Technology
ভাৰতত দূৰদৰ্শন সম্প্ৰচাৰৰ ৰূপান্তৰ
এনালগৰ পৰা ডিজিটেল টিভি সম্প্ৰচাৰলৈ পৰিৱৰ্তনৰ যাত্ৰা
Posted On:
20 NOV 2026 12:10PM
প্ৰসংগঃ বিশ্ব দূৰদৰ্শন দিৱস
সম্প্ৰচাৰ হৈছে ইলেক্ট্ৰনিক যোগাযোগ নেটৱৰ্কৰ জৰিয়তে বৃহৎ দৰ্শকক অডিঅ’ আৰু ভিডিঅ’ বিষয়বস্তু প্ৰদানৰ পদ্ধতিগত প্ৰক্ৰিয়া। দূৰদৰ্শন সম্প্ৰচাৰে শব্দ আৰু চলন্ত ছবিৰ সংমিশ্ৰণেৰে বাতৰি, তথ্য, শিক্ষা আৰু মনোৰঞ্জন প্ৰদান কৰে। দশক দশক ধৰি প্ৰযুক্তিগত উন্নতিয়ে স্থলজ, উপগ্ৰহীয়, কেবল আৰু ইণ্টাৰনেট ভিত্তিক প্লেটফৰ্মৰ জৰিয়তে ইয়াৰ প্ৰসাৰতা বৃদ্ধি কৰিছে। ইয়াৰ ফলত দূৰদৰ্শন গণসংযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে।
ভাৰতত দূৰদৰ্শন সম্প্ৰচাৰে ভৌগোলিক আৰু ভাষিক সীমাৰেখাৰ মাজেৰে বৈচিত্ৰ্যময় সম্প্ৰদায়ক সংযোগ কৰি যোগাযোগৰ পৰিৱৰ্তন সাধন কৰিছে। ই শৈক্ষিক কাৰ্যসূচী, কৃষি তথ্য, স্বাস্থ্য সজাগতা আৰু জনসেৱা অভিযানৰ জৰিয়তে আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগাইছে। ইয়াৰ উপৰি ই মনোৰঞ্জনৰ এক প্ৰধান উৎস হিচাপে আত্মপ্ৰকাশ কৰিছে, যি লাখ লাখ ঘৰলৈ ছবি, টিভি ধাৰাবাহিক, ক্ৰীড়াক লৈ আহিছে। ইয়াৰ লগতে ভাৰতৰ সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যকো প্ৰচাৰ কৰিছে। ই চৰকাৰী নীতি, কল্যাণমূলক আঁচনি, উন্নয়নমূলক পদক্ষেপ আৰু জৰুৰীকালীন তথ্যৰ প্ৰচাৰ সক্ষম কৰি ৰাজহুৱা প্ৰশাসনক আৰু অধিক শক্তিশালী কৰি তুলিছে, যাৰ ফলত জনসচেতনতা বৃদ্ধি পাইছে আৰু অত্যাৱশ্যকীয় তথ্য লাভ কৰাত মানুহৰ সুবিধা হৈছে।
জনমত, বিশ্ব যোগাযোগ আৰু সাংস্কৃতিক বিনিময়ৰ ওপৰত দূৰদৰ্শনৰ ক্ৰমবৰ্ধমান প্ৰভাৱক স্বীকৃতি দি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯৬ চনত ২১ নৱেম্বৰক বিশ্ব দূৰদৰ্শন দিৱস হিচাপে ঘোষণা কৰে। ইয়াৰ উপৰি সমসাময়িক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত আৰু জ্ঞাত ৰাজহুৱা বক্তৃতাক সমৰ্থন কৰাত দায়িত্বশীল সম্প্ৰচাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে।
দূৰদৰ্শনৰ পৰ্দাই দূৰৈৰ ঘটনা, নতুন ধাৰণা, বৈচিত্ৰ্যময় দৃষ্টিভংগী মানুহৰ ঘৰলৈ আনিব পাৰে। ই দৰ্শকক তেওঁলোকৰ ওচৰৰ পৰিৱেশৰ বাহিৰৰ পৰিঘটনা আৰু পৰিৱৰ্তনৰ সৈতে সংযোগ কৰে। যোৱা কেইটামান দশকত দূৰদৰ্শনে ভাৰতত মনোৰঞ্জন, তথ্য, শিক্ষা, গণসংযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে নিজকে প্ৰতিষ্ঠা কৰি আহিছে।
পৰিৱৰ্তিত দূৰদৰ্শন প্ৰযুক্তি
ভাৰতত দূৰদৰ্শন সম্প্ৰচাৰৰ বিৱৰ্তনে যোগাযোগ আৰু সম্প্ৰচাৰ প্ৰযুক্তিৰ উন্নতিৰ লগত সংগতি ৰক্ষা কৰি আহিছে। প্ৰতিটো প্ৰযুক্তিগত উন্নতিয়ে দূৰদৰ্শনৰ অনুষ্ঠান সম্প্ৰচাৰ আৰু বিতৰণৰ ধৰণ সলনি কৰি ইয়াৰ প্ৰসাৰ আৰু উপলব্ধতা বৃদ্ধি কৰিছে।
আৰম্ভণিৰ সম্প্ৰচাৰ যুগ : টেৰেষ্ট্ৰিয়েল টেলিভিছন (১৯৫৯–১৯৭৫)
ভাৰতত দূৰদৰ্শনৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত দিল্লীত পৰীক্ষামূলক সম্প্ৰচাৰৰ জৰিয়তে। এই পদক্ষেপৰ আৰম্ভণি কৰিছিল অল ইণ্ডিয়া ৰেডিঅ’ (এআইআৰ), তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত। এটা সৰু ট্ৰেন্সমিটাৰ ব্যৱহাৰ কৰি অস্থায়ী ষ্টুডিঅ’ৰ পৰা অনুষ্ঠান সম্প্ৰচাৰ কৰা হৈছিল। প্ৰথম অৱস্থাত এই সম্প্ৰচাৰসমূহ দিল্লীৰ আশে-পাশে থকা সীমিত অঞ্চলতহে গৈছিল। এই পৰীক্ষা ১৯৬৫ চনত নিয়মীয়া দূৰদৰ্শন সেৱালৈ পৰিণত হয়। ১৯৬৫ চনৰ ১৫ আগষ্টৰ পৰা দূৰদৰ্শনে দৈনিক হিন্দী নিউজ বুলেটিন সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। ১৯৭২ চনৰ ভিতৰত এই সেৱাসমূহ মুম্বাই আৰু অমৃতসৰলৈ আৰু ১৯৭৫ চনৰ ভিতৰত আন সাতখন চহৰলৈ সম্প্ৰসাৰিত হয়। এই সমগ্ৰ সময়ছোৱাত ই ৰাষ্ট্ৰীয় সম্প্ৰচাৰক অল ইণ্ডিয়া ৰেডিঅ'ৰ অংশ আছিল। ১৯৭৬ চনৰ ১ এপ্ৰিলত ই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ভিতৰত এটা সুকীয়া বিভাগত পৰিণত হয়। Click to Read More: Doordarshan's Legacy
এই যুগত টেলিভিছন সম্প্ৰচাৰ মূলতঃ এনালগ টেৰেষ্ট্ৰিয়েল সম্প্ৰচাৰৰ ওপৰত নিৰ্ভৰশীল আছিল। এই ব্যৱস্থাত ৰেডিঅ’ তৰংগৰ জৰিয়তে দূৰদৰ্শনৰ সংকেত প্ৰেৰণ কৰিবলৈ স্থলভিত্তিক ট্ৰেন্সমিটাৰ ব্যৱহাৰ কৰা হৈছিল। এই ট্ৰেন্সমিটাৰবোৰে ওখ টাৱাৰত লগোৱা এন্টেনালৈ সংকেত প্ৰেৰণ কৰিছিল। ঘৰৰ টেলিভিছন ছেটবোৰে এই সংকেতবোৰ ঘৰৰ ভিতৰৰ বা বাহিৰৰ এন্টেনাৰ জৰিয়তে লাভ কৰিছিল।
কিন্তু টেৰেষ্ট্ৰিয়েল সম্প্ৰচাৰৰ নিজস্ব ভৌগোলিক আৰু কাৰিকৰী সীমাবদ্ধতা আছিল। সংকেত গ্ৰহণ নিৰ্ভৰ কৰিছিল ট্ৰেন্সমিটাৰৰ পৰা ঘৰ এটাৰ দূৰত্বৰ ওপৰত। পাহাৰ, অট্টালিকা আৰু অন্যান্য ভৌতিক বাধাই সংকেত দুৰ্বল বা বাধা দিব পাৰে। ফলস্বৰূপে স্থানভেদে সংকেতৰ মান ভিন্ন হৈছিল।
এনালগ সম্প্ৰচাৰেও চেনেলৰ ক্ষমতা সীমিত কৰি ৰাখিছিল। সাধাৰণতে প্ৰতিটো আবণ্টিত টেলিভিছন ফ্ৰিকুৱেন্সি চেনেলত মাত্ৰ এটা অনুষ্ঠানহে সম্প্ৰচাৰ কৰিব পৰা গৈছিল। গতিকে সেৱা সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত কম্পাঙ্ক, ট্ৰেন্সমিটাৰ আৰু অন্যান্য আন্তঃগাঁথনিৰ প্ৰয়োজন হৈছিল। এই সীমাবদ্ধতাৰ বাবে সমগ্ৰ দেশতে দূৰদৰ্শন সেৱাৰ সম্প্ৰসাৰণ লাহে লাহে হ’ল।
টেৰেষ্ট্ৰিয়েল ট্ৰেন্সমিটাৰ সীমাৰ বাহিৰলৈ দূৰদৰ্শনক সম্প্ৰসাৰিত কৰিবলৈ এক ভিন্ন কাৰিকৰী দৃষ্টিভংগীৰ প্ৰয়োজন হৈছিল। উপগ্ৰহীয় যোগাযোগে অধিক বিস্তৃত ভৌগোলিক অঞ্চললৈ দূৰদৰ্শনৰ সংকেত প্ৰেৰণ কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছিল। ইয়ে উপগ্ৰহ-ভিত্তিক সম্প্ৰচাৰ আৰু এক অধিক ব্যাপক ৰাষ্ট্ৰীয় দূৰদৰ্শন নেটৱৰ্কৰ পথ প্ৰশস্ত কৰিছিল।
উপগ্ৰহীয় আৰু ৰঙীন সম্প্ৰচাৰ : দূৰদৰ্শনৰ পৰিসৰ সম্প্ৰসাৰণ (১৯৭৫–১৯৮৮)
১৯৭০ চনৰ মাজভাগত ভাৰতৰ দূৰদৰ্শন ইতিহাসত এক টাৰ্নিং পইণ্ট পৰিলক্ষিত হয়। ১৯৭৬ চনলৈকে ভাৰতৰ টেৰেষ্ট্ৰিয়েল নেটৱৰ্কত আঠটা ষ্টেচন আছিল, যিয়ে ৭৫,০০০ বৰ্গ কিলোমিটাৰত ৪.৫ কোটি লোকৰ কাষ চাপিছিল। উপগ্ৰহীয় প্ৰযুক্তি আৰু ৰঙীন সম্প্ৰচাৰে দূৰদৰ্শনৰ প্ৰৱেশ আৰু দৰ্শনৰ অভিজ্ঞতাক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিলে। দুটা ডাঙৰ উন্নয়নে এই সম্প্ৰসাৰণক ত্বৰান্বিত কৰি তুলিলে, যাৰ ফলত দূৰদৰ্শন চহৰৰ কেন্দ্ৰৰ বাহিৰলৈ আৰু দুৰ্গম অঞ্চললৈ যাব পাৰিলে।
প্ৰথমটো ডাঙৰ পদক্ষেপ আছিল চেটেলাইট ইনষ্ট্ৰকচনেল টেলিভিছন এক্সপেৰিমেণ্ট (এছআইটিই) যিটো ১৯৭৫ চনৰ আগষ্টৰ পৰা ১৯৭৬ চনৰ জুলাই মাহলৈকে চলিছিল। ইয়াত উপগ্ৰহীয় প্ৰযুক্তিৰ সহায়ত ছয়খন ৰাজ্যৰ গাঁৱলৈ পোনপটীয়াকৈ শিক্ষামূলক অনুষ্ঠান সম্প্ৰচাৰ কৰা হৈছিল। এই পৰীক্ষাৰ লক্ষ্য আছিল শিক্ষা আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে দূৰদৰ্শন ব্যৱহাৰ কৰা। উপগ্ৰহীয় প্ৰযুক্তিয়ে কেনেকৈ ভৌগোলিক বাধাসমূহ অতিক্ৰম কৰিব পাৰে সেই বিষয়ে এছআইটিই-য়ে প্ৰদৰ্শন কৰিছিল। ই শিক্ষা আৰু গণসংযোগৰ মাধ্যম হিচাপে দূৰদৰ্শনৰ সম্ভাৱনাক প্ৰমাণ কৰিলে।
পৰৱৰ্তী বৃহৎ পৰিৱৰ্তনটো আহিছিল ভাৰতীয় ৰাষ্ট্ৰীয় উপগ্ৰহ (ইনছাট) ব্যৱস্থাৰ আবিৰ্ভাৱৰ লগে লগে। ১৯৮২ চনৰ এপ্ৰিল মাহত উৎক্ষেপণ কৰা ইনছাট-১এ ভাৰতৰ প্ৰথম প্ৰজন্মৰ ঘৰুৱা যোগাযোগ উপগ্ৰহ আছিল। ইয়াৰ ফলত দিল্লীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিক কেন্দ্ৰসমূহলৈ একেটা উমৈহতীয়া কাৰ্যসূচীৰ সংযোগ প্ৰদান কৰাটো সম্ভৱ হৈ উঠিল। অৱশ্যে, ১৯৮৩ চনত ইনছাট-১এ পৰিত্যক্ত কৰা হৈছিল।
১৯৮৩ চনৰ আগষ্ট মাহত আৰম্ভ হোৱা ইনছাট-১বিয়ে এই উদীয়মান ৰাষ্ট্ৰীয় সম্প্ৰচাৰ নেটৱৰ্কক আৰু অধিক শক্তিশালী কৰি তুলিছিল। ১৯৮৩ চনৰ অক্টোবৰৰ ভিতৰত ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠে। এই উপগ্ৰহটোৱে দূৰদৰ্শন সম্প্ৰচাৰ আৰু অন্যান্য যোগাযোগ সেৱাত সহায়ক বুলি প্ৰমাণিত হয়। ই দূৰদৰ্শনৰ আঞ্চলিক ষ্টেচনসমূহৰ মাজত উপগ্ৰহভিত্তিক সংযোগ শক্তিশালী কৰাত সহায় কৰিছিল।
আপুনি জানেনে?
উপগ্ৰহৰ সম্প্ৰসাৰণৰ লগতে ৰঙীন সম্প্ৰচাৰেও দূৰদৰ্শন চোৱাৰ অভিজ্ঞতাক ৰূপান্তৰিত কৰিছিল। দূৰদৰ্শনৰ প্ৰথম ৰঙীন সম্প্ৰচাৰ ইয়াৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে ১৯৮২ চনৰ ১৫ আগষ্টত হৈছিল। সেই বছৰৰ নৱেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত এছিয়ান গেমছৰ লাইভ কভাৰেজৰ জৰিয়তে ৰঙীন দূৰদৰ্শন জনসাধাৰণৰ মাজত আৰু অধিক জনপ্ৰিয় হৈ পৰিছিল। এইটো আছিল এটা ডাঙৰ মাইলৰ খুঁটি, যিটো ক’লা-বগা সম্প্ৰচাৰৰ পৰা ৰঙীন সম্প্ৰচাৰলৈ পৰিৱৰ্তন হোৱাৰ চিনস্বৰূপ।
স্থলভিত্তিক ট্ৰেন্সমিটাৰৰ ওপৰত নিৰ্ভৰশীল আৰু ইয়াৰ কভাৰেজ এলেকা সীমিত টেৰেষ্ট্ৰিয়েল সম্প্ৰচাৰৰ বিপৰীতে উপগ্ৰহৰ যোগাযোগে দূৰদৰ্শনৰ সংকেতসমূহ বিশাল অঞ্চললৈ যাবলৈ অনুমতি দিয়ে। এটা উপগ্ৰহই নিজৰ যোগাযোগৰ ফুটপ্ৰিণ্টৰ জৰিয়তে অসংখ্য অঞ্চলত সেৱা আগবঢ়াব পাৰে। এই সামৰ্থ্যই দূৰৱৰ্তী অঞ্চল আৰু পূৰ্বতে উপলব্ধ নোহোৱা অঞ্চললৈ দূৰদৰ্শন সেৱা অনাত সহায় কৰিছে।
উপগ্ৰহীয় যোগাযোগ ব্যৱস্থাৰ দুটা মূল উপাদান থাকে : ভূমি খণ্ড আৰু মহাকাশ খণ্ড। ভূমি খণ্ডত পৃথিৱী ষ্টেচন আৰু ইয়াৰ লগত জড়িত সংবহন আৰু গ্ৰহণ সঁজুলিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। মহাকাশ খণ্ডটোত উপগ্ৰহ আৰু ইয়াৰ ট্ৰেন্সপণ্ডাৰ থাকে, যিয়ে যোগাযোগ সংকেত গ্ৰহণ আৰু পুনৰ প্ৰেৰণ কৰে।
সম্প্ৰচাৰ প্ৰক্ৰিয়া তিনিটা পৰ্যায়ত সম্পূৰ্ণ কৰা হয়। প্ৰথমে দূৰদৰ্শনৰ সংকেতটো পৃথিৱী ষ্টেচনৰ পৰা আপলিংকৰ জৰিয়তে উপগ্ৰহলৈ প্ৰেৰণ কৰা হয়। পৃথিৱী ষ্টেচনে আপলিংক ফ্ৰিকুৱেন্সি ব্যৱহাৰ কৰি উপগ্ৰহলৈ সংকেত প্ৰেৰণ কৰে। উপগ্ৰহৰ ট্ৰেন্সপণ্ডাৰে এই সংকেত গ্ৰহণ কৰি ইয়াক বৃদ্ধি কৰে আৰু ইয়াক বেলেগ কম্পাঙ্কলৈ ৰূপান্তৰিত কৰে। তাৰ পিছত ই এটা "ডাউনলিংক"ৰ জৰিয়তে সংকেতটো পৃথিৱীলৈ ঘূৰাই পঠিয়াই দিয়ে।
তাৰ পিছত পৃথিৱীৰ গ্ৰহণকাৰী ষ্টেচনসমূহে এই ডাউনলিংক কৰা সংকেতটোক বাধা দিয়ে। তাৰ পিছত এই সংকেত টেলিভিছন ট্ৰেন্সমিটাৰ বা কেবল বিতৰণ নেটৱৰ্কৰ জৰিয়তে দৰ্শকলৈ প্ৰেৰণ কৰা হয়। গ্ৰাহকৰ ঘৰত স্থাপন কৰা ডিচ এন্টেনাই পোনপটীয়াকৈ উপগ্ৰহৰ এই সংকেত লাভ কৰে। এইদৰে উপগ্ৰহৰ যোগাযোগে দীৰ্ঘ দূৰত্বৰ সংযোগ প্ৰদান কৰে। আনহাতে টেৰেষ্ট্ৰিয়েল ট্ৰেন্সমিটাৰ আৰু কেবল নেটৱৰ্কে ইয়াক চূড়ান্ত দৰ্শকলৈ প্ৰেৰণ কৰে।
উপগ্ৰহীয় সংযোগ আৰু ৰঙীন সম্প্ৰচাৰৰ সমন্বয়ে ভাৰতৰ দূৰদৰ্শনৰ পৰিৱেশ সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিলে। ই ভৌগোলিকভাৱে দূৰদৰ্শনৰ প্ৰসাৰ ঘটালে আৰু দৰ্শকৰ বাবে দৰ্শনৰ অভিজ্ঞতা উন্নত কৰিলে। ইয়াৰ পিছতে নব্বৈৰ দশকৰ আৰম্ভণিতে ব্যক্তিগত উপগ্ৰহীয় দূৰদৰ্শন চেনেলৰ উত্থান ঘটে। ১৯৯০ চনৰ মাজভাগৰ পৰা কেবল দূৰদৰ্শন নেটৱৰ্কে ভাৰতীয় ঘৰত চোৱাৰ বিকল্প আৰু অধিক সম্প্ৰসাৰিত কৰিছিল।
আপুনি জানেনে?
উপগ্ৰহৰ ‘ফুটপ্ৰিণ্ট’ হৈছে পৃথিৱীৰ সেই অঞ্চল, য’ত ইয়াৰ সংকেত গ্ৰহণ কৰিব পৰা যায়। এই অঞ্চলৰ ভিতৰত যিকোনো ঠাইত স্থাপন কৰা ডিচ এটাই উপগ্ৰহৰ সম্প্ৰচাৰ গ্ৰহণ কৰিব পাৰে। যদি ডিচটো এই অঞ্চলৰ বাহিৰত থাকে তেন্তে ই হয় অতি দুৰ্বল সংকেত লাভ কৰিব নহয় একেবাৰেই সংকেত নাপাব।
বহু-চেনেলৰ যুগ : কেবল আৰু উপগ্ৰহীয় দূৰদৰ্শন (১৯৯০–২০০৫)
এই সময়ছোৱাত ভাৰতৰ দূৰদৰ্শনৰ পৰিৱেশত এক বৃহৎ পৰিৱর্তন দেখা গ’ল৷ চিএনএনৰ পৰা আৰম্ভ কৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চেটেলাইট চেনেলে ভাৰতীয় দৰ্শকৰ মাজলৈ যাবলৈ আৰম্ভ কৰিলে। ষ্টাৰ টিভি আৰু জি টিভিৰ আগমনৰ ফলত চেটেলাইট টেলিভিছনৰ বৃদ্ধি আৰু অধিক ত্বৰান্বিত হয়। ছান টিভিকে ধৰি ঘৰুৱা সম্প্ৰচাৰকসকলেও উদীয়মান বহু চেনেল বজাৰত যোগদান কৰে।
চেটেলাইট চেনেলৰ আবিৰ্ভাৱে কেবল টেলিভিছনক যথেষ্ট সহায় কৰিছিল। সম্প্ৰচাৰকসকলে আপলিংকৰ জৰিয়তে উপগ্ৰহলৈ প্ৰগ্ৰেম সংকেত প্ৰেৰণ কৰিছিল। উপগ্ৰহসমূহে এই সংকেতসমূহ পুনৰ পৃথিৱীলৈ প্ৰেৰণ কৰিছিল, য’ত স্থানীয় কেবল অপাৰেটৰসকলে তেওঁলোকৰ হেড-এণ্ডত ডিচ এণ্টিনা ব্যৱহাৰ কৰি এই সংকেতসমূহ গ্ৰহণ কৰিছিল। তাৰ পিছত অপাৰেটৰসকলে এই চেনেলসমূহ প্ৰক্ৰিয়াকৰণ আৰু সংগঠিত কৰিছিল আৰু কেবল নেটৱৰ্কৰ জৰিয়তে ঘৰলৈ প্ৰেৰণ কৰিছিল। উপগ্ৰহ প্ৰযুক্তিয়ে দীৰ্ঘ দূৰত্বৰ সম্প্ৰচাৰ সক্ষম কৰি তুলিছিল, আনহাতে কেবল নেটৱৰ্কে স্থানীয় বিতৰণৰ সুবিধা কৰি দিছিল। এই সংমিশ্ৰণে ভাৰতীয় ঘৰলৈ বাতৰি, মনোৰঞ্জন, ক্ৰীড়া আৰু আঞ্চলিক ভাষাৰ প্ৰগ্ৰেমিঙৰ বিস্তৃত পৰিসৰ আনিছিল, যিটো পূৰ্বতে দূৰদৰ্শনৰ টেৰেষ্ট্ৰিয়েল সেৱাৰ সৈতে উপলব্ধ নাছিল।
কিন্তু কেবল টেলিভিছনৰ বাবে অপাৰেটৰসকলক ঘৰৰ সৈতে সংযোগ কৰিবলৈ ভৌতিক আন্তঃগাঁথনিৰ প্ৰয়োজন হৈছিল। এই নেটৱৰ্কসমূহ দূৰৱৰ্তী আৰু ভৌগোলিকভাৱে কঠিন অঞ্চললৈ সম্প্ৰসাৰণ কৰাটো কঠিন হ’ব পাৰে। ডাইৰেক্ট-টু-হোম (ডিটিএইচ) সম্প্ৰচাৰে বিতৰণৰ বিকল্প মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিছিল। কেবল টেলিভিছনৰ বিপৰীতে ডিটিএইচত উপগ্ৰহৰ সংকেতসমূহ গ্ৰাহকৰ ঘৰত স্থাপন কৰা ডিচ এন্টেনালৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হয়।
ডাইৰেক্ট-টু-হোম (ডিটিএইচ) আৰু ডিজিটেল সম্প্ৰচাৰ (২০০৩–২০১৭)
ভাৰতত দূৰদৰ্শন বিৱৰ্তনৰ পৰৱৰ্তী পৰ্যায়টো আহিল ডিটিএইচ সেৱাৰ সম্প্ৰসাৰণ আৰু এনালগৰ পৰা ডিজিটেল সম্প্ৰচাৰলৈ পৰিৱৰ্তনৰ জৰিয়তে। ২০০৩ চনৰ অক্টোবৰ মাহত ডিচ টিভিয়ে ভাৰতৰ প্ৰথমটো বাণিজ্যিক ডিটিএইচ সেৱা আৰম্ভ কৰে। ২০০৪ চনৰ ডিচেম্বৰ মাহত প্ৰসাৰ ভাৰতীয়ে দূৰদৰ্শনৰ ‘ডি ডি ডাইৰেক্ট প্লাছ’ সেৱা আৰম্ভ কৰে, যিটো বৰ্তমান ‘ডি ডি ফ্ৰী ডিচ’ নামেৰে জনাজাত। ইয়াৰ ফলত ফ্ৰী-টু-এয়াৰ ডিটিএইচ প্লেটফৰ্ম প্ৰৱৰ্তন কৰা হয়, যাৰ বাবে মাহেকীয়া চাবস্ক্ৰিপচনৰ প্ৰয়োজন নাছিল। এই পৰিৱৰ্তনসমূহে কেবল সংযোগ সীমিত অঞ্চলসমূহকে ধৰি উপগ্ৰহীয় দূৰদৰ্শনৰ ব্যৱহাৰ সম্প্ৰসাৰিত কৰিলে।
ডিটিএইচ সম্প্ৰচাৰত দূৰদৰ্শনৰ সংকেত উপগ্ৰহৰ পৰা ঘৰলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হয়, যাৰ ফলত স্থানীয় কেবল নেটৱৰ্কৰ প্ৰয়োজনীয়তা নাইকিয়া হয়। সম্প্ৰচাৰকসকলে প্ৰথমে দূৰদৰ্শনৰ বিষয়বস্তু ডিজিটেল সংকেতলৈ ৰূপান্তৰিত কৰে আৰু উন্নত সম্প্ৰচাৰৰ বাবে সংকোচন কৰে। এই সংকেতসমূহ নিৰ্দিষ্ট ৰেডিঅ’ কম্পাঙ্ক ব্যৱহাৰ কৰি সাধাৰণতে কু-বেণ্ডত উপগ্ৰহলৈ প্ৰেৰণ কৰা হয়, উপগ্ৰহসমূহে এই সংকেতসমূহ গ্ৰহণ কৰি পৃথিৱীৰ নিজৰ নিৰ্দিষ্ট পৰিসৰৰ এলেকালৈ পুনৰ প্ৰেৰণ কৰে।
গ্ৰাহকৰ ঘৰত স্থাপন কৰা সৰু সৰু ডিচ এন্টেনাবোৰে এই সংকেতবোৰ লাভ কৰে। এটা ডিজিটেল চেট-টপ বক্সে এই সংকেতসমূহ প্ৰক্ৰিয়াকৰণ কৰে, নিৰ্বাচিত বিষয়বস্তু ডিকোড কৰে আৰু দূৰদৰ্শন চেনেলসমূহ চোৱাৰ বাবে উপলব্ধ কৰে। চাবস্ক্ৰিপচন ভিত্তিক সেৱাসমূহে ইনক্ৰিপচন আৰু অনুমোদিত একচেছ ব্যৱস্থা ব্যৱহাৰ কৰে, যাতে কেৱল চাবস্ক্ৰিপচন কৰা লোকসকলে নিৰ্বাচিত চেনেলসমূহ চাব পাৰে। ইয়াৰ বিপৰীতে বিনামূলীয়া সেৱা (যেনে ডি ডি ফ্ৰী ডিচ)ৰ বাবে মাহেকীয়া চাবস্ক্ৰিপচনৰ প্ৰয়োজন নহয়।
কু-বেণ্ড কি?
উপগ্ৰহ-ভিত্তিক দূৰদৰ্শন সেৱাত ৰেডিঅ’ কম্পাঙ্ক বৰ্ণালীৰ নিৰ্দিষ্ট অংশ উপগ্ৰহ আৰু পৃথিৱীৰ মাজত সংকেত প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হয়। কু-বেণ্ড এনে এটা ফ্ৰিকুৱেন্সি বেণ্ড, যিটো সাধাৰণতে ডাইৰেক্ট-টু-হোম (ডিটিএইচ) সম্প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হয়। ই সাধাৰণতে ১২–১৮ গিগাহাৰ্টজৰ কম্পাঙ্ক পৰিসৰত কাম কৰে। ব্যৱস্থা আৰু আঞ্চলিক আবণ্টনৰ ওপৰত নিৰ্ভৰ কৰি ডিটিএইচ সেৱাসমূহে ডাউনলিংক প্ৰেৰণৰ বাবে প্ৰায়ে ১০.৭-১২.৭৫ গিগাহাৰ্টজ কম্পাঙ্ক ব্যৱহাৰ কৰে। ইয়াৰ তুলনামূলকভাৱে উচ্চ কম্পাংকৰ বাবে গ্ৰাহকৰ ঘৰত সৰু সৰু ডিচ এন্টেনা ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু প্ৰবল বৰষুণৰ সময়ত কু-বেণ্ড সংকেত প্ৰভাৱিত হ’ব পাৰে, যাৰ ফলত সংকেত গ্ৰহণৰত সাময়িকভাৱে ব্যাঘাত জন্মিব পাৰে।
আধুনিক সম্প্ৰচাৰ : উদীয়মান প্ৰযুক্তি আৰু নতুন দিগন্ত (২০১৮ৰ পৰা বৰ্তমানলৈকে)
২০১৮ চনৰ পৰা ইণ্টাৰনেট সংযোগ, ডিজিটেল প্লেটফৰ্ম আৰু সংযুক্ত ডিভাইচৰ সম্প্ৰসাৰণৰ বাবে ভাৰতৰ সম্প্ৰচাৰৰ পৰিৱেশত এক বৃহৎ পৰিৱৰ্তন ঘটিছে। টেলিভিছন চোৱা এতিয়া কেৱল পৰম্পৰাগত টিভি চেট বা নিৰ্ধাৰিত অনুষ্ঠানত সীমাবদ্ধ হৈ থকা নাই। দৰ্শকে স্মাৰ্টফোন, কম্পিউটাৰ আৰু স্মাৰ্ট টিভিৰ জৰিয়তে বিষয়বস্তু একচেছ কৰিব পাৰে। অভাৰ-দ্য-টপ (অ’টিটি) প্লেটফৰ্মসমূহে দৰ্শকসকলক চাহিদা অনুসৰি ডিভাইচ আৰু স্থানসমূহৰ মাজেৰে বিষয়বস্তু উপভোগ কৰিবলৈ সক্ষম কৰিছে। ২০২৪ চনৰ নৱেম্বৰ মাহত প্ৰসাৰ ভাৰতীয়ে নিজৰ অ’টিটি ডিজিটেল ষ্ট্ৰীমিং প্লেটফৰ্ম ‘ৱেভছ’ মুকলি কৰি ৰাজহুৱা সেৱা সম্প্ৰচাৰৰ বিষয়বস্তু ডিজিটেল দৰ্শকৰ মাজলৈ লৈ যায়। ২০২৬ চনৰ নৱেম্বৰ মাহলৈকে ‘ৱেভছ’ৰ প্ৰায় ১ কোটি ৬০ লাখ পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছিল। Click to Read More About: WAVES OTT
পৰম্পৰাগত টেৰেষ্ট্ৰিয়েল সম্প্ৰচাৰ (য'ত টিভি সংকেতসমূহ স্থলভিত্তিক টাৱাৰৰ পৰা প্ৰেৰণ কৰা হয় আৰু এন্টেনাৰ জৰিয়তে গ্ৰহণ কৰা হয়) আৰু উপগ্ৰহীয় সম্প্ৰচাৰ (য'ত সংকেতসমূহ যোগাযোগ উপগ্ৰহৰ জৰিয়তে প্ৰেৰণ কৰা হয় আৰু ডিচ এন্টেনাৰ জৰিয়তে গ্ৰহণ কৰা হয়)ৰ বিপৰীতে অ'টিটি প্লেটফৰ্মসমূহে ইণ্টাৰনেটৰ জৰিয়তে অডিঅ' আৰু ভিডিঅ' বিষয়বস্তু প্ৰদান কৰে। বিষয়বস্তু ডাটা কেন্দ্ৰসমূহত চাৰ্ভাৰসমূহত হ'ষ্ট কৰা হয় আৰু ব্ৰডবেণ্ড সংযোগৰ যোগেদি একচেছ কৰা হয়। বিষয়বস্তু বিতৰণ নে'টৱৰ্কসমূহে (চিডিএন) ব্যৱহাৰকাৰীসকলৰ ওচৰত বিষয়বস্তু সংৰক্ষণ কৰিবলৈ বিভিন্ন ভৌগোলিক অৱস্থানত অৱস্থিত চাৰ্ভাৰসমূহ ব্যৱহাৰ কৰে। ইয়াৰ ফলত বিলম্ব হ্ৰাস পায় আৰু বিষয়বস্তু বিতৰণ উন্নত হয়। অধিক জানিবলৈ ইয়াত ক্লিক কৰক : Data Centres in India; Cloud Ecosystem in India
আন এটা উদীয়মান প্ৰযুক্তি হ’ল ‘ডাইৰেক্ট-টু-মোবাইল’ (ডি২এম) সম্প্ৰচাৰ। ই টেৰেষ্ট্ৰিয়েল আন্তঃগাঁথনি ব্যৱহাৰ কৰি ভিডিঅ’, অডিঅ’ আৰু ডাটা পোনপটীয়াকৈ সামঞ্জস্যপূৰ্ণ মোবাইল ডিভাইচলৈ প্ৰেৰণ কৰে। ইয়াৰ বাবে চিম কাৰ্ড বা মোবাইল ডাটা সংযোগৰ প্ৰয়োজন নাই। অ’টিটি ষ্ট্ৰীমিঙৰ দৰে নহয়, ডি২এম সম্প্ৰচাৰ প্ৰযুক্তিয়ে একেলগে একাধিক ডিভাইচলৈ বিষয়বস্তু প্ৰদান কৰাৰ অনুমতি দিয়ে।
আপুনি জানেনে?
পৰৱৰ্তী প্ৰজন্মৰ সম্প্ৰচাৰৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰিবলৈ প্ৰসাৰ ভাৰতীয়ে আই আই টি কানপুৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ পিছত আই আই টি কানপুৰে ডি-২-এম সম্প্ৰচাৰৰ বাবে ‘প্ৰুফ অব কনচেপ্ট’ সম্পূৰ্ণ কৰে। এই পৰীক্ষাসমূহত ‘হাই পাৱাৰ হাই টাৱাৰ’ (এইচপিএইচটি)আৰু ‘লো পাৱাৰ লো টাৱাৰ’ (এলপিএলটি) ট্ৰেন্সমিটাৰ ব্যৱহাৰ কৰি হাইব্ৰিড সম্প্ৰচাৰৰ বিষয়েও পৰীক্ষা কৰা হৈছিল। ২০২৫ চনৰ নৱেম্বৰ মাহত প্ৰসাৰ ভাৰতীয়ে টেলিকম হস্তক্ষেপ আৰু মোবাইল ডিভাইচত ডি-২-এম সংকেত গ্ৰহণৰ থাৰ্মেল ইম্পেক্ট সামৰি পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰে। এই পৰীক্ষাসমূহত এটিএছচি ৩.০ ভিত্তিক সম্প্ৰচাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত আছিল।
সম্প্ৰচাৰৰ ভৱিষ্যৎ নিৰ্মাণ
ভাৰতৰ দূৰদৰ্শনৰ পৰিৱেশতন্ত্ৰ একক পৰীক্ষামূলক সেৱাৰ পৰা বৈচিত্ৰ্যময়, বহু-প্লেটফৰ্ম নেটৱৰ্কলৈ বিকশিত হৈছে। দূৰদৰ্শনে এতিয়া ৩৫টা চেনেল চলাই আছে, ২০১০ চনত ১৭টা চেনেল পৰিচালনা কৰিছিল।[1] ডিডি ফ্ৰী ডিছত এতিয়া শিক্ষামূলক চেনেলকে ধৰি ৪৮২টা চেনেল আছে, পূৰ্বে ৫৯টা চেনেল আছিল।[2] ব্যক্তিগত উপগ্ৰহ টেলিভিছনৰ ২০১০-১১ চনত ৬০৩টা চেনেল আছিল, যিটো ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ৯১৭টালৈ বৃদ্ধি হোৱাৰ প্ৰকল্প কৰা হৈছে। ইয়াৰে ৩৪২টা পে চেনেল আৰু ৫৬৬টা ফ্ৰী-টু-এয়াৰ (এফটিএ) চেনেলকে ধৰি ভাৰতত ৯০৮টা চেনেল ডাউনলিংকিঙৰ বাবে উপলব্ধ আছিল। ইয়াৰে ২৩৮টা ষ্টেণ্ডাৰ্ড-ডেফিনেশ্যন (এছডি) চেনেল আৰু ১০৪টা হাই-ডেফিনেশ্যন (এইচডি) চেনেল আছিল।[3] ২০২৬ চনৰ ৩১ মাৰ্চলৈকে ব্যক্তিগত পে ডিটিএইচ-এ ৪৯.০৫ মিলিয়ন সক্ৰিয় গ্ৰাহকক সেৱা আগবঢ়াইছিল। দূৰদৰ্শনৰ ডিটিএইচ সেৱাই সমগ্ৰ দেশতে ১০০% ভৌগোলিক আৰু জনসংখ্যাৰ সামৰি লয়।[4]
টেৰেষ্ট্ৰিয়েল, উপগ্ৰহীয়, কেবল, ডিটিএইচ আৰু ডিজিটেল প্লেটফৰ্মে একেলগে চহৰ, গ্ৰাম্য আৰু দূৰৱৰ্তী ঘৰসমূহলৈ দূৰদৰ্শন কঢ়িয়াই আনিছে। প্ৰযুক্তিৰ সংযোগ আৰু ডিজিটেল একচেছ বৃদ্ধিৰ দ্বাৰা সম্প্ৰচাৰৰ ভৱিষ্যত ক্ৰমান্বয়ে নিৰ্ধাৰিত হ’ব। হাই-ডেফিনিশ্যন ট্ৰেন্সমিছন, ডিজিটেল ডেলিভাৰী আৰু ইণ্টাৰনেট-ভিত্তিক প্লেটফৰ্মে দৰ্শকৰ বিষয়বস্তুৰ একচেছ আৰু অভিজ্ঞতাৰ ধৰণক ৰূপান্তৰিত কৰিছে। সম্প্ৰচাৰেও পৰম্পৰাগত দূৰদৰ্শন নেটৱৰ্কৰ বাহিৰলৈ গৈ অধিক নমনীয় আৰু সংযুক্ত ডেলিভাৰী ব্যৱস্থাৰ দিশত আগবাঢ়িছে। এই পৰিৱৰ্তনত ৰাজহুৱা আৰু ব্যক্তিগত সম্প্ৰচাৰকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আন্তঃগাঁথনি সম্প্ৰসাৰণ, নতুন প্ৰযুক্তিগত অগ্ৰগতি আৰু ব্যাপক প্লেটফৰ্ম সংহতিৰ লগে লগে ভাৰতৰ সম্প্ৰচাৰ পৰিৱেশতন্ত্ৰই বৈচিত্ৰ্যময় দৰ্শক আৰু পৰিৱৰ্তিত দৰ্শনৰ পছন্দসমূহক সেৱা আগবঢ়াবলৈ বিকশিত হৈছে। এই উন্নয়নসমূহে অধিক সুলভ, সংযুক্ত আৰু ভৱিষ্যতৰ বাবে সাজু সম্প্ৰচাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
তথ্যসূত্ৰসমূহ
Prasar Bharati
● https://prasarbharati.gov.in/digital-terrestrial-tv/
● https://prasarbharati.gov.in/en/doordarshan
● https://prasarbharati.gov.in/wp-content/uploads/2025/03/dttfaq.pdf
● https://prasarbharati.gov.in/en/free-dish/
● https://prasarbharati.gov.in/digital-terrestrial-tv
● https://prasarbharati.gov.in/wp-content/uploads/2024/04/DTM-Conclave-White-Paper.pdf
● https://prasarbharati.gov.in/en/free-dish/
● https://prasarbharati.gov.in/wp-content/uploads/annual_report/AnnualReport-English-2017-18.pdf-
PIB Archives
● https://www.pib.gov.in/newsite/printrelease.aspx?lang=2®=3&relid=169686
PIB Backgrounder
● https://static.pib.gov.in/WriteReadData/specificdocs/documents/2024/sep/doc2024914394501.pdf
ISRO
● https://www.isro.gov.in/genesis.html
● https://www.isro.gov.in/media_isro/pdf/ResourcesPdf/SpaceIndia/publication%2824%29.pdf
● https://www.isro.gov.in/Television.html
Ministry of Education
● https://digital.nios.ac.in/content/335en/335_Mass_Communication_Eng_L13.pdf
Ministry of Communications
● https://www.trai.gov.in/sites/default/files/2024-11/CP_30102024_0.pdf
● https://www.trai.gov.in/sites/default/files/2024-09/CP_Commercial_Subscribers_final-14072015_0.pdf
● https://www.trai.gov.in/sites/default/files/2024-09/CP_13012023.pdf?
● https://www.trai.gov.in/sites/default/files/2024-11/201310170535050018740DTH%20Association%20comments_0.pdf
● https://www.trai.gov.in/sites/default/files/2024-10/AnnualReportEng16032018_0.pdf
● https://www.tec.gov.in/pdf/consultations/Draft%20Report%20on%20D2M_2023_12_26.pdf
● https://www.pib.gov.in/PressReleasePage.aspx?PRID=2319321&lang=1®=48
● https://trai.gov.in/sites/default/files/2024-09/cpaperDTH.pdf
Ministry of Information & Broadcasting
● https://mib.gov.in/en/node/3887
● https://mib.gov.in/en/node/3888
● https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2126105®=48&lang=2
● https://mib.gov.in/en/node/3882
Others
● https://imdpune.gov.in/training/icitc/satellite%20communication%20systems.pdf
● https://www.isro.gov.in/ISRO_EN/INSAT_1B.html
● https://www.mib.gov.in/en/connect/notification/FAQs
● https://www.pib.gov.in/PressReleasePage.aspx?PRID=2075273&lang=2®=3
● https://www.pib.gov.in/PressReleasePage.aspx?PRID=2241710&lang=1
● https://www.pib.gov.in/PressReleasePage.aspx?PRID=2268091&lang=1®=3
● https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2075273&lang=2®=48
● https://www.isro.gov.in/INSAT_1A.html
● https://www.un.org/en/observances/world-television-day
India’s Television Broadcasting Shift
*****
PIB Research/KD
(Explainer ID: 160874)
(Explainer ID: 160896)
आगंतुक पटल : 46
Provide suggestions / comments