্তানহে এই বৃত্তিৰ বাবে যোগ্য বিবেচিত হ'ব। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে কেৱল এবাৰহে এই বৃত্তি লাভ কৰিব পাৰিব আৰু এই আঁচনিৰ অধীনত একে বা উচ্চ পৰ্যায়ৰ আন কোনো বৃত্তি গ্ৰহণ কৰিব নোৱাৰিব।

আয়ৰ চৰ্তাৱলী

বৃত্তিৰ বাবে যোগ্য হ'বলৈ আবেদনকাৰীৰ সকলো উৎসৰ পৰা হোৱা বাৰ্ষিক পাৰিবাৰিক আয় ৬ লাখ টকাতকৈ অধিক হ'ব নালাগিব।

বাচনি

২০২৬-২৭ বৰ্ষৰ পৰা শেহতীয়া কিউ এছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙৰ শীৰ্ষ ১,০০০ স্থানত থকা কোনো বিদেশী বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা নামভৰ্তিৰ প্ৰস্তাৱ লাভ কৰা আৰু এতিয়ালৈকে যোগদান নকৰা প্ৰাৰ্থীসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰতিষ্ঠানটোৰ কিউ এছ ৰেংক অনুসৰি তেওঁলোকৰ স্থান নিৰ্ধাৰণ কৰা হয়, আৰু ৰেংক সমান হ'লে অৰ্হতা নিৰ্ণায়ক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত স্থান নিৰ্ণয় কৰা হয়। খালী হৈ থকা যিকোনো আসন মন্ত্ৰ্যালয়ে গঠন কৰি দিয়া এখন বিশেষজ্ঞ সমিতিৰ দ্বাৰা লোৱা ব্যক্তিগত সাক্ষাৎকাৰৰ জৰিয়তে পূৰণ কৰা হয়, য'ত জি আৰ ই, জি মেট বা টোফেলৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হয়। নিৰ্বাচিত প্ৰাৰ্থীসকলে বৃত্তি প্ৰদান পত্ৰ লাভ কৰাৰ দুবছৰৰ ভিতৰত নামভৰ্তি নিশ্চিত কৰি এখন যোগ্য শিক্ষানুষ্ঠানত যোগদান কৰিব লাগিব।

 

ৰাষ্ট্ৰীয় বিদেশী বৃত্তি প'ৰ্টেল

ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনিৰ অধীনত নিৰ্দিষ্ট 'ৰাষ্ট্ৰীয় বিদেশী বৃত্তি প'ৰ্টেল'ৰ জৰিয়তে অনলাইনযোগে আবেদন আহ্বান কৰা হয়। এই প'ৰ্টেলটোৱে আঁচনিৰ নিৰ্দেশাৱলী, আবেদন পদ্ধতি আৰু প্ৰয়োজনীয় নথিপত্ৰৰ তথ্য প্ৰদান কৰি আবেদন প্ৰক্ৰিয়াটো সুশৃংখলিত কৰি তোলে। ডিজিলকাৰৰ সৈতে সংযুক্ত হোৱাৰ বাবে ই আবেদনকাৰীসকলক ডিজিটেল পদ্ধতিৰে উপলব্ধ নথিপত্ৰসমূহ সংগ্ৰহ কৰিবলৈ আৰু প্ৰয়োজন সাপেক্ষে অতিৰিক্ত নথিপত্ৰ আপল'ড কৰিবলৈ সক্ষম কৰে। পঞ্জীয়নভুক্ত শিক্ষাৰ্থীসকলে প'ৰ্টেলটোৰ জৰিয়তে পোনপটীয়াকৈ নিজৰ প্ৰশ্ন আৰু অভিযোগো দাখিল কৰিব পাৰে। এক স্বয়ংক্ৰিয় জাননী ব্যৱস্থাই এছ এম এছ আৰু ই-মেইল সতৰ্কবাৰ্তাৰ জৰিয়তে সময়মতে যোগাযোগৰ সুবিধা প্ৰদান কৰে, আনহাতে এক সংহত ডেশ্বব'ৰ্ডে আঁচনিখনৰ ফলপ্ৰসূ নিৰীক্ষণত সহায় কৰে।

আকাংক্ষাত বিনিয়োগ: ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনিৰ অধীনত বিত্তীয় সাহায্য

ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনিয়ে অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলক বিদেশত অধ্যয়নৰ সমগ্ৰ সময়ছোৱাত বিত্তীয় সাহায্য প্ৰদান কৰে। এই আঁচনিখনে ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুক্তৰাজ্যত পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক বাৰ্ষিক ১৫,৪০০ আমেৰিকান ডলাৰ বা ৯,৯০০ ব্ৰিটিছ পাউণ্ড ষ্টাৰ্লিং পৰিমাণৰ জীৱন-নিৰ্বাহ ভাট্টা আগবঢ়ায়। অন্যান্য দেশৰ ক্ষেত্ৰত প্ৰযোজ্য ভাট্টা আমেৰিকান ডলাৰত বা সমতুল্য হাৰত প্ৰদান কৰা হয়। কিতাপ, অত্যাৱশ্যকীয় সঁজুলি, অধ্যয়ন ভ্ৰমণ, টাইপিং আৰু গৱেষণা পত্ৰ বন্ধোৱা আদি খৰচৰ বাবে বাৰ্ষিক ১,৫৩২ আমেৰিকান ডলাৰ বা ১,১১৬ ব্ৰিটিছ পাউণ্ড ষ্টাৰ্লিঙৰ আনুষংগিক আৰু সঁজুলি ভাট্টা প্ৰদান কৰা হয়।

এই বৃত্তিয়ে শিক্ষানুষ্ঠানসমূহে লোৱা টিউচন মাচুল আৰু অন্যান্য বাধ্যতামূলক, অফেৰৎযোগ্য মাচুলৰ লগতে প্ৰকৃত ভিছা মাচুল আৰু প্ৰযোজ্য জনমূৰি কৰো সামৰি লয়। সংশ্লিষ্ট ভাৰতীয় দূতাবাস বা মিছনৰ মূল্যায়ন সাপেক্ষে চিকিৎসা বীমাৰ প্ৰিমিয়াম প্ৰকৃত হাৰত প্ৰতিপূৰণ কৰা হয়। ২০ আমেৰিকান ডলাৰ বা ভাৰতীয় টকাত ইয়াৰ সমতুল্য পৰিমাণলৈকে আনুষংগিক যাত্ৰা ব্যয় অনুমোদিত।

আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সুবিধাৰ্থে আঁচনিখনে ভাৰতৰ পৰা শিক্ষানুষ্ঠানখনৰ নিকটতম গন্তব্যস্থানলৈ যোৱা আৰু অহাৰ ইক'নমি শ্ৰেণীৰ বিমান ভাড়া প্ৰদান কৰে। আটাইতকৈ চমু পথ আৰু উপলব্ধ সৰ্বোত্তম ভাড়া সাপেক্ষে প্ৰকৃত ব্যয় অনুসৰি বিমান ভাড়া প্ৰতিপূৰণ কৰা হয়। আগমন স্থলী আৰু অধ্যয়ন স্থলীৰ মাজত স্থানীয় ভ্ৰমণৰ বাবে দ্বিতীয় শ্ৰেণীৰ ৰে'ল ভাড়াকে ধৰি অন্যান্য ব্যৱস্থাও ৰখা হৈছে। য'ত ৰে'ল সংযোগ উপলব্ধ নহয়, তাত নিৰ্ধাৰিত নিয়মাৱলীৰ অধীনত অনুমোদিত বাছ, ফেৰী বা সংযোগী বিমান যাত্ৰাৰ ব্যয় সামৰি লোৱা হয়।

বিগত বছৰসমূহত ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনিৰ অধীনত চৰকাৰৰ বিত্তীয় পুঁজি বিতৰণ যথেষ্ট বৃদ্ধি পাইছে। বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰা অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে বিত্তীয় সমৰ্থন সুদৃঢ় কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰি বিতৰণ কৰা ধনৰ পৰিমাণ ২০১৫-১৬ বৰ্ষৰ ০.৩৯ কোটি টকাৰ পৰা ২০২৫-২৬ বৰ্ষত ৮.০০ কোটি টকালৈ বৃদ্ধি পাইছে। এটা বছৰত সাহায্য লাভ কৰা নতুন আৰু অধ্যয়নৰত শিক্ষাৰ্থীৰ সংখ্যা ২০১৩-১৪ বৰ্ষৰ ৮ গৰাকীৰ পৰা ২০২৫-২৬ বৰ্ষত ৬৪ গৰাকীলৈ বৃদ্ধি পাইছে, আৰু এই সময়ছোৱাত সৰ্বমুঠ ৪০০ গৰাকী শিক্ষাৰ্থীয়ে সাহায্য লাভ কৰিছে। ২০১৪-১৫ বৰ্ষৰ পৰা মন্ত্ৰ্যালয়ে এই আঁচনিৰ অধীনত যোগ্য অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলক বিদেশত উচ্চ শিক্ষা গ্ৰহণত সহায় কৰিবলৈ ৪৬.৪৬ কোটি টকা মোকলাই দিছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image003_20261127154228_0f42f3.jpg

পৰিসৰৰ সম্প্ৰসাৰণ

 

ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনিয়ে সমগ্ৰ ভাৰতৰ অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় উচ্চ শিক্ষাৰ সুযোগ সম্প্ৰসাৰিত কৰিছে। সৰ্বভাৰতীয় পৰিসৰৰ এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি হিচাপে ই প্ৰতি বছৰে ২০ টা নতুন বৃত্তি আগবঢ়ায়, যি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যোগ্য অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে মুকলি আৰু ইয়াত ৰাজ্য বা জিলা ভিত্তিক আসন অথবা পুঁজিৰ কোনো আবণ্টন নাথাকে। ই জনজাতীয় শিক্ষাৰ্থীসকলৰ বাবে বিদেশত শিক্ষা লাভৰ সুবিধা বহল কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰে।

সীমান্তৰ সিপাৰে: জনজাতীয় আকাংক্ষাৰ সবলীকৰণ

ৰাষ্ট্ৰীয় বিদেশী বৃত্তি আঁচনিয়ে অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় উচ্চ শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত কৰে। বিত্তীয় বাধা হ্ৰাস কৰি এই আঁচনিখনে যোগ্য জনজাতীয় যুৱক-যুৱতীসকলক বিদেশৰ প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত উচ্চ পৰ্যায়ৰ শৈক্ষিক আৰু গৱেষণাৰ সুযোগ গ্ৰহণ কৰিবলৈ সক্ষম কৰি তুলিব পাৰে। গোলকীয় শিক্ষা পৰিৱেশৰ অভিজ্ঞতাই বিশেষীকৃত জ্ঞান সুদৃঢ় কৰিব পাৰে, পেছাদাৰী সামৰ্থ্য বৃদ্ধি কৰিব পাৰে আৰু কেৰিয়াৰৰ উন্নতিৰ নতুন পথ মুকলি কৰিব পাৰে। এই সুযোগসমূহে আৰ্থ-সামাজিক গতিশীলতাৰো প্ৰসাৰ ঘটাব পাৰে আৰু জনজাতীয় শিক্ষাৰ্থীসকলৰ ভৱিষ্যত প্ৰজন্মক উচ্চ শিক্ষাৰ আকাংক্ষা পূৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে।

নিৰ্বাচনৰ প্ৰতিটো পৰ্যায় নিৰ্দিষ্ট 'ৰাষ্ট্ৰীয় বিদেশী বৃত্তি প'ৰ্টেল'ত ঘোষণা কৰা হয়, য'ত যোগ্য অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলে আবেদনৰ তাৰিখসমূহ চাব পাৰে আৰু আবেদন কৰিব পাৰে। গোলকীয় শিক্ষাৰ সুবিধা সম্প্ৰসাৰিত কৰি আঁচনিখনে জনজাতীয় সম্প্ৰদায়সমূহৰ অন্তৰ্ভুক্তিমূলক শৈক্ষিক উন্নয়নত সহায় কৰে আৰু 'বিকশিত ভাৰত'ৰ দৃষ্টিভংগীত অৰিহণা যোগায়।

 

তথ্যসূত্ৰ

Ministry of Tribal Affairs:

https://tribal.nic.in/downloads/guidelines/NOS/RevisedGuidelinesNOS07102022.pdf

https://tribal.nic.in/downloads/faqs/FAQsNOS2026-27.pdf

https://tribal.nic.in/Scholarship.aspx

https://overseas.tribal.gov.in

https://tribal.nic.in/downloads/statistics/AnnualReport/AR2010-11.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2159092&reg=48&lang=2

https://tribal.gov.in/uploads/2026/10/c53ef064-f55d-4fbc-9e85-599b645d81a3.pdf

https://tribal.nic.in/downloads/faqs/InstructionManual-NOS-2025-26.pdf

https://tribal.nic.in/downloads/guidelines/NOS/Amendment_NOS-2627.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2205837&lang=2

https://tribal.nic.in/downloads/scholarship/NFS/AnnexureII-FundReleasenBeneficiaries4CSSScholarship4FY2023-14to2025-26.pdf

 

Ministry of Education:

https://cdnbbsr.s3waas.gov.in/s392049debbe566ca5782a3045cf300a3c/uploads/2026/07/202607131602421770.pdf

Click here to see pdf

PIB Research

(Explainer ID: 160919) आगंतुक पटल : 17
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Malayalam